বাপ্তিস্মদাতা যোহনৰ বধ মাৰ্ক ৬ঃ১৪ -২৯ ,লূক ৯ঃ৭-৯)
১৪ সেই সময়ত গালীলৰ শাসনকৰ্ত্তা ৰজা হেৰোদে , যীচুকৰ খ্যাতি শুনি, ২তেওঁৰ বিষয়াসকলক ক’লে , ' সেইজন নিশ্চয় বাপ্তিস্মদাতা যোহন ; তেওঁ পুনৰায় উঠিল ৷ সেই বাবেই তেওঁ এই সকলো আচৰিত কাৰ্য্য সাধন কৰিছে ৷ '
৩ ইতিপূৰ্ব্বে হেৰোদে যোহনক বন্দী কৰি কাৰাগাৰত থৈছিল ৷ তেওঁ এই কৰ্ম্ম তেওঁৰ ভায়েক ফিলিপৰ পত্নী হেৰোদীয়াৰ বাবে কৰিছিল ৷ ৪কাৰণ ভাপ্তিস্মদাতা যোহনে হেৰোদক কৈছিল, 'তুমি হেৰোদীয়াক ৰাখিব নাপায় ৷' ৫হেৰোদে তেওঁক বধ কৰিবলৈ ইচ্ছা কৰিও, যিহূদীবিলাকলৈ ভয় কৰিলে ; কাৰণ তেওঁলোকে যোহনক ভাববাদী বুলি জানিছিল ৷
৬হেমৰোদৰ জম্মদিনৰ দিনা, হেৰোদীয়াৰ জীয়েকে, গোট খোৱা আলহীসকলৰ আগত নাচি হেৰোদক সন্তুষ্ট কৰিলে ৷ ৭তাতে তাই যিহকে খোজে তাকে তাইক দিব বুলি, হেৰোদে শপত খাই প্ৰতিজ্ঞা কৰিলে ৷ ৮তেতিয়া তাই মাকৰ উচটনি পাই 'বাপ্তিস্মদাতা যোহনৰ মূৰটো এখন থালত আনি, এতিয়াই ইয়াতেই মোক দিয়ক ৷ '৯এই কথাত ৰজাই বেজাৰ পালে, কিন্তু তেওঁ অতিথিসকলৰ আগত কৰা প্ৰতিজ্ঞাৰ বাবে তাইৰ ইচ্ছা পূৰ্ন কৰিবলে আদেশ দিলে ৷ ১০তেওঁ বন্দীশালৰ ভিতৰত যোহনৰ মূৰ ছেদন কৰোৱালে ৷ ১১তাতে তেওঁৰ মূৰটো এখন থালত আনি ; ছোৱালীজনীক দিয়া হ’ল, আৰু তাই নি মাকক দিলেগৈ ৷ ১২ তেতিয়া যোহনৰ শিস্যসকলে আহি, তেওঁক গা ডোখৰ নি মৈদাম দিলে গৈ ; আৰু তেওঁলোকে গৈ; যীচুক সম্বাদ দিলে ৷
যীচুৱে পাঁচ হাজাৰ মানুহক খুউৱা মাৰ্ক ৬ঃ৩০ -৪৪ , লূক ৯ঃ১০-১৭ ,যোহন ৬ঃ১ -১৪)
১৩পাচে যীচুৱে যোহনৰ বিষয়ে শুনি, সেই ঠাই এৰি নাৱৰে এখন নিৰ্জন ঠাইলৈ অকলে আঁতৰি গ’ল ৷ মানুবিলাকে তাকে শুনি, নগৰবোৰৰ পৰা বামেৰে খোজ কাঢ়ি তেওঁৰ পিচ ল’লে ৷ ১৪ যীচুৱে নাৱৰ পৰা নামি, বহুত মানুহ দেখি, তেওঁলোকলৈ তেওঁৰ মৰম লাগিল, আৰু তেওঁ তেওঁলোকৰ ৰোগীবিলাকক সুস্থ কৰিলে ৷ ১৫পাচে গধূলি বেলা তেওঁৰ শিষ্যসকলে তেওঁৰ ওচৰলৈ আহি ক’লে , এতিয়া দিনৰ অন্ত পৰিল ,আৰু ঠাইখনো নিৰ্জন ৷ এতিয়া গাৱেঁ-ভুয়ে গৈ, নিজে নিজে খাদ্য বস্তু কিনি খাবলৈ মানুহবিলাকক বিদায় দিয়ক ৷ ১৬ যীচুৱে ক’লে, তেওঁলোকে যাব নালাগে ; তোমালোকেই তেওঁলোকক কিবা খাবলৈ দিয়া ৷ ১৭উত্তৰত তেওঁলোকে জনালে , আমাৰ ইয়াত মাত্ৰ পাঁচোটা ৰুটি আৰু দুটা মাছ হে আছে ৷’ ১৮ যীচুৱে ক’লে, তোমালোকে সেইখিনি মোৰ ওচৰলৈ আনা’৷ ১৯ তেওঁ মানুহবিলাকক ঘাঁহৰ ওপৰত বহিবলৈ ক’লে ৷ তেতিয়া তেওঁ সেই পাঁচোটা ৰুটি আৰু দুটা মাছ লৈ স্বৰ্গৰ ফাললৈ চাই, ঈশ্বৰক ধন্যবাদ দিলে ৷ তেওঁ ৰুটি ভাঙি শিষ্যসকলৰ হাতত দিলে আৰু শিষ্যসকলে মানুহবিলাকৰ মাজত বাঁটি ৷ ২০ তাতে সকলোৱে খাই তৃপ্ত হ’ল ৷ ২১ তেতিয়া শিষ্যসকলে অৱশেষখিনিৰে ভৰা বাৰটা পাচি তুলি ল’লে ৷ সেই ৰুটি খোৱা মানুহৰ সংখ্যা লৰাছোৱালী আৰু মহিলাবিলাকক বাদ দি, প্ৰায় পাঁচ হাজাৰ আছিল ৷
পানীৰ ওপৰত খোজ কঢ়া মাৰ্ক ৬ঃ৪৫-৫২ ,যোহন ৬ঃ১৫-২১ )
২২তেতিয়া তেওঁ মানুবিলাকক বিদায় দিয়ে মানে, শিষ্যসকলক, নাৱত উঠি সাগৰৰ সিপাৰলৈ আগ বাঢ়ি যাবলৈ ক’লে ৷ ২৩মানুবিলাকক বিদায় দিয়াৰ পাচত, তেওঁ প্ৰাৰ্থনা কৰিবলৈ অকলশৰে পৰ্ব্বতৰ ওপৰলৈ গ’ল ৷ পাচে সন্ধ্যাপৰত যীচু সেই ঠাইত অকলশৰে আছিল ৷ ২৪ সেই সময়ত নাওখন সাগৰৰ মাজত আছিল অৰু বতাহ সম্মুখৰ ফালৰ পৰা বলাত নাওখন ঢলং -পলং কৰিবলৈ ধৰিলে ৷ ২৫পুৱতি নিশা, যীচু পানীৰ ওপতৰত খোজকাঢ়ি শিষ্যসকলৰ ওচৰলৈ আহিল ৷ ২৬তেওঁলোকে তেওক পানীৰ ওপৰদি খোজকাঢ়ি অহা দেখি ভূত বুলি ভাবি বৰ ভয় খালে, আৰু চিঞৰিবলৈ ধৰিলে ৷ ২৭যীচুৱে তেওঁ তেওঁলোকক ক’লে, 'নিৰ্ভয় হোৱা , এইয়া মইহে, ভয় নকৰিবা৷’ ২৮ তেতিয়া পিতৰে মাত লগাই ক’লে, 'প্ৰভু, যদি আপোনিহে হয়, তেন্তে মোক পানীৰ ওপৰেদি আপোনাৰ ওচৰলৈ আলহিবলৈ আজ্ঞা দিয়ক ৷ ২৯যীচুৱে ক’লে, আহাঁ, ৷ তেতিয়া পিতৰে নাৱৰ পৰা নামি, পানীৰ ওপৰেদি খোজকাঠি যীচুৰ ওচৰলৈ যাবলৈ ধৰিলে ৷ ৩০কিন্তু যেতিয়া তেওঁ কোবেৰে বলি থকা বতাহলৈ মন কৰিলে, তেওঁৰ ভয় লাগিল, আৰু পানীত ডুবিবলৈ ধৰিলে ৷ তেওঁ চিঞৰি মাতিলে, হে প্ৰভু, মোক ৰক্ষা কৰক ৷' ৩১ তৎক্ষণাৎ যীচুৱে হাত মেলি তেওঁক ধৰি ক’লে, 'হে অল্পবিশ্বাসী , তুমি কিয় সংশয় কৰিলা ? ’৩২পাচে তেওঁলোক দুয়ো নাৱত উঠাত বতাহ গুচিল৷ ৩৩তেতিয়া নাৱত থকা শিষ্যসকলে যীচুক প্ৰণিপাত কৰি ক’লে , বাস্তৱিকে আপুনি ঈশ্বৰৰ পুত্ৰ ৷’
গিনেচৰতত ৰোগী সুস্থ কৰা মাৰ্ক ৬ঃ৫৩-৫৬)
৩৪ তেওঁলোকে সাগৰ পাৰ হৈ গিনেচৎ প্ৰদেশলৈ আহিল , ৩৫আৰু তাৰ মানুহবিলাকে যীচুক চিনি পালে ৷ সেইকাৰণে তেওঁলোকে মানুহ পঠিয়াই চাৰিওঁফালৰ অঞ্চল সমূৰ পৰা ৰোগীবিলাকক যীচুৰ ওচৰলৈ আনিলে ৷ ৩৬তেওঁলোকে তেওঁক মিনতি কৰি ক’লে, যেন তেওঁ ৰোগীসকলক অন্তত ঃ তেওঁৰ কাপোৰৰ দহি ছুলে, সেই সকলোৱেই সুস্থ হ’ল ৷
0 Comments