মথিয়ে লিখা শুভবাৰ্ত্তা
(মাৰ্ক ১: ১-৮, লূক ৩: ১-১৮, যোহন ১ :১৯-২৮)
৩সেই সময়ত বাপ্তিস্মদাতা যোহন আহি ,যিহূদিয়াৰ অৰণ্যত ঘোষনা কৰি ক’লে,২'তোমালোকে পাপৰ পৰা মা পালটোৱা,কাৰণ স্বৰ্গৰাজ্য ওচৰ হ'ল ৷ ৩যিচয়া ভাববাদীৰ দ্ৱাৰাই যিজনৰ বিষয়ে কোৱা হৈছিল, তেৱেঁই সেইজন৷ তেওঁ কৈছিল:- ''অৰুণ্যত ৰিঙিওৱা ইজনৰ মাত এই,-তোমালোকে প্ৰভুৰ,পথ যুগত কৰা,তেওৰ বাট পোন কৰা৷ ''৪যোহনে উটৰ নোমৰ কাপোৰ পিন্ধিছিল, তেওঁৰ কঁকালত ছালৰ টঙালী আছিল, আৰু তেওঁৰ আহাৰ আচিল কচুৱা ,ফৰিং আৰু হাবিৰ মৌ ৷৫তেতিয়া জেৰুচালেম, গোটেই যিহূদিয়া আৰু যৰ্দ্দনৰ ওচৰৰ সকলো আঞ্চলৰ মানুহ তেওঁৰ ওচৰলৈ আহি, ৬নিজৰ নিজৰ পাপ স্ৱীকাৰ কৰি, যৰ্দ্দন নদীত তেওঁৰ দ্বাৰাই বাপ্তিস্ম কৰিলে ৷
১৩সেই সময়ত যীচু গালীলৰ পাৰ যোহনৰ ওচৰলৈ তেওঁৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম লবলৈ আহিল ৷ ১৪কিন্তু যোহনে তেওঁক বাধা দিবলৈ চেষ্টা কৰি ক’লে, মোৰহে আপুনাৰ দ্বাৰাই বাপ্তিস্ম লোৱা প্ৰয়োজন ;এনেস্থলত আপুনি মুৰ ওচৰলৈ আহিছে নে ?’ ১৫যীচুৱে উওৰ দি তওঁক ক’লে, 'এতিয়া এইৰূপে হ’বলৈ দিয়া ; কাৰণ আমি এইদৰেই ঈশ্ৱৰৰ ইচ্ছা পূৰ্ণ কৰা উচিত ৷’ তেতিযা যোহন সম্মত হ’ল,৷ ১৬পাছে যীচু্ৱে বাপ্তিস্মলৈ,পানীৰ পৰা উঠি অহাৰ লগে লগে, তেইঁলৈ স্বৰ্গৰ দুৱাৰ মুকলি হ’ল, আৰু কপৌৰ নিচিনাকৈ ঈশ্বৰৰ আত্মাক নামি আহি তেওঁৰ ওপৰত পৰা দেখিলে; ১৭আৰু আকাশৰ পৰা এই বাণী হ’ল, 'এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট ৷’
বাইবেল কুইজঃ
১/তোমালোকে পাপৰ পৰা মন পালটোৱা,কাৰণ স্বৰ্গৰাজ্য ওচৰ হ’ল কোনে প্ৰচাৰ কৰিছিল?
উত্তৰ:যোহন বাপ্তিস্ম-দাতা৷ (৩:১,২ পদ)
২/যোহন প্ৰচাৰ কৰা ধৰ্ম বিষয়টো কি আছিল ?
উত্তৰ: মন পালটোৱা(৩:১)
৩/কোনে কাক কৈছিল ? মন পালটন কৰা ;কিয়নো ঈশ্বৰৰ ৰাজ্য নিচেই ওচৰ ?
উত্তৰ:যোহন বাপ্তাইজে লোকসকলক কৈছিল ৷ (৩:২)
৪/প্ৰভুৰ পথ যুগুত কৰিবলৈ কোনে জগতলৈ আহিছিল ?
উত্তৰ :যোহন বাপ্তাইজ (৩:৩)
৫/যোহন বাপ্তাইজক বিষয় কোনে ভাববাণী প্ৰচাৰ কৰিছিল ?
উত্তৰ :যিচয়া ৷(৩:৩পদ)
৬/মনপালটনৰ নিমিত্তে কোনে পানীত বাপ্তাইজ কৰিছিল ?
উত্তৰ:যোহন বাপ্তাইজ(৩:১১)৷
৭/যোহন বাপ্তিস্ম-দাতা কিহৰ কাপোৰ পিন্ধিছিল?
উত্তৰ:উটৰ নোমৰ কাপোৰ,কঁকালত ছালৰ টঙালি পিন্ধিছিল ৷
৮/যোহনৰ আহাৰ কি আছিল ?
উত্তৰ:কচুৱা, ফৰিং আৰু হাবিৰ মৌ ৷
৯/জেৰুচালিম গোটেই যিহূদিয়া আৰু যৰ্দ্দনৰ ওচৰৰ সকলো অঞ্চলৰ মানুহ বিলাক যোহন ওচৰলৈ কিয় আহিছিল ?
উৰত্তৰ: নিজৰ নিজৰ পাপ স্বীকাৰ কৰি, যৰ্দ্দন নদীত তেওঁৰ দ্বাৰাই বাপ্তিস্ম গ্ৰহণ কৰিবলৈ আহিছিল ৷
১০/ যীচুক কোনে বাপ্তিস্ম দিছিল ?
উত্তৰ:যোহন বাপ্তিস্ম দাতা ৷
১১/কোনে পৱিত্ৰ আত্মাত আৰু জুইত বাপ্তিস্ম দিব ?
উত্তৰ: যীচু খৃীষ্ট ৷
১২/যীচু কোন নদীত বাপ্তিস্ম লৈছিল?
উত্তৰ :যৰ্দ্দন নদীত ৷
১৩/ যীচুৱে বাপ্তিস্ম লৈ পানীৰ পৰা উঠি অহাৰ লগে লগে কি হ’ল ?
উত্তৰ: পানীৰ পৰা উঠি অহাৰ লগে লগে তেওঁলৈ স্বৰ্গৰ দুৱাৰ মুকলি হ’ল আৰু কপৌৰ নিচিনাকৈ ঈশ্বৰৰ আত্মাক নামি আহি তেওঁৰ ওপৰত পৰা দেখিলে ৷
১৪/যীচুৱে বাপ্তিস্ম লোৱাৰ সময়ত আকাশৰ পৰা কোনে কথা কৈছিল ?
উত্তৰ:ঈশ্বৰ ৷
১৫/যীচু বাপ্তিস্ম লোৱাৰ সময়ত আকাশৰ পাৰ কি বাণী হ’ল ?
উত্তৰ:আকাশৰ পৰা এই বাণী হ’ল, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট ৷
১৬/যীচু বাপ্তাইজ হবলৈ কৰ পৰা আহিছিল ?
উত্তৰ: গালীল পৰা আহিছিল ৷৩:১১পদ
১৭/যীচুৰ ওপৰত ঈশ্বৰৰ আত্মা কি ৰূপত নামি আহিছিল ?
উত্তৰ:কপৌ ৰূপত নামিো আহিছিল ৷(৩:১৬)
১৮/যীচুৰ বাপ্তিষ্ম কি আছিল ?
উত্তৰ:পবিত্ৰ আত্মা আৰু জুইৰ বাপ্তিষ্ম (৩:১১)
0 Comments