যীচুৰ পুনৰুত্থান
(মা্ক ১৬: ১-১০, লূক ২৪: ১-১২ , যোহন ২০: ১-১০)
২৮ বিশ্ৰাম -বাৰ অতীত হৈ সপ্তাহৰ প্ৰথম দিনৰ ওচৰ চাপিলত, মগ্দলীনী মৰিয়ম আৰু আন গৰাকী মৰিয়মে মৈদাম চাবলৈ গ’ল ৷ ২তেতিয়া অকস্মাতে এটা বৰ ভূমিকম্প হ’ল ; কাৰণ প্ৰভুৰ এজন দূত স্বৰ্গৰ পৰা নামি আহি শিলছটা বগৰাই নি, তাৰ ওপৰত বহিল ৷ ৩তেওঁৰ বদন বিজুলীৰ নিচিনা আৰু বস্ত্ৰ হিমৰ দৰে শুক্ল আছিল ৷ ৪তেওঁৰ ভয়তে তাত থকা চন্তৰীবিলাক কঁপি কঁপি মৰাৰ নিচিনা হ’ল ৷ ৫তেতিয়া দূতে মাত লগাই তিৰোতা কেইগৰাকীক ক’লে,'তোমালোকে একো ভয় নকৰিবা মই জানোঁ, তোমালোকে ক্ৰুচত হত হোৱা যীচুক বিচাৰিছা ৷ ৬তেওঁ ইয়াত নাই ; কাৰণ তেওঁ যেনেকৈ কৈছিল, তেনেকৈ তেওঁ উঠিল ৷ আহাঁ, তেওঁক শুৱাই থোৱা ঠাই চোৱাহি ৷ ৭আৰু তোমালোকে বেগাই গৈ, তেওঁৰ শিষ্যবিলাকক কোৱাগৈ, যে তেওঁ মৃত্যুৰ পৰা উঠিল আৰু, তেওঁ তোমালোকৰ আগে আগে গালীললৈ গৈছে ; তোমালোকে তাতে তেওঁক দেখা পাবা ৷ চোৱা, মই তোমালোকক যি কথা কৈছো, মনত ৰাখিবা ৷' ৮তাতে তেওঁলোকে ভয় আৰু মহা আনন্দত বেগাই মৈদাম এৰি, শিষ্যবিলাকক বাতৰি দিবলৈ লৰি গ’ল ৷ ৯তেতিয়া অকস্মাতে যীচুৱে বাটতে তেওঁলোকক দেখা দি ক’লে, 'তোমালোকৰ মঙ্গল হওঁক ৷' তিৰোতা দুগৰাকীয়ে তেওঁৰ ওচৰলৈ আহি, চৰণৰত ধৰি তেওঁক প্ৰণিপাত কৰিলে ৷ ১০তেতিয়া যীচুৱে তেওঁলোকক ক’লে, ভয় নকৰিবা ৷ তোমালোকে গৈ মোৰ ভাইবিলাকক গালীললৈ যাবলৈ কোৱা, আৰু তাতে তেওঁলোকে মোক দেখা পাব ৷'
চন্তৰী বিলাকে সম্বাদ দিয়া
১১তিৰোতা কেইগৰাকী যাওঁতে, চন্তৰীবিলাকৰ কিছুমানে নগৰলৈ গৈ, যি যি ঘটিল, সেই সকলোৰে সম্বাদ প্ৰধান-পুৰোহিতসকলক দিলেগৈ ৷ ১২প্ৰধান-পুৰোহিতসকলৰ লগত গোট খাই মন্ত্ৰণা কৰি, চন্তৰীবিলাকক বহুত টকা দি ক’লে, ১৩'তোমালোকে ক’বা আমি শুই থাকোঁতে ৰাতি তেওঁৰ শিষ্যবিলাকে অহি, তেওঁৰ মৃত- দেহ চুৰ কৰি নিলে ৷ ১৪ যদি দেশাধিপতিয়ে এই কথা শুনে, তেতিয়া তোমালোক নিৰ্দ্দোষী বুলি আমি তেওঁক বুজাই -বঢ়াই ক’ম, তাৰ বিষয়ে তোমালোকে চিন্তা নকৰিবা ৷' ১৫চন্তৰীবিলাকে টকা লৈ, তেওঁলোকক কোৱাৰ দৰে কৰিলে ৷ আৰু এই কথা বিয়পি গৈ যিহূদীবিলাকৰ মাজত আজিলৈকে চলি আহিছে ৷
যীচুৱে শিষ্যসকলক দৰ্শন দিয়া আৰু শেষ আজ্ঞা ৷ (মাৰ্ক ১৬: ১৪ -১৮, লূক ২৪: ৩৬-৩৯, যোহন ২০:১৯-২৩, পা:ক: ১:৬-৮)
১৬পাচে গালীলৰ যি পৰ্ব্বতলৈ যীচুৱে তেওঁলোকক যাবলৈ কৈছিল, এঘাৰজন শিষ্য তালৈকেগ’ল ৷ ১৭ আৰু তেওঁলোকে তেওঁক দেখা পালত, প্ৰণিপাত কৰিলে ; কিন্তু কোনো কোনোৱে সংশয় কৰিলে ৷ ১৮তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক ক’লে, স্বৰ্গৰ আৰু পৃথিবীৰ সকলো ক্ষমতা মোক দিয়া হ’ল ৷ ১৯এই হেতুকে তোমালোক সকলো জাতিৰ ওচৰলৈ যোৱা, আৰু তেওঁলোকক মোৰ শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পৱিত্ৰ -আত্মাৰ নামেৰে বাপ্তিস্ম দিয়া ৷ ২০আৰু মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া ৷ আৰু চোৱা, মই জগতৰ শেষলৈকে সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ ৷
0 Comments