যীচুৱে অন্য ৰূপ ধৰা, যীচুৱে এজন ভূতে ধৰা ল’ৰাক সু্স্থ কৰা, যীচুৱে তেওঁৰ মৃত্যৰ বিষয়ে দ্বিতীয়বাৰ জনোৱা, মন্দিৰৰ কৰ দিবৰ উপায় ৷ মথিয়ে লিখা শুভবাাৰ্ত্তা ১৭ অধ্যায় ১পৰা ২৭পদলৈ)পবিত্ৰ বাইবেল,বাইবেল কুইজ ৷


 

যীচুৱে অন্য ৰূপ  ধৰা 

মাৰ্ক ৯ ঃ২ -১৩, লূক ৯ঃ ২৮-৩৬ ) 

১৭তাৰ ছদিনৰ পাচত, যীচুৱে পিতৰ, যাকোব আৰু তেওঁৰ  ভায়েক যোহনক লগত লৈ, এটা ওখ পৰ্ব্বতত নিৰলে উঠিল ৷ ২তেতিয়া তেওঁলোকে তেওঁলৈ চাই থাকোঁতেই তেওঁ অন্য ৰূপ  ধৰিলে ৷ তেওঁৰ মুখ মণ্ডল  সূৰ্য্যৰ দৰে দীপ্তিময় হ’ল, আৰু তেওঁৰ বস্ত্ৰও পোহৰৰ দৰে শুক্ল হ’ল ৷ ৩ সেই সময়ত সেই তিনিজন শিষ্য মোচি আৰু এলিয়াক যীচুৰ  লগত কথা-বাৰ্ত্তা  হোৱা, দেখিলে ৷ ৪তেতিয়া পিতৰে মাত লগাই  যীচুক ক’লে, প্ৰভু, আমি ইয়াতে থকাই ভাল ৷ আপুনি যদি  ইচ্ছা কৰে, তেন্তে মই তিনিটা  পঁজাঘৰ  সাজিম; ্এটা  আপোনাৰ  বাবে, এটা  মোচিৰ বাবে, আৰু এটা এলিয়াৰ বাবে ৷’৫এইদৰে তেওঁলোকে কথা পাতি  থাকোঁতে, এচটা উজ্জ্বল মেঘে তেওঁলোকক ঢাকি ধৰিলে, আৰু সেই মেঘৰ পৰা এই  আকাশীবাণী হ’ল, ' এওঁ মোৰ  একমাত্ৰ প্ৰিয় পুত্ৰ,  এওঁত  মই পৰম সন্তুষ্ট; এওঁৰ কথা শুনা ৷' এই বাণী শুনি  শিষ্যসকলৰ ইমান ভয় লাগিল যে,আৰু তেওঁলোকে মাটিত উবুৰি হৈ পৰিল ৷ ৭যীচুৱে ওচৰলৈ আহি তেওঁলোকক চুই ক’লে,'উঠা,ভয় নকৰিবা ৷' ৮তেতিয়া তেওঁলোকে চকু তুলি চাই যীচুৰ বাহিৰে আন কাকো দেখা নাপালে ৷ ৯পাচে তেওঁলোকে পৰ্ব্বতৰ পৰা নামি আহোঁতে,যীচুৱে তেওঁলোকক আজ্ঞা দি ক’লে, 'মানৱ -পুত্ৰ মৃত্যৰ পৰা উঠাৰ আগতে তোমালোকে এই  দৰ্শনৰ কথা কাৰো আগত প্ৰকাশ নকৰিবা ৷ ' ১০তেতিয়া শিষ্যসকলে তেওঁক সুধিলে, তেনেহলে বিধান-পণ্ডিতসকলে কিয় কয় যে, প্ৰথমতে এলিয়া আহিব ? ১১যীচুৱে তেওঁলোকক ক’লে, এলিয়া  বাস্তৱিকে  প্ৰথমতে  আহিব লাগিব আৰু তেওঁ সকলোকে পুনৰ স্থাপন কৰিব ৷ ১২ কি্নতু মই তোমালোকক  কওঁ যে, এলিয়া কেতিয়াবাই আহিলে; আৰু মানুহ বিলাকে তেওঁক চিনি নাপাই তেওঁক তেওঁক যি  ইচ্ছা তাকে কৰিলে ৷ সেই  একেদৰে মানৱ -পুত্ৰয়ো তেওঁলোকৰ হাতত দুখ -ভোগ কৰিব ' ১৩ শিষ্যসকলে  তেতিয়া তেওঁ বাপ্তি্স্মদাতা যোহনৰ সম্পৰ্কে এই কথা কৈছে বুলি বুজিব পাৰিলে ৷ 

এজন ভূতে  ধৰা ল’ৰাক সুস্থ কৰা 

(মাৰ্ক ৯ঃ ১৪-২৯, লূক ৯ ঃ ৩৭ -৪৩) 

      ১৪ পাচে তেওঁলোকে মানুহবিলাকৰ ওচৰলৈ ঘুৰি  আহিলত, এজন  মানুহে যীচুৰ  ওচৰলৈ  আহি, তেওঁৰ আগত আঁঠু লৈ ক’লে, ১৫ হে  প্ৰভু, মোৰ  ল’ৰাটিক  দয়া কৰক ৷ তাৰ আৱৰীয়া বেমাৰ  হৈছে , সি বৰ বেয়া ধৰনে মূৰ্চ্ছা যায় ; আৰু কেতিয়াবা পানীত, কেতিয়াবা জূইত    পৰে ৷ ১৬ মই তাক  আপোনাৰ শিষ্যসকলৰ ওচৰলৈ আনিছিলোঁ, কিন্তু তেওঁলোকে তাক  সুস্থ কৰিব নোৱাৰীলে ৷ ১৭ যীচুৱে  উত্তৰ দি ক’লে, হে অবিশ্বাসী আৰু বিপথে যোৱা বংশ ৷ কিমান কাল নো  মই তোমালোকৰ লগত থাকিম ?  কিমান কাল  কাল তোমালোকক সহ্য কৰিম ?  চাওঁ , ল’ৰাটিক  মোৰ ওচৰলৈ  আনা ৷ ১৮তাতে যীচুৱে ভূতক ডবিয়ালত, ভূত ল’ৰাটোৰ পৰা ওলাই গ’ল ,আৰু সেই  মুহুৰ্ত্ততে ল’ৰাটো সুস্থ হ’ল ৷ ১৯ তেতিয়া শিষ্যসকলে যীচুৰ ওচৰলৈ  আহি, তেওঁক গুপুতে  সুধিলে, আমি  ভূতটো কিয় খেদাব নোৱাৰিলোঁ ? ২০ উতৰত যীচুৱে ক’লে, তোমালোকৰ  অল্প -বিশ্বাসৰ কাৰণেই নোৱাৰিলা ৷ মই তোমালোকক  নিশ্চয়কৈ  কওঁ, সৰিয়হৰ গুটি এটাৰ  সমানে তোমালোকে বিশ্বাস থাকিলে, তোমালোকে যদি এই পৰ্ব্বতটোক কোৱা , এই ঠাইৰ পৰা আঁতৰ হৈ সৌ ঠাইলৈ যা, তেন্তে সি যাব ৷ বিশ্বাস কৰা কৰা জনৰ কাৰণে সকলো সাধ্য ৷’ 

  যীচুৱে তেওঁৰ মৃত্যৰ  বিষয়ে দ্বিতীয়বাৰ জনোৱা  

মাৰ্ক ৯ ঃ৩০ -৩২, লূক ৯ঃ৪৩-৪৫) 

       ২২ যেতিয়া শিষ্যসকল  আহি গালীলত গোট খালে, যীচুৱে তেওঁলোকক ক’লে, 'মানৱ-পুত্ৰক  অলপতে মানুবিলাকৰ হাতত  শোধাই দিয়া হ’ব, ২৩আৰু তেওঁলোকে  তেওঁক বধ  কৰিব; কিন্তু তিনি দিনৰ পাচত তেওঁ পুনৰায় উঠিব ৷’ তাতে তেওঁলোকে অতিশয় দুঃখি হ’ল ৷ 

মন্দিৰৰ কৰ দিবৰ উপায় 

       ২৪যীচু যেতিয়া তেওঁৰ শিষ্যসকলেৰে সৈতে কফৰনাহূমলৈ আহিল, মন্দিৰৰ কৰ তোলাঁতাবিলাকে আহি পিতৰক সুধিলে, 'তোমালোকৰ গুৰুৱে মন্দিৰৰ কৰ দিয়ে নে নিদিয়ে ? তেওঁ ক’লে, হয়, দিয়ে ৷  ২৫পাচে পিতৰ ঘৰৰ ভিতৰলৈ সোমালত, যীচুৱে প্ৰথমতে তেওঁক সুধিলে, 'তুমি কি ভাবা,  চিমোন ? পৃথিবীৰ ৰজাবিলাকে কৰ বা খাজনা কাৰ পৰা লয় ? নিজৰ সন্তানবিলাকৰ পৰা, নে বাহিৰা লোকৰ পৰা ? ২৬ তেওঁ উত্তৰ দিলে, বাহিৰা লোকৰ পৰা ৷ ’ যীচুৱে তেওঁক ক’লে, তেন্তে সন্তানবিলাক মুক্ত ৷ ২৭ কিন্তু আমি কৰ তোলোঁতাবিলাকৰ বিঘিনি জম্মোৱা অনুচিত ৷ সেই কাৰণে তুমি সাগৰলৈ গৈ, বৰশী পেলাই, প্ৰথমতে যিটো মাছ পাবা, তাৰ মুখ মেলি চালে, ৰূপৰ  মুদ্ৰা এটা পাবা ; তাৰে তোমাৰ আৰু, মোৰ কৰ দিবা ৷' 

Post a Comment

0 Comments

Ad Code