যীচুৱে এজন জঠৰ ৰোগীক সুস্থ কৰা
(মাৰ্ক ২ঃ ১-১২, লূক ৫ঃ১৭ -২৬)
৯ পাছে তেওঁ নাৱত উঠি পাৰ হৈ নিজৰ নগৰলৈ আহিল ৷ ২আৰু চোৱা,মানুহবিলাকে,শয্যাত পৰি থকা এজন জঠৰ ৰোগীক তেওঁৰ ওচৰলৈ আনিলে ৷ তাতে যীচুবে তেওবিলাকৰ বিশ্বাস দেখি, সেই জঠৰ ৰোগীক ক’লে, বোপা নিৰ্ভয় হোৱা, তোমাৰ পাপ ক্ষমা কৰা হ’ল ৷ ৩তাতে চোৱা ,কেইজনমান অধ্যাপকে মনতে ক’লে, এওঁ ঈশ্বৰনিন্দা কৰিছে ৷ ৪তাতে যীচু্ৱে তেওঁলোকৰ ভাব জানি কলে, তোমালোকৰ অন্তৰত কিয় কু্ভাব কৰিছাহঁক? ৫কিয়নো তোমাৰ পাপ ক্ষমা কৰা হল; নাইবা উঠি ফুৰা; এই দুটা কথাৰ কোনটো কবলৈ উজু ? ৬কিন্তু পৃথিবীত পাপ ক্ষমা কৰিবলৈ মানুহৰ পুত্ৰৰ যে ক্ষমতা আছে ইয়াক তোমালোকে জানিবলৈ, তেতিয়া তেওঁ জঠৰ ৰোগীজনক কলে, উঠা, তোমাৰ শয্যা তুলি লৈ নিজৰ ঘৰলৈ যোৱা ৷ ৭তাতে তেওঁ উঠি নিজৰ ঘৰলৈ গ’ল ৷ ৮ইয়াকে দে্খি লোকসমূহৰ ভয় লাগিল, আৰু যি ঈশ্বৰে মানুহক এনে ক্ষমতা দিলে ,তেওঁৰ প্ৰশংসা কৰিলে ৷
মথি আহ্বান
মাৰ্ক ২ঃ১৩-১৭ ,লূক ৫ঃ২৭-৩২
৯যীচুৱে তাৰ পৰা যাওঁতে, মথি নামেৰে এজন মানুহক কৰ লোৱা চৰাত বহি থকা দেখা পাই, তেওঁক ক’লে, মোৰ পাছে পাছে আহাঁ ৷ তাতে তেওঁ উঠি, তেওৰ পাছে পাছে গ’ল ৷ ১০ইয়াৰ পাছত চোৱা, তেওঁ ঘৰত ভোজন কৰিবলৈ বহোঁতে, অনেক কৰতোলা আৰু পাপী মানুহ আহি, যীচু আৰু তেওঁৰ শিষ্যবিলাকৰ লগত বহিল ৷ ১১ফৰীচীবিলাকে ইয়াকে দেখি, তেওঁৰ শিষ্যবিলাকক সুধিলে, তোমাললোকৰ গুৰুৱে কৰতোলা আৰু পাপীবোৰে সৈতে কিয় ভোজন কৰে ? ১২তেওঁ তাকে শুনি ক’লে, নিৰোগী মানুহৰ বেজত সকাম নাই, কিন্তু ৰোগীৰহে সকাম আছে ৷ ১৩তোমালোকে যোৱা, মই বলিদান নোখোজো, দয়াহে খোজো, এই বচনৰ অৰ্থ শিকাগৈ ৷ কিয়নো মই দাৰ্ম্মিকক নহয়, কিন্তু পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ ৷
লঘোণ দিয়াৰ বিষয়ে প্ৰশ্ন
মাৰ্ক ২ঃ১৮-২২, লূক ৫ঃ৩৩-৩৯
১৪তেতিয়া যোহনৰ শিষ্যবিলাকে তেওঁক ওচৰলৈ আহি ক’লে, আমি আৰু ফৰীচীবিলাকেও বাৰে বাৰে লঘোন দিওঁ, কিন্তু আপোনাৰ শিষ্যবিলাকে লঘোন নিদিয়ে, ইয়াৰ কাৰণ কি? ১৫তেতিয়া যীচুৱে তেওঁলোকক ক’লে, যিমান দিন সখিবিলাকৰ লগত দৰা থাক, সিমান দিনলৈ তেওঁলোকে শোক কৰিব পাৰে নে ? কিন্তু যি দিনা তেওঁলোকৰ লগৰ পৰা দৰাক নিয়া হয়, এনে দিন আহিব, তেতিয়া তেওঁলোকে লঘোন দিব ৷ ১৬কোনেও পুৰণি বস্ত্ৰত মৰুৱা কাপোৰৰ টাপলি নামাৰে; কিয়নো যি ডোখৰেৰে টাপলি মাৰে, সেয়ে সেই বস্ত্ৰক ফালি নিয়ে ; তাতে ফটা সৰহহে হয় ৷ ১৭আৰু মানুহে নতুন দ্ৰাক্ষাৰস পুৰণি ছালৰ মোটত নথয়; তেনে কৰিলে, মোটবোৰ ফাটি যায়, ৰসো বৈ ঢুকায়, আৰু মোটা নষ্ট হয়, কিন্তু নতুন দ্ৰাক্ষাৰস নতুন মোটতহে থয়, তেনে দুয়োৰো ৰক্ষা হয় ৷
এগৰাকী তিৰোতাক সুস্থ কৰা আৰু যায়ীৰৰ জীয়ৰকক জীৱন দিয়া
মাৰ্ক ৫ঃ২১-৪৩ লূক৮ঃ৪০-৫৬
১৮যীচুৱে তেওঁলোকক এইবোৰ কথা কৈ থাকোঁতেই, ইজন যিহূদী বিষয়াই আহি তেওঁক প্ৰনিপাত কৰি ক’লে, মোৰ ছোৱালীজনী এতিয়াই মৰিল; কিন্তু আপুনি আহি তাইৰ গাত হাত দিয়ক, তাতে তাই জীব ৷ ১৯তেতিয়া যীচু উঠি, নিজৰ শিষ্যবিলাকে সৈতে তেওঁৰ পাছে পাছে গ’ল ৷ ২০আৰু চোৱা , বাৰ বছৰ তেজ -যোৱা ৰোগ ভোগ কৰা এজনী তিৰোতাই তেওঁৰ পাছফালেদি আহি, তেওঁৰ কাপোৰৰ দহি চুলে; ২১কিয়নো তেওঁ, মনতে কৈছিল ,মই যদি অকল তেওঁৰে কাপোৰকে চুবলৈ পাওঁ, তেওঁ ৰক্ষা পাম ৷ ২২ তেতিয়া যীচুৱে মূখ ঘুৰাই তেওক দেখি ক’লে, আইটি, নিৰ্ভয় হোৱা; তোমাৰ ,বিশ্বসেই তোমাক ৰক্ষা কৰিলে ৷ সেই সময়ৰে পৰা সেই তিৰোতা গৰাকী সুস্থ হ’ল ৷ ২৩পাছে যীচুৱে সেই শাসনকৰ্ত্তাৰ ঘৰ পাই, বাঁহী বজোৱাবিলাক আৰু কন্দা-কটা কৰা লোকসমূহক দেখি ক’লে, ২৪আঁতৰ হোৱাহঁক; কিয়নো ছোৱালী মৰা নাই , টোপনিত আছে ৷ ২৫তাতে তেওঁলোকে তেওঁক হাঁহিলে ৷ কিন্তু লোকসমূহক বাহিৰ কৰা হলত, তেওঁ ভিতৰলৈ সোমাই, ছোৱালীৰ হাতত ধৰিলত, তাই উঠিল ৷ ২৬তাতে ইয়াৰ যশস্যা সেই গোটেইখন দেশতে ব্যাপি গল ৷
দুজন অন্ধ আৰু এজন বোবাক সুস্থ কৰা
২৭যীচু তাৰ পৰা যাওঁতে, দুজন অন্ধই মানুহে তেওঁৰ পাছে পাছে গৈ, বৰ মাতেৰে চিঞৰি ক’লে , 'হে দায়ুদৰ সন্তান, আমাক দয়া কৰক '৷ ২৮তেওঁ ঘৰ সোমালত, অন্ধ মানুহ দুজন তেওঁৰ ওচৰলৈ আহিল ৷ যীচুৱে তেওঁলোকক সুদিলে, 'মই সুস্থ কৰিব পাৰো বুলি তোমালোকে বিশ্বাস কৰিছা নে ? তেওঁলোকে উত্তৰ দিলে, 'হয় প্ৰভু, আমি বিশ্বাস কৰিছোঁ ৷ ২৯ তেতিয়া তেওঁ তেওঁলোকৰ চকু চুই ক’লে, তোমালোকৰ বিশ্বাসৰ দৰেই তোমালাকলৈ হওক ৷ ৩০ তাতে তেওঁলোকৰ চকু মুকলি হ’ল ৷ আৰু যীচুৱে তেওঁলোকক কঠোৰ আজ্ঞা দি ক’লে, সাৱধান হোৱা ,কাকো নজনাবা ৷ ৩১কিন্তু তেওঁলোকে ওলাই গৈ, সেই গোটেইখন দেশত তেওঁৰ যশস্যা প্ৰকাশ কৰিলে ৷
যীচুৱে এজন বোবা মানুহক সুস্থ কৰা
৩২তেওঁলোক যাওঁতে ,চোৱা ,মানুহবিলাকে ভূত পোৱা এটা বোবাক তেওঁৰ ওচৰলৈ আনিলে ৷ ৩৩তেতিয়া সেই ভূতক খেদোৱা হলত, বোবাই কথা কবলৈ ধৰিলে ৷ তাতে লোকসমূহে বিস্ময় মানি ক’লে ,ইজ্ৰায়েলৰ মাজত এনেকুৱা কেতিয়াও দেখা নাই ৷ ৩৪কিন্তু ফৰীচীবিলাকে ক’লে, ভূত-ৰজাৰ -দ্বাৰাই সি ভূতবোৰক খেদায় ৷
মানুহবিলাকৰ প্ৰতি যীচুৰ দয়া
৩৫পাছে যীচুৱে সকলো নগৰ আৰু গাৱঁত ফুৰি ফুৰি, তেওঁলোকৰ নামঘৰবোৰত উপদেশ দিলে, ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে, আৰু সকলো বিধৰ ৰোগ আৰু সকলো বিধৰ নৰিয়া সুস্থ কৰিলে ৷৩৬ আৰু মানুহবিলাকক দেখি, তেওঁলোকলৈ তেওঁৰ মৰম লাগিল; কিয়নো তেওঁলোক ৰখীয়া নোহোৱা মেৰৰ নিচিনা, দুঃখিত আৰু ক্লান্ত হৈ পৰিছিল ৷ ৩৭তেতিয়া তেওঁ নিজৰ শিষ্যবিলাকক ক’লে, শস্য সৰহ, কিন্তু বনুৱা তাকৰ ৷ ৩৮ এই হেতুকে নিজৰ শস্যক্ষেত্ৰলৈ বনুৱাবিলাকক পঠাই দিবলৈ, শস্যৰ গৰাকীক প্ৰৰ্থনা কৰা ৷
বাইবেল কুইজ
১/যীচুৰ নিজৰ নগৰ কোনখন ?
উত্তৰ: কফৰনাহ্ুম ( ৯:১)
২/যীচুৱে কাক কৈছিল, বোপা নিৰ্ভয় হোৱা ?
উত্তৰ:জঠৰ ৰোগীক (৯:১)
৩/পাপ ক্ষমা কৰিবলৈ কাৰ ক্ষমাতা আছে ?
উত্তৰ:মানুহৰ পুত্ৰ (৯:২)
৪/কৰ লোৱা মানুহ জনৰ কাম কি আছিল যজন যীচুৰ শিষ্য হৈছিল ?
উত্তৰ: মথি (৯:৯)
৫/কোনে কাক কৈছিল, নিৰোগী মানুহৰ বেজৰ সকাম নাই, কিন্তু ৰোগীৰেহে সকাম আছে ?
উত্তৰ:যীৱে ফৰিচীবিলাকক কৈছিল(৯:১১,১২) ৷
৬/দৰা তেওঁবিলাকৰ লগত থাকোতে কাৰ শোকৰ বাবে আৱশ্যক নাথাকে ?
উত্তৰ: সখীবিলাক বা আলহীসকল (৯:১৫)
৭/কোনে যীচুৰ কাপোৰৰ দহি চুই সুস্থ হৈছিল ?
উত্তৰ:তেজ যোৱা ৰোগ ভোগ কৰা এজনী তিৰোতা(৯:২০,২২) ৷
৮/কাৰ জীয়েকক যীচুৱে জীৱিত কৰিছিল ? '
উত্তৰ:শাসনকৰ্ত্তাৰ জীয়েকক (৯:২৩, ২৫)
৯/কোন দুটা আচৰিত কৰ্ম কেৱল মথি লিখা শুভবাৰ্ত্তাত ব্যাখ্যা কৰা আছে ?
উত্তৰ:দুজন অন্ধক সুস্থ কৰিছিল আৰু ভূতে পোৱা (৯:২৭) বোবা মানুহ এজনে কথা পাতিব পাৰিছিল (৯:৩২,৩৩)
১০/কোনে কাক কৈছিল , শস্য সৰহ কিন্তু বনুৱা তাকৰ ?
উত্তৰ :যীচুৱে শিষ্যবিলাকক কৈছিল (৯:৩৭)
0 Comments