বাপ্তিস্মদাতা যোহনৰ প্ৰশ্ন আৰু যীচুৰ উত্তৰ, যীচুৰ প্ৰৰ্থনা,পৰিশ্ৰান্তবিলাকক নিমন্ৰণ কৰা,(মথি ১১অধ্যয় ১পৰা ৩০পদলৈ)বাইবেল কুইজ ৷


 বাপ্তিস্মদাতা যোহনৰ প্ৰশ্ন আৰু যীচুৰ উত্তৰ (লূক ৭ঃ ১৮ -৩৫ )

১১যীচুৱে তেওঁৰ বাৰজন পাঁচনিক এইবোৰ শিক্ষা দিয়াৰ পাচত, সেই ঠাই এৰি ওচৰৰ নগৰে চহৰে উপদেশ দিবলৈ আৰু প্ৰচাৰ কৰিবলৈ ওলাই গ’ল ৷ ২যীচুৱে কৰা কাৰ্য্যৰ বিষয়ে বন্দীশালত বাপ্তিস্মদাতা যোহনে শুনি, তেওঁৰ ওচৰলৈ নিজৰ কেইজনমান শিষ্যক পঠালে ৷ ৩তেওঁলোকে যীচুক ক’লে 'আপুনি  আমাক কওকচোন, যোহনে কোৱা,আহিব লগা জনা আপুনিয়েই হয়নে? নাইবা আমি অন্য এজনলৈ আপেক্ষা কৰি থাকিম ? ৪যীচুৱে উত্তৰ দি ক’লে 'তোমালোক উলটি যোৱা, আৰু যি যি দেখিলা, শুনিলা তাৰ সম্বাদ যোহনক দিয়াগৈ ৷ ৫অন্ধই দৃষ্ট পাইছে, খোৰাই খোজ কাঢ়িছে, কুষ্ঠৰোগীক সুস্থ কৰা হৈছে, আৰু দৰিদ্ৰবিলাকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰা হৈছে ৷ ৬মোৰ বিষয় যিবিলাকৰ সন্দেহ নাই, তেওঁলোক ধন্য ৷ ৭যোহন শিষ্যসকল গুচি যোৱাৰ পাচত; যীচুৱে ওচৰত থকা লোকসকলক সুধিলে,'তোমালোকে যেতিয়া যোহনক চাবলৈ অৰণ্যত গৈছিলা, তেতিয়া কি দেখা পাম বুলি আশা কৰিছিলা ? বতাহে লৰোৱা নল নে ? ৮কি চাবলৈ গৈছিলা ? সুন্দৰ কাপোৰ পিন্ধা মানুহ নে ? তেনে ধৰনৰ কাপোৰ পিন্ধা মানুহ ৰাজ কাৰেঙতহে থাকে ! ৯মোক কোৱা কি চাবলৈ গৈছিলা? ভাববাদীক চাবলৈ গৈছিলা নে ?সঁচা কথা, প্ৰকৃততে ভাববাদীতকৈয়ো মহান এজনাক চাবলৈ গৈছিলা ৷ ১০কাৰণ যোহন বিষয়ে শাস্ত্ৰত এইদৰে কৈছে: ঈশ্বৰে কৈছে, "মই মোৰ দূতক তোমাৰ আগে আগে পঠাম,তেওঁ তোমাৰ কাৰণে পথ যুগুত কৰিব৷" ১১মই তোমালকক এই কথা কওঁ, তিৰোতাৰ পৰা জন্ম পোৱাবিলাকৰ মাজত, যোহন সকলোতকৈ মহান ৷ কিন্তু ঈ্শ্বৰৰ ৰাজ্যত,সৰুতকৈ সৰু জনেই যোহনতকৈ মহান ৷ ১২যোহনৰ দিনৰ পৰা এতিয়ালৈকে ঈশ্বৰৰ ৰাজ্যত,আক্ৰান্ত হৈছে,আৰু বলৱন্ত লোকে তাক বল প্ৰয়োগ কৰি ল’বলৈ যত্ন কৰিছে ৷ ১৩যোহন নহালৈকে সকলো ভাববাদীয়ে আৰু মোচিৰ বিধানে ভবিষ্যত -বাণী কৰিছিল,   ১৪আৰু তোমালোকে যদি তেওঁলোকৰ বাণী বিশ্বাস কৰিবলৈ  ইচ্ছা কৰা, তেন্তে, মই তোমালোকক কওঁ, যোহনেই আহিবলগা এলিয়া ৷ ১৫ যাৰ কাণ আছে,তেওঁ শুনক ৷ ১৬বৰ্ত্তমান যুগত মানুবিলাকক কাৰ লগত তুলনা কৰিব পাৰোঁ ?  তেওঁলোক হাট বজাৰত বহা লৰা-ছোৱালীৰ নিচিনা; সিহঁতৰ এটা দলে আনটোদলক কয়, ১৭আমি তোমালোকৰ আগত বাঁহী বজালোঁ কিন্তু তোমালোকে নানাছিলা; আমি  বিলাপ কৰিলো, কিন্তু তোমালোকে হিয়া নুভুকুৱালা ৷ ১৮কিয়নো যোহন আহিল  আৰু তেওঁ ভোজন-পান কৰা নাছিল; সেই কাৰণে মানুবিলাকে তেওঁক ভূতে পোৱা বুলিছিল ৷ ১৯মানুহৰ পুত্ৰই আহি ভোজন-পান কৰাত,মানুবিলাকে ক’লে চোৱা, তেওঁ খাৱৈচ, আৰু মদপী; কৰতোলা আৰু পাপীবিলাকৰ বন্ধু ৷ ঈশ্বৰৰ জ্ঞান,নিজ কৰ্ম্মৰ দ্বাৰাই সত্য বুলি, প্ৰমাণিত হয় ৷

বিশ্বাস নকৰা নগৰবিলাক লূক ১০:১৩ -১৫ 

২০যিবিলাক নগৰত যীচুৱে অধিক ভাগ আলৌকিক কাৰ্য্য কৰিছিল,সেইবিলাক নগৰৰ মানুহে    তেওঁলোকৰ পাপৰ পৰা মন পালটন নকৰাৰ বাবে যীচুৱে তেওঁলোকক গৰিহণা দি ক’লে,  ২১হায় হায় কোৰাচীন ! হায় হায় বৈৎচৈদা ! তোমালোকৰ মাজত যিবোৰ আচৰিত কৰ্ম্ম কৰা হৈছিল, সেইবোৰ কৰ্ম্ম যদি তূৰ আৰু চীদোকনত কৰা হ’লহেঁতেন, তেতিয়াহ’লে তাৰ মানুহে কেতিয়াবাই শোক -বস্ত্ৰ পিন্ধি, গাত ছাঁই সানি, তেওঁলোকৰ পাপৰ পৰা মন-পালটন কৰিলেহেঁতেন ৷ ২২মই তোমালোকক সত্য কথা কওঁ,মহা-বিচাৰৰ দিনা ঈশ্বৰে তোমালোকতকৈ তূৰ আৰু চীদোনলৈ অধিক দয়া দেখুৱাব ৷ ২৩হে কফৰনাহূম ৷ তুমি স্বৰ্গলৈ তোলা হ’বা নে ? নাইবা নৰকলৈ পেলোৱা হ’বা! তোমাৰ মাজত যিবোৰ আচৰিত কৰ্ম্ম কৰা হ’ল, সেইবোৰ কৰ্ম্ম চদোমত কৰা হোৱা হ’লে, সেই নগৰ আজিলৈকে থাকিলে হেতেন ৷ ২৪তোমালোকক মই নিশ্চয়কৈ কওঁ,মহা বিচাৰৰ দিনা ঈশ্বৰে তোমালোকতকৈ চদোমক অধিক দয়া কৰিব ৷’

যীচুৰ প্ৰৰ্থনা ; পৰিশ্ৰান্তবিলাকক নিমন্ৰণ কৰা (লূক ১০: ২১ -২২)
২৫সেই সময়ত যীচুৱে মাত লগাই  ক’লে হে পিতৃ, স্বৰ্গ আৰু পৃথিবীৰ প্ৰভু, তুমি জ্ঞানী আৰু বুদ্ধিমন্ত   লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখি,শিশুবিলাকৰ আগত প্ৰকাশ কৰিলা, এই নিমিত্তে তোমাক ধন্যবাদ দিওঁ; ২৬হয় পিতৃ সেই দৰে তোমাৰ দৃ্ষ্টত সন্তোষজনক হোৱাৰ নিমিত্তে তোমাক ধন্যবাদ দিওঁ ৷ ২৭মোৰ পিতৃৰ দ্বাৰাই সকলোকে মোত সমৰ্পণ কৰা হৈছে ; আৰু  পিতৃৰ বাহিৰে কোনেও পুত্ৰক নাজানে;পুত্ৰৰ বাহিৰে আৰু পুত্ৰই যি কোনোৰ আগত তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেওঁৰ বাহিৰেও কোনেও পিতৃক নাজানে ৷ ২৮হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহাঁ ; মই তোমালোকক জিৰণি দিম ৷ ২৯মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, তোমালোকৰ ওপৰত মোৰ যুঁৱলি লোৱা,আৰু মোৰ পৰা শিক্ষা লোৱা,তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা ৷ ৩০কিয়নো মোৰ যঁৱলি সুসহ্য, আৰু ভাৰো লঘু ৷

বাইবেল কুইজ ঃ

১/ যীচুক কোনে সুধিছিল,''আহিব লগা জনা আপুনিয়েই নে নাইবা আমি অন্যলৈ অপেক্ষা কৰি থাকিম ?

উত্তৰ: যোহন বাপ্তাইজক(১১:৩)

২/ভাৱবাদীতকৈ শ্ৰেষ্ঠ কোন ?

উত্তৰ:খ্ৰীষ্ট (১১:৯)

৩/তিৰোতাৰ পৰা জন্ম পোৱাবিলাকৰ মাজত কোন মহান আছিল ?

উত্তৰ:যোহন বাপ্তাইজক (১১:১১)

৪/কাৰ সময়ছোৱালৈকে বিধান বলাক্ৰান্ত হৈ আছিল ?

উত্তৰ:যোহন বাপ্তাইজক(১১:১২,১৩) 

৫/কোন কোন নগৰক মন পালটন নকৰাৰ কাৰণে যীচু খ্ৰীষ্টৰ দ্বাৰা অভিশাপ দিয়া হৈছিল ?

উত্তৰ :কোৰাচীন, বৈৎ-চিদা, কফৰণাহুম (১১:২১,২৩) 

৬/কোন নগৰক নৰকলৈ নমোৱা হ’ব ?

উত্তৰ:কফৰনাহুম(১১:২৩)  

৭/ কোন নম্ৰ আৰু কোমল চিত্তৰ মানুহ ?

উত্তৰ:যীচু খ্ৰীষ্ট(১১:২৯)

৮/ পৰিশ্ৰান্ত  আৰু ভাৰাক্ৰান্ত লোকসকল যীচুৰ ওচৰলৈ আহিলে কি পাব ?

উত্তৰ:জিৰণি (১১:২৮)  


Post a Comment

0 Comments

Ad Code