১৮ সেই সময়তে শিষ্যসকলে যীচুৰ ওচৰলৈ আহি সুধিলে, স্বৰ্গৰাজ্যৰত কোন শ্ৰেষ্ট ? ২ তেতিয়া যীচুৱে শিশু এটিক ওচৰলৈ মাতি আনি, তেওঁলোকৰ সম্মুখত থিয় কৰালে, আৰু তেওঁলোকক ক’লে, ৩' মই তোমালোকক নিশ্চয়কৈ কওঁ ,তোমালোকে মন সলনি কৰি শিশুবিলাকৰ নিচিনা ন'হলে, কোনোমতে স্বৰ্গৰাজ্যৰত সোমাবলৈ নাপাব ৷ ৪যিজনে এই শিশুটিৰ দৰে নিজকে নম্ৰ কৰে, তেওঁহে স্বৰ্গৰাজ্যত শ্ৰেষ্ট হ’ব ৷ ৫ আৰু যিন জনে মোৰ নামেৰে এই সৰুবিলাকৰ মাজত এটিকে গ্ৰহণ কৰে , তেওঁ মোকেই গ্ৰহণ কৰে ৷'
পাপলৈ প্ৰলোভন ( মাৰ্ক ৯ ঃ ৪২ -৪৮ , লূক ১৭ ঃ১ -২)
৬কোনোৱে যদি মোত বিশ্বাস কৰা এই সৰুবিলাকৰ এটিক বিশ্বাসৰ পৰা আঁতৰাই নিয়ে, তেন্তে তেওঁ ডিঙিত ডাঙৰ জাঁত আঁৰি, অগাধ সমুদ্ৰত ডুবি মৰাই তেওঁৰ পক্ষে ভাল ৷ ৭মানুহৰ বিশ্বাস নষ্ট কৰা বিঘিনিবোৰৰ বাবে সন্তাপ হ’ব ৷ অৱশ্যে এনেবোৰ বিঘিনি হ’বই, কিন্তু যি মানুহৰ দ্বাৰাই বিঘিনি হয় , তেওঁ সন্তোপৰ পাত্ৰ হ’ব ৷ ৮'তোমাৰ হাত বা ভৰিয়ে যদি তোমাক পাপত পেলায় ,তেন্তে তাক দলিয়াই পেলোৱা ; কাৰণ দুইতীয়া বা দুভৰীয়া হৈ অনন্ত জুইত পেলোৱা হোৱাতকৈ, কোঁঙা বা খোৰা হৈ, অনন্ত জীৱনত সোমোৱা তোমাৰ পক্ষে ভাল ৷ ৯ আৰু যদি তোমাৰ চকুৱে তোমাক পাপত পেলায়, তেন্তে তাক কাটি দলিয়াই পেলোৱা; কাৰণ দুচকুৱা হৈ জীৱনত সোমোৱাই তোমাৰ পক্ষে ভাল ৷`
হেৰোৱা মেৰ -ছাগৰ দৃষ্টান্ত (লূক ১৫ঃ ৩-৭ )
১০'সাৱধান, তোমালোকে এই সৰুবিলাকৰ মাজৰ কাকো হেয়জ্ঞান নকৰিবা ৷ মই তোমালোকক কওঁ ,তেওঁলোকে দূতবিলাকে ,১১ মোৰ স্বৰ্গত থকা পিতৃৰ মুখ সদায় স্বৰ্গত দেখা পায় ৷ ১২কোনো মানুহৰ যদি এশটা মেৰ -ছাগ থাকে , আৰু তাৰে যদি এটা হেৰায়, তেন্তে তেওঁ কি কৰিব ? তেওঁ সেই নিৰানব্বৈটা মেৰ -ছাগ পৰ্ব্বতৰ কাষৰ ঘাঁহনিত এৰি থৈ, হেৰোৱাটোক বিচাৰি নাযাব নে ? ১৩ যেতিয়া তেওঁ তাক বিচাৰি পায় , মই তোমালোকক স্বৰূপকৈ কওঁ , নেহেৰোৱা সেই নিৰানব্বৈটা মেৰ -ছাগতকৈয়ো এই এটা মেৰ ছাগৰ কাৰণে তেওঁৰ অধিক আনন্দ জম্মে ৷ ১৪ সেই একেদৰে এই সৰুবিলাকৰ মাজৰ এটিও নষ্ট হোৱাটো তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ইচ্ছা নহয় ৷
পাপত পৰা ভাই
১৫'তোমালোকৰ ভায়েৰাই যদি তোমাৰ অহিতে অপৰাধ কৰে ,তেন্তে তেওঁ অকলশৰে থাকোঁতে তেওঁৰ ওচৰলৈ গৈ গুপুতে তেওঁক অনুযোগ কৰিবা ৷ তেওঁ যদি তোমাৰ কথা শুনে , তেতিয়া হলে তোমাৰ ভায়েৰাক পুনৰায় পালা ৷১৬কিন্তু যদি তোমাৰ কথা নুশুনে, শাস্ত্ৰত কোৱাৰ দৰে ,দুজন বা তিনিজন সাক্ষীৰ মুখে যেন সকলো কথা মীমাংসা কৰিব পৰা যায়, তাৰ বাবে এজন বা দুজন আন মানুহক লগত লৈ যাবা ৷ ১৭ যদি তেওঁলোকৰ কথাও নুশুনে, তেন্তে সকলো কথা মণ্ডলীৰ আগত জনাবা ৷ অৱশেষত মণ্ডলীৰ কথাও যদি নামানে, তেন্তে তেওঁক পৰজাতি বা কৰতোলাৰ দৰে ব্যৱহাৰ কৰিবা ৷ ১৮ সেই কাৰণে মই তোমালোকক কওঁ য়ে , তোমালোকে পৃথিবীত যিহকে বন্ধ কৰা, সেয়ে স্বৰ্গতো বন্ধ হ’ব, আৰু তোমালোকে পৃথিবীত যিহকে মুকলি কৰা, সেয়ে স্বৰ্গতো মুকলি হ’ব ৷ ১৯ মই তোমালোকক আৰু কওঁ যে, যদি পৃথিবীত তোমালোকৰ দুজনৰ প্ৰাৰ্থনীয় কোনো বিষয়ত একমত হয় , তেন্তে স্বৰ্গত থকা মোৰ পিতৃৰ দ্বাৰাই তোমালোকলৈ তাক সিদ্ধ কৰা হ’ব ৷ ২০ কাৰণ যি ঠাইত দুজম বা তিনি জন মোৰ নামত গোট খায় , সেই ঠাইত ময়ো তেওঁলোকৰ মাজত থাকোঁ ৷
এজন ক্ষমা নকৰা দাসৰ দৃষ্টান্ত
২১ তেতিয়া পিতৰে যীচুৰ ওচৰলৈ আহি সুধিলে, 'হে প্ৰভু মোৰ ভায়ে যদি মোৰ অহিতে পাপ কৰি থাকে, তেন্তে মই তাক কিমান বাৰ ক্ষমা কৰিম ? সাতবাৰলৈকে ক্ষমা কৰিম নে ? ২২যীচুৱে তেওঁক ক’লে, 'মই তোমাক সাতবাৰ বুলি নকওঁ ; কিন্তু সত্তৰ গুন সাতবাৰলৈকে ক্ষমা কৰিবা ৷' ২৩সেই কাৰণে নিজৰ দাসবিলাকৰ সৈতে লেখ -বুজ কৰিব খোজা এজন ৰজাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হয় ৷ ২৪তেওঁ সেই কাম কৰিবলৈ ধৰিলত, দহ হাজাৰ গাগৰী ৰূপৰ ধৰুৱা এটাক, তেওঁৰ ওচৰলৈ আনা হ’ল ৷ ২৫ কিন্তু ধাৰ পৰিশোধ কৰিবলৈ তাৰ উপায় নথকাত, ৰজাই তাক তাৰ তিৰোতা, ল’ৰা-ছোৱালী আৰু ঘৰৰ সৰ্ব্বস্ব বিক্ৰ কৰি, ধাৰ পৰিশোধ কৰিবলৈ আদেশ দিলে ৷ ২৬তেতিয়া সি ৰজাৰ আগত আঁঠু লৈ, নিবেদন কৰি ক’লে, 'হে প্ৰভু আপুনি অলপ ধৈৰ্য্য ধৰক ; মই আপোনাক সকলোখিনি পৰিশোধ কৰিম ৷ ’ ২৭তাতে তাৰ প্ৰতি ৰজাৰ দয়া জন্মিল, আৰু তাৰ সকলো ধাৰ ক্ষমা কৰি, তাক এৰি দিলে ৷ ২৮তেতিয়া সেই দাসে ওলাই গৈ, তাৰ সহ-দাস এজনক লগ পালে ৷ সেই দাসজনে তাক এশ ডিনাৰী পৰিশোধ কৰিব লগা আছিল ৷ সি তাৰ সেই সহ-দাস জনৰ ডিঙি চেপি ক’লে, 'তোৰ দিব লগীয়াখিনি দে ৷’ ২৯ সেই সহ-দাসজনে তাৰ ভৰিত পৰি, কাবৌ কৰি ক’লে, 'অলপ ধৈৰ্য্য ধৰক, মই আপোনাক পৰিশোধ কৰিম ৷’ ৩০কিন্তু সি তাৰ কথা নুশুনি, দিবলগীয়াখিনি পৰিশোধ নকৰা মানলৈকে তাক বন্দীশালত সুমুৱাই ৰাখিলে ৷ ৩১ আন সহ-দাসবিলাকে এই ঘটনা দেখি, অতিশয় দুখ পাই ৰজাক সকলো কথা জানলেগৈ ৷ ৩২তেতিয়া ৰজাই সেই দাসক মতাই আনি ক’লে, 'হেৰ দুষ্ট দাস ! তই মোক কাকূতি কৰোঁতে, মই তোৰ সকলো ধাৰ ক্ষমা কৰিলোঁ ৷ ৩৩ মই তোক যি দৰে দয়া কৰিছিলোঁ, তয়ো তোৰ সহ-দাসক সেই দৰে দয়া কৰিছিলোঁ ,তয়ো তোৰ সহ-দাসক সেই দৰে দয়া কৰা উচিত নাছিল নে ? ৩৪তেতিয়া ৰজাৰ বৰ খং উঠিলত, তেওঁ তাক আটাইখিনি ধাৰ পৰিশোধ নকৰামানলৈকে 'বন্দীশালত যাতনাকাৰী বিলাকৰ হাতত শোধাই দিলে ৷ ৩৫সেইদৰে তোমালোকে প্ৰতিজনে নিজ নিজ ভায়েৰাক অন্তৰৰ পৰা ক্ষমা নকৰিলে, মোৰ স্বৰ্গত থকা পিতৃয়েওঁ তোমালোকক ক্ষমা নকৰিব ৷’
0 Comments