যীচু খ্ৰীষ্টৰ জন্ম কেনেকৈ হৈছিল আৰু যীচুৰ বংশাৱলী - পবিত্ৰ বাইবেল (নতুন নিয়ম) মথিয়ে লিখা শুভবাৰ্ত্তা ১ম অধ্যায় (১ - ২৫ পদ)

       


              মথিয়ে লিখা শুভবাৰ্ত্তা    

যীচুৰ বংশাৱলী

 (লূক ৩ ঃ২৩-৩৮)

১ অব্ৰাহামৰ সন্তান দায়ূদ, তেওঁৰ সন্তান যীচু খ্ৰীষ্টৰ বংশাৱলী পত্ৰ ৷ ২অব্ৰাহামৰ পুত্ৰ ইচাহাকৰ পুত্ৰ যাকোব; যাকোবৰ পুত্ৰ  যিহূদা; আৰু তেওঁৰ ভায়েক-ককায়েক-বিলাক; ৩যিহূদাৰ পুত্ৰ পেৰচ আৰু চেহৰ, তেওঁলোকৰ মাক আছিল তামাৰ;পেৰচৰ পুত্ৰ হিষৰোণ হিষৰোণৰ পুত্ৰ অৰাম ; ৪অৰামৰ  পুত্ৰ  অম্মীনাদব;  অম্মীনাদবৰ পুত্ৰ  নহচোন; নহচোনৰ পুত্ৰ চলমোন;  ৫চলমোনৰ পুত্ৰ বোৱজ, তেওঁৰ মাক  আছিল ৰাহব; বোৱজৰ পুত্ৰ,ওবেদ, তেওঁৰ মাক আছিল ৰূথ ; ওবেদৰ পুত্ৰ যিচয় ; ৬আৰু যিচয়ৰ পুত্ৰ  ৰজা দায়ুদ ৷ দায়ুদৰ পুত্ৰ চলোমন; তেওঁৰ মাক মৃত উৰিয়াৰ ভাৰ্য্যা আছিল ;৭চলোমনৰ পুত্ৰ ৰহবিয়াম ; ৰহবিয়ামৰ পুত্ৰ অবিয়; অবিয়ৰ পুত্ৰ আচাফ ; ৮আচাফৰ পুত্ৰ যিহোচাফট; যিহোচাফটৰ পুত্ৰ যোৰাম ; যোৰামৰ পুত্ৰ উচিয়, ৯উচিয়ৰ পুত্ৰ যোথম; যোথমৰ পুত্ৰ আচহ ; আচহৰ পুত্ৰ হিষ্কিয়া; ১০হিষ্কিয়াৰ পু্ত্ৰ  মনচি ;মনচিৰ পুত্ৰ আমোচ; আমোচৰ পুত্ৰ যোচিয়া ; ১১আৰু  ইজ্ৰায়েলবিলাকক বাবিললৈ বন্দী কৰি নিয়াৰ সময়ত, যোচিয়াৰ সন্তান  যেখনীয়া আৰু তেওঁৰ ভায়েকবিলাকৰ জন্ম হৈছিল ৷  

১২ বাবিললৈ নিয়াৰ পাচত যেখনীয়াৰ পুত্ৰ চল্টীয়েলৰ জন্ম হল; চল্টীয়েল পুত্ৰ জৰুব্বালি; ১৩জৰু্ব্বাবিলৰ পুত্ৰ অবীহূদ,অবীহূদৰ পু্ত্ৰ ইলীয়াকীম ; ইলীয়াকীমৰ পুত্ৰ আচোৰ ; ১৪আচোৰৰ পুত্ৰ  চাদোক ; চাদোকৰ পুত্ৰ আখীম ;অখীমৰ পু্ত্ৰ ইলীহূদ ; ১৫ইলীহূদৰ পু্ত্ৰ ইলিয়াচৰ; ইলিয়াচৰৰ পুত্ৰ মত্তন;মত্তনৰ পুত্ৰ যাকোব ; ১৬যাকোবৰ পত্ৰ যোচেফ, তেওঁ মৰিয়মৰ স্বামী; আৰু যিজনাক  খ্ৰীষ্ট  বোলে, সেই  যীচু এই মৰিয়মৰ পুত্ৰ ৷

১৭এইদৰে অব্ৰাহামৰ পৰা দায়ূদলৈকে মুঠতে চৌদ্ধ পুৰুয ; দায়ুদলৈকে মুঠতে চৌদ্ধ পুৰুষ ; দায়ুদৰ পৰা বাবিললৈ নিয়াৰ সময়লৈকে চৌদ্ধ পুৰুষ; আৰু বাবিললৈ নিয়াৰ সময়ৰ পৰা যীচু খ্ৰীষ্টৰ  সময়লৈকেও চৌদ্ধ পুৰুষ ৷

    

যীচুৰ জন্ম

(লূক ২ঃ১ - ৭)


 ১৮ যীচু খ্ৰীষ্টৰ জন্ম এইদৰে হৈছিল : তেওঁৰ মাতৃ মৰিয়মক যোচেফলৈ বাগদান কৰা হৈছিল ; কিন্ত তেওঁলোকে সহবাস কৰাৰ পূৰ্ব্বই, তেওঁক পবিত্ৰ আত্মাৰ দ্বাৰাই গৰ্ভৱতী হোৱা পালে ৷ ১৯যোচেফ এজন   ধাৰ্ম্মিক পুৰু্য হোৱাৰ বাবে,তেওঁ মৰিয়মক সমাজৰ  আগত লাজত পেলাবলৈ ইচ্ছা নকৰিলে ৷ সেই  কাৰণে তেওঁ গুপুতে তেওঁলোকৰ বিয়াৰ বন্দৱস্ত ভাঙিবলৈ মন কৰিলে ৷ ২০তেওঁ এই কথা চিন্তা কৰি থাকোঁতেই, ঈ্শ্ৱৰৰ দুত এজনে সপোনত তেওঁক দেখা দি কলে ''হে দায়ুদৰ সন্তান যোচেফ, তুমি মৰিয়মক ভাৰ্য্যাৰূপে গ্ৰহণ কৰিবলৈ ভয় নকৰিবা ৷ কাৰণ তেওঁ পবিত্ৰ আত্মাৰ দ্বাৰাই গৰ্ভৱতী হৈছে ৷ ২১তেওঁ এটি পুত্ৰ  প্ৰসৱ কৰিব ,আৰু তুমি তেওঁৰ নাম যীচু থ’বা; কাৰণ তেৱেঁই-নিজৰ লোকবিলাকক তেওঁলোকৰ পাপৰ পৰা উদ্ধাৰ কৰিব'৷ ২২প্ৰভূৱে ভাববাদীৰ যোগেদি যি সকলো কথা কৈছিল, বোলে  ২৩"কুমাৰী গৰাকী গৰ্ভৱতী হ'ব; তেওঁ এটি পুত্ৰ সন্তান প্ৰসব কৰিব,আৰু তেওঁৰ নাম ইম্মানূৱেল থ'ব", (এই নামৰ অৰ্থ, 'আমাৰ লগত ঈশ্বৰ) সেই  সকলো কথা সিদ্ধ হ'বলৈকে এইৰূপে ঘটিল ৷ ২৪ পাচে যোচেফে টোপনিৰ পৰা সাৰ পাই উঠি, প্ৰভূৰ দূতে কোৱাৰ দৰে তেওঁ মৰিয়মক বিয়া কৰিলে৷ ২৫কিন্ত যোচেফে সন্তান জন্ম নোহোবালৈকে মৰিয়মৰ লগত সহবাস নকৰিলে; আৰু তেওঁ সন্তানটিৰ নাম যীচু ৰাখিলে ৷


বাইবেল কুইজ ঃ

১/নতুন নিয়মৰ প্ৰথম পুস্তক কোনখন?                                                                                        

 উত্তৰ:মথি ৷

২/মথিত কিমান অধ্যায় আছে ?                                                                                                       

উত্তৰ:২৮ টা অধ্যায় আছে ৷

৩/মথিৰ আন এটা নাম কি?                                                                                                               

উত্তৰ:লেবী ৷

৪/যীচুৰ বংশাৱলীৰ মুখ্য ব্যক্তিসকল কোন কোন?                                                                              

উত্তৰ:আব্ৰাহাম,দায়ুদ (মথি১:১পদ)

৫/ও বেদৰ পিতৃ-মাতৃ কোন আছিল ?                                                                                                      

উত্তৰ:বোৱজ,ৰূথ (১:৫)                                                                                                                                

৬/ অব্ৰাহামৰ সন্তান কোন ?                                                                                                              

উত্তৰঃ অব্ৰাহামৰ সন্তান দায়ুদ ৷ মথি ১:১ পদ 

৭/যীচুৰ মাতৃ আৰু পিতৃৰ নাম কি আছিল ?

উত্তৰঃ মাতৃ মৰিয়ম, পিতৃ যোচেফ ৷মথি ১:১৬পদ

৮/যীচুৰ জন্ম পিতৃ কোন আছিল ?

উত্তৰঃ ঈশ্বৰৰ পবিত্ৰ আত্মা ৷ মথি১:২০পদ

৯/ইম্মানুৱেল নামৰ অৰ্থ কি ? 

উত্তৰঃ আমাৰ লগত ঈশ্বৰ ৷ মথি ১:২৩পদ

১০/কোন ৰজাৰ ৰাজত্বৰ কালত যীচুৰ জন্ম হৈছিল ৷

উত্তৰঃহেৰোদ ৰজাৰ ৰাজত্বৰ কালত যীচুৰ জন্ম হৈছিল ৷ মথি ২:১পদ 

১১/যীচুৰ জন্ম ক’ত হৈছিল ? 

উত্তৰঃযিহূদা দেশৰ বৈৎলেহেম নগৰত ৷ মথি ২:১পদ

১২/কোনে নিজৰ লোকবিলাকক তেওঁলোকৰ পাপৰ পৰা উদ্ধাৰ কৰিব ?

উত্তৰ:যীচু ৷ মথি ১:২১

১৩/ প্ৰভুৰ দূত এজনে কাক সপোনত দৰ্শন দিছিল ? 

উত্তৰ :যোচেফ (১:১৮)


Post a Comment

0 Comments

Ad Code