পৰ্বতৰ ওপৰত দিয়া যীচুৰ উপদেশ মোচিৰ বিধানৰ লগত যীচুৰ শিক্ষাৰ সম্পৰ্ক পবিত্ৰ বাইবেল (নতুন নিয়ম) মথিয়ে লিখা শুভবাৰ্ত্তা ৫ম অধ্যায় (১-৪৮পদ)বাইবেল কুইজ


তেওঁ সেই লোকসমূহক দেখিপৰ্ব্বতৰ ওপৰলৈ গ’ল,পাছে তেও বহিলত, তেওঁৰ শিষ্যবিলাক তেওঁৰ  ওচৰলৈ আহিল ৷ ২তাতে তেওঁ মাত লোগাই তেওঁলোকক এই কথা কৈ উপদেশ দিবলৈ ধৰিলে,

ধন্য-লোক 

(লূক ৬: ২০-২৩)

৩ আত্মাত দৰিদ্ৰবিলাক ধন্য, কিয়নো স্বৰ্গৰাজ্য তেওঁলোকৰ ৷
৪শোক কৰাবিলাক ধন্য, কিয়নো তেওঁলোকে শান্ত্বনা পাব ৷
৫নম্ৰবিলাক ধন্য, কিয়নো তেওঁলোকে দেশখন অধিকাৰ কৰিব ৷
৬ধাৰ্ম্মিকতালৈ ভোক আৰু পিয়াহ লগাবিলাক ধন্য, কিয়নো তেওঁলোক তৃপ্ত হব  ৷
৭দয়ালো বিলাক ধন্য;  কিয়নো তেওঁলোকে দয়া পাব৷ 
৮নিৰ্ম্মল চিত্তৰ মানুবিলাক ধন্য; কিয়নো তেওঁলোকে ঈশ্বৰৰ দৰ্শন পাব ৷ 
৯মিলনকাৰীবিলাক ধন্য; কিয়নো তেওঁলোক ঈশ্ৱৰৰ সন্তান বুলি প্ৰখ্যত হব ৷
১০ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱাবিলাক ধন্য; কিয়নো স্ৱৰ্গৰাজ্য তেওঁলোকৰ ৷
১১যেতিয়া মানুবিলাকে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, তোমালোকৰ অহিতে মিছাকৈ  সকলো  প্ৰকাৰ  কুকথা  কব, তেতিয়া তোমালোক ধন্য ৷ ১২আনন্দ কৰা, আৰু উল্লাসিত হোৱা;  কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে,কাৰণ তোমালোকৰ পূৰ্ব্বে যি ভাববাদীসকল আছিল, তেওঁলোককো মানুহবিলাকে সেইদৰে  তাড়না কৰিছিল ৷

লোণ আৰু পোহৰ

(মাৰ্ক ৯:৫০, লূক ১৪: ৩৪, ৩৫)

১৩তোমালোক পৃথিবীৰ লোণ, কিন্তু যদি লোণৰ সোৱাদ গুচিল,তেন্তে তাক কিহেৰে লোণা কৰা যাব ? সেয়ে তেতিয়াৰে পৰা একো কামৰ নহয়,কেৱল বাহিৰলৈ পেলোৱাৰ, আৰু মানুহৰ গচকাৰ যোগ্যহে হয় ৷ ১৪তোমালোক জগতৰ পোহৰ৷ পৰ্ব্বতৰ ওপৰত থকা নগৰ গুপ্ত হ’ব নোৱাৰে ৷ ১৫আৰু মানুহে চাকি  লগাই,দোণৰ তলত নথৈ, গছাৰ ওপৰতহে থয়; তাতে ঘৰত থকা সকলোকে পোহৰ দিয়ে ৷ ১৬এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওঁক; তাতে তেওঁলোকৰ ভাল কৰ্ম্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ  প্ৰশংসা কৰিব ৷


মোচিৰ বিধানৰ বিষয়ে যীচুৰ শিক্ষা 

 ১৭মই মোচিৰ বিধান আৰু ভাববাদীসকলৰ বাক্য বিনষ্ট কৰিবলৈ আহিছোঁ বুলি নাভাবিবা, বিনষ্ট কৰিবলৈ নহয়,কিন্তু সিদ্ধ কৰিবলৈহে আহিছো ৷ ১৮মই তোমালোকক সত্য কথা কওঁ; শুনা,স্বৰ্গ আৰু পৃথিবী শেষ নহয় মানে, আৰু সকলো সিদ্ধ নহয় মানে,বিধানৰ এটি আকাৰ, ইকাৰ বা এটি বিন্দুও লুপ্ত নহ’ব৷ ১৯যদি কোনোৱে এই আজ্ঞাসমূহৰ ক্ষুদ্ৰ অংশএটিও নামানে,আৰু সেইদৰে আনবিলাককো নামানিবলৈ  শিকায়,তেওঁ স্বৰ্গৰাজ্যৰ সকলোতকৈ ক্ষুদ্ৰ বুলি গণ্য কৰা হ’ব; কিন্তু যিবিলাকে এই সকলো বিধান মানি চলে আৰু আনকো সেইদৰে মানি চলিবলৈ শিকায়, স্বৰ্গ ৰাজ্যত তেওঁক মহান বুলি গণ্য কৰা হ’ব ৷ ২০মই তোমালোকক কওঁ যে,বিধান-পণ্ডিত আৰু ফৰীচীবিলাকতকৈ তোমালোকৰ ধাম্মিলকতা অধিক নহ’লে, তোমালোকে কোনোমতে স্বৰ্গৰাজ্যত সোমাব নোৱাৰি ৷

 ক্ৰোধৰ বিষয়ে শিক্ষা 

২১তোমালোকে শুনিবলৈ পাইছিলা যে,পূৰ্ব্বকালত মানুহৰ আগত কোৱা হৈছিল,তোমালোকে নৰবধ নকৰিবা, যি জনে নৰবধ কৰে, সোধবিচাৰত তেওঁ দণ্ডৰ পাত্ৰ হ’ব ৷ ২২কিন্তু মই এতিয়া তোমালোকক কওঁ, যি জনে ভায়েকক খং কৰে, তেওঁৰ সোধবিচাৰ কৰা হ’ব;যি জনে ভায়েকক অকৰ্ম্মণ্য বুলি কয়,  তেওঁক মহা-সভাৰ আগলৈ নিয়া হ’ব;আৰু যি জনে নিজৰ ভায়েকক মূৰ্খ বুলি কয়,তেওঁ অগ্নিময় নৰকত পৰাৰ ভয় আছে ৷ ২৩সেই কাৰণে তোমালোকে বেদীত নৈবেদ্য উৎসৰ্গ কৰাৰ সময়ত,তোমাৰ ভায়েৰাৰ বিৰুদ্ধে, যদি কিবা কথা আছে বুলি মনত পৰে,২৪তেন্তে তোমাৰ নৈবেদ্য তাতে এৰি থৈ,বেগাই গৈ,  প্ৰথমে তোমাৰ ভায়েৰাৰ সৈতে মিল হোবা,আৰু পাচে ঘূৰি আহি তোমাৰ নৈবেদ্য উৎসৰ্গ কৰা ৷ ২৫ কোনো জনে তোমাৰ বিৰুদ্ধে মোকৰ্দ্দমা তৰি, তোমাক যদি আদালতলৈ নিয়ে,তেন্তে সময় থাকোঁতেই আদালাত পোৱাৰ আগতে,বিবাদ নিষ্পত্তি কৰা ৷ নহ’লে তেওঁ তোমাক বিচাৰকৰ্ত্তাৰ হাতত শোধাই দিব; বিচাৰকৰ্ত্তাৰ আৰক্ষীৰ হাতত শোধাই দিব,আৰু আৰক্ষীয়ে তোমাক কাৰাগাৰাত থ’ব ৷ ২৬মই তোমাকক কওঁ যে, তোমালোক শেষ পইচাটিও পৰিশোধ নকৰা পৰ্য্যন্ত,তাৰ পৰা কোনোমতে ওলাব নোৱাৰিবা ৷’

ব্যভিচাৰৰ বিষয়ে  শিক্ষা

২৭তোমালোকে কোৱা শুনিছা,'তুমি ব্যভিচাৰ নকৰিবা৷ ২৮কিন্তু মই তোমালোকক কওঁ,'যি কোনোৱে তিৰোতা মানুহলৈ কাম ভাৱেৰে চায়,তেওঁৰে সৈতে নিজৰ মনতে ব্যভিচাৰ কৰিলেই ৷ ২৯তোমাৰ সোঁ চকু্ৱে যদি তোমাৰ পাাপত পেলায়,তেন্তে তাক কাঢ়ি দলিয়াই পেলোৱা; কাৰণ গোটেই  শৰীৰটো নৰকলৈ যোবাতকৈ,শৰীৰৰ এটা অঙ্গ নষ্ট হোৱাই ভাল৷ ৩০আৰু তোমাৰ সোঁহাতে যদি তোমাক পাপত পেলায়,  তেন্তে তাক কাটি দলিয়াই পেলোৱা, কাৰণ গোটেই শৰীৰটো নৰকলৈ যোৱাতকৈ,তোমাৰ এটা অঙ্গ নষ্ট হোৱাই  ভাল ৷ 

ত্যাগ -পত্ৰৰ  বিষয়ে  শিক্ষা                                                                                                                

(মথি ১৯ঃ৯ ,মাৰ্ক ১০ ঃ১১ -১২ ,লূক ১৬ ঃ ১৮)

৩১ইয়াকো কোৱা হৈছিল,যি কোনোৱে নিজৰ তিৰোতাক ত্যাগ কৰে,তেওঁ তেওঁক ত্যাগ পত্ৰ দিব লাগে ৷ ৩২কিন্তু মই তোমালোকক কওঁ ব্যভিচাৰত বাজে, যি কোনোৱে নিজৰ তিৰোতাক ত্যাগ কৰে,তেওঁক ব্যভিচাৰিণী কৰায়,আৰু যি জনে আনে ত্যাগ কৰা তিৰোতাজনীক বিয়া, কৰায়, তেৱোঁ ব্যভিচাৰ কৰে ৷

 শপত খোৱাৰ বিষয়ে শিক্ষা 

৩৩আকৌ তোমালোকে শুনিছা যে,পূৰ্ববকালত মানুহক কোৱা হৈছিল,তোমালোকে তোমালুকৰ শপত ভংগ নকৰিবা,কিন্ত প্ৰভূলৈ তোমালোকৰ শপত তাক সিদ্ধ কৰিবা৷ ৩৪কিন্তু মই তোমালোকক কওঁ, তোমালকে শপত নাখাবাই, স্বৰ্গ নামত শপত নাখাবা,কাৰণ সেয়ে ঈশ্বৰৰ সিংহাসন; ৩৫নাইবা পৃথিবীৰ নামতো শপত নাখাবা,কাৰণ সেয়ে তেওঁৰ ভৰিৰ পীৰা,বা জেৰুচালেমৰ নামেৰেও শপত নাখাবা,কাৰণ  সেয়ে মহাৰজাৰ নগৰ ৷ ৩৬তোমালোকে নিজৰ মূৰত ধৰিও শপত নাখাবা,কাৰণ তোমালোকে তোমালক মূৰৰ চুলি এডালো ক’লা বা বগা কৰিব নোৱাৰা ৷  ৩৭তোমালোকৰ কথা হয় যদি হয় বুলি কবা আৰু নহয় যদি নহয় বুলি কবা; ইয়াতকৈ যদি বেছিকৈ কোৱা তেনেহলে সি পাপ আত্মাৰ পৰাহে হয় ৷

প্ৰতিশোধৰ বিষয়ে শিক্ষা 

(লুক ৬ঃ২৯ -৩০)

             ৩৮তোমালোকে শুনিবলৈ পাইছিলা যে,'চকুৰ সলনি চকু আৰু দাঁতৰ সলনি দাঁত ৷ ৩৯কিন্তু মই তোমালোকক কওঁ যিবিলাকে তোমালোকক অনিষ্ট সাধন কৰে,তেওঁলোকৰ ওপৰত প্ৰতিশোধ নলবা ৷ কোনোৱে যদি তোমাৰ সোঁ গালত চৰ মাৰে,তেন্তে তেওঁলৈ সিখন গালো পাতি দিবা ৷ ৪০কোনোৱে যদি তোমাৰ ওপৰত গোচৰ কৰি, তোমাৰ পৰা চোলা ল’ৱ খোজে,তেন্তে তেওঁক তোমাৰ গাৰ কাপোৰখনো  এৰি দিবা ৷ ৪১আৰু যি কোনোৱে তোমাক এমাইল বাট বলেৰে নিয়ে, তেওঁৰ লগত দুমাইল যাবা ৷ ৪২যি জনে তোমাক খোজে,সেই জনক দিবা; আৰু যি জনে তোমাৰ পৰা ধাৰ কৰিব খোজে,সেই জনক বিমুখ নকৰিবা ৷

শত্ৰুক প্ৰেম কৰাৰ বিযয় শিক্ষ

(লুক৬ঃ২৭-২৮,৩২-৩৬)

  ৪৩তোমাৰ চুবুৰীয়াক প্ৰেম কৰিবা,আৰু তোমাৰ শত্ৰুক ঘিণ কৰিবা;ইয়াক যে কোৱা হৈছিল,তাক তোমালোকে শুনিলা ৷ ৪৪কিন্তু মই তোমালোকক কওঁ তোমালোকৰ শত্ৰুবিলাকক প্ৰেম কৰিবা, আৰু তোমালোকক তাড়না কৰাবিলাকৰ নিমিত্তে প্ৰাৰ্থনা কৰিবা; ৪৫তেহে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ সন্তান হ’বা;কিয়নো তেওঁ দুষ্ট আৰু সন্ত দুয়োৰো ওপৰত সূৰ্স্য উদয় হ’বলৈ দিয়ে; আৰু ধাৰ্ম্মক অধাৰ্ম্মিক এই দুয়োৰো ওপৰত বৰষুণো বৰষায়৷৪৬কিয়নো যি মানুহে তোমালোকক প্ৰেম কৰে,কেৱল তেওঁলোকক প্ৰেম কৰিলে, তোমালোকে কি পুৰস্কাৰ পাবা? কৰতোলাবিলাকেও জানো তাকে নকৰে? ৪৭আৰু তোমালোকে যদি অকল ভাইবিলাকক নমস্কাৰ কৰা,তেন্তে আনতকৈ অধিক কি কৰিলা?পৰজাতি বিলাককেও জানো তাকে নকৰে? ৪৮এই হেতুকে তোমালোকৰ স্বৰ্গীয় পিতৃ যেনে সিদ্ধ,তোমালোকো তেনে সিদ্ধ হ’বা ৷ 

বাইবেল কুইজ 

১/ স্বৰ্গাৰাজ্য কোন লোকবিলাকৰ ?

উত্তৰ: আত্মাত দৰিদ্ৰবিলাক ধন্য; কিয়নো স্বৰ্গৰাজ্য তেওঁবিলাকৰ ৷মথি৫:৩পদ

২/কোনলোক বিলাকে শান্ত্বনা পাব ?

উত্তৰ : শোক কৰা বিলাক ধন্য;কিয়নো তেওঁলোকে শান্ত্বনা পাব ৷ মথি৫:৪পদ

৩/কোন লোকবিলাকে দেশখন অধিকাৰ কৰিব ?

উত্তৰ :নম্ৰবিলাক ধন্য; কিয়নো তেওবিলাকে দেশখন অধিকাৰ কৰিব৷মথি ৫:৫পদ

৪/কোন লোকবিলাকে তৃপ্ত হব ?

উত্তৰ:ধাৰ্ম্মিকতালৈ ভোক আৰু পিয়াহ লগাবিলাক ধন্য;কিয়নো তেওঁলোক তৃপ্ত হব ৷মথি৫:৬পদ

৫/ কোন লোকবিলাকে দয়া পাব? 

উত্তৰ:দয়ালুবিলাক ধন্য; কিয়নো তেওঁলোকে দয়া পাব ৷মথি ৫:৭পদ 

৬/কোন লোকবিলাকে ঈশ্বৰৰ দৰ্শন পাব?

উত্তৰ : নিৰ্ম্মিল চিত্তৰ মানুহবিলাক ধন্য ,কিয়নো তেওঁলোকে ঈশ্বৰৰ দৰ্শন পাব ৷মথি৫:৮পদ

৭/কোন লোকবিলাকে ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হব?

উত্তৰ :মিলনকাৰীবিলাক ধন্য, কিয়নো তেওঁলোক ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হব৷মথি৫:৯পদ

৮/ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱাবিলাকৰ বিষয়ে কি কৈছে ?

উত্তৰ:ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱাবিলাক ধন্য;কিয়নো স্বৰ্গৰাজ্য তেওঁ বিলাকৰ ৷ 

৯/তোমালোক পৃথিবীৰ লোণ বুলি কোনে কৈছে ?  

উত্তৰ:যীচুৱে কৈছে ৷

১০/তোমালোক জগতৰ পোহৰ বুলি  কোনে কৈছে? 

উত্তৰ:যীচুৱে ৷

১১/কি কৰ্ম্ম দেখি তোমালোকৰ স্বৰ্গত থকা পিতৃৰ প্ৰশংসা কৰিব ৷

উত্তৰ:তোমালোকৰ পোহৰ প্ৰকাশিত হওক, তেতিয়া তেওঁলোকে তোমালোকে কৰা ভাল কৰ্ম্ম দেখি তোমালোকৰ স্বৰ্গত থকা পিতৃৰ প্ৰশংসা কৰিব ৷

১২/যিজনে ভায়েকক খং কৰে,তেওঁৰ কি হ’ব?

উত্তৰ:বিচাৰ(৫:২২) ৷

১৩/নিজ ভায়েকক মূঢ় বোলাজনৰ শাস্তি কি আছে ?

উত্তৰ:অগ্নিময় নৰক (৫:২২)

১৪/কাৰ সৈতে বেগাই মিল হ’ব লাগে ?

উত্তৰ:গুচৰিয়াই (৫:২২)

১৫/ঈশ্বৰৰ সিংহাসম ক’ত আছে ?

উত্তৰ:স্বৰ্গ আছে ৷(৫:৩৪)

১৬/ঈশ্বৰৰ ভৰি পীৰাখন কি হয় ?

উত্তৰ: পৃথিৱী(৫:৩৫) ৷

১৭/কোনখন মহাৰজাৰ ঈশ্বৰৰ নগৰ ? 

উত্তৰ:যিৰূচালেম (৫:৩৫)

১৮/দুষ্ট আৰু সন্ত দুয়োৰে ওপৰত ঈশ্বৰে  কি দিযে ?

উত্তৰ:সূৰ্য়্য উদয় (৫:৪৫) ৷

১৯/আমাৰ স্বৰ্গীয় পিতৃ কেনেকুৱা ?

উত্তৰ :সিদ্ধ (৫:৪৮)

২০/স্বৰ্গৰাজ্যৰ নামত কিয় শপত খাবলৈ কোৱা নাই ?

উত্তৰ :স্বৰ্গৰাজ্য ঈশ্বৰৰ সিংহাসন হয় বাবে শপত খাব নোৱাৰি ৷


Post a Comment

0 Comments

Ad Code