এজন খেতিয়কৰ দৃষ্টান্ত মাৰ্ক ৪ঃ ১-৯, লূক ৮ঃ৪-৮
১৩সেই দিনাই যীচু ঘৰৰ পৰা ওলাই গৈ,সাগৰৰ পাৰত বহিল ৷২তাতে বহু লোকসমূহ তেওঁৰ ওচৰত গোট খোৱাত, তেওঁ এখন নাৱত উঠি তাত, বহিলত, সেই গোটেই মানুহৰ দল বামতে থিয় হৈ থাকিল ৷ ৩তেতিয়া তেওঁ দৃষ্টান্ত দি, তেওঁলোকৰ আগত অনেক কথা ক’লে, বোলে চোৱা, এজন খেতিয়কে কঠীয়া সিচিবলৈ গ’ল ৷ ৪আৰু তেওঁ সিচোঁতে সিচোঁতে , কেতবোৰ কঠীয়া বাটত পৰিল, তাতে চৰাইবোৰে আহি সেইবোৰ খুঁটি খালে ৷ ৫কেতবোৰ অলপ মাটি থকা শিলনিত পৰি, মাটি ডাঠ নোহোৱাত, সোনকালে গজিল; ৬কিন্তু সূৰ্য্য উদয় হলত, তাপ লাগি, তাৰ শিপা নোহোৱাত শুকাই গ’ল ৷ ৭ আৰু কেতবোৰ কাঁইটনিত পৰিল; তাতে কাঁইটীয়া বন বাঢ়ি, তাক হেঁচি ধৰি মৰিলে ৷ ৮কিন্তু আনবোৰ ভাল মাটিত পৰিল; তাতে কেতবোৰে এশ গুণ , কেতবোৰে তিনি কুৰি গুণ, কেতবোৰে ডেৰ কুৰি গুণকৈ গুটি ধৰিলে ৷ ৯যাৰ কাণ আছে , তেওঁ শুনক ৷
১০পাছে তেওঁৰ শিষ্যবিলাকে আহি তেওঁক সুধিলে, আপুনি কি কাৰণে তেওঁৰ লোকৰ আগত দৃষ্টান্ত দি কথা কয় ? ১১ তাতে তেওঁ উত্তৰ দি তেওঁবিলাকক ক’লে, স্বৰ্গৰাজ্যৰ নিগূ্ঢ়-তত্ত্ববোৰ জানিবলৈ তোমালোকক দিয়া হৈছে ; কিন্তু তেওঁলোকক দিয়া হোৱা নাই ৷ ১২ কিয়নো যাৰ আছে ,তেওঁক দিয়া হ’ব, তাতে তেওঁৰ অধিক হ’ব ৷ ১৩কিয়নো, তেওঁলোকে দেখিও নেদেখে, শুনিওঁ নুশুনে, আৰু নুবুজেও; এই হেতুকে তেওঁলোকৰ আগত মই দৃষ্টান্ত দি কওঁ ৷ ১৪ তাতে যিচয়াৰ এই ভাববাণী তেওঁলোকলৈ সিদ্ধ হৈ গৈছে, বোলে, তোমালোকে শুনোতে শুনিবা, কিন্তু নুবুজিবা, আৰু দেখোঁতে দেখিবা, কিন্তু নাজানিবা; ১৫ কিয়নো এই মানুহবিলাকে যেন চকুৰে নেদেখে, কাণেৰে নুশুনে, চিত্তেৰেও নুবুজে, আৰু ঘূৰি নাহে , আৰু মই তেওঁলোকক যেন সুস্থ নকৰো, এই নিমিত্তে তেওঁলোকৰ চিত্ত ভোতোহা, আৰু শুনিবলৈ কাণো গধূৰ, আৰু তেওঁলোকে নিজৰ নিজৰ চকু মুদি আছে ৷ ১৬কিন্তু তোমালোকৰ চকু ধন্য,কিয়নো সেইবোৰে দেখে; তোমালোকৰ কাণো ধন্য, কিয়নো সেইবোৰ শুনে ৷ ১৭তোমালোকক মই স্বৰূপকৈ কওঁ, তোমালোকে যিবোৰ দেখিছা, তাক অনেক ভাববাদী আৰু ধাৰ্ম্মিক লোক দেখিবলৈ ইচ্ছা কৰিও দেখিবলৈ নাপালে, আৰু তোমালোকে যিবোৰ শুনিছা, তাক শুনিবলৈ ইচ্ছা কৰিও শুনিবলৈ নাপালে ৷
যীচুৱে খেতিয়কৰ দৃষ্টান্ত বুজাই দিয়া (মাৰ্ক ৪ঃ ১৩-২০ ,লূক ৮ঃ১১-১৫)
১৮ এতেকে তোমালোকে সেই কঠীয়া সিচা খেতিয়কৰ দৃষ্টান্ত অৰ্থ শুনা ৷ ১৯ যেতিয়া কোনোৱে ৰাজ্যৰ বাক্য শুনে কিন্তু নুবুজে, তেতিয়া পাপ - আত্মাই আহি, তেওঁৰ অন্তৰত যিবোৰ সিচা হ’ল, তাক কাঢ়ি নিয়ে; এই জন, বাটৰ কাষত পৰা কঠীয়াস্বৰূপ ৷ ২০আৰু যি জন শিলনিত পৰা কঠীয়াস্বৰূপ, তেওঁ বাক্য শুনিলতেই, আনন্দেৰে তাক গ্ৰহণ কৰে , ২১ কিন্তু তেওঁৰ অন্তৰত শিপা নোহোৱাত তেওঁ অলপ দিন মাথোন থাকে, পাছে বাক্যৰ কাৰণে ক্লেশ বা তাড়না হোৱামাত্ৰে তেওঁ বিঘিনি পায় ৷২২ আৰু যি জন কাঁইটনিত পৰা কঠীয়া-স্বৰূপ, তেওঁ বাক্য শুনিলত সংসাৰৰ চিন্তা আৰু ধনৰ মায়াই বাক্য হেঁচি ধৰে ; তাতে তেও ঁ বিফল হয় ৷ ২৩আৰু যি জন ভাল মাঠিত পৰা কঠীয়াস্বৰূপ, তেওঁ বাক্য শুনি বুজে; সেই জনে বাস্তাবিকে ফল উৎপন্ন কৰে , আৰু কেতবোৰ এশ গুণ, কেতবোৰে তিনি কুৰি গুণ , কেতবোৰে ডেৰ কুৰি গুণকৈ গুটি ধৰে ৷
বিনৈ বনৰ গুটিৰ দৃষ্টান্ত
২৪ যীচুৱে আৰু এটা দৃষ্টান্ত দি তেওঁলোকক ক’লে ,'নিজৰ পথাৰত ভাল কঠিয়া কোনো এজন মানুহৰ লগত, স্বৰ্গ-ৰাজ্যৰ তুলনা কৰা যায় ৷ ২৫পাচে এদিন ৰাতি তেওঁলোক আটায়ে টোপনিত থাকোঁতে, তেওঁৰ শত্ৰু আহি শস্যৰ মাজত বিনৈ বনৰ গুটি সিঁচি গুচি গ’ল ৷ ২৬যেতিয়া শস্য গজি পাত মেলি থোৰ ওলাল, তেতিয়া বিনৈ বনেও দেখা দিলে ৷ ২৭তাতে দাসবিলাকে আহি গৰাকীক ক’লেহি, মহাশয়, আপুনি পথাৰত ভাল গুটি’হে সিঁচিছিল, কিন্তু বিনৈ বন কৰ পৰা আহিল ? ২৮ তেওঁ উত্তৰ দিলে , এইটো কাম কোনোৱা শত্ৰু কৰিলে ৷ তেওঁলোকে সুধিলে, আমি বনবোৰ উভালি পেলোৱাটো আপুনি ইচ্ছা কৰেনে ? ২৯ তেওঁ ক’লে, নহয়, সেইদৰে সেইদৰে নকৰিবি ; কাৰণ বিনৈ বনবোৰ গোটাওঁতে; তহঁতে লগতে শস্যও উভালিব পাৰ ৷৩০ খেত চোপোৱাৰ সময়লৈকে, শস্য আৰু বিনৈবন দুুয়োকো একেলগে বাঢ়িবলৈ দে ৷ দাবৰ সময়ত মই খেতি চপোৱাবিলাকক ক’ম, বিনৈ বনবোৰ উভালি মুঠামুঠাকৈ বান্ধি জুইত পুৰি পেলাবি, আৰু শস্যবোৰ চপাই মোৰ ভঁৰালত জমা কৰি থ’বি ৷
সৰিয় গুটিৰ দৃষ্টান্ত (মাৰ্ক ৪ ঃ৩০ -৩২, লূক ১৩ঃ১৮ -১৯ )
৩১যীচুৱে তেওঁলোকক আৰু এটা দৃষ্টান্ত দি ক’লে স্বৰ্গৰাজ্য এটি সৰিয়হ গুটিৰ নিচিনা ; তাক লৈ, এজন মানুহে নিজৰ পথাৰত ৰুই থ’লে ৷ ৩২সৰিয়হ গুটি সকলো গুটিতকৈ সৰু ; কিন্তু যেতিয়া ই গজি বাঢ়ে, আৰু সকলো শাকতকৈ ডাঙৰ হৈ এজোপা গছ হয় ; তেতিয়া আকাশৰ সেইবোৰে আহি -ইয়াৰ ডালত বাহঁ সাজে ৷
খমিৰৰ দৃষ্টান্ত ( লূক ১৩ঃ ২০-১১)
৩৩ তেওঁ তেওঁলোকক আকৌ এটা দৃষ্টান্ত দি ক’লে, স্বৰ্গৰাজ্য খমিৰৰ নিচিনা, যি খমিৰ এগৰাকী তিৰোতাই লৈ, তিনি দোন পিঠাগুৰিৰ লগত মিহলাই আটাইখিনি নুফুলাকৈ ঢাকি থয় ৷'
যীচুৱে দৃষ্টান্ত ব্যৱহাৰ কৰাৰ কাৰণ (মাৰ্ক ৪ঃ৩৩ -৩৪)
৩৪ যীচুৱে মানুবিলাকক এই সকলো কথা দৃষ্টান্তৰে ক’লে ৷ দৃষ্টান্ত নিদিয়াকৈ তেওঁলোকক একো কথাকে নক’লে ৷ ৩৫ভাববাদীৰ বচন সিদ্ধ হ’বলৈ তেওঁ এইদৰে কৰিলে ৷ ভাববাদীয়ে কৈছিল ;
"মই দৃষ্টান্তেৰে কথা ক’বলৈ মোৰ মুখ মেলিম ,জগত স্থাপনৰে পৰা গুপ্ত হৈ থকা বিযয়বোৰ প্ৰকাশ কৰিম ৷''
বিনৈ বনৰ দৃষ্টান্তৰ ব্যাখ্যা
৩৬যিচুৱে মানুহবিলাকক এৰি ঘৰৰ ভিতৰলৈ আহিলত, তেওঁৰ শিস্যসকলে আহি তেওঁক ক’লে 'পথাৰৰ বিনৈ বনৰ দৃষ্টান্তৰ অৰ্থটো আপুনি আমাক বুজাই দিয়ক ৷ ৩৭ যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, 'ভাল কঠীয়া সিঁচাজন হৈছে মানৱ-পুত্ৰ ৷ ৩৮ শাস্যক্ষেত্ৰ হৈছে, পৃথিবীখন ; ভাল কঠীয়া হৈছে , ঈশ্বৰৰ ৰাজ্যৰ সন্তানবিলাক, আৰু বিনৈ বন হৈছে , পাপ আত্মাৰ সন্তানবিলাক ৷ ৩৯সেইবোৰ সিচোতা শত্ৰু হৈছে, চয়তান; শস্য দোৱাৰ সময়ে, জগতৰ শেষ অবস্থাক বুজাইছে, আৰু শস্য দাওঁতা সকল হৈছে স্বৰ্গ -দূত ৷ ৪০যেনেকৈ বিনৈ বন গোটাই জুইত পোৰা যায়, এই যুগৰ অন্ততো তেনেকৈয়ে কৰা হ’ব ৷ ৪১মানৱ পুত্ৰই তেওঁৰ দূতবিলাকক পঠিয়াই তেওঁৰ ৰাজ্যৰ মাজৰ পৰা আনক বিঘিনি জন্মোৱা আৰু অধৰ্ম্ম আচৰণ কৰা সকলোবোৰক গোটাই , জ্বলন্ত অগ্নিকু্ণ্ডত পেলাব, ৪২তাতে ক্ৰন্দন আৰু ,দাতঁ কৰচনি হ’ব ৷ ৪৩আৰু তেতিয়া ধাৰ্ম্মকসকলে তেওঁলোকৰ পিতৃৰ ৰাজ্যৰ সূৰ্য্যৰ দৰে দীপ্তি প্ৰকাশ কৰিব৷ তোমালোকক কাণ আছে যদি শুনা৷'
লুকুৱাই ৰখা ধনৰ দৃষ্টান্ত
৪৪ স্বৰ্গৰাজ্য পথাৰৰ মাজত লুকুৱাই থোৱা ধনৰ নিচিনা, মানুহ এজনে সেই ধন দেখা পাই , পথাৰত লুকুৱাই থ’লে ৷ পাচত তেওঁ আনন্দেৰে গৈ,নিজৰ সৰ্ব্বস্ব বেচি, সেই পথাৰখন কিনি ল’লে৷
মুকুতাৰ দৃষ্টান্ত
৪৫'আকৌ স্বৰ্গৰাজ্যৰ উত্তম উত্তম মুকুতা বিচাৰোঁতা এজন সদাগৰৰ নিচিনা ৷ ৪৬তেওঁ এটা বহুমুলীয়া মুকুতা দেখা পাই,ঘূৰি গৈ, নিজৰ সৰ্ব্বস্ব বেচি,সেইটো কিনি ল’লে ৷;
মাছ ধৰা জালৰ দৃষ্টান্ত
৪৭'পুনৰায় স্বৰ্গৰাজ্য, সাগৰত পেলাই সকলো পেলাই সকলো প্ৰকাৰৰ মাছ ধৰা এখন জালৰ নিচিনা ৷ ৪৮জালখন মাছেৰে পৰিপূৰ্ণ হ’লে, জালোৱাবিলাকে জালখন তুলি বামলৈ আনি, বহি ভাল মাছবিলাক গোটাই পাত্ৰত থয় আৰু বেয়াবিলাক দলিয়াই পেলায় ৷ ৪৯যুগৰ অন্ততো সেইদৰেই হ’ব; দূতবিলাক আহি ধাৰ্ম্মিকসকলৰ মাজৰ পৰা পাপীবিলাকক পৃথক কৰিব; ৫০আৰু সিহঁতক জ্বলন্ত অগ্নিকুণ্ডত পেলাব; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব ৷
৫১যীচুৱে তেওঁলোকক সুধিলে, তোমালোকে এই সকলো কথাৰ অৰ্থ বুজিলা নে ? তেওঁলোকে ক’লে আমি বুজিলোঁ ৷’ ৫২পুনৰ তেওঁ তেওঁলোকক ক’লে,স্বৰ্গৰাজ্যৰ শিষ্য হোৱা প্ৰতিজন বিধান-পণ্ডিত নিজৰ ভঁৰালৰ পৰা নতুন আৰু পুৰণা দ্ৰব্য উলিউৱা একো জন গৃহস্থৰ নিচিনা ৷
যীচু নিজৰ-নগৰত আগ্ৰাহ্য হোৱা (মাৰ্ক ৬ঃ১-৬,লূক ৪ঃ১৬-৩০)
৫৩যীচুৱে দৃষ্টান্তবোৰ কৈ এঁটালত,সেই ঠাইৰ পৰা গ’ল ৷ ৫৪তেওঁ নিজৰ ঠাইলৈ আহি নাম-ঘৰত উপদেশ দিবলৈ ধৰিলে ৷ তাতে তেওঁলোকে বিস্ময় মানি ক’লে, এওঁৰ এই জ্ঞান আৰু আচৰিত কৰ্ম্ম কৰা শক্তি ক’ৰ পৰা পালে ? ৫৫এওঁ সেই কাঠ- মিস্ত্ৰীৰ পুতেক নহয় জানো ? ৫৬আৰু তেওঁৰ ভনীয়েকবিলাকো আমাৰ মাজত নাই জানো ? তেন্ত এই সকলোবিলাক ক’ৰ পৰা পালে ? ৫৭তেওঁলোকে তেওঁক দেখি বিস্ময় মানিলে ৷ যীচুৱে তেওঁলোকক ক’লে, ভাববাদী নিজৰ ঘৰ আৰু নিজৰ ঠাইৰ বাহিৰে, সকলো ঠাইতে সম্মানিত হয় ৷ ৫৮তেওঁলোক অবিশ্বাসৰ বাবে তেওঁ সেই ঠাইত আচৰিত কৰ্ম্ম নকৰিলে ৷
0 Comments