বাৰজন পাঁচনিলৈ আদেশ ,পাঁচনিসকলক নিযুক্তি দিয়া, আহিব লগীয়া তাড়না বিষয়,কোন জনক ভয় কৰা উচিত,খ্ৰীষ্টক স্বীকাৰ কৰা,পুৰস্কাৰ (মথিয়ে লিখা শুভবাৰ্ত্তা ১০:১:৪২ পদলৈ)বাইবেল কুইজ

  


বাৰজন পাঁচনিলৈ আদেশ 

মাৰ্ক ৩ঃ ১৩ -১৯, লূক ৬ঃ১২-১৬) 

১০যীচুৱে তেওঁৰ  বাৰজন শিষ্যক ওচৰলৈ মাতি , অশুচি আত্মাক খেদিবলৈ, আৰু সকলো বিধৰ  ৰোগ  আৰু সকলো বিধৰ নৰিয়া সুস্থ কৰিবলৈ তেওঁলোকক ক্ষমতা দিলে ৷ ২ সেই বাৰ জন পাঁচনিৰ নাম এই;  প্ৰথম চিমোন, যিজনক পিতৰো বোলে, আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়, চিবদিয়ৰ পুতেক যাকোব ৩ আৰু তেওঁৰ ভায়েক যোহন,  ফিলিপ আৰু বাৰ্থলময়, থোমা আৰু কৰতোলা মথি, আলফয়ৰ পুতেক যাকোব আৰু থদ্দেয়, ৪কনানী চিমোন আৰু  ঈষ্কৰিয়োতীয়া যিহূদা, এৱেঁই তেওঁক শত্ৰুৰ হাতত শোধাই  দিছিল ৷

পাঁচনিসকলক নিযুক্তি  দিয়া   

(মাৰ্ক ৬ঃ ৭-১৩, লূক ৯ঃ ১ -৬) 

৫এই বাৰ  জন পাঁচনিক যীচুৱে এই আদেশ দি পঠিয়াই দিছিল ; পৰজাতিবিলাকৰ  কোনো বাটেদি নাযাবা, চমৰিয়াৰ কোনো নগৰত নোসোমাবা,৬কিন্তু  তাতকৈ ইজ্ৰায়েল বংশৰ  হেৰোৱা মেৰছাগবিলাকৰ ওচৰলৈ যাবা ৷ ৭ যাওঁতে তোমালোকে ঘোষনা কৰিবা যে  স্বৰ্গৰাজ্য ওচৰ হ’ল ৷ ৮ নৰিয়া বিলাকক সুস্থ কৰিবা ; মৃতবিলাকক তুলিবা ,কুষ্ঠ ৰোগীবিলাকক সুস্থ  কৰিবা, ভূতবিলাকক খেদিবা ,তোমালোকে বিনামূল্যে  পাইছা বিনামূল্যেই দান কৰিবা ৷ ৯তোমালোকে  নিজ নিজ ঠঙালিত সোণ বা  ৰূপ বা তাম,  ১০আৰু বাটৰ নিমিত্তে জোলোঙা,নাইবা দুটা চোলা, পাদুকা, লাখুটি,  এইবোৰ নলবা,  কিয়নো  বনুৱাৰ নিজৰ আহাৰ যোগ্য, ১১আৰু তোমালোকে যি কোনো নগৰত বা গাঁৱত সোঁমোৱা,তাত কোন মানুহ যোগ্য, ইয়াৰ বিচাৰ ল’বা, আৰু তাৰ পৰা ওলাই নোযোৱা মানে তাতে থাকিবা ৷ ১২আৰু ঘৰত সোমাওঁতে, তেওঁক মঙ্গলবাদ কৰিবা ৷ ১৩আৰু সেই ঘৰ যদি যোগ্য হয়, তেন্তে তোমালোকৰ কুশল তাৰ ওপৰত থাকক; কিন্তু যদি যোগ্য নহয়, তেন্তে সেই কুশল তোমালোকলৈ উলটি আহক ৷ ১৪আৰু যি কোনোৱে তোমালোকক গ্ৰাহ্য নকৰে,আৰু তোমালোকৰ বাক্যও নুশুনে,সেই ঘৰ বা নগৰৰ পৰা ওলাই যাওঁতে, তোমালোকৰ ভৰিৰ ধূলিও জোকাৰি পেলাবা ৷ ১৫মই তোমালোকক স্বৰূপকৈ কওঁ, মহা-বিচাৰৰ দিনা সেই নগৰৰ দশাতকৈ চদোম আৰু ঘমোৰা দেশৰ দশা সহিবলৈ লঘু হ’ব ৷

আহিব লগীয়া তাড়না  

 (মাৰ্ক ১৩: ৯ -১৩ ,লূক ২১ ঃ ১২ -১৭)

১৬ 'চোৱা, ৰাংকুকুৰৰ মাজলৈ মেৰ-ছাগক পঠোৱাৰ দৰে, মই তোমালোকক পঠাইছোঁ ; এই হেতুকে  তোমালোকে সাপৰ দৰে টেঙৰ , আৰু কপৌৰ নিচিনা হোজা হোৱা ৷ ১৭কিন্তু মানুহলৈ সাৱদান হোৱা ; কিয়নো তেওঁলোকে বিচাৰসভাত তোমালোকক শোধাই দিব, আৰু তেওঁলোকৰ নাম-ঘৰবোৰত  তোমালোকক কোবাব ; ১৮মোৰ নামৰ কাৰণে তোমালোকক দেশাধিপতি আৰু ৰজাবিলাকৰ আগলৈ নিয়া হ’ব; যাতে তোমালোকে তেওঁলোকৰ আৰু জাতিবিলাকৰ আগত সাক্ষ্য দিয়া ৷ ১৯তোমালোকক  যেতিয়া শোধাই দিব, তেতিয়া কি নো ক’ম বা কেনেকৈ ক’ম তালৈ চিন্তা নকৰিবা; কাৰণ কি কবলাগে, উচিত সময়ত তোমালোকক দিয়া হ’ব ৷ ২০কাৰণ কথা কওঁতাজনা তোমালোক নোহোৱা, আৰু পিতৃৰ আত্মাইহে তোমালোকৰ অন্তৰত কথা কয়৷ ২১ককায়েকে ভায়েকক, বাপেকে নিজৰ সন্তানক মৃ্ত্যুৰ  অৰ্থে শোধাই দিব, আৰু সন্তানে নিজৰ পিতৃ- মাতৃৰ বিৰুদ্ধে উঠি তেওঁলোকক বধ কৰাব ৷ ২২ আৰু মোৰ  নামৰ কাৰণেই তোমলোক সকলোৰে  ঘৃণাৰ পাত্ৰ  হ’বা ; কিন্তু যি জনে শেষলৈকে সহন কৰি থাকে,তেৱেঁই পৰিত্ৰান পাব ৷ ২৩তোমালোকক এখন নগৰত তাড়না কৰিলে, তোমালোকে আন এখনলৈ পলাই যাবা ৷ মই তোমালোকক সত্য কথা কওঁ যে, তোমালোকে ইজ্ৰায়েলৰ সকলো নগৰত ফুৰি শেষ কৰাৰ আগতে, মানৱ-পুত্ৰৰ আগমন হ’ব ৷

২৪ গুৰুতকৈ শিষ্য ডাঙৰ নহয়, আৰু প্ৰ্ভুতকৈ দাসো ডাঙৰ নহয় ৷ ২৫শিষ্য নিজৰ গুৰুৰ আৰু দাস নিজৰ প্ৰভুৰ সমান হোৱাটোৱেই যথেষ্ট ৷ তেওঁলোকে যদি ঘৰৰ গৰাকীকে বেলচবুব বুলিলে,* তেনেহ’লে তেওঁৰ পৰিয়ালৰ আনবিলাকক কিমান যে অধিক বেয়া নাম দিব ৷

কোন জনক ভয় কৰা উচিত

  (লূক ১২ ;২ -৭ )

২৬এতেকে মানুহলৈ ভয় নকৰিবা  ৷ এতিয়া  যিটো ঢাকি ৰখা হৈছি, এদিন সেইটো প্ৰকাশ পাব ৷ আৰু সকলো গুপুত বিষয় ব্যক্ত হ’ব ৷  ২৭মই যি কথা আন্ধাৰত কৈছো, তোমালোকে পোহৰত তাক ঘোষনা কৰিবা; আৰু যি কথা গুপুতে শুনিলা, তাক ঘৰৰ ওপৰৰ পৰা প্ৰচাৰ  কৰিবা ৷ ২৮যিবিলাকে কেৱল শৰীৰটো বধ কৰিব পাৰে, কিন্তু আত্মা বধিব নো ৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা, কিন্তু যি জনে শৰীৰ আৰু আত্মা দুয়োকো নৰকত বিনষ্ট কৰিব পাৰে, তেওঁলৈহে ভয় কৰিবা ২৯কাৰণ দুটা ঘৰচিৰিকা চৰাই এপইছাত বিক্ৰী কৰা নহয়  নে ? কিন্তু তোমালোকৰ স্বৰ্গত থকা পিতৃৰ অনুমতিৰ বিনে, সিহঁতৰ এটাও মাটিত নপৰে ৷ ৩০ তোমালোকৰ হলে মূৰৰ চুলি পৰ্য্যন্ত গণণা কৰা হৈছে  ৷ ৩১ ভয় নকৰিবা ! তোমালোক অনেক ঘৰ- চিৰিকাতকৈ মূল্যৱান  ৷

খ্ৰীষ্টক স্বীকাৰ কৰা  

(লূক ১২ঃ৮ -৯)

৩২ যি জনে মানুহৰ আগত মোক স্বীকাৰ কৰি কয় যে, তেওঁ মোৰ সেৱক ,ময়ো তেওঁক  স্বৰ্গত থকা মোৰ পিতৃৰ আগত স্বীকাৰ কৰিম ৷ ৩৩কিন্তু যি জনে মানুহৰ আগত মোক অস্বীকাৰ কৰে ,ময়ো তেওঁক  স্বৰ্গত থকা মোৰ পিতৃৰ  আগত অস্বীকাৰ কৰিম ৷,

শান্তি নহয় ,তৰোৱালহে

 ( লূক ১২ :৫১-৫৩ ,১৪ঃ ২৬ ,২৭ )

৩৪ মই জগতলৈ শান্তি আনিছোঁ বুলি নাভাবিবা; মই জগতলৈ  শান্তি অনা নাই , তৰোৱালহে আনিছোঁ ৷ ৩৫ বাপেকৰ বিৰুদ্ধে  পুতেকৰ, মাকৰ বিৰুদ্ধে জীয়েকৰ, শাহুৱেকৰ বিৰুদ্ধে বোৱাৰীয়েক বিভেদ জন্মাবলৈহে আহিছো ৷ ৩৬এজন মানুহৰ নিজৰ পৰিয়ালৰ লোকসকলেই তেওঁৰ শত্ৰু হ’ব ৷ ৩৭যি  নিজৰ পিতৃ বা মাতৃক মোতকৈ অধিক প্ৰেম কৰে, তেওঁ মোৰ শিষ্য হ’বৰ যোগ্য নহয় ৷ যি নিজৰ ল’ৰা বা ছোৱালীক মোতকৈ অধিক প্ৰেম কৰে, তেৱোঁ মোৰ শিষ্য হ’বৰ যোগ্য নহয় ৷ ৩৯যি জনে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱায়, কিন্তু যি জনে মোৰ বাবে নিজৰ জীৱন হেৰুৱায়, তেওঁ তাক ৰক্ষা কৰিব ৷’

পুৰস্কাৰ 

(মাৰ্ক ৯ঃ৪১)

 ৪০ 'যিজনে তোমালোকক গ্ৰহণ কৰে,  তেওঁ মোকেই গ্ৰহণ কৰে,  আৰু যিজনে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনাকেই গ্ৰহন কৰে ৷  ৪১যি জনে ঈশ্বৰৰ লোকক ঈশ্বৰৰ লোক বুলি গ্ৰহন কৰে, তেওঁ ঈশ্বৰৰ লোকৰ পুৰস্কাৰ ভাগ পাব ৷ আৰু  যি জনে ধাৰ্ম্মিক লোকক , ধাৰ্ম্মিক লোক বুলি গ্ৰহণ কৰে, তেওঁ ধাৰ্ম্মিক লোকৰ  পুৰস্কাৰ  ভাগ পাব ৷  ৪২মই তোমালোকক সত্য কথা কওঁ যে ,যি জনে মোৰ এই শিষ্যসকলৰ মাজৰ সৰু এজনকো, মোৰ শিষ্য হোৱাৰ বাবে এবাটি চেঁচাপানী খুৱায়, তেৱোঁ পুৰস্কাৰ নেহেৰুৱাব ৷

বাইবেল কুইজ

১/যীচুৰ কেইজন শিষ্য আছিল ?

উত্তৰ:বাৰজন শিষ্য আছিল ৷(১০:২) ৷

২/দুজন শিষ্যৰ নাম কি যিসকলে আলফয়ৰ পুতেক আছিল ? 

উত্তৰ:যাকোব আৰু থদ্দেয় (১০:৩) ৷

৩/যিহুদাৰ জন্ম্স্থান ক’ত আছিল ? যিজনে যীচুক শত্ৰুৰ হাতত শোধাই দিছিল ?

উত্তৰ :ঈষ্কৰিয়োতীয়া (১০:৪) ৷

৪/ শিষ্যবিলাকে কোন নগৰত সোমোৱা নাছিল ?

উত্তৰ: চমৰিয়া (১০:৬)

৫/ঈশ্বৰৰ সন্তানসকলে কিহৰ নিচিনা টেঙৰ হ’ব লাগে ?

উত্তৰ:সাপৰ নিচিনা (১০:১৬)

৬/কোনবিধ চৰাইক হোজা বুলিজনা যায় ? 

উত্তৰ:কোপৌ (১০:১৬)

৭/ঈশ্বৰৰ সন্তান বিলাক কোনবিধ চৰাইতকৈও বহুমূলীয়া ?

উত্তৰ: ঘৰচিৰিকা (১০:৩১)

৮/যীচু পাছত যাবলৈ হ’লে কি লৈ যাব লাগিব?

উত্তৰ: নিজৰ ক্ৰুচ (১০:৩৮)



Post a Comment

0 Comments

Ad Code