বিশ্ৰাম -বাৰৰ বিষয়ে শিক্ষা, এজন শুকান -হতীয়া মানুহক সুস্থ কৰা, গছ আৰু তাৰ ফল, এটা আচৰিত কৰ্ম্ম কৰাৰ দাবী, পবিত্ৰ বাইবেল মথিয়ে লিখা শুভবাৰ্ত্তা ১২ অধ্যায় (১-৫০ পদ) , বাইবেল কুইজ


 বিশ্ৰাম -বাৰৰ বিষয়ে শিক্ষা 

(মাৰ্ক ২ঃ ২৩ -২৮ ,লূক ৬ঃ১-৫)

১২সেই সময়ত যীচু বিশ্ৰামবাৰে শস্যক্ষেত্ৰৰ মাজেদি গৈছিল;  এনেতে, তেওঁৰ শিষ্যসকলৰ ভোক  লগাত, তেওঁলোকে শস্যৰ থোক ছিঙি ছিঙি খাবলৈ ধৰিলৈ ৷ ২ফৰীচীবিলাকে তাকে দেখি  যীচুক ক’লে, চাওক, আপোনাৰ শিষ্যসকলে বিশ্ৰাম বাৰৰ নিয়ম ভঙ্গ  কৰিছে ; ৩যীচুৱে উত্তৰ দি ক’লে, দায়ুদ আৰু তেওঁৰ লগৰীয়া সকলকৰ ভোক লগা সময়ত তেওঁ কি কৰিছিল তোমালোকে পঢ়া নাইনে ? ৪তেওঁ  ঈশ্বৰৰ গৃহত সোমাই, যি দৰ্শন -পিঠা, পুৰোহিতৰ বাহিৰে আনে খাব নাপায়, সেই পিঠা খালে, আৰু লগৰীয়াবিলাককো দিলে ৷ ৫তোমালোকে  মোচিৰ বিধান শাস্ত্ৰত পঢ়া নাইনে; পুৰোহিতবিলাকে প্ৰত্যেক বিশ্ৰামবাৰে ধৰ্ম্মধামত বিশ্ৰাম দিনৰ নিয়ম উলঙ্ঘন কৰিও যে নিৰ্দ্দোষী হয় ? ৬ মই তোমালোকক কওঁ যে ধৰ্ম্মধামতকৈয়ো মহান এজনা ইয়াত এজনা ইয়াত আছে ৷ ৭মই বলিদান নোখোজো, দয়াহে  খোজো, এইষাৰ বাক্যৰ অৰ্থ বুজা হ’লে, তোমালোকে নিৰ্দ্দোষী মানুহক দোষী নকৰিলাহেঁতেন ৷ ৮কাৰণ মানৱ-পুত্ৰ বিশ্ৰামবাৰৰ অধিপতি  ৷

এজন শুকান -হতীয়া মানুহক সুস্থ কৰা 

( মাৰ্ক ৩ঃ ১-৩ , লূক ৬ ঃ ৬ -১১ )

৯যীচুৱে সেই ঠাইৰ পৰা গৈ তেওঁলোকৰ নাম ঘৰত সোমাল ৷ ১০তাত এজন শুকান-হতীয়া মানুহ আছিল, তাতে তেওঁলোকে  যীচুক দোষ ধৰাৰ অভিপ্ৰয়েৰে সুধিলে, 'বিশ্ৰামবাৰে আৰোগ্য কৰিব পায় নে নাপায় ? ’ ১১তেওঁ তেলোকক ক’লে ধৰি লোৱা, তোমালোকৰ কোনো এজনৰ এটা মেৰ-ছাগ আছিল, আৰু সেই মেৰ -ছাগটো বিশ্ৰামবাৰে দ গাঁতত পৰিল; তেওঁ তাক বিশ্ৰামবাৰে ধৰি নুতুলিব নে ? ১২তেন্তে এটা মেৰ-ছাগতকৈ এজন মানুহ কিমান বহুমূলীয়া? সেই বাবে বিশ্ৰামবাৰে ভাল কৰ্ম্ম কৰিব পায় ৷’ ১৩তেতিয়া তেওঁ সেই মানুজনক ক’লে, তোমাৰ হাতখন পোন কৰা ৷' তেওঁ হাতখন পোন কৰিলত সম্পূৰ্ণ সুস্থ হৈ, আনখনৰ নিচিনা হ’ল ৷ ১৪কিন্তু ফৰীচীবিলাকে বাহিৰলৈ ওলাই গৈ, তেওঁক কেনেকৈ বিনষ্ট কৰিব পাৰে, সেই বিষয়ে তেওঁৰ বিৰুদ্ধে কু-মন্ত্ৰণা কৰিবলৈ ধৰিলে ৷ 

ঈশ্বৰৰ মনোনীত দাস 

১৫মানুহবিলাক  তেওঁৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰিছে বুলি জানি, যীচু সেই ঠাইৰ পৰা গুচি গ’ল; আৰু অনেক মানুহ তেওঁৰ পাচে পাচে গ’ল৷ তেওঁ তেওঁলোকৰ মাজৰ ৰোগ-নৰিয়াত ভোগা সকলোকে সুস্থ কৰিলে; ১৬আৰু তেওঁক আনৰ আগত প্ৰকাশ নকৰিবলৈ তেওঁলোকক আদেশ দিলে ৷ ১৭যিচয়া ভাববাদীৰ দ্বাৰাই যি বচন প্ৰকাশ কৰা হৈছিল, সেয়ে  সিদ্ধ হ’বলৈ  এই দৰে  ঘটিল ৷ যিচয়াই কৈছিল ১৮"চোৱা ,মোৰ যি  সেৱকক মই মনোনীত কৰিলোঁ, মোৰ প্ৰিয় জনাত মই পৰম সন্তুষ্ট, তেওঁৰ ওপৰত মই মোৰ আত্মা থ’ম; আৰু তেওঁ জাতি বিলাকৰ আগত মোৰ ন্যায়-বিচাৰ ঘোষণা কৰিব ৷ ১৯তেওঁ দন্দ- হাই নকৰিব, বা আটাহ নাপাৰিব বাটে পথে কোনেও তেওঁৰ মাত নুশুনিব ৷ ২০তেওঁ ন্যায়-বিচাৰৰ বিজয় প্ৰতিষ্ঠা নকৰেমানে, হেঁতেলা নল নাভাঙিব; ধোঁৱাই থকা শলিতাও নুনুমুৱাব ৷ ২১আৰু সকলো জাতিয়ে তেওঁৰ  ওপৰত ভাৰসা কৰিব ৷''

যীচু আৰু বেলচবূব মাৰ্ক 

(৩ঃ২০-৩০, লূক ১১ঃ১৪-২৩)

২২তেতিয়া ভূতে ধৰা, আৰু অন্ধ আৰু বোবা মানুহ  এজনক তেওঁৰ ওচৰলৈ অনা হ’ল; যীচুৱে তেওঁক  সুস্থ কৰাত তেওঁ কথা ক'লে আৰু দৃষ্টিও পালে ৷ ২৩তাতে  সকলোৱে তেওঁৰ কাৰ্য্যত বিস্ময়  মানি ক’লে, এৱেঁই দায়ূদৰ সন্তান নে ? ২৪ফৰীচীবিলাকে এই কথা শুনি ক’লে, এওঁ ভূতৰ ৰজা বেল্চবূবৰ শক্তিতহে ভূত খেদায় ৷ ২৫ যীচুৱে তেওঁলোকৰ মনৰ ভাব বুজি ক’লে ৷ যদি কোনো  ৰাজ্যই নিজৰ ভিতৰতে ভাগ ভাগ হৈ  যুদ্ধ কৰে, তেন্তে সেই  ৰাজ্য বেছিদিন টিকিব নোৱাৰে ৷ আৰু যদি কোনো নগৰ বা ঘৰে, নিজৰ ভিতৰতে ভাগ ভাগ হৈ দন্দ-হাই কৰে, তেন্তে সিও চিন্ন ভিন্ন হৈ যাব ৷ ২৬সেইদৰে, চয়তানৰ ৰাজ্যতো যদি এটা দলে, যদি আনটো দলৰ লগত যুদ্ধ কৰে; তেনেহলে  বুজিব লাগিব যে, ই বিভিন্ন  দলত ভাগ ভাগ হৈছে, আৰু  ই অনিতিপলমে ভাগি পৰিব ৷ ২৭তোমালোকে কৈছা, মই বেল্চবূবৰ শক্তিত ভূত খেদাওঁ, বাৰু, মই যদি বেল্‌চবূবৰ শক্তিত ভূত খেদাওঁ তেন্তে তোমালোকৰ মানুহ বিলাকে কাৰ শক্তিত ভূত খেদায় ? সেই কাৰণে তেওঁলোক তোমালোকৰ বিচাৰক হ’ব ৷ ২৮কিন্তু  মই ভূত খেদাবলৈ যদি ঈশ্বৰৰ আত্মা ব্যৱহাৰ কৰিছোঁ, তেন্তে বাস্তাবিকে ঈ্শ্বৰৰ ৰাজ্য তোমালোকৰ মাজলৈ আহিল ৷ ২৯এজন বলৱন্ত মানুহৰ  ঘৰ  লুট কৰিবলৈ হ’লে, প্ৰথমে তেওঁক নবন্ধাকৈ লুট কৰিব পৰা যাবনে ? বলৱন্তজনক বান্ধিলেহে তেওঁৰ ঘৰ লুট কৰিব পৰা যাব ? 

   ৩০ যিজন  মোৰ ফলিয়া নহয়, তেওঁ  মোৰ বিপক্ষ; আৰু যিজনে  মোৰ সৈতে নচপায়, তেওঁ সিচি পেলায় ৷ ৩১ সেই কাৰণে মই তোমালোকক কওঁ যে, মানুহৰ সকলো প্ৰকাৰৰ পাপ  আৰু নিন্দা ক্ষমা কৰা যাব, কিন্তু পবিত্ৰ  আত্মাৰ বিৰুদ্ধে  কৰা নিন্দা ক্ষমা কৰা নাযাব ৷ ৩২যি জনে মানৱ-পুত্ৰৰ বিৰুদ্ধে কথা কয়, তেওঁক ক্ষমা কৰা হ’ব ? কিন্তু যি জনে পবিত্ৰ আত্মাৰ বিৰুদ্ধে কথা কয়, তেওঁক ইহকালত বা  পৰকালতো ক্ষমা কৰা নাযাব ৷

গছ আৰু তাৰ  ফল

( লূক ১১ঃ২৪ -২৬)

 ৩৩'গছ ভাল হ’লে, তাৰ ফলো ভাল হয ; আৰু গছ বেয়া হ’লে, তাৰ ফলো বেয়া হয়; কাৰণ ফলৰ দ্বাৰাই গছ চিনা যায় ৷ ৩৪হে  সৰ্পৰ বংশ, তোমালোকে মন্দ হৈ, ভাল কথা কেনেকৈ ক’ব পাৰা ? কাৰণ মানুহৰ অন্তৰ যিহৰে পৰিপূৰ্ণ, মুখত সেয়ে প্ৰকাশ পায় ৷ ৩৫ এজন  ভাল মানুহে ভাল ভঁৰালৰ পৰা ভাল দ্ৰব্য উলিয়ায়; আৰু এজন বেয়া মানুহে মানুহে বেয়া ভঁৰালৰ বেয়া দ্ৰব্য উলিয়ায় ৷ ৩৬মই তোমালোকক কওঁ, মহা-বিচাৰৰ দিনা মানুহবিলাকে তেওঁলোকে কোৱা প্ৰতিটো অনৰ্থক কথাৰ হিচাব দিব লাগিব ৷ ৩৭ কাৰণ তুমি তোমাৰ নিজৰ কথাৰ দ্বাৰাই নিৰ্দ্দোষী, নাইবা , নিজৰ কথাৰ দ্বাৰাই দোষী বুলি গণ্য হ’বা ৷

এটা আচৰিত কৰ্ম্ম কৰাৰ দাবী

 (মাৰ্ক ৮ ঃ১১ -১২ , ১১ ঃ ২৯ -৩২) 

৩৮তেতিয়া কেইজনমান বিধান-পণ্ডিত আৰু ফৰীচীয়ে ক’লে, হে' গুৰু, আমি আপোনাৰ পৰা এটা আচৰিত কৰ্ম্ম দেখিবলৈ ইচ্ছা কৰোঁ ৷ ৩৯যীচুৱে উত্তৰ দিলে, এই যুগৰ মানুবিলাক কেনে মন্দ আৰু ঈশ্বৰহীন ৷ তোমালোকে মোৰ পৰা এটা অচৰিত চিন বিচাৰিছা ? কিন্তু যোনা ভাববাদীৰ চিনৰ বিনে, আন কোনো আচৰিত  চিন তোমালোকক দিয়া নহ’ব ৷ ৪০যোনাই যেনেকৈ তিনি দিন তিনি ৰাতি প্ৰকাণ্ড মাছৰ পেটত আছিল, তেনেকৈ মানৱ -পুত্ৰই তিনি দিন তিনি ৰাতি মাটিৰ তলত থাকিব ৷ ৪১ মহা-বিচাৰৰ দিনা, নীনবি নগৰৰ মানুহবিলাকে থিয় হৈ তোমালোকক দোষী কৰিব, কাৰণ তোমালোকে  যোনা ভাববাদীৰ ঘোষণা শুনি নিজৰ নিজৰ পাপৰ পৰা মন ঘূৰালে; মই তোমালোকক কওঁ যে, যোনাতকৈয়ো মহান এজনা ইয়াত আছে ৷ ৪২দক্ষিণ দেশৰ ৰানীয়ে, সেই মহা-বিচাৰৰ দিনা থিয়  হৈ তোমালোকক দোষী কৰিব৷ কাৰণ তেওঁ চলোমনৰ জ্ঞানৰ কথা শুনিবলৈ দূৰ দেশৰ পৰা যাত্ৰা কৰি আহিছিল ; আৰু চোৱা, চলোমনতকৈয়ো মহান এজনা ইয়াত আছে  ৷ 

 কু- আত্মা ঘুৰি অহা 

(লূক ১১ঃ২৪-২৬)

৪৩'যেতিয়া এজন মানুহৰ  পৰা এটা কু-আত্মা ওলাই যায়,  সি মৰুভূমিৰ মাজত বিশ্ৰামৰ  ঠাই বিচাৰি ঘূৰি ফূৰে; কিন্তু যদি নাপায় , ৪৪তেতিয়া সি নিজৰ মনতে কয়, মই পূৰ্ব্বৰ  ঘৰলৈকে উভতি যাওঁ ৷ পাছে  সি ঘূৰি গৈ দেখে যে  পূৰ্ব্বৰ ঘৰটো পৰিস্কাৰ,সজাই -পৰাই থোৱা, আৰু খালি হৈ পৰি আছে ৷ ৪৫ তেতিয়া সি বাহিৰলৈ ওলাই গৈ নিজতকৈও অধম আৰু সাতোটা আত্মা লগত লৈ আহি, বাস কৰিবলৈ লয় ৷ তেতিয়া সেইও মানুহজনৰ প্ৰথম অৱস্থাতকৈ শেষৰ অৱস্থা আৰু অধিক বেয়া হয় ৷ সেইদৰে এই যুগৰ দুষ্ট মানুহবিলাকৰো তেনে দুৰৱস্থা হ'ব ৷'

যীচুৰ মাক আৰু ভায়েকসকল 

(মাৰ্ক ২ঃ২৩-২৮, লুক ৬ঃ১-৫)

৪৬তেওঁ মানুহবিলাকৰ আগত কথা কৈ থাকোঁতেই, তেওঁৰ মাক আৰু ভায়েকসকল আহি পালে ৷ তেওঁলোকে তেওঁৰ লগত কথা পাতিবলৈ ইচ্ছা কৰি বাহিৰত থিয় হৈ আছিল ৷ ৪৭মানুহবিলাকৰ মাজত কোনো এজনে গৈ যীচুক বাতৰি দিলে, 'চাওক, আপোনাৰ মাক আৰু ভায়েকসকলে আপোনাৰ লগত কথা পাতিবলৈ ইচ্ছা কৰি, বাহিৰত থিয় হৈ আছে'৷ ৪৮উত্তৰত যীচুৱে ক'লে, 'মোৰ আই কোন ?' মোৰ ভাইসকলে বা কোন ?' ৪৯তেতিয়া তেওঁ শিষ্যসকললৈ আঙুলিয়াই ক'লে, চোৱা, এওঁলোকে মোৰ আই আৰু ভাইসকল ৷ ৫০যি সকলে মোৰ স্বৰ্গত থকা পিতৃৰ ইচ্ছা পালন কৰে, তেওঁলোকে মোৰ ভাই, ভনী আৰু আই ৷'  






















Post a Comment

0 Comments

Ad Code