১৬ফৰীচী আৰু চদ্দূকীবিলাকে যীচুৰ ওচৰলৈ আহি, তেওঁক ফান্দত পেলাবলৈ আকাশৰ পৰা এটা চিন দেখুৱাবলৈ ক’লে ৷ ২উত্তৰ যীচুৱে ক’লে 'সন্ধ্যাপৰত তোমালোকে কোৱা, আজি বতৰ ভাল,কাৰণ আকাশ ৰঙা হৈছে ৷ ৩ৰাতিপুৱা কোৱা,আজি বতৰ বেয়া হ’ব, কাৰণ আকাশ ৰঙা হৈছে,আৰু মেঘাইছেও ৷ তোমালোকে আকাশলৈ চাই বতৰ নিৰ্ণয় কৰিব জানা, কিন্তু কালৰ কাল নিৰ্ণয় কৰিব নাজানা ৷ ৪এই যুগৰ দুষ্ট আৰু অধৰ্ম্মী লোকবিলাকে মোৰ পৰা চিন বিচাৰে ! কিন্তু তেওঁলোকক যোনাৰ চিনৰ বাহিৰে অন্য কোনো চিন দিয়া নহব ৷’ তেতিয়া তেওঁ তেওঁলোকক এৰি আন ঠাইলৈ গুচি গ’ল ৷
ফৰীচী আৰু চদ্দূকীবিলাকৰ খমিৰ
(মাৰ্ক ৮ঃ১৪-২১ )
৫শিষ্যসকলে সাগৰৰ সিপাৰলৈ পাৰ হৈ যোৱাৰ সময়ত তেওঁলোকে লগত ৰুটি লৈ যাবলৈ পাহৰিলে ৷ ৬যীচুৱে তেওঁলোকক ক’লে, 'চাবা, ফৰীচী আৰু চদ্দূকীবিলাকৰ খমিৰলৈ সাৱধান হ’বা ৷ ৭তেওঁলোকে নিজৰ মাজতে আলোচনা কৰি কলে, 'আমি লগত ৰুটি আনিবলৈ পাহৰাৰ বাবে তেওঁ এই কথা কৈছে ৷`৮তেওঁলোকে নিজৰ ভিতৰতে কি কৈছে, যীচুৱে জানি, তেওঁলোকক কলে, তোমালোকে ৰুটি লৈ নহাৰ কাৰণে নিজৰ ভিতৰতে কিয় আলোচনা কৰিছা? হে অল্পবিশ্বাসীবিলাক, ৯তোমালোকে এতিয়ালৈকে বুজা নাই নে ? তোমালোকৰ মনত নপৰে নে যে,মই পাঁচোটা ৰুটিৰে পাঁচ হাজাৰ মানুহক খুৱাওঁতে তাৰ অৱশেষ খিনিৰে তোমালোকে কিমান পাচি পূৰ কৰিছিলা ? ১০সাতোটা ৰুটিৰ চাৰি হাজাৰ মানুহক খুৱাওঁতে তাৰ অৱশেষ খিনিৰে তোমালোকে কিমান পাচি পূৰ কৰিছিলা ? ১১মই যে তোমালোকক ৰুটিৰ বিষয় কোৱা নাই, সেই কথা বুজি পোৱা নাই নে ? তোমালোকে নিজকে ফৰীচী আৰু চদ্দূকীবিলকৰ খমিৰৰ পৰা সাৱধানে ৰাখিবা ৷ ১২তেতিয়া শিষ্যসকলে বুজি পালে যে, তেওঁলোকক ৰুটিত দিয়া খমিৰৰ পৰা সাৱধান হ’বলৈ কোৱা নাই, আচলতে ফৰীচী আৰু চদ্দুকীবিলাকৰ শিক্ষালৈ সাৱধান হ’বলৈহে সতৰ্ক কৰি দিছে ৷
যীচুক ঈশ্বৰৰ পুত্ৰ বুলি প্ৰকাশ কৰা
(মাৰ্ক ৮ঃ২৭ -৩০ , লূক ৯ ঃ১৮ -২১ )
১৩যীচুৱে কৈচৰীয়া -ফিলিপী অঞ্চললৈ গৈ তেওঁৰ শিষ্যসকলক সুধিলে, লোকবিলাকে মানৱ-পুত্ৰক নো কোন বুলি কয় ? ১৪তেওঁলোকে কলে, 'কোনোৱে বাপ্তিস্মদাতা যোহন, কোনোৱে এলিয়া, কোনোৱে যিৰিমিয়া, বা ভাববাদীসকলৰ মাজত এজন বুলি কয় ৷ ১৫তেওঁ তেওঁলোকক ক’লে, তোমালোকে নো মোক কোন বোলা ? ১৬চিমোন পিতৰে উত্তৰ দি ক’লে, 'আপুনি সেই অভিষিক্ত জনা, জীবনময় ঈশ্বৰৰ পুত্ৰ, ১৭যীচুৱে ক’লে, হে যোনাৰ পুতেক চিমোন,তুমি ধন্য ! কিয়নো এই সত্য কোনো মানুহে তোমাৰ আগত প্ৰকাশ কৰা নাই; কিন্তু মোৰ স্বৰ্গত থকা মোৰ পিতৃয়েহে প্ৰকাশ কৰিলে ৷ ১৮অৰু সেই বাবে মই তোমাক কওঁ,তুমি পিতৰ; অৰ্থাৎ শিল, আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, আনকি মৃত্যুৰ শক্তিয়েও সেই মণ্ডলীক পৰাভুত কৰিব নোৱাৰিব ৷ ১৯মই তোমালোকক স্বৰ্গৰাজ্যৰ চাবিবোৰ দিম; আৰু তুমি পৃথিবীত যিহকে বন্ধ কৰা,সেয়ে স্বৰ্গতো বন্ধ হ’ব, আৰু পৃথিবীত যিহকে মুকলি কৰা, সেয়ে স্বৰ্গতো মুকলি হ’ব ৷ ২০তেতিয়া যীচুৱে শিষ্যসকলক তেওঁৱেই অভিষিক্ত জনা হয় বুলি কাৰো আগত প্ৰকাশ নকৰিবলৈ আদেশ দিলে৷
যীচুৱে নিজৰ দুখভোগ আৰু মৃত্যুৰ বিষয় জনোৱা (মাৰ্ক ৮ঃ১১-৯ঃ১, লূক৯ঃ২২-২৭
২১সেই সময়ৰ পৰা যীচুৱে তেওঁৰ শিষ্যসকলক প্ৰকাশ্যভাৱে ক’বলৈ ধৰিলে যে ,তেওঁ জেৰুচালেমলৈ যাব লাগিব আৰু তাত তেওঁ বৃদ্ধলোক, প্ৰধান পুৰোহিত আৰু বিধান-পণ্ডিতসকলৰ দ্বাৰাই অনেক দুঃখ ক্লেশ পাই, মৃত্যুভোগ কৰিব আৰু তিনি দিনৰ দিনা তেওঁ পুনৰ জী উটিব ৷ ২২তেতিয়া পিতৰে তেওঁক এফলীয়াকৈ মাতি নি অনুযোগ কৰি ক’লে, 'হে প্ৰভু, ঈশ্বৰে তাকে নকৰক ; আপোনালৈ তেনে অঘটন যেন কেতিয়াও নঘটে ৷ ২৩যীচুৱে মুখ ঘূৰাই পিতৰক ক’লে, মোৰ ওচৰৰ পৰা দূৰ হ, চয়তান ! তই মোৰ পথৰ বিঘিনিস্বৰূপ হৈছ ! কাৰণ তই ঈশ্বৰৰ ভাব অনুসাৰে ভবা নাই, কিন্তু মানুহৰ ভাব অনুসাৰেহে ভাবিছ ৷ ২৪তেতিয়া যীচুৱে শিষ্যসকলক ক’লে, কোনবাই যদি মোৰ পাচত আহিবলৈ ইচ্ছা কৰে, তেন্তে তেওঁ নিজকে সংযত কৰক আৰু নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাচত আহক ৷ ২৫কাৰণ যি নিজৰ প্ৰাণ ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব, আৰু যি মোৰ বাবে নিজৰ প্ৰাণ হেৰুৱায়, তেওঁ তাক ৰক্ষা কৰিব ৷ ২৬কোনো এজন মানুহে গোটেই খন জগত পায়ো যদি নিজৰ প্ৰকৃত জীৱন হেৰুৱায়, তেন্তে তেওঁৰ কি লাভ হব ? নাইবা মানুহে কি দি নিজৰ জীৱন ঘূৰাই পাব পাৰে ? ২৭কাৰণ মানৱ -পুত্ৰ নিজৰ পিতৃৰ মহিমাৰে স্বৰ্গ-দূতসকলৰ লগ লৈ আহিবলৈ উদ্যত হৈছে ; আৰু তেতিয়া প্ৰতিজনক নিজৰ কৰ্ম্ম অনুসাৰে পুৰস্কাৰ দিব ৷ ২৮মই তোমালোকক স্বৰূপকৈ কওঁ যে, তোমালোকৰ মাজত এনে কিছুমান মানুহ আছে, যিবিলাকে মানৱ -পু্ত্ৰক ৰজাস্বৰূপে অহা নেদেখেমানে মৃত্যুভোগ নকৰিব ৷
0 Comments