দান দিয়াৰ বিষয়ে শিক্ষা, প্ৰভূৰ প্ৰাৰ্থনাৰ বিষয়ে শিক্ষা, লঘোণ দিয়াৰ বিষয়ে শিক্ষা আৰু পৰমাৰ্থিক ধন, শৰীৰৰ দীপ্তী, সম্পত্তি আৰু ঈশ্বৰ বিষয়ে শিক্ষা / পবিত্ৰ বাইবেল মথিয়ে লিখা শুভবাৰ্ত্তা ৬য় অধ্যায় (১-৩৪ পদ), বাইবেল কুইজ

 


দান দিয়াৰ বিষয়ে শিক্ষা                                                                 

 সাৱদান হোৱা,মানুহক দেখুৱাবলৈ তেওঁলোকৰ আগত তোমালোকে নিজ নিজ ধৰ্ম্মকৰ্ম্ম নকৰিবা; তেনে কৰিলে,তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰত তোমালোকৰ একো পুৰস্কাৰ নহ’ব ৷ ২এই হেতুকে, যেতিয়া দান কৰা,তেতিয়া মানুহৰপৰা প্ৰশংসা পাবলৈ কপটীয়াবিলাকৰ নিচিনাকৈ নাম-ঘৰে নাম-ঘৰে আৰু বাটে বাটে,নিজৰ আগে আগে ঢোল কোৱাই নুফুৰিবা;মই তোমালোকক স্বৰূপকৈ কওঁ,তেওঁলোকে নিজৰ নিজৰ পুৰস্কাৰ পালেই ৷ ৩কিন্তু তুমি যেতিয়া দান কৰা,তেতিয়া তোমাৰ সোঁ হাতে কি কৰে,বাঁও হাতক তাক জানিবলৈ নিদিবা; ৪তেহে তোমাৰ দান গুপুত হ’ব, আৰু গুপুতে দেখা তোমাৰ পিতৃয়ে তোমাক প্ৰতিদান দিব  ৷


প্ৰাৰ্থনাৰ বিষয়ে শিক্ষা লুক ১১ঃ ২-৪

৫আৰু তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা,তেতিয়া কপটিয়াবিলাকৰ নিচিনা নহবা; কিয়নো মানুহে দেখিবলৈ তেওঁলোকে নাম-ঘৰে নাম ঘৰে আৰু আলিবাটৰ চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভাল পায় ৷ মই তোমালোকক স্বৰূপকৈ কওঁ,তেওঁলোকে নিজৰ নিজৰ পুৰস্কাৰ পালেই ৷ ৬কিন্তু যেতিয়া তুমি প্ৰাৰ্থনা কৰা,তেতিয়া তোমাৰ ভিতৰ-কোঁঠালিত সোঁমোৱা, আৰু দুৱাৰ জপাই,গুপুতে থকা তোমাৰ পিতৃৰ আগত প্ৰাৰ্থনা কৰা,তাতে গুপুতে দেখা তোমাৰ পিতৃয়ে তোমাক প্ৰতিদান দিব ৷ ৭আৰু প্ৰাৰ্থনা কৰা কালত তুমি পৰজাতিবিলাকৰ নিচিনাকৈ অনৰ্থক পুনৰুক্তি নকৰিবা; কিয়নো তেওঁলোকৰ বেছি কথাৰ কাৰণে শুনা যাব বুলি তেওঁলোকে ভাবে ৷ ৮এতেকে তোমালোক তেওঁলোকৰ নিচিনা নহবা; কিয়নো  তোমালোকৰ কি কি প্ৰয়োজন আছে ,তাক তোমালোকে তেওঁক খোজাৰ আগেয়ে, তোমালোকৰ পিতৃয়ে জানে ৷ ৯এই হেতুকে তোমালোকে এই দৰে প্ৰাৰ্থনা কৰা ;

       হে আমাৰ স্বৰ্গত থকা পিতৃ,
       তোমাৰ নাম পূজনীয়া হওক;
      ১০তোমাৰ ৰাজ্য হওক;
      যেনেকৈ স্বৰ্গত,তেনেকৈ পৃথিবীতো 
তোমাৰ ইচ্ছা পূৰ হওক ৷
১১আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া ৷
১২আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ,তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা ৷
১৩আমাক পৰীক্ষালৈ নিনিবা,কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা ৷

১৪কিয়নো তোমালোকে যদি আনৰ অপৰাদ ক্ষমা কৰা,তেন্তে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে তোমালোককো ক্ষমা কৰিব; ১৫কিন্তু তোমালোকে যদি লোকৰ অপৰাদ ক্ষমা নকৰা,তেন্তে তোমালোকৰ পিতৃয়েও,তোমালোকৰ অপৰাধ ক্ষমা নকৰিব ৷ 


লঘোণ দিয়াৰ বিষয়ে শিক্ষা

    ১৬আৰু তোমালোকে যেতিয়া লঘোন দিয়া,তেতিয়া কপটীয়াবিলাকৰ নিচিনাকৈ মুখ মলিন নকৰিবা;  কিয়নো তেওলোকে লঘোনীয়া বুলি মানুহক দেখুৱাবলৈ মুখ বিবৰ্ণ কৰে ৷মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই ৷ ১৭কিন্ত তুমি লঘোন দিয়া সময়ত,মানুহৰ আগত নিজকে লঘোনীয়া নেদখুৱাই, গুপুতে থকা তোমাৰ পিতৃৰ আগত নিজকে যেন লঘোনীয়া দেখুওৱা,এই নিমিত্তে  তোমাৰ মূৰত তেল ঘঁহা,আৰু মুখো ধোৱা; ১৮তাতে গুপুতে দেখি থকা তোমাৰ পিতৃয়ে তোমালোকক পুৰস্কৃত কৰিব ৷’

পৰমাৰ্থিক ধন (লূক ঃ১২ঃ৩৩-৩৪ 

১৯'যি ঠাইত পোকে আৰু মামৰে ক্ষয় কৰে,আৰু চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিবীত নিজলৈ ধন নাসাঁচিবা;২০কিন্তু য’তে পোক আৰু মামৰে ক্ষয় নকৰে,চোৰেও সিন্ধি দি নিনিয়ে,এনে স্বৰ্গত নিজলৈ ধন সাঁচা ৷ ২১কিয়নো য’তে তোমাৰ ধন,তা’তে তোমাৰ মনো হ’ব৷

শৰীৰৰ দীপ্তি লূক ১১ঃ৩৪ঃ৩৬

২২চকুৱেই শৰীৰৰ প্ৰদীপ; এই হেতুকে তোমাৰ চকু যদি ভালে থাকে, তেন্তে তোমাৰ গোটেই শৰীৰ দীপ্তিময় হ’ব; ২৩কিন্তু তোমাৰ চকু যদি ৱেয়া হয়,তেন্তে তোমাৰ গোটেই শৰীৰ অন্ধকাৰময় হ’ব ৷ এতেকে তোমােৰ অন্তৰৰ পোহৰ যদি আন্ধাৰ হয়,তেন্তে সেই আন্ধাৰেই কিমান গভীৰ ৷

সম্পত্তি আৰু ঈশ্বৰ (লূক ১৬ঃ১৩ ;১২ঃ ২২-৩১)

২৪কোনেও দুজনাগৰাকীত খাটিব নোৱাৰে;কিয়নো তেওঁ এজনক ঘিণ কৰি, আন জনক ভাল পাব;  নাইবা এজনত আসক্ত হৈ,আনজনক হেয়জ্ঞান কৰিব;তোমালোকে ঈশ্বৰ আৰু ধন,এই উভয়তে খাটিব নোৱাৰা ৷

২৫এই হেতুকে মই তোমালোকক কওঁ,কি ভোজন কৰিম,বা কি পান কৰিম ? এই বুলি প্ৰাণৰ নিমিত্তে, নাই বা কি পিন্ধিম? এই বুলি শৰীৰৰ নিমিত্তে চিন্তা নকৰিবা ৷ আহাৰতকৈ প্ৰাণ, আৰু বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ট নহয় নে ২৬আকাশৰ চৰাইবোৰলৈ চোৱা;সেইবোৰে নবয়,নাদায়, আৰু মেৰতো নচপায়,তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে ৷ তোমালোক সেইবোৰতকৈ অধিক মূল্যবান নোহোৱা নে ? ২৭আৰু তোমালোকৰ মাজৰ কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে ? ২৮আৰু বস্ত্ৰলৈ বা কিয় চিন্তা কৰা ? পথাৰৰ কনাৰি ফুল কেনেকৈ বাঢ়ে,তাক ভাবি চোৱা; সেইবোৰে শ্ৰম নকৰে, সূতাও নাকাটে; ২৯তথাপি মই তোমালকক কওঁ,চলোমন নিজৰ সকলো ঐশ্বৰ্য্যেৰে সৈতেও সেইবোৰৰ এটাৰ নিচিনা বিভূষিত নাছিল ৷ ৩০এতেকে,পথাৰৰ যি বন আজি আছে,কাইলৈ জুইশালত পোলোৱা হ’ব,তাকো যদি ঈশ্বৰে এনেকৈ ভূষিত কৰে, তেন্তে হে অল্পবিশ্বাসীবিলাক, তেওঁ তাতকৈ তোমালোকক ভূষিত নলকৰিব নে ? ৩১এই হেতুকে কি খাম ? কি পান কৰিম ? বা কি পিন্ধিম ? এই বুলি চিন্তা নকৰিবা ৷ ৩২কিয়নো পৰজাতিবিলাকে এই সকলোকে বিচাৰে; আৰু এই সকলোবোৰৰ যে তোমালোকৰ প্ৰয়োজন, তাক তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে ৷ ৩৩কিন্তু তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচৰা; তাতে এই সকলোও তোমালকক দিয়া হ’ব ৷ ৩৪এতেকে কাইলৈৰ নিমিত্তে চিন্তা নকৰিবা; কিয়নো কাইলৈয়ে নিজে নিজলৈ চিন্তা কৰিব ৷ দিনৰ যি কষ্ট,দিনটোলৈ সেয়ে যথেষ্ট ৷

বাইবেল কুইজ ঃ

১/মানুহক দেখুৱাবলৈ তেওঁবিলাকৰ আগত কি কৰিব নালাগে ?
উত্তৰ:ধৰ্ম্মকৰ্ম্ম কৰিব নালাগে(৬:১)
২/যীচু শিক্ষা অনুসৰি কেনেকৈ দান দিব লাগে ?
উত্তৰ:গুপুতে দান দিব লাগে ৷ (৬:৩,৪)
৩/প্ৰাৰ্থনা কৰা সময়ত কাৰ নিচিনা হ’ব নালাগে ?
উত্তৰ:কপটীয়া বিলাকৰ নিচিনা ৷ (৬:৫)
৪/লঘোণ  দিয়া সময়ত কোনে মুখ মলিন দেখুৱাই? 
উত্তৰ:কপটীয়া বিলাক (৬:১৬)
৫/ক’ত মানুহে ধন সাঁচিব নালাগে ?
উত্তৰ :পৃথিৱীত (৬:১৯) ৷
৬/ঠাইটোৰ নাম কি য’ত পোকে আৰু মামৰে ক্ষয় নকৰে,চোৰেও সিন্ধি দি নিনিয়ে ?
উত্তৰ: স্বৰ্গ (৬:২০) ৷
৭/য’তে তোমাৰ ধন ত’তে তোমাৰ কি হ’ব ?
উত্তৰ :মন হ’ব ৷ (৬:২১)
৮/শৰীৰৰ প্ৰদীপ কি?
উত্তৰ :চকু (৬:২২)
৯কিহে শ্ৰম নকৰে, সূতাও নাকাটে, কিন্তু  ই অতি ধনীয় ?
উত্তৰ :কনাৰি ফুল (৬:২৮)
১০/কোন ৰজাৰ ঐশ্বৰ্য্যতাক কনাৰি ফুলৰ লগত  তুলনা কৰিছে ?
উত্তৰ :চলোমন (৬:২৯)
১১/আমি প্ৰথমে কি বিচাৰিব লাগে ?
উত্তৰ :ঈশ্বৰৰ ৰাজ্য আৰু তেওঁৰ ধাৰ্ম্মিকতা (৬:৩৩)

Post a Comment

0 Comments

Ad Code