যীচুৰ বিৰুদ্ধে কুমন্ত্ৰণা (মাৰ্ক ১৪: ১ -২ ,লূক ২২ : ১ -২, যোহন ১১ : ৪৫ -৫৩)
২৬ এই সকলো কথা কোৱাৰ পাচত যীচুৱে তেওঁৰ শিষ্যসকলক ক’লে, ২তোমালোকে জানা যে, দুদিনৰ পাচত নিস্তাৰ পৰ্ব্ব আৰম্ভ হ’ব, আৰু মানৱ -পুত্ৰত ক্ৰুচত দিবলৈ শোধাই দিয়া হ’ব ৷ ৩তেতিয়া প্ৰধান -পুৰোহিত আৰু বৃদ্ধলোকসকলে, কায়াফা নামৰ মহা পুৰোহিতৰ চোঁতালত গোট খালে, ৪ আৰু তেওঁলোকে যীচুক গুপুতে ধৰি, হত্যা কৰিবলৈ কুমন্ত্ৰণা কৰিলে ৷ ৫তেওঁলোকে ক’লে,পৰ্ব্বৰ সময়ত আমি এই কাম কৰা উচিত নহ’ব, কাৰণ মানুহবিলাকৰ মাজত হুলস্থূল লাগিব পাৰে ৷
বৈথনিয়াত যীচুক অভিষেক কৰা (মাৰ্ক ১৪ : ৩ -৯ যোহন ১২ : ১-৮)
৬সেই সময়ত যীচু বৈথনিয়াত কুষ্ঠৰোগী চিমোনৰ ঘৰত আছিল ৷ ৭তেওঁ ভোজনত বহি থাকোঁতে, এগৰাকী তিৰোতাই বহুমূলীয়া সুগন্ধি তেলেৰে ভৰা এটা ফটিকৰ টেমা আনি, সেই তেল তেওঁৰ মূৰত বাকি দিলে ৷ ৮তাকে দেখি শিষ্যসকলৰ খং উঠিল, আৰু ক’লে, 'এনে লোকচান কিয় ? ৯এই সুগন্ধি তেল অধিক মূল্যত বিক্ৰী কৰি দৰিদ্ৰবিলাকক দান কৰিব পৰা গলহেঁতেন !’১০তেওঁলোকে কি কৈছে , যীচুৱে তাক জানি শিষ্যসকলক ক’লে ,’এই তিৰোতা গৰাকীক তোমালোকে কিয় আমনি কৰিছা ? তেওঁ মোলৈ উত্তম কৰ্ম্মকে কৰিলে ৷ ১১দৰিদ্ৰ বিলাকক তোমালোকৰ লগত সদায় পাবা, কিন্তু মোক তোমালোকে সদায় নাপাবা ৷ ১২তেওঁ যে মোৰ শৰীৰত সুগন্ধি তেল বাকি দিলে, মোক মৈদামত থ’বলৈ যুগুত কৰিবৰ নিমিত্তেহে এনে কৰিলে ৷ ১৩মই তোমালোকক সঁচাকৈ কওঁ যে, পৃথিবীৰ যি যি ঠাইতে এই শুভবাৰ্ত্তা ঘোষণা কৰা হ’ব, সেই সকলো ঠাইত তেওঁৰ সোঁৱৰণৰ অৰ্থে, তেওঁ এই যি কৰ্ম্ম কৰিলে, তাকো ঘোষণা কৰা হ’ব ৷'
যীচুক শোধাই দিবলৈ যিহুদাৰ বন্দবস্ত ( মাৰ্ক ;১৪ : ১০ -১১, লূক ২২ : ৩- ৬ )
১৪তেতিয়া বাৰ জনৰ মাজৰ ঈষ্কৰিয়োতীয়া যিহূদা নামৰ এজনে প্ৰধান -পুৰোহিতৰ ওচৰলৈ গৈ সুধিলে, ১৫মই যীচুক আপোনালোকৰ হাতত শোধাই দিলে, আপোনালোকে মোক কি দিব ? ’ তেওঁলোকে তেওঁক লেখিলেখি ত্ৰিশটা ৰূপৰ মুদ্ৰা দিলে ৷ ১৬সেই সময়ৰ পৰা তেওঁ যীচুক শোধাই দিবলৈ সুযোগ বিচাৰিবলৈ ধৰিলে ৷
যীচুৱে তেওঁৰ শিষ্যসকলৰে সৈতে নিস্তাৰ পৰ্ব্বৰ ভোজন স্থাপন কৰা ৷ (মাৰ্ক ১৪:১২-২১, লূক ২২:৭-১৪, ২১-২৩, যোহন ১৩:২১-৩০)
১৭খমিৰ নোহোৱা পিঠাৰ পৰ্ব্বৰ প্ৰথম দিনা, শিষ্যসকলে যীচুৰ ওচৰলৈ আহি সুধিলে, আমি আপোনাৰ বাবে নিস্তাৰ-পৰ্ব্বৰ ভোজ ক’ত যুগুত কৰাটো আপুনি ইচ্চা কৰে ? ১৮তেওঁ তেওঁলোকক ক’লে, তোমালোকে নগৰলৈ গৈ অমুকক কোৱা, যে গুৰুৱে কৈছে, মোৰ সময় আহিল ;মই মোৰ শিষ্যসকলৰে সৈতে তোমাৰ ঘৰত নিস্তাৰ -পৰ্ব্ব পালন কৰিম’১৯শিষ্যসকলে যীচুৰ আদেশ মতেই নিস্তাৰ-পৰ্ব্বৰ ভোজৰ আয়োজন কৰিলে ৷ ২০পাচে সন্ধ্যা হ’লত, তেওঁ বাৰ জন শিষ্যৰে সৈতে ভোজনত বহিল ৷ ২১তেওঁলোকে ভোজন কৰোঁতে তেওঁ ক’লে, মই তোমালোকক নিশ্চয়কৈ কওঁ, তোমালোকৰ এজনে মোক শোধাই দিব ৷ ২২ তেওঁলোক বৰ দুঃখিত হ’ল, আৰু প্ৰতিজনেই তেওঁক সুধিবলৈ ধৰিলে, প্ৰভু, সেই জন মই নে ? ২৩তেওঁ ক’লে, 'যিজনে মোৰে সৈতে একেটা পাত্ৰতে ৰুটি জুবোৰিয়ালে, তেৱেঁই মোক শোধাই দিব ৷ ২৪মানুৱ -পুত্ৰৰ বিষয়ে শাস্ত্ৰত যিদৰে কৈছে, সেইদৰেই তেওঁলৈ ঘটিব, কিন্তু যি মানুহৰ দ্বাৰাই তেওঁক শোধাই দিয়া হ’ব, তেওঁ সন্তাপৰ পাত্ৰ ! সেই মানুহৰ জন্ম ; নোহোৱা হ’লেই তেওৰ পক্ষে ভাল আছিল ৷' ২৫যেতিয়া তেওঁক শোধাই দিয়া যিহূদাই মাত লগাই সুধিলে, 'প্ৰভু, সেই জন মই নে ? তেওঁ তেওঁক ক’লে, তুমি ঠিক কথাকে ক’লা ৷ ২৬ তেতিয়া তেওঁলকোক ভোজন কৰোঁতে, যীচুৱে ৰুটি লৈ, আশীৰ্বাদ কৰি, ভাঙি শিষ্যসকলক দি ক’লে, 'লোৱা, খোৱা, এইয়ে মোৰ শৰীৰ ' ২৭তাৰ পাচত তেওঁ পান পাত্ৰ লৈ ধন্যবাদ জনাই, তেওঁলোকক দি ক’লে, ইয়াক তোমালোক সকলোৱে পান কৰা ৷ ২৮এইয়া মোৰ তেজ, অৰ্থাৎ নিয়মৰ তেজ, অনেকৰ পাপ মোচনৰ অৰ্থে ইয়াক উলিউৱা হৈছে ৷ ২৯মই তোমালোকক কওঁ, তোমালোকৰে সৈতে মই মোৰ পিতৃৰ ৰাজ্যত ন ৰস পান নকৰা দিনলৈকে এতিয়াৰ পৰা মই আৰু কেতিয়াও দ্ৰাক্ষাৰ ৰস পান নকৰোঁ ৷ ৩০পাচে তেওঁলোকে এটি স্ততি গীত গাই, বাহিৰ ওলাই, জৈতুন পৰ্ব্বতলৈ গ’ল ৷
পিতৰে অস্বীকাৰ কৰিব বুলি যীচুৱে জনোৱা
(মাৰ্ক ১৪ : ২৭-৩১, লূক ২২ :৩১-৩৪, যো:১৩ ;৩৬-৩৮)
৩১তেতিয়া যীচুৱে তেওঁলোকক ক’লে, এই ৰাতিয়েই তোমালোক আটায়ে মোক এৰি থৈ, পলাই যাবা ; কাৰণ শাস্ত্ৰত আছে, " মই মেৰছাগবোৰ ছিন্ন-ভিন্ন হ’ব ৷" ৩২ কিন্তু মোৰ উত্থানৰ পাচত মই তোমালোকৰ আগে আগে গালীললৈ যাম ? ৩৩তেতিয়া পিতৰে উত্তৰ দি তেওঁক ক’লে, 'সকলোৱে আপোনাক ত্যাগ কৰিলেও, মই আপোনাক কেতিয়াও ত্যাগ নকৰোঁ ৷’ ৩৪যীচুৱে তেওঁক ক’লে, মই তোমাক নিশ্চয়কৈ কওঁ, আজি ৰাতি কুকুৰাই ডাক দিয়াৰ আগতে, তুমি মোক তিনিবাৰ অস্বীকাৰ কৰিবা ৷’ ৩৫পিতৰে তেওঁক কলে, 'আপোনাৰ লগত যদি মই মৰিবও লাগে, তথাপি মই আপোনাক আস্বীকাৰ নকৰোঁ ৷ ' সেইদৰে আন সকলোবিলাক শিষ্যয়ো ক’লে ৷
গেৎচিমানী -বাৰীত যীচুৰ প্ৰাৰ্থনা ( মাৰ্ক ১৪ :৩২ -৪২, লূক ২২: ৩৯- ৪৬)
৩৬তেতিয়া যীচুৱে শিষ্যসকলৰে সৈতে গেৎচিমানী নামৰ ঠাই এখনলৈ গৈ তেওঁলোকক ক’লে, মই সৌখিনিলৈ গৈ প্ৰাৰ্থনা কৰোঁমানে, তোমালোক ইয়াতে বহি থাকা !’ ৩৭পাচে তেওঁ পিতৰক আৰু চিবদিয়ৰ পুতেক দুজনক লগত নিলে, আৰু তেওঁ বৰ শোকাকুল আৰু ব্যাকুল হ’বলৈ ধৰিলে ৷ ৩৮তেওঁ তেওঁলোকক ক’লে, মোৰ প্ৰাণ মৰণৰ তুল্য শোকাকুল হৈছে ৷ তোমালোকে ইয়াতে থাকি মোৰে সৈতে পৰ দিয়া ৷ ৩৯পাছে তেওঁ অলপ আগুৱাই গৈ, উবুৰি হৈ পৰি, প্ৰাৰ্থনা কৰি ক’লে, ' হে মোৰ পিতৃ, যদি সম্ভৱ হয়, তেন্তে এই পান -পাত্ৰ মোৰ পৰা দূৰ কৰা ; তথাপি মোৰ ইচ্ছাৰ দৰে নহয়, কিন্তু তোমাৰ ইচ্ছাৰ দৰেই হওক ৷’ ৪০তেওঁ শিষ্য কেইজনৰ ওচৰলৈ আহি, তেওঁলোকক টোপনি যোৱা দেখিলে ; তেতিয়া তেওঁ পিতৰক ক’লে, তোমালোকে এঘন্টাও নো মোৰে সৈতে পৰদি থাকিব নোৱাৰিলা নে ? ৪১পৰীক্ষাত যেন নপৰা, সেই বাবে পৰ দি প্ৰাৰ্থনা কৰি থাকা ৷ আত্মা ইচ্ছুক, কিন্তু শৰীৰ দুৰ্ব্বল ৷’ ৪২পুনৰায় তেওঁ দ্বিতীয়বাৰো আঁতৰি গৈ, প্ৰাৰ্থনা কৰি ক’লে, 'হে মোৰ পিতৃ, মই পান নকৰাকৈ, যদি এই পান-পাত্ৰ দূৰ হ’ব নোৱাৰে তেন্তে তোমাৰ ইচ্ছাই পূৰ্ণ হওক ৷' ৪৩আকৌ তেওঁ ঘূৰি আহি তেওঁলোকক টোপনিয়াই থকা পালেহি ; কাৰণ তেওঁলোকৰ চকু টোপনিয়ে টানি নিছিল ৷ ৪৪তেওঁ আকৌ তেওঁলোকক এৰি , তৃতীয়বাৰো গৈ, সেই একে কথাকে কৈ প্ৰাৰ্থনা কৰিলে ৷ ৪৫তাৰ পিচত তেওঁ শিষ্যকেইজনৰ ওচৰলৈ আহি তেওঁলোকক ক’লে, 'এতিয়াও তোমালোকে টোপনিয়াই থাকি বিশ্ৰাম কৰিছানে ? চোৱা সময় আহি পালে, আৰু মানৱ-পুত্ৰক পাপীলোকৰ হাতত সমৰ্পণ কৰা হৈছে ৷ ৪৬উঠা, আমি যাওঁহঁক ; চোৱা মোৰ বিশ্বাসঘাতকটো ওচৰ পালেহি ৷
যীচুক বন্দী কৰা
(মাৰ্ক ১৪: ৪৩-৫০, লূক ২২: ৪৭-৫৩, যো: ১৮:৩-১২)
৪৭তেওঁ কথা কৈ থাকোঁতেই যিহূদা আহিল ৷ তেওঁ বাৰ জন শিষ্যৰ মাজৰ এজন, আৰু তেওঁৰ লগত প্ৰধান -পুৰোহিত আৰু সমাজৰ বৃদ্ধলোকসকলে পঠোৱা, মানুহৰ এটা ডাঙৰ দল তৰোৱাল আৰু টাঙোন লৈ আহিল ৷ ৪৮বিশ্বাসঘাতক জনে, তেওঁলোকক এটা সঙ্কেত দি থৈছিল যে, 'মই যিজনক চুমা খাম, তেৱেঁই সেইজন, তেওঁকেই ধৰিবা ৷’ ৪৯তেতিয়া তেওঁ পোনে পোনে যীচুৰ ওচৰলৈ গৈ, 'ৰব্বি প্ৰণাম’ ! এই বুলি তেওঁক চুমা খালে ৷ ৫০যীচুৱে তেওঁক ক’লে, হে বন্ধু , যি কৰিব আহিছা তাক বেগাই কৰা ৷ তাতে তেওঁলোকে আগবাঢ়ি আহি যীচুৰ হাত দি তেওঁক ধৰিলে ৷ ৫১ তেতিয়া যীচুৰ লগত থকাসকলৰ এজনে হাত মেলি তেওঁৰ তৰোৱালখন উলিয়াই কোব মাৰি মহা -পুৰোহিতৰ দাসৰ কাণ এখন কাটি পেলালে ৫২যীচুৱে তেওঁক ক’লে, 'তুমি তোমাৰ তৰোৱাল আগৰ ঠাইত থৈ দিয়া, কাৰণ যিবিনলাকে তৰোৱাল ধৰে, তেওঁলোক সকলো তৰোৱালৰ দ্ধাৰাই বিনষ্ট হ’ব ৷ ৫৩তোমালোকে নাজানা নে, যে মই পিতৃৰ আগত নিবেদন কৰিলে , এই মুহূৰ্ত্ততে তেওঁ মোৰ ওচৰলৈ বাৰ বাহিনীতকৈয়ো অধিক স্বৰ্গদূত পঠাই দিব ? ৫৪কিন্তু সেয়ে হ’লে, এই বিষয়ে শাস্ত্ৰত যি লিখা আছে, সেই সকলো কেনেকৈ সিদ্ধ হ’ব ? ৫৫ তেতিয়া যীচুৱে তেওঁক ধৰিব অহা মানুহৰ ধলটোক ক’লে, 'ডকাইত ধৰিবলৈ অহাৰ দৰে তোমালোকে তৰোৱাল, টাঙোন লৈ মোক ধৰিবলৈ আহিছা নে? মই প্ৰতি দিনে মন্দিৰত বহি শিক্ষা দিছিলোঁ, কিন্তু তোমালোকে তেতিয়া মোক নধৰিলা ৷’ ৫৬ভাববাদীসকলে লিখা শা্স্ত্ৰীয় বচন সিদ্ধ হ’বলৈ এই সকলো ঘটিল ৷ তেতিয়া সকলো শিষ্যই তেওঁক এৰি থৈ পলাই গ’ল ৷
মহা - স-ভাৰৰ আগত যীচুৰ -সোধ-বিচাৰ ৷ (মাৰ্ক ১৪ : ৫৩-৬৫, লূক ২২:৫৪-৫৫, ৬৩-৭১, যোহন ১৮:১৩-১৪, ১৯-২৪)
৫৭যিবিলাকে যীচুক ধৰিছিল, তেওঁলোকে তেওঁক যি ঠাইত বিধান-পণ্ডিত আৰু বৃদ্ধলোকসকল গোট খাই আছিল, সেই ঠাইলৈ কায়াফা মহা-পুৰোহিতৰ ওচৰলৈ লৈ গ’ল ৷ ৫৮কিন্তু পিতৰে আঁতৰে আঁতৰে তেওঁৰ পাচে পাচে মহা-পুৰোহিতৰ চোতাললৈ কে গ’ল, আৰু তেওঁ ভিতৰ সোমাই যীচুৰ নো কি হয় তাক চাবলৈ চন্তৰীবিলাকৰ লগতে বহিল ৷ ৫৯তেতিয়া প্ৰধান-পুৰোহিতসকল আৰু গোটেই মহা-সভাই তেওঁক বধ কৰাৰ উদ্দেশ্যে, তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰিলে ৷ ৬০মিছা সাক্ষী বহুত আগবাঢ়ি আহিল যদিও, তেওঁলোকে একো নাপালে ৷ অৱশেষত দুজনে আগবাঢ়ি আহি ক’লে, ৬১এওঁ কৈছিল মই ঈশ্বৰৰ মন্দিৰ নষ্ট কৰি তাক তিনি দিনৰ ভিতৰতে সাজিব পাৰোঁ’৷ ৬২তেতিয়া নমহা পুৰোহিতে উঠি যীচুক সুধিলে, 'এই মানুহবিলাকে তোমাৰ বিৰুদ্ধে যিবোৰ সাক্ষ্য দিছে, তাৰ বিষয়ে তোমাৰ কব লগা একো নাইনে ? ৬৩কিন্তু যীচুৱে নিজম দি থাকিল ৷ মহাপুৰোহিতে যীচুক ক’লে, মই তোমাক জীবন্ত ঈশ্বৰৰ শপত দি কৈছোঁ, তুমি ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট হোৱানে নোহোৱা, আমাক কোৱা ৷ ৬৪যীচুৱে তেওঁক ক’লে, তুমি নিজেই সেই কথা কৈছা; কিন্তু মই তোমালোকক কওঁ, তোমালোকে এতিয়াৰ পৰা মানৱ -পুত্ৰক সৰ্ব্বশক্তিমান ঈশ্বৰৰ সোঁহাতে বহি থকা আৰু আকাশৰ মেঘৰ ওপৰত অহা দেখিবা ৷’ ৬৫তেতিয়া মহা-পুৰোহিতে নিজৰ কাপোৰ ফালি ক’লে, ' এওঁ ঈশ্বৰ-নিন্দা কৰিছে ; সাক্ষীত আৰু আমাৰ কি প্ৰয়োজন ? এতিয়া তোমালোকে নিজেই তেওঁৰ মুখত ঈশ্বৰ-নিন্দা শুনিলা ৷ ৬৬তোমালোকে কি ভাবা ? তেওঁলোকে ক’লে, সি অপৰাধী, সি প্ৰাণদণ্ড পাবৰ যোগ্য ৷ ৬৭তেতিয়া তেওঁলোকে তেওঁৰ মুখত থুই পেলাই, তেওঁক ভুকুৱালে ; আৰু কিছুমানে তেওঁক চৰিয়াই সুধিলে, ৬৮হেৰা খ্ৰীষ্ট্, ভাবোক্তিৰ দ্বাৰাই আমাক কোৱাচোন, তোমাক কোনে মাৰিলে ?
পিতৰে যীচুক অস্বীকাৰ কৰা
( মাৰ্ক ১৪ :৬৬ -৭২, লূক ২২:৫২-৬২, যোহন ১৮:১৫-১৮, ২৫-২৭)
৬৯সেই সময়ত পিতৰ বাহিৰৰ চোতালত বহি আছিল ৷ তেতিয়া চাকৰণী ছোৱালী এজনীয়ে আহি তেওঁক ক’লে, 'তুমিওটো গালীলীয়া যীচুৰ লগত আছিলা ? ৭০কিন্তু তেওঁ সকলোৰে আগতে অস্ৱীকাৰ কৰি ক’লে, তুমি কি কৈছা মই বুজা নাই ৷' ৭১পাচে তেওঁ বাটচৰালৈ যাওঁতে, আন এজনী চাকৰণী ছোৱালীয়ে তেওঁক দেখি, তাত থকাবিলাকক ক’লে, 'এই মানুহজনক নাচৰতীয়া যীচুৰ লগত আছিল ৷’ ৭২তেওঁ আকৌ অস্ৱীকাৰ কৰি শপত খাই ক’লে, 'মই সেই মানুজনক চিনিয়েই নাপাওঁ ৷ ৭৩অলপ সময় পাচত যি বিলাক তাত থিয় হৈ আছিল, তেওঁলোকে পিতৰৰ ওচৰলৈ আহি ক’লে,’নিশ্চয় তুমিও তেওঁলোকৰ মাজৰ এজন, কাৰণ তোমাৰ মাত কথাই তাৰ চিনাকী দিছে ৷’৭৪তেতিয়া তেওঁ শাও দি শপত খাই ক’লে, ' মই সেই মানুজনক নিচিনোৱেই ৷’ তেতিয়াই কুকুৰাই ডাক দিলে ৷ ৭৫' আৰু কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনিবাৰ অস্ৱীকাৰ' কৰিবা' বুলি যীচুৱে কোৱা কথাষাৰ পিতৰৰ মনত পৰিল ৷ তেতিয়া তেওঁ বাহিৰ ওলাই গৈ,অতি শোকেৰে কান্দিবলৈ ধৰিলে ৷
0 Comments