পৰৰ বিচাৰ, প্ৰাৰ্থনা লৈ উদ্যোগ, সৰ্ব্বোতম বৃদ্ধি, স্বৰ্গীয় পথত চলিবৰ উদগনি, দুজন ঘৰ সজা লোকৰ আৰ্হি এই সকলোবোৰৰ বিষয়ে পবিত্ৰ বাইবেলে কি কৈছে ৷ [ পবিত্ৰ বাইবেল মথিয়ে লিখা শুভবাৰ্ত্তা ৭ অধ্যায় (১ - ২৯ পদ), বাইবেল কুইজ ]



 পৰৰ বিচাৰ 

 লূক

 ৬ঃ৩৭ঃ৩৮,৪১-৪২)

তোমালোকে পৰৰ বিচিৰ নকৰিবা, তেহে তোমালোকৰো বিচাৰ কৰা নহ’ব ৷ ২কাৰণ যেনেকুৱা বিচাৰেৰে তোমালোকে আনৰ বিচাৰ কৰা; তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হ’ব,আৰু যি জোখেৰে আনক জুখি দিয়া, সেই জোখেৰে তোমালককো জুখি দিয়া হ’ব ৷ ৩তোমাৰ নিজৰ চকুুত থকা কাঠৰ চটিডালৈ ভাললৈ মন নকৰি, আনৰ চকুৰ কুটা ডালি কিয় চাইছা ? ৪তোমাৰ নিজৰ চকুত কাঠৰ চটিডাল থকা সত্ত্বেও, তুমি কি সাহেৰে তোমাৰ ভায়েৰাক ক’ব পাৰা যে, তোমাৰ চকুৰ কুটাডাল উলিয়াই দিওঁ দিয়া ৷ ৫হে কপটীয়া, প্ৰথমে নিজৰ চকুত সোমাই থকা কাঠৰ চটিডাল উলিয়াই লোৱা, তেহে  তোমাৰ ভয়েৰাৰ চকুত থকা কুটাডাল উলিয়াবলৈ ভালকৈ দেখা পাবা ৷ ৬কুকুৰবোৰক পবিত্ৰ বস্তু নিদিবা, আৰু গাহৰিৰ আগত তোমাৰ মুকুতা নেপেলাবা ; কিজানি সিহঁতে সেইবোৰ ভৰিৰে গচকিব আৰু উলটি তোমাকে আক্ৰমণ কৰি, ছিৰি, পেলাব ৷'

প্ৰাৰ্থনালৈ উদ্যোগ ; সৰ্ব্বােত্তম বিধি 

 লূক ১১ঃঃ৯-১৩

৭ খোজা,তেহে তোমালোকক দিয়া; হ’ব; বিচাৰা, তেহে পাবা; টুকুৰিওৱা, তেহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ’ব ৷ ৮কাৰণ যি জনে খোজে, তেওঁ পায়, যি জনে বিচাৰে, তেওঁ দেখা পায়; আৰু যি জনে দুৱাৰত টুকুৰিয়ায়, তেওঁলৈকে দুৱাৰ মুকলি যায় ৷ ৯তোমালোকৰ মাজত কোন বাপেকে বাৰু পুতেকে পিঠা খুজিলে,তাক শিল দিব,  ১০নাইবা মাছ খুজিলে, তাক সাপ দিব ?  ১১এতেকে তোমালোকে দুৰ্জন হৈয়ো  যদি নিজৰ সন্তানক ভাল বস্তু  দিব  জানা, তেন্তে তাতকৈ তোমালোকৰ স্বৰ্গত থকা পিতৃৃয়ে  তেওঁত খোজাবিলাকক উত্তম বস্তু নিদিব নে ? ১২আনে তোমালোকক যেনে দৰে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোবা, আনলৈকো তোমালোকে তেনে দৰে ব্যৱহাৰ কৰিবা; কিয়নো এয়ে বিধান আৰু  ভাববাদীসকলৰ বাক্যৰ সাৰ ৷’


স্বৰ্গীয়  পথত চলিবৰ উদগনি 

( লূক ১৩ ঃ২৮)

১৩ঠেক দুৱাৰেদি সোমোৱা, কিয়নো যি দুৱাৰে আৰু যি বাটে সৰ্ব্বনাশলৈ নিয়ে, সেই দুৱাৰ বহল,বাটো মুকলি ,আৰু সেয়েদি সোমোৱাও অনেক ৷ ১৪কিয়নো যি দুৱাৰে আৰু যি বাটে জীবনলৈ নিয়ে, সেই দুৱাৰ ঠেক বাটো চেপ, আৰু তাক পোৱা লোক তাকৰ ৷ ১৫যিবোৰ ভাৰি -কোৱা ভাববাদীয়ে মেৰৰ বেশ ধৰি তোমালোকৰ ওচৰলৈ আহে; কিন্তু ভিতৰে গ্ৰাসকাৰী  ৰাংকুকুৰ, সিহঁতলৈ সাৱদান হোৱা ৷ ১৬সিহঁতৰ কৰ্ম্মফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনিবা ৷ মানুহে কাঁইট গছৰ পৰা দ্ৰাক্ষাগুটি, বা পুলি কাঁইটৰ পৰা ডিমৰু গুটি পাৰে নে ? ১৭সেইদৰে সকলো ভাল গছে ভাল গুটি ধৰে ; কিন্তু বেয়া গছেহে বেয়া গুটি ধৰে ৷ ১৮ভাল গছে বেয়া গুটি ধৰিব নোৱাৰে; বেয়া গছেও ভাল গুটি ধৰিব নোৱাৰে ৷ ১৯যি গছে ভাল নধৰে, তাক কাটি, জুইত পেলোৱা হয় ৷ ২০এতেকে তোমালোকে ফলৰ দ্বাৰাই সিহঁতক চিনিবা ৷

স্বৰ্গত কোন সোমাব পাৰে  

লূক ১৩ ঃ ২৫-২৭ 

২১ যিবিলাকে মোক প্ৰভু প্ৰভু বোলে, তেওঁলোক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব, এনে নহয় ; কিন্তু যি জনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, সেই  জনহে সোমাব ৷ ২২সেই দিনা অনেকে মোক  ক’ব হে প্ৰভু , হে প্ৰভু, আমি তোমাৰ নামেৰে ভাবোক্তি প্ৰচাৰ কৰা নাই নে ? আৰু তোমাৰ নামেৰে ভূতবোৰক খেদোৱা নাই নে ? আৰু তোমাৰ নামেৰে অনেক পৰাক্ৰম-কাৰ্য্য্ কৰা নাই নে ? ২৩তেতিয়া মই সিহঁতক স্পষ্টকৈ ক’ম, মই তহঁতক কেতিয়াও জনা নাই, হে অধৰ্ম্মাচাৰীবোৰ, মোৰ ওচৰৰ পৰা দূৰ  হ মই তহঁতক চিনি নাপাওঁ ৷

দুজন ঘৰ -সজা লোকৰ আৰ্হি 

 লূ ক ৬ঃ৪৭-৪৯

২৪ যি কোনোৱে মোৰ এই সকলো বাক্য শুনি পালন কৰে ,শিলৰ ওপৰত ঘৰ সজা বুদ্ধিমান মানুহৰ লগত তেওঁৰ তুলনা দিয়া হ’ব ৷ ২৫পাছে বৰষুণ আনিলত, ধল আহিল, আৰু বতাহ বলাত সেই ঘৰত খুন্দা লাগিলহি ; কিন্তু তাৰ পোত শিলৰ ওপৰত হোৱা হেতুকে, সি নপৰিল ৷ ২৬আৰু যি  কোনোৱে মোৰ এই সকলো বাক্য শুনি পালন নকৰে, বালিৰ ওপৰত ঘৰ সজা নিৰ্ব্বুদ্ধি মানুহৰ লগত তেওঁৰ তুলনা দিয়া হ’ব ৷ ২৭ তাতে বৰষুণ আনিলত, ধল  আহিল, আৰু বতাহ বলাত সেই ঘৰত খুন্দা লাগিলত, সি পৰিল; আৰু তাৰ ঘোৰ পতন হ’ল ৷ ২৮ যীচুয়ে এই সকলো বাক্য কৈ এটালত, লোকসমূহে তেওঁৰ উপদেশত বিস্ময় মানিলে; ২৯কিয়নো তেওঁ তেওঁবিলাকৰ অধ্যাপকসকলৰ দৰে উপদেশ নিদি, ক্ষমতাপন্ন জনৰ দৰে তেওঁবিলাকক উপদেশ দিলে ৷

বাইবেল কুইজঃ

১/নিজৰ বিচাৰ নহ’বৰ কাৰণে কি কৰিব লাগে ?

উত্তৰ:পৰৰ বিচাৰ কৰিব নালাগে ৷ 

২/কিহৰ আগত মুকুতা পেলাব নালাগে ?

উত্তৰ:গাহৰি আগত (৭:৬) ৷

৩/কোনতগো জন্তক পবিত্ৰ বস্তু দিব নালাগে ?

উত্তৰ: কুকুৰ (৭:৬)

৪/কোনটো বাট বহল আৰু মুকলি ?

উত্তৰ:সৰ্বনাশৰ বাট (৭:১৩) ৷

৫/জীৱনৰ বাট কেনেকুৱা ?

উত্তৰ:ঠেক আৰু বাটো চেপ ৷ (৭:১৪)

৬/দুৰ্জন পিতৃয়েও নিজৰ সন্তানক কিস্তু দিব জানে ?

উত্তৰ: ভাল বস্তু (৭:১১) ৷ 

৭/মেৰৰ বেশ ধৰা ৰাংকুকুৰ বিলাক কোন ?

উত্তৰ:ভাঁৰি-কোৱা ভাববাদী (৭:১৫)

৮/কোনে স্বৰ্গ ৰাজ্যত সোমাব ?

উত্তৰ:যিনিলাকে স্বৰ্গত থকা পিতৃৰ ইচ্ছা পানত কৰে (৭:২৪) পদ

৯/বুদ্ধিমান  মানুহ কোন হয় ? 

উত্তৰ:যিজনে ঈশ্বৰৰ সকলো বাক্য শুনি পালন কৰে (৭:২৪)

১০/বুদ্ধিমান মানুহে তেওঁৰ ঘৰ ক’ত সাজে ?

উত্তৰ:শিলৰ ওপৰত (৭:২৪)

১১/যীচুৱে ক্ষমতাপন্নজনৰ দৰে উপদেশ দিছিল?তেওঁবিলাক কোন ?

উত্তৰ:অধ্যাপক (৭:২৯) ৷


Post a Comment

0 Comments

Ad Code