মথিয়ে লিখা শুভবাৰ্ত্তা
(মাৰ্ক ১ :১২-১৩, লূক ৪:১-১৩)
৪তেতিয়া যীচু চয়তানৰ দ্বাৰাই পৰীক্ষিত হ’বলৈ আত্মাৰ প্ৰভাৱত আৰণ্যলৈ গ’ল ৷ ২পাচে চল্লিশ দিন চল্লিশ ৰাতি তেওঁ লঘোন দি আছিল ;তাতে তেওঁক ভোক লাগিল ৷ ৩তেতিয়া চয়তানে ওচৰলৈ আহি তেওঁক ক’লে , 'তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা , তেন্তে এই শিলবোৰক ৰুটি হ’বলৈ আদেশ দিয়া ৷ ’৪ কিন্ত যীচুৱে উত্তৰ দি ক’লে, শাস্ত্ৰত লিখা আছে , মানুহ কেৱল ৰুটিৰে নিজীয়ে, কিন্ত ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যৰেহে জীয়ে ৷; ৫তেতিয়া চয়তানে তেওঁক পবিত্ৰ নগৰলৈ নিলে ৷ তেওঁ তেওঁক মন্দিৰৰ কলচীৰ ওপৰত থিয় কৰাই, ৬এই কথা ক’লে , 'তুমি যদি ঈশ্ৱৰৰ পুত্ৰ হোৱা, তেনেহ’লে নিজকে তললৈ পেলাই দিয়া, কাৰণ শাস্ত্ৰত কৈছে: 'তোমাৰ বিষয়ে তেওঁৰ দূতবিলাকক আজ্ঞা দিব , তোমাৰ ভৰিয়ে যেন শিলত খুন্দা নাখায় , তাৰ বাবে তেওঁলোকে নিজৰ হাতেৰে তোমাক দাঙি ধৰিব ৷’’ ৭ যীচুয়ে তেওঁক ক’লে , শাস্ত্ৰত এই বুলিও কোৱা হৈছে , তুমি তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা ৷ ৮ চয়তানে আকৌ যীচুক এটা অতি ওখ পৰ্ব্বতলৈ নিলে, আৰু জগতৰ সকলো ৰাজ্য আৰু সেইবোৰৰ ঐশ্বৰ্য্য-বিভূতি দেখুৱাই তেওঁক ক’লে , ৯তুমি যদি মোক দণ্ডৱতে প্ৰণাম কৰা , তেন্তে মই এই সকলোবিলাক তোমাক দিম ৷ ১০ তেতিয়া যীচুৱে তেওঁক ক’লে দূৰ হ চয়তান, কাৰণ শাস্ত্ৰত কৈছে , তুমি কেৱল তোমাৰ প্ৰভু পৰমেশ্বৰক আৰাধনা কৰিবা , আৰু তেওঁৰেই সেৱা কৰিবা ৷’ ১১ তেতিয়া চয়তানে তেওঁক এৰি গুচি গ’ল আৰু স্বৰ্গদূতসকলে আহি তেওঁৰ শুশ্ৰূষা কৰিলে ৷
(মাৰ্ক ১:১৪-১৫, লূক ৪:১৪-১৫)
১২যীচুৱে যেতিয়া শুনিলে যে, বন্দী কৰা হৈছে, তেতিয়া তেওঁ গালীলৈ গ’ল ৷ ১৩ তেওঁ নাচৰৎ এৰি ,জবূলূন আৰু নপ্তালীৰ সীমাত , সমুদ্ৰ্ৰৰ তীৰত থকা কফৰনাহূ্মৈ গৈ ,তাত বসতি কৰিলে ৷ ১৪ যিচয়া ভাববাদীয়ে কোৱা কথা সিদ্ধ হ’বলৈ তেওঁ এই দৰে কৰিলে ৷ ১৫ জবূলূন দেশ আৰু নপ্তালীৰ দেশ, সমুদ্ৰ ওচৰৰ পথ আৰু যৰ্দ্দনৰ সিপাৰে থকা অঞ্চল, আৰু পৰজাতিবিলাকৰ গালীল, ১৬অথাৰ্ৎ যিবিলাকে আন্ধাৰত বাস কৰিছিল, তেওঁলোকে মহাজ্য়োতি দেখিবলৈ পালে, আৰু যিবিলাকে মৃত্যু -ছাঁয়াৰ দেশত বাস কৰিছিল, তেওঁলোকৰ ওপৰত জ্য়োতিৰ উদয় হ’ল ৷' ১৭ সেই সময়ৰ পৰাই যীচুৱে তেওঁৰ বাণী প্ৰচাৰ কৰিবলৈ ধৰিলে : 'তোমালোকে পাপৰ পৰা মন পালটোৱা , কাৰণ স্ৱৰ্গৰাজ্য ওচৰ হ’ল ৷’
চাৰিজন মাছ -মৰীয়ালৈ যীচুৰ আহ্ৱান
(মাৰ্ক ১:১৬-২০, লূক ৫:১-১১)
১৮ যীচুৱে গালীল সাগৰৰ পাৰত ফুৰোঁতে, দুজন ককাই-ভাইক দেখিলে: তেওঁলোক হ’ল, চিমোন (যি জনক পিতৰো বোলে ) আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়ক ৷ তেওঁলোকে জালেৰে সাগৰত মাছ ধৰি আছিল, কাৰণ তেওঁলোক মাচ মৰীয়া আছিল ৷ ১৯ তেওঁ তেওঁলোকক ক’লে ,'মোৰ পাচে পাচে আহাঁ, মই তোমালোকক মানুহ ধৰা জালোৱাই কৰিম ৷’ ২০তেতিয়াই তেওঁলোকে নিজৰ জাল এৰি থৈ , যীচুৰ অনুগামী হ’ল ৷ ২১ তেওঁ সেই ঠাইৰ পৰা আগুৱাই গ’লত , আন দুজন ককাইক ভাইক দেখিলে ৷ তেওঁলোক আছিল, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহন; তেওঁলোকৰ বাপেক চিবদিয়ৰে সৈতে তেওঁলোকে নাৱত জাল বাতি আছিল , যীচুৱে তেওঁলোককো মাতিলে ৷ ২২তেতিয়াই তেওঁলোকে নাওখন আৰু বাপেককো সেই ঠাইতে এৰি , যীচু অনুগামী হ’ল ৷
যীচুৰ উপদেশ আৰু ৰোগী সুস্থ কৰা কাৰ্য্য
(লূক ৬:১৭-১৯)
২৩ যীচুৱে গলীলৰ সকলো অঞ্চললৈ গৈ নামঘৰ বিলাকত উপদেশ দি, ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে, আৰু মানুবিলাকৰ সকলো প্ৰকাৰৰ ৰোগ ব্যাধি সুস্থ কৰিলে ৷ ২৪ তাতে তেওঁৰ যশস্যা গোটেই চিৰিয়া দেশত বিয়পি গ’ল আৰু ভূতে পোবা ,আঁৱৰীয়া , জঠৰ-ৰুগীয়া আদি কৰি বিভিন্ন ৰোগত আৰু যাতনাত পৰাবিলাকক তেওঁৰ ওচৰলৈ আনিলত , তেওঁ তেওঁলোকক সুস্থ কৰিলে ৷ ২৫ গালীল, দিকাপলি , জেৰুচালেম , যিহূদিয়া আৰু যৰ্দ্দনৰ সিপাৰৰ পৰাও মানুহৰ এটা ডাঙৰ দল , তেওঁৰ অনুগামি হ’ল ৷
বাইবেল কুইজঃ
১/চয়তানৰ দ্বাৰাই পৰীক্ষিত হ’বলৈ কাক আত্মাৰ দ্বাৰাই অৰণ্যলৈ নিয়া হৈছিল ?
উত্তৰ:যীচু(৪:১)
২/যীচুক পৰিক্ষা কোনে কৰিছিল ?
উত্তৰ :চয়তানে ৷
৩/যীচু বাপ্তিষ্মা লোৱাৰ পিছত লঘোন দিবলৈ ক’ত গৈছিল?
উত্তৰ:যিহুদিয়া অৰণ্যত (৪:১)
৪/যীচু কিমান দিন লঘোন আছিল ?
উত্তৰ:চল্লিশ দিন চল্লিশ ৰাতি লঘোন আছিল ৷
৫/তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা তেন্তে এই শিলবোৰক ৰুটি হ’বলৈ আদেশ দিয়া যীচুৱে উত্তৰত কি কৈছিল?
উত্তৰ:মানুহ কেৱল ৰুটিৰে নিজীয়ে, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যৰেহে জীয়ে ৷
৬/চয়তানে যীচুক এৰাৰ পিছত কোনে তেওঁক শুশ্ৰুষা কৰিছিল?
উত্তৰ:স্বৰ্গৰ দুতবিলাকে (৪:১১)
৭/যোহনক বন্দী কৰা সময়ত যীচু ক’ত আচিল ?
উত্তৰ:কফৰণাহুম(৪:১৪,১৬)
৮/যীচুৱে পিতৰক কত লগ পাইছিল ?
উত্তৰ:গালীল সাগৰৰ তীৰত (৪:১৮) ৷
৯/ যীচুৱে আহ্বান কৰা চাৰিজন মাছমৰীয়াৰ নাম কি কি আছিল ?
উত্তৰ : চিমোন(পিতৰ), আন্দ্ৰিয়, যাকোব আৰু যোহন ৷
১০/মোৰ পাচে পাচে আহাঁ মই তোমালোকক মানুহ ধৰা জালোৱাই কৰিম বুলি কোনে কৈছিল?
উত্তৰ:যীচুৱে ৷
১১/ পিতৰৰ আন এটা নাম কি?
উত্তৰ:চিমোন(৪:১৮)
১২/পিতৰৰ ভাূয়েক কোন হয় ?
উত্তৰ:আন্দ্ৰিয়(৪:১৮)
১৩/চিবিদিয়াৰ সন্তানসকল কোন কোন ?
উত্তৰ:যাকোব আৰু যোহন (৪:২১)
১৪/ যাকোবৰ ভায়েক কোন হয?
উত্তৰ:যোহন (৪:২১)
১৫/যাকোব আৰু যোহনৰ পিতৃ কোন হয় ?
উত্তৰ:চিবদিয়(৪:২১) ৷
১৬/গালীল দেশৰস নামঘৰত যীচুৱে কি প্ৰচাৰ কৰিছিল ?
উত্তৰ:ৰাজ্যৰ শুভবাৰ্তা(৪:২৩)৷
0 Comments