পূৰ্ব্ব পুৰুষসকলৰ শিক্ষা, অশুচিতাৰ বিষয়ে শিক্ষা,যীচুৱে বহুত মানুহক সুস্থ কৰা,মথিয়ে লিখা শুভবাৰ্ত্তা ১৫ অধ্যায় ১ঃপৰা ৩৯ পদলৈ ৷

 


পূৰ্ব্ব - পুৰুষসকলৰ শিক্ষা
 মাৰ্ক ৭ঃ১-১৩

১৫তেতিয়া জনচেৰেক ফৰীচী আৰু বিধান-পণ্ডিত জেৰুচালেমৰ পৰা আহি যীচুক সুধিলে, ২'আপোনাৰ শিষ্যসকলে আমাৰ  পূৰ্ব্ব-পুৰুষৰ  পৰা চলি অহা ৰীতি -নীতিবোৰ কিয় পালন নকৰে ? তেওঁলোকে ভোজন কৰাৰ পূৰ্ব্বে ৰীতিমতে হাত নোধোৱে ৷ ৩যীচুৱে উত্তৰ দি কলে, 'পুৰুষে পুৰুষে চলি  অহা ৰীতি-নীতিৰ বাবে তোমালোকে কিয় ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰিছা ?  ৪কাৰণ ঈশ্বৰে কৈছে, তুমি আপোন পিতৃ- মাতৃক সন্মান কৰিবা, আৰু  যি জনে পিতৃ বা মাতৃক শাও দিয়ে, সি নিশ্চয় মৰিব লাগে ৷ ৫কিন্তু  তোমালোকে শিকাইছা যে, এজন মানুহৰ যদি বাপেকক বা মাকক সহায় কৰিব পৰা কিবা বস্তুটো  ঈশ্বৰলৈ আগকৰা হৈছে, ৬তেন্ত তেওঁ পিতৃ -মাতৃক সম্মান নকৰিলেও হয় ৷ এইদৰে তোমালোকে  পুৰুষানুক্ৰমে চলি অহা শিক্ষা পালন কৰিবলৈ গৈ , ঈশ্বৰৰ আজ্ঞা অৱমাননা কৰিছাহঁক ৷ ৭ হে কপটীয়া বিলাক, যিচয়াই তোমালোকৰ বিষয়  সঁচাই এইদৰে ভবিষ্যৎবাণী প্ৰচাৰ কৰি থৈ গৈছে ৷ ৮ঈশ্বৰে কৈছে,  এই মানুহবিলাকে মুখেৰেহে মোক সম্মান কেৰ;  কিন্তু তেওঁলোক হিদয় হ’লে, মোৰ পৰা বহুত আঁতৰত থাকে৷ ৯তেওঁলোকে অনৰ্থকৰূপে মোক ভক্তি কৰে, কাৰণ তেওঁলোকে মানুহে কৰা ৰীতিবোৰকে মোৰ বিধান বুলি শিকায় ৷ 

অশুচিতাৰ বিষয়ে শিক্ষা  মাৰ্ক ৭ঃ১৪ -২৩)

১০তেতিয়া যীচুৱে মানুবিলাকক ওচৰলৈ মাতি তেওঁলোকক  ক’লে, তোমালোকে  শুনা আৰু বুজা ৷ ১১মানুহৰ মুখৰ ভিতৰলৈ  যিবোৰ সোমায়, সেইবোৰে  মানুহক অশুচি নকৰে ; বৰং  তেওঁৰ মুখৰ পৰা যিবোৰ ওলায়, সেইবোৰেহে তেওঁক অশুচি কৰে ৷ ’১২তেতিয়া শিষ্যসকলে অহি তেওঁক ক’লে , ' আপুনি জানে নে ,ফৰীচীবিলাকে  আপোনাৰ কথা শুনি আঘাত পালে ? ১৩তাতে যীচুৱে উত্তৰ দি কলে, যি  পুলি মোৰ স্বৰ্গত  থকা  পিতৃয়ে ৰোৱা নাই,  তাক উভলা যাব ৷ ১৪ তেওঁলোকৰ বিষয়ে চিন্তা নকৰিবা ৷ তেওঁলোকৰ বিষয় চিন্তা নকৰিবা  ৷ তেওঁলোক অন্ধৰ অন্ধ পথদৰ্শক, আৰু  অন্ধই আন্ধক বাট দেখুৱালৈ দুয়ো গৈ খালত পৰে  ৷; ১৫তাতে পিতৰে ক’লে, এই কথাৰ অৰ্থ আমাক বুজাই দিয়ক ৷ ১৬যীচুৱে তেওঁলোকক ক’লে, তোমালোক  এতিয়াও অবোধ হৈ আছা নে ? ১৭তোমালোকে নাজানা নে, মানুহৰ  মুখেদি যি বস্তু পেটৰ ভিতৰলৈ সোমায়, সেয়ে শৰীৰৰ ; পৰা শৌচৰ  লগত  বাহিৰলৈ ওলাই যায়  ! ১৮ কিন্তু মানুহৰ মুখৰ ভিতৰৰ পৰা যি বস্তু ওলায়, সেয়ে তেওঁৰ হ্দয়ৰ পৰা আহে, আৰু সেইবোৰেই মানুহক অশুচি কৰে ৷ ১৯কাৰণ মানুহৰ হৃদয়ৰ পৰা কু-চিন্তাৰ উদ্ভব হয়, আৰু তাৰ পৰিণামস্বৰূপে নৰবধ, ব্যাভিচাৰ, পৰস্ত্ৰীগমন, চুৰি, মিছা-সাক্ষ্য পৰচৰ্চ্চা, ইত্যাদি কাৰ্য্য প্ৰকাশ পায় ৷ ২০এইবোৰ  কাৰ্য্যই  মানুহক অশুচি কৰে ৷ কিন্তু তেওঁলোকে কোৱাৰ দৰে হাত নোধোৱাকৈ খোৱাৰ পৰা মানুহ  অশুচি নহয়  ৷  

এগৰাকী পৰজাতি তিৰোতাৰ বিশ্বাস (মাৰ্ক ৭ঃ ২৪ -৩০) 

২১যীচুৱে সেই ঠাই  এৰি, তূৰ আৰু চীদোনৰ ওচৰৰ অঞ্চললৈ গ’ল ৷ ২২সেই অঞ্চলত বসতি কৰা এগৰাকী কনানীয়া তিৰোতাই তেওঁৰ ওচৰলৈ আহি, চিঞৰি তেওঁক  ক’লে, হে দায়ুদৰ সন্তান, মোক দয়া কৰক ৷ মোৰ ছোৱালীটিক বৰ বেয়াকৈ  ভূতে ধৰিছে, আৰু  তাইৰ অৱস্থা অতি শোচনীয় ! ২৩কিন্তু যীচুৱে তেওঁক একো  উত্তৰ নিদিলে ৷ তেওঁৰ শিষ্যসকলে আহি, তেওঁক অনুৰোধ কৰি ক’লে, এই তিৰোতা গৰাকীয়ে  আপোনাৰ পিচে পিচে চিঞৰি ফুৰিছে, তেওঁক বিদায় দিয়ক ৷ ’ ২৪তেতিয়া যীচুৱে  ক’লে, মোক  কেৱল ইজ্ৰায়েল বংশৰ হেৰোৱা মেৰ -ছাগৰ ওচৰলৈহে পঠোৱা হৈছে ৷  ২৫এই কথা শুনি তিৰোতা গৰাকীয়ে তেওঁৰ চৰণত পৰি ক’লে, হে প্ৰভু মোক উপকাৰ কৰক ৷ ২৬যীচুৱে ক’লে লৰা -ছোৱালীৰ মুখৰ আহাৰ কুকুৰবিলাকলৈ দলিওৱা উচিত নহয় ৷' ২৭ তিৰোতা  গৰাকীয়ে ক’লে, সেইটো সচাঁ, তথাপি গৰাকীৰ মেজৰ পৰা  উফৰি পৰাবিলাক কুকুৰে খাবলৈ পায় ’ ২৮তেতিয়া যীচুৱে  তেওঁক ক’লে, 'হে নাৰী, তোমাৰ বিশ্বাস মহৎ ! তুমি যি ইচ্ছা কৰিছা, তোমাৰ সেই ইচ্ছা পূৰ্ণ  হওক; আৰু সেই মুহূৰ্ত্ততে তেওঁৰ  জীয়েক সুস্থ হ’ল ৷  

বহুত  মানুহক সুস্থ কৰা 

২৯ যীচুৱে সেই  ঠাইৰ পৰা গালীল সাগৰৰ কাষেদি  গ’ল, আৰু  এটা পৰ্ব্বতত  উঠি  তাতে বহিল ৷ ৩০তেতিয়া মানুহৰ  এটা ডাঙৰ  দল তেওঁৰ ওচৰলৈ  অহিল ৷ তেওঁলোকে  লেঙেৰা , খোৰা, অন্ধ,  বোবা  আৰু বিভিন্ন  প্ৰকাৰৰ ৰোগীবিলাক আনি যীচুৰ  চৰণত থ’লেহি ; আৰু তেতিয়া  তেওঁ সকলোকে সুস্থ কৰিলে  ৷ ৩১বোবাই  কথা কোৱা, কোঙা সুস্থ হোৱা, খোৰাই  খোজ কঢ়া আৰু  আন্ধ মানুহে দৃষ্টি  পোৱা, দেখি, মানুহবিলাকে বিস্ময় মানিলে ;  আৰু  তেওঁলোকে ইজ্ৰায়েলৰ ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ ধৰিলে ৷ 

যীচুৱে চাৰি হাজাৰ মানুহক  খুউৱা মাৰ্ক ৮ঃ১-১০)

৩২ যীচুৱে তেওঁৰ  শিষ্যসকলক ওচৰলৈ মাতি ক’লে  'এই মানুহবোৰলৈ মোৰ মৰম লাগিছে ; কাৰণ তেওঁলোক তিনি দিন ধৰি মোৰ লগত আছে ;  আৰু এতিয়া তেওঁলোকৰ খাবলৈ একো নাই ৷ তেওঁলোকক লঘোনে পঠাবলৈ মোৰ ইচ্ছা নাই ;  কাৰণ বাটত তেওঁলোকে ভোকতে শুকাই মৰিব ৷’৩৩ তেতিয়া শিষ্যসকলে  তেওঁক সুধিলে ,’এই নিৰ্জন ঠাইত অতবোৰ মানুহক খুৱাৱলৈ আহাৰ ক’ত পাম  ? ৩৪যীচুৱে সুধিলে, ’তোমালোকৰ কিমান ৰুটি আছে ? তেওঁলোকে ক’লে, 'সাতোটা ৰুটি আৰু কেইটামান সৰু মাছ আছে ৷ ৩৫যীচুৱে মানুহবিলাকক মাটিত বহিবলৈ আদেশ দিলে ৷ ৩৬তেতিয়া তেওঁ সাতোটা ৰুটি  আৰু মাছ লৈ, ঈশ্বৰক ধন্যবাদ দি, সেইখিনি ভাঙি, শিষ্যসকলক দিলে, আৰু শিষ্যসকলে মানুহবিলাকক ভগাই দিলে ৷ ৩৭তেওঁলোক আটায়ে খাই তৃপ্ত হ’ল ৷ পাচে শিষ্যসকলে অৱশেষখিনিৰে ভৰা সাতোটা পাচি তুলি ল’লে ৷ ৩৮ ল’ৰাছোৱালী আৰু মহিলাসকলৰ বাজে, সেই ৰুটি খোৱা মানুহৰ সংখ্যা চাৰি হাজাৰ আছিল ৷ ৩৯তেতিয়া যীচুৱে মানুহবিলাকক বিদায় দি, নিজে এখন নাৱত উঠি, মগদনৰ অঞ্চললৈ গ’ল ৷ 

Post a Comment

0 Comments

Ad Code