মাৰ্ক ১ঃ৪০-৪৫, লূক ৫ঃ ১২ -১৬
৮পাছে তেওঁ পৰ্ব্বতৰ পৰা নামিলত, বহু মানুহৰ দল তেওঁৰ পাছত গ’ল ৷ ২আৰু চোৱা; এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহি, তেওঁক প্ৰণিপাত কৰি ক’লে, হে প্ৰভূ, আপুনি যদি ইচ্ছা কৰে, তেন্তে মোক শুচি কৰিব পাৰে ৷ ৩তাতে তেওঁ হাত মেলি তাক চুই ক’লে, মই ইচ্ছা কৰিছোঁ; শুচি হোৱা ৷ তেতিয়াই তাৰ কুষ্ঠৰোগ সুস্থ কৰা হ’ল ৷ ৪পাছে যীচুৱে তাক ক’লে,সাৱধান হোৱা; এই কথা কাকো নকবা; কিন্তু যোৱা,পুৰোহিতৰ আগত নিজকে দেখুৱাগৈ, আৰু লোকৰ আগত সাক্ষ্য দিবলৈ, মোচিৰ আদেশ অনুসৰি নৈবেদ্য উৎসৰ্গ কৰাগৈ ৷
ৰোমীয়া সেনাপতিৰ দাসক সুস্থ কৰা
লূক ৭ঃ ১-১০
৫যীচু কফৰনাহূমত সোমলত, এশৰ সেনাপতি এজনে তেওঁৰ ওচৰলৈ আহি, তেওঁক বিনয় কৰি ক’লে, ৬হে প্ৰভু মোৰ এটা বন্দী জঠৰ ৰোগত অতিশয় যাতনা পাই,ঘৰত পৰি আছে ৷ ৭তেতিয়া তেওঁ তেওঁক ক’লে মই গৈ তাক সুস্থ কৰিম ৷ ৮সেই সেনাপতিয়ে উত্তৰ দি ক’লে, হে প্ৰভু আপুনি যে মোৰ ঘৰৰ ভিতৰত সোমাবগৈ,মই এনে যোগ্য নহওঁ; কিন্তু এষাৰ বাক্য মাথোন কওক, তাতে মোৰ বন্দী সুস্থ হ’ব ৷ ৯কিয়নো ময়ো পৰৰ অধিন মানুহ হৈছোঁ; মোৰ অধীনও সেনাবিলাক আছে; মই এটাক যা বুলিলে, সি যায়; অনটোক আহ বুলিলে, সি আহে; আৰু মোৰ দাসক এইটো কৰ বুলিলে,সি কৰে ৷ ১০যীচুৱে এই কথা শুনি বিস্ময় মানি,পাছে পাছে অহাবিলাকক ক’লে মই তোমালোকক স্বৰূপকৈ কওঁ,ইজ্ৰায়েলৰ মাজতো মই ইমান বিশ্বাস পোৱা নাই ৷ ১১আৰু মই তোমালোকক কওঁ, অনেক পূব আৰু পশ্চিমৰ পৰা আহি,অব্ৰাহাম,ইচ্হাক, আৰু যাকোবৰ লগত স্বৰ্গৰাজ্যত বহিব; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব ৷ ১৩পাছে যীচুৱে সেই সেনাপতিক কলে, তুমি যোৱা; যি দৰে বিশ্বাস কৰিলা, সেইদৰে তোমালৈ হওক ৷ তাতে সেই বন্দী সেই সময়তেই সুস্থ হ’ল ৷
যীচুৰ দ্বাৰাই বহু লোকৰ আৰোগ্য লাভ
মাৰ্ক (১ঃ২৯-৩৪, লূক ৪ঃ৩৮ -৪১)
১৪পাছে যীচুৱে পিতৰ ঘৰত সোমাই, তেওঁৰ শাহুৱেকক জ্বৰত ভুগি শয্যাত পৰি থকা দেখিলে ৷ ১৫যীচুৱে তেওঁৰ হাতত ধৰা মাত্ৰকে জ্বৰ এৰিলে, আৰু তেওঁ উঠি যীচুৰ সেৱা-শুশ্ৰূষা কৰিলে ৷ ১৬পাচে সন্ধ্যা হ’লত , মানুহবিলাকে অনেক ভূতে পোৱা মানুহ তেওঁৰ ওচৰলৈ আনিলত, তেওঁ বাক্যেৰেই সেই আত্মাবোৰ খেদালে, আৰু সকলো ৰোগীক সুস্থ কৰিলে ৷ ১৭তেৱেঁই আমাৰ দুৰ্ব্বলতা ল’লে, আৰু আমাৰ ৰোগবোৰ নিলে, এই যি বচন যিচয়া ভাববাদীৰ দ্বাৰাই কোৱা হৈছিল, এই বচন সিদ্ধ হ’বলৈ এইদৰে ঘটিল ৷
১৮ পাছে যীচুৱে নিজৰ চাৰিওফালে বহু মানুহৰ দল দেখি, সিপাৰলৈ যাবলৈ আজ্ঞা দিলে ৷ ১৯সেই সময়ত এজন অধ্যাপকে আহি তেওঁক কলে, হে গুৰু, আপুনি য’লৈকে যায়, ত’লৈকে ময়ো আপোনাৰ পাছে পাছে যাম ৷ ২০ যীচুৱে তেওঁক ক’লে, শিয়ালৰ গাঁত, আৰু আকাশৰ চৰাইৰো বাহ আছে; কিন্তু মানুহৰ পুত্ৰৰ নিজৰ মূৰ থবলৈ ঠাই নাই ৷ ২১পাছে শিষ্যবিলাক মাজৰ আন এজনে তেওঁক কলে, হে প্ৰভু, প্ৰথমতে গৈ, মোৰ পিতৃক মৈদাম দিবলৈ মোক অনুমতি দিয়ক ৷ ২২যীচুৱে তেওঁক কলে, তুমি মোৰ পাছে পাছে আহাঁ; মৃতবিলাকে নিজৰ নিজৰ মৃতবিলাকক মৈদাম,দিয়ক ৷
ধুমুহা বতাহ শান্ত কৰা
(মাৰ্ক ৪ঃ৩৫-৪১, লূক ৮ঃ ২২-২৫)
২৩পাছে যীচু এখন নাৱত উঠিলত, তেওঁৰ শিষ্যবিলাক তেওঁৰ লগত গ’ল ৷ ২৪তেতিয়া চোৱা, সাগৰত বৰ ধুমুহা বতাহ হোৱাত, ঢৌৱেৰে নাওখন ঢকা হ’ল; কিন্তু তেওঁ টোপনিতে আছিল ৷ ২৫তেতিয়া তেওঁলোকে ওচৰলৈ গৈ, তেওঁক জগাই ক’লে, প্ৰভু,ৰক্ষা কৰক,আমি মৰোঁহে ৷ ২৬তাতে তেওঁ তেওঁলোকক কলে, হে অল্প-বিশ্বাসীবিলাক, তোমালোক কিয় ভয়াতুৰ হৈছা ? পাছে তেওঁ উঠি, বতাহ আৰু সাগৰক ডবিয়ালে; তেতিয়া অতি শান্ত হ’ল ৷ ২৭তাতে সেই মানুহবিলাকে বিস্ময় মানি ক’লে, এওঁ নো কেনে মানুহ ৷ বতাহ আৰু সাগৰেও যে এওঁৰ কথা মানে ৷
যীচুৱে দুজন ভূতে ধৰা মানুহক সুস্থ কৰা
( মাৰ্ক ৫ঃ ১-২০ ,লূক ৮ঃ২৬-৩৯ )
২৮পাছে যীচু সাগৰৰ সিপাৰৰ গাদাৰীয়াবিলাকৰ দেশলৈ গলত, দুজন মানুহ মৰিশালিৰ পৰা ওলাই তেওঁৰ ওচৰলৈ আহিল ৷ এই দুজন মানুহৰ গাত ভূত লম্ভিছিল আৰু সিহঁত ইমান ভয়ঙ্কৰ আছিল যে, সেই বাটেদি কোনো মানুহে অহা য়োৱা কৰিবলৈ সাহ নকৰিছিল ৷ ২৯তাতে চোৱা, সিহঁতে আটাহ পাৰি ক’লে হে ঈশ্বৰৰ পু্ত্ৰ, আপোনাৰ লগত আমাৰ কি কাম ? নিৰূপিত সময়ৰ পূৰ্ব্বই আমাক যাতনা দিবলৈ আহিল নে ? ৩০সেই সময়ত সিহঁতৰ পৰা দূৰৈত, বৰ এজাক গাহৰি চৰি আছিল ৷ ৩১তাতে ভূতবোৰে তেওঁক বিনয় কৰি তেওঁক কলে, আপুনি যদি আমাক খেদাই, তেন্তে সেই গাহৰি জাকলৈ পঠিয়াই দিয়ক ৷৩২তাতে তেওঁ সিহঁতক ক’লে যাহঁক ৷ তেতিয়া সিহঁতে বাহিৰ ওলাই, গাহৰিবোৰত সোমালগৈ; আৰু চোৱা গোটেই জাকেই বৰকৈ লৰি গৈ, গৰাৰ পৰা সাগৰত পৰি, পানীত বুৰি মৰিল ৷ ৩৩পাছে ৰখীয়াবোৰে পলাই নগৰলৈ গৈ সকলো ঘটনা আৰু ভূতে পোৱা দুজনৰ বিষয়েও সম্বাদ দিলেগৈ ৷ ৩৪তাতে চোৱা নগৰৰ সমুদায় মানুহ যীচুৱে সৈতে সাক্ষাৎ কৰিবলৈ ওলাই আহিল; আৰু তেওঁক দেখা পালত, তেওঁবিলাকৰ সীমাৰ পৰা যাবলৈ তেওঁক বিনয় কৰিলে ৷
0 Comments