পীলাতৰ আগত যীচুক নিয়া ,পীলাতে যীচুক প্ৰশ্ন সোধা,যীচুক প্ৰাণদণ্ডৰ আদেশ,সেনাবিলাকে যীচুক বিদ্ৰুপ কৰা,যীচুৰ মৃত্যু,যীচুক মৈদাম দিয়া মৈদামত পহৰা দিয়া ৷ পবিত্ৰ বাইবেল মথিয়ে লিখা শুভবাৰ্ত্তা ২৭ অধ্যায় ১ৰ পৰা ৬৬পদলৈ ৷



পীলাতৰ  আগত  যীচুক নিয়া
(মাৰ্ক ১৫ :১, লূক ২৩: ১-২, যোহন ১৮:২৮-৩২) 

২৭পাছে অতি ৰাতিপুৱাই সকলো প্ৰধান-পুৰোহিত আৰু বৃদ্ধলোকে, যীচুক বধ কৰিবলৈ মন্ত্ৰণা কৰিলে ৷ ২তেওঁলোকে তেওঁক  বান্ধি লৈ গৈ, ৰোমীয়া শাসনকৰ্ত্তা, পীলাতৰ হাতত শোধাই দিলে ৷

যিহূদাৰ মৃত্যু 

৩যেতিয়া  তেওঁক শত্ৰুৰ  হাতত শোধাই  দিয়া  যিহূদাই দেখিলে যে, যীচুৰ দণ্ডাজ্ঞা হৈছে, তেতিয়া তেওঁ অনুতপ্ত হ’ল ; অৰু প্ৰধান -পুৰোহিত  আৰু  বৃদ্ধলোকসকলক সেই ত্ৰিশটা  ৰূপৰ মুদ্ৰা ওলোটাই দি ক’লে, ৪এজন নিৰ্দ্দোষীলোকক বিশ্বাসঘাতকতা কৰি, মৃত্যুলৈ শোধাই দি, মই  পাপ কৰিলোঁ ৷' কিন্তু তেওঁলোকে ক’লে, আমাৰনো তাত কি হ’ল ! সেইটো তোমাৰ কথা ৷' ৫তেওঁ ধনখিনি মন্দিৰৰ মজিয়াত  পেলাই দি, তাৰ  পৰা ওলাই গ’ল, আৰু নিজে নিজৰ ডিঙিত  ফাঁচি লগাই মৰিল ৷৬প্ৰধান পুৰোহিত সকলে  ধনখিনি  লৈ ক’লে , এই ধন তেজৰ মূল্য হোৱা  হেতুকে, মন্দিৰৰ ভঁৰালত  থ’ব  নাপায় ৷' ৭তেওঁলোকে একেলগে  আলোচনা কৰি,  বিদেশীক মৈদাম দিবলৈ, সেই ধনেৰে কুমাৰৰ  পৰা  এডোখৰ মাটি কিনিলে ৷ ৮ সেই কাৰণে  আজিলৈকে সেই  মাটি ডোখৰক , তেজৰ মাটি বুলি  কোৱা হয় ৷ ৯তাতে  যিৰিমিয়া ভাববাদীয়ে  যি  কথা  কৈছিল, সেই কথা সিদ্ধ হ’ল ৷ তেওঁ কৈছিল, ''তেওঁৰ বাবে ইজ্ৰায়েলৰ  সন্তানবিলাকে দিবলৈ সঙ্গত  হোৱা ত্ৰিশটা ৰূপৰ মুদ্ৰা তেওঁলোকে ল’লে, ১০আৰু প্ৰভুবে মোক দিয়া  আদেশ অনুসৰি ; সেই ধনেৰে  কুমাৰৰ মাটি কিনা হ’ল ৷ 

পীলাতে  যীচুক  প্ৰশ্ন সোধা (মাৰ্ক ১৫:২-৫, লূক ২৩: ৩-৫, যোহন ১৮ : ৩৩-৩৮)                                     

১১পাচে যীচু শাসনকৰ্ত্তা পীলাতৰ আগত উপস্থিত হ’লত, পীলাতে তেওঁক  সুধিলে, তুমি যিহূদীসকলৰ  ৰাজ হোৱা নে? উত্তৰত যীচুৱে ক’লে, আপুনি নিজেই কৈছে ৷`১২কিন্তু প্ৰধান-পুৰোহিত আৰু বৃদ্ধলোকসকলে তেওঁৰ বিৰুদ্ধে অভিযোগ অনাতো, তেওঁ একো উত্তৰ নিদিলে ৷ ১৩তেতিয়া পীলাতে তেওঁক সুধিলে, তোমাৰ বিৰুদ্ধে  এওঁলোকে অন্য এই  অভিযোগবোৰ তুমি শুনা নাই নে ? ১৪কিন্তু যীচুৱে এষাৰো মাত  নমতা দেখি, পীলাতে  অতিশয় আচৰিত হ’ল ৷ 

যীচুক প্ৰাণদণ্ডৰ আদেশ (মাৰ্ক ১৫:৬-১৫, লূক ২৩:১৩ -২৫, যোহন ১৮:৩৯-১৯:১৬) 

      ১৫নিস্তাৰ -পৰ্ব্বৰ সময়ত শাসনকৰ্ত্তাই ৰাইজৰ ইচ্ছা-অনুসৰি কোনো এজন  বন্দীক মুক্তি  দিয়াটো তেওঁৰ  নিয়ম আছিল ৷ ১৬সেই সময়ত বাৰাব্বা নামৰ এজন  কুখ্যাত  বন্দী  আছিল ৷ ১৭তেতিয়া মানুহবোৰ গোটখালে, পীলাতে তেওঁলোকক সুধিলে, তোমালোকৰ নিমিত্তে মই কাক  মুক্তি  দিয়াটো  তোমালোকে বিচাৰা, বাৰাব্বাক নে খ্ৰীষ্ট্ বোলা যীচুক ? ১৮কাৰণ পীলাতে  জানিছিল যে, তেওঁলোকে ঈৰ্ষাতহে  যীচুক শোধাই দিছে ৷ ১৯পীলাতে  বিচাৰৰ  আসনত বহি  থাকোঁতে, তেওঁৰ পত্নীয়ে তেওঁলৈ এটা  বাৰ্ত্তা পঠিয়ালে, 'সেই নিৰ্দ্দোষী জনাৰ  ওপৰত  হাত  নিদিব; কাৰণ যোৱা ৰাতি সপোনত মই তেওঁৰ বাবে বহুত কষ্ট পালোঁ৷ ২০কিন্তু প্ৰধান -পুৰোহিত আৰু বৃদ্ধলোকসকলে মানুহবিলাকক উচটালে, যেন  তেওঁলোকে বাৰাব্বক মুক্তি দিবলৈ  আৰু যীচুক প্ৰাণদণ্ড  দিবলৈ  পীলাতৰ  ওচৰত দাবী জনায় ৷ ২১পীলাতে ৰাইজক সুধিলে, এই দুজনৰ  ভিতৰত কোন  জনক তোমালোকৰ  নিমিত্তে মুক্তি  দিম ? তেওঁলোকে ক’লে, 'বাৰাব্বাক ’ ৷ ২২তেওঁ তেওঁলোকক আকৌ সুধিলে, তেন্ত খ্ৰীষ্ট্ বোলা যীচুক  মই কি কৰিম ?’ সকলোৱে উত্তৰ দিলে, ' তাক ক্ৰুচত দিয়া হওক ৷’২৩পীলাতে তেওঁলোকক ক’লে  , 'কিয় , তেওঁ নো কি অপৰাধ কৰিলে ?  তেতিয়া মানুবিলাকে  অৰু বেছিকৈহে চিঞৰিলে ,'তাক ক্ৰুচত দিয়ক ৷' ২৪যেতিয়া পীলাতে  দেখিলে, যে তেওঁৰ  শ্ৰমৰ ফল ধৰক  ছাৰি ,হুলস্থূল হ’বৰহে উপক্ৰম হৈছে, তেতিয়া তেওঁ পানী লৈ  সকলোৰে আগতে হাত  ধুই ক’লে, 'এই  মানুহজনৰ মৃত্যু- দণ্ডৰ বাবে মই দায়ী নহওঁ ৷ সেইটো তোমালোকৰ কাম ৷’ ২৫সকলোৱে উত্তৰ দিলে, ' মৃত্যুদণ্ডৰ বাবে তাৰ তেজৰ দোষ আমাৰ ওপৰত আৰু আমাৰ সতি-সন্ততিৰ ওপৰত পৰক !’  ২৬তেতিয়া  পীলাতে  বাৰাব্বাক  মুক্তি  দিলে,  আৰু যীচুক চাবুকেৰে কোবোৱাই ক্ৰুচত দিবলৈ শোধাই দিলে ৷

সেনাবিলাকে  যীচুক  বিদ্ৰুপ  কৰা (মাৰ্ক ১৫: ১৬-২০, যোহন ১৯ : ২-৩) 

২৭ তেতিয়া পীলাতৰ সেনা বিলাকে যীচুক ৰাজ্য-পালৰ বিচাৰ-কক্ষলৈ নিলে, আৰু তেওঁক গোটেই সৈন্য দলে আগুৰি ধৰিলে ৷ ২৮তেওঁলোলকে তেওঁৰ গাৰ কাপোৰ সোলোকাই সেন্দুৰবৰণীয়া ৰাজ-বস্ত্ৰ পিন্ধালে  ৷ ২৯তাৰ পাচত তেওঁলোকে কাইটীয়া ডালেৰে এটা কিৰীটি সাজি, তেওঁৰ মূৰত পিন্ধাই দিলে ৷ আৰু সোঁ হাতত  এডাল  নল দি, তেওঁৰ আগত আঠু লৈ, যিহূদীবিলাকৰ ৰজা, দীৰ্ঘজীবি হওক ! এই বুলি তেওঁলোকে  তেওঁক বিদ্ৰুপ কৰিলে ৷ ৩০তেওঁলোকে  তেওঁৰ গাত থুই পেলাই নলদাল লৈ, তেওৰ মূৰত  কোবালে ৷ ৩১এইদৰে যীচুক বিদ্ৰুপ কৰাৰ পাচত, তেওঁলোকে তেওঁৰ গাৰ সেই ৰাজ-বস্ত্ৰ গুচাই, তাৰ  ঠাই তেওঁৰ  নিজৰ কাপোৰ পিন্ধাই , ক্ৰুচ দিবলৈ লৈ গ’ল ৷ 

যীচুক  ক্ৰুচত দিয়া  (মাৰ্ক ১৫ঃ-২১-৩২, লূক ২৩:২৬-৪৩, যোহন  ১৯:১৭-২৮)

৩২পাছে তেওঁলোকে ওলাই যাওঁতে, চিমোন নামৰ কুৰীনীয়া  মানুহ এজনক লগ পাই, তেওঁক যীচুক ক্ৰুচডাল বৈ নিবলৈ বাধ্য কৰিলে ৷ ৩৩তেওঁলোকে গলগাথা  অৰ্থাৎ 'মূৰৰ লাউখোলা' নামৰ এখন ঠাই পালত,৩৪তাতে তেওঁলোকে যীচুক  তিতা ৰস মিহলোৱা দ্ৰাক্ষাৰস পান কৰিবলৈ দিলে ; কিন্তু তেওঁ চাকি চাই পান নকৰিলে ৷ ৩৫সেনাবিলাকে তেওঁক ক্ৰুচত দি, চিঠি খেলি  তেওঁৰ কাপোৰ  ভগাই ল’লে,      ৩৬আৰু তেওঁলোকে তাতে বহি তেওঁক পহৰা দি  থাকিল, ৩৭আৰু ' এই জনা  যিহূদী বিলাকৰ ৰজা ' এই বুলি তেওঁৰ বিৰুদ্ধে অপবাদ লিখি, তেওঁৰ  মুৰৰ ওপৰত আঁৰি দিলে ৷ ৩৮সেই সময়ত তেওঁৰ সোঁফালে এটা  আৰু বাওঁফালে এটা, এইদৰে দুটা  ডকাইতক তেওঁৰ লগত ক্ৰুচত দিয়া হৈছিল ৷ ৩৯পাচে অহা -যোৱা কৰা বাটৰুৱা বিলাকে তেওঁক নিন্দা  কৰি মূৰ জোকাৰি, জোকাৰি ক’লে, ৪০হেৰা, মন্দিৰ নষ্ট কৰোঁতা, আৰু  তিনিদিনৰ ভিতৰত সাজোঁতা জনা, তুমি যদি  ঈশ্বৰৰ পুত্ৰ হোৱা, তেন্তে ক্ৰুচৰ পৰা নামি আহাঁ, আৰু  নিজকে ৰক্ষা কৰা ৷' ৪১সেইদৰে প্ৰধান -পুৰোহিত, বিধান-পণ্ডিত  আৰু বৃদ্ধলোকসকলেও তেওঁক বিদ্ৰূপ কৰি ক’লে, ৪২সি আনক ৰক্ষা কৰিছিল ;  কিন্তু নিজকে  ৰক্ষা কৰিব নোৱাৰে ৷ সি ইজ্ৰায়েলৰ ৰজা !  এতিয়া সি ক্ৰুচৰ পৰা নামকচোন, তেতিয়াহে  আমি তাক বিশ্বাস কৰিম ৷  ৪৩সি ঈশ্বৰৰ ওপৰত ভাৰষা কৰিছে , ঈশ্বৰে যদি তাক ভাল পায়, তেওঁ এতিয়া উদ্ধাৰ কৰকচোন ; কাৰণ সি কৈছিল, মই ঈশ্বৰৰ পুত্ৰ ৷ ৪৪আনকি তেওঁৰ  লগত  একেলগে ক্ৰুচত দিয়া , সেই দুটা ডকাইতেও একেদৰে বিদ্ৰূপ কৰিলে ৷ 

যীচুৰ  মৃত্যু (মাৰ্ক ১৫:৩৩-৪১, লূক ২৩:৪৪ -৪৯, যোহন ১৯ :২৮-৩০) 

৪৫দুপৰীয়া বাৰমান বজাৰ পৰা তিনি বজালৈকে গোটৈইখন দেশ আন্ধাৰ হ’ল ৷ ৪৬তিনি মান বজাত যীচুৱে বৰ মাতেৰে চিঞৰি ক’লে , এলী, এলী লামা চবক্তানী ? অৰ্থাৎ ' হে মোৰ ঈশ্বৰৰ হে মোৰ ঈশ্বৰৰ  মোক কিয় পৰিত্যাগ কৰিলা ? ৪৭তেতিয়া তাকে শুনি, তাত থিয় হৈ থকা কিছুমানে ক’লে , ই এলিয়াক মাতিছে  ৷৪৮ তেওঁলোকৰ ,এজনে লৰ  মাৰি  গৈ স্পঞ্জ এডোখৰ লৈ , চিৰিকাৰে  পূৰ কৰি ,এডাল  নলৰ  মূৰত লগাই ,তেওঁক পান কৰিবলৈ দিলে ৷ ৪৯আনবিলাকে  ক’লে, চাওঁচোন বাৰু, এলিয়াই তাক  ৰক্ষা কৰিব আহে নে নাহে ৷ ৫০যীচুৱে আকৌ এবাৰ বৰকৈ চিঞৰি প্ৰাণ ত্যাগ কৰিলে ৷ ৫১তেতিয়া মন্দিৰৰ  আঁৰ কাপোৰ ওপৰৰ পৰা তললৈকে ফাটি দুচিটা  হ’ল,  ভূমিকম্প হ’ল, শিলবোৰ ফাটিল,  ৫২আৰু মৈদামবোৰ ফাটি মুকলি হ’লত, বহুত নিদ্ৰিত পবিত্ৰ লোকৰ পুনৰুত্থানৰ হ’ল ৷ ৫৩আৰু যীচুৰ পুনৰুত্থাৰ পাচত,  তেওঁলোকে মৈদাম এৰি, পবিত্ৰ  নগৰলৈ গৈ অনেকক দেখা দিলে ৷ ৫৪যেতিয়া এশৰ সেনাপতি আৰু  তেওঁৰ লগত যীচুক পহৰা দিয়া সেনাবিলাকে, ভূমিকম্প আৰু এই সকলো ঘটনা দেখিলে, তেওঁলোকৰ অতিশয় ভয় লাগিল, আৰু ক’লে, বাস্তবিকে, এওঁ ঈশ্বৰৰ পুত্ৰ আছিল ! ৫৫গালীলৰ পৰা তেওঁৰ লগত অহা যি সকল তিৰোতাই তেওঁৰ সেৱা শুশ্ৰূষা কৰিছিল, তেওঁলোকে  আঁতৰৰ পৰা চাই আছিল ৷ ৫৬তেওঁলোকৰ ভিতৰত আছিল, মাগদলীনী মৰিয়ম, যাকোব আৰু যোচেফ মাক মৰিয়ম আৰু চিৰদিয়ৰ পত্নী ৷ 

 যীচুক মৈদাম দিয়া মাৰ্ক ১৫:৪২-৪৭,লূক ২৩:৫০-৫৬, যোহন ১৯: ৩৮-৪২)

৫৭পাচে গধূলি পৰত, অৰিমাথিয়া নগৰৰ যোচেফ নামৰ ধনী মানুহ এজন আহিল ; তেওঁ যীচুৰ শিষ্য আছিল ৷ ৫৮তেওঁ পিলাতৰ আগলৈ গৈ, যীচুৰ মৃত দেহ খুজিলে ৷ তাতে পীলাতে মৃত দেহ  দিবলৈ আদেশ দিলে ৷ ৫৯তেতিয়া যোচেফে যীচুৰ  দেহ লৈ, এখন নতুন কাপোৰেৰে মেৰিয়াই, ৬০নিজলৈ বুলি নতুনকৈ শিল কাটি নিৰ্ম্মাণ কৰা মৈদামত শুৱাই থ’লে ৷ তাৰ পাচত এছটা ডাঙৰ শিল কাটি নিৰ্ম্মাণ কৰা মৈদামত শুৱাই থ’লে ৷ তাৰ পাচত এছটা ডাঙৰ শিল বগৰাই নি, মৈদামৰ দুৱাৰ -মুখত দি, তাৰ পৰা গুচি গ’ল ৷ ৬১মগদলীনী মৰিয়ম  আৰু  আন গৰাকী মৰিয়ম তাতে  মৈদামৰ সম্মুখত বহি থাকিল ৷

মৈদামত পহৰা দিয়া 

৬২পাচদিনা বিশ্ৰামবাৰে প্ৰধান -পুৰোহিত আৰু ফৰীচীবিলাকে পীলাতৰ ওচৰলৈ গৈ ক’লে,৬৩হে মহাশয়, আমাৰ মনত পৰিছে, সেই প্ৰবঞ্চক জীয়াই থাকোঁতে, সি, মই তিনি দিনৰ পাচত  পুনৰায় উঠিম ' বুলি কৈছিলে ৷ ৬৪গতিকে  তাৰ  শিষ্যবিলাকে গৈ, তাৰ মৃত -দেহ  চুৰ কৰি নি, তেওঁ উঠিল বুলি যাতে মানুহক ক’ব  নোৱাৰে, তাৰ বাবে তৃতীয় দিনলৈকে, তাৰ মৈদাম  সাৱধানে পহৰা দিবলৈ আজ্ঞা দিয়ক ৷ নহ’লে, প্ৰথম ভ্ৰান্তিতকৈ শেষৰ ভ্ৰান্তি অধিক অনিষ্টকৰ হ’ব ৷' ৬৫পীলাতে তেওঁলোকক ক’লে, 'তোমালোকে এদল চন্তৰী পাবা ; যোৱা, যেনেকৈ পাৰা মৈদাম  নিৰাপদে ৰাখাগৈ ৷ ' ৬৬তেতিয়া তেওঁলোকে সেই ঠাইৰ  পৰা গৈ, মৈদাম  নিৰাপদ কৰিলে, শিলছটাৰ ওপৰত মোহৰ মাৰিলে, অৰু  চন্তৰীবিলাকক মৈদাম পহৰা দি ৰাখিবলৈ ক’লে ৷ 

Post a Comment

0 Comments

Ad Code