পবিত্ৰ বাইবেলঃনতুন নিয়ম - মথিয়ে লিখা শুভবাৰ্ত্তা ২য় অধ্যায় (১ - ২৩)পদ

 মথিয়ে লিখা শুভবাৰ্ত্তা


       জ্যোতিষী পণ্ডিত সকলৰ আগমন    

হেৰোদ ৰজাৰ দিনত ৰাজত্বৰ কালত যিহূদা দেশৰ বৈৎলেহেম নগৰত যীচুৰ জন্ম হৈছিল ৷ তেতিয়া পুব ফালৰ পৰা কেইজন মান জ্যোতিষী পণ্ডিতে জেৰুচালেমলৈ আহি সুধিলে, ২'যিহূদীসকলৰ ৰজা হ'বলৈ যি শিশুটিৰ জন্ম হ'ল, তেওঁ ক'ত আছে? কাৰণ পূব ফালে তেওঁৰ তৰা দেখা পাই, আমি তেওঁক সেৱা কিৰবলৈ আহিছোঁ ৷৩এই কথা শুনি হেৰোদ ৰজাৰ আৰু জেৰুচালেমত থকা সকলোৰে উগুল-থুগুল লাগিল৷৪তাতে হেৰোদে প্ৰধান-পুৰোহিত আৰু বিধান পণ্ডিত সকলক মাতি সুধিলে,' খ্ৰীষ্ট  ক'ত জন্ম হব'?৫তেওঁলোকে ক'লে যিহুদিয়াৰ বৈৎলেহেম নগৰত ৷ কাৰণ ভাববাদীয়ে লিখিছে:৬'হে যিহুদা দেশৰ বৈৎলেহেম, তুমি যিহূদাদেশৰ নগৰবিলাকৰ ভিতৰত কোনো গুণে সৰু নোহোৱা,কাৰণ মোৰ ইজ্ৰায়েললোকক পথ দেখুৱাবলৈ, তোমাৰ পৰা এজন অধিপতি উৎপন্ন হ'ব"৷ ৭তেতিয়া হেৰোদে সেই জ্যোতিষী পণ্ডিত কেই জনক গুপুতে মাতি,তৰা ওলোৱা কিমান দিন হৈছে,তাৰ সঠিক বাতৰিটো জানি  ল'লে ৷ ৮পাচে তেওঁলোকক এই কথা  কৈ বৈৎলেহেমলৈ পঠাই দিলে, 'তোমালোকে গৈ ল'ৰাটিক ভালদৰে বিচাৰিবা, আৰু বিচাৰি পালে মোক জনাবাহি,  যাতে ময়ো গৈ তেওঁক সেৱা কৰিব পাৰোঁ' ৷

       ৯ ৰজাৰ কথা শুনি, তেওঁলোকে পুনৰ যাত্ৰ কৰিলে, আৰু যি তৰা তেওঁলোকে পূব ফালে দেখা পাইছিল, সেই তৰা তেওঁলোকৰ আগে আগে গৈ, যি ঠাইত শিশুটি আছিল, তাৰ ওপৰত ৰৈ থাকিল৷ ১০সেই তৰা দেখা পাই, তেওঁলোক নথৈ আনন্দিত হ'ল, ১১আৰু তেওঁলোকে ঘৰৰ ভিতৰ সোমাই, মাতৃ মৰিয়মেৰে সৈতে শিশুটিক দেখা পালে ৷ তাতে তেওঁলোকে দণ্ডৱতে তেওঁক সেৱা কৰিলে, আৰু নিজৰ নিজৰ বহুমূলীয়া  উপহাৰৰ টোপোলা মেলি, সোণ, ধূনা,আৰু গন্ধৰস তেওঁক উপহাৰ দিলে ৷ ১২হেৰোদৰ ওচৰলৈ উভতি নাযাবলৈ, ঈশ্ৱৰে তেওঁলোকক সপোনত সতৰ্ক কৰি দিয়াত, তেওঁলোক আন বাটেদি নিজৰ নিজৰ দিশলৈ উলটি গ'ল ৷                                                                          




 মিচৰ দেশলৈ পলায়ন

       ১৩জ্যোতিষী পণ্ডিতসকল যোৱাৰ পাচত, প্ৰভূৰ এজন দূতে যোচেফক সপোনত দেখা দি ক'লে তুমি ল’ৰাটি আৰু তেওঁৰ মাকক লৈ মিচৰ দেশলৈ পলাই যোৱা, আৰু মই তোমাক নোকোবা পৰ্য্যন্ত তাতে থাকিবা, কাৰণ হেৰোদে ল'ৰাটিক বধ কৰিবৰ মনেৰে বিচাৰিবলৈ উদ্যত হৈছে ৷ ১৪তেতিয়া যোচেফে উঠি, লৰাটিক আৰু তেওঁৰ মাকক লৈ ৰাতিয়েই মিচৰ দেশলৈ যাত্ৰা কৰিলে,১৫আৰু হেৰোদৰ মৃত্যু  নোহোৱালৈকে তেওঁলোক তাতে থাকিল ৷ ভাৱবাদীৰ দ্ৱাৰাই প্ৰভূৱে যিৰূপে কৈছিল, "মই মোৰ পুত্ৰ মিচৰ দেশৰ পৰা মাতিলোঁ", সেই কথা সিদ্ধ  হ'বলৈ, এইদৰে  ঘটিল ৷                                       

শিশুবিলাকৰ হত্যা 

১৬ হেৰোদে জ্যোতিষী পণ্ডিত কেইজনে  তেওঁক প্ৰতাৰণা কৰিলে বুলি জানি ,অতিশয় কুপিত হ'ল, আৰু তেওঁ বৈৎলেহেমত আৰু তাৰ ওচৰে পাঁজৰে থকা দুবছৰীয়া বা তাতোকৈ কম বয়সৰ সকলো লৰাক বধ কৰিবলৈ আদেশ দিলে ৷(কোন সময়ত তৰা দেখা পাইছিল, এই বিষয়ে জ্যোতিষী পণ্ডিতসকলকৰ পৰা জনা সময়ৰ ওপৰত ভিত্তি কৰি তেওঁ  এইদৰে কৰিছিল )৷ ১৭এই ৰূপেই যিৰিমিয়া ভাববাদী কোৱা বাক্য সিদ্ধ হৈছিল৷তেওঁ কৈছিল: ১৮"ৰামাত এটি শব্দ শুনা গ'ল, মহাশোক আৰু বিলাপৰ শব্দ;ৰাহেলে  তেওঁৰ সন্তানবিলাকৰ কাৰণে কান্দিছে; তেওঁ শান্ত্বনা পাবলৈ ইচ্ছা নকৰে, কাৰন সিহঁত আৰু নাই" ৷ 

  মিচৰ দেশৰ পৰা  প্ৰত্যাবৰ্ত্তন 

১৯হেৰোদৰ মৃত্যুৰ পাচত, প্ৰভুৰ  দূতে মিচৰ দেশত যোচেফক সপোনত দেখা দি ক’লে, ২০উঠা, 'ল’ৰাটি আৰু তেওঁৰ মাকক লৈ তুমি ইজ্ৰায়েল দেশলৈ যো্বা, কাৰণ যিবিলাকে লৰাটিক বদ কৰিবলৈ বিচিৰিছিল, তেওঁলোক মৰিল ৷’২১তেতিয়া তেওঁ উঠি, ল’ৰাটিক আৰু মাকক লৈ,ইজ্ৰায়েল দেশলৈ যাত্ৰা কৰিলে৷ ২২কিন্ত আৰ্খিলায় তেওঁৰ পিতৃ হেৰোদৰ পদত যিহূদিয়াৰ ৰজা হৈছে বুলি শুনিবলৈ পাই,তেওঁ তালৈ যাবলৈ ভয় কৰিলে,আৰু সপোনত ঈশ্বৰৰ পৰা আদেশ পাই,গালীল প্ৰদেশলৈ আঁতৰি গ'ল৷ ২৩তেওঁ নাচৰত নামৰ এখন নগৰলৈ গৈ, তাতে বসতি কৰিলে৷ তেওঁক নাচৰতীয়া বোলা যাব বুলি যি কথা ভাববাদীয়ে কৈছিল, সেয়ে  সিদ্ধ  হ'ল ৷

বাইবেল কুইজ ঃ

১/জ্যেতিষী পণ্ডিত সকলে কি দেখা পাই যীচুক সেবা কৰিবলৈ আহিছিল ?
উত্তৰ:পূব ফালে তৰা দেখা পাই প্ৰভূক সেৱা কৰিব আহিছিল ৷ মথি:২:২পদ

২/জ্যেতিষী পণ্ডিত সকলে দণ্ডৱতে তেওঁক সেৱা কৰি যীচুক কি উপহাৰ দিছিল ?
উত্তৰ :সোণ, ধূনা, আৰু গন্ধৰস উপহাৰ দিছিল ৷ মথি ২:১১ পদ
 
৩/নতুন ৰজাৰ জন্ম হৈছে বুলি শুনি হেৰোধ ৰজাৰ মনোভাব কেনে আছিল ?
উত্তৰ :এই কথা শুনি হেৰোদ ৰজাৰ মনোভাব উগুল থুগুল হৈছিল ৷ মথি ২:৩ পদ

৪/হেৰোদ ৰজা যীচুৰ জন্ম স্থানৰ বিষয়ে কাক সুধিছিল ?
উত্তৰ :হেৰোদে প্ৰধান পুৰোহিত আৰু বিধান পণ্ডিত সকলক মাতি সুধিছিল ৷ মথি :২:৪ পদ ৷

৫/জ্যেতিষী পণ্ডিত সকল কিয় হেৰোদৰ ওচৰলৈ উভতি নগ’ল ?
উত্তৰ:হেৰোদৰ ওচৰলৈ উভতি নাযাবলৈ ঈশ্বৰে তেওঁলোকক সপোনত সতৰ্ক কৰি দিয়াত, তেওঁলোক আন বাটেদি নিজৰ নিজৰ দেশলৈ উলটি গ’ল ৷ মথি:২:১২পদ 

৬/প্ৰভুৰ দূতে যোচেফক কোৱাত লৰাটিক আৰু মাকক লৈ কত পলাই গ’ল?
উত্তৰ:মিচৰ দেশলৈ পলাই গ’ল ৷ মথি২:১৪ 

৭/কোন ৰজাই ল’ৰাটিক বধ কৰিব বিচাৰিছিল?
উত্তৰ :হেৰোদ ৰজাই ৷ মথি২:১৩পদ

Post a Comment

0 Comments

Ad Code