দহ জনী কন্যা, আৰু গাগৰিৰ দৃষ্টান্ত
২৫তেতিয়া চাকি লৈ, দৰাক আদৰিবলৈ যোৱা দহ গৰাকী যুৱতীৰ লগত স্বৰ্গৰাজসৰ তুলনা দিয়া হ’ব ৷ ২তেওঁলোকৰ পাঁচ গৰাকী নিৰ্ব্বুদ্ধিৰ আৰু পাঁচ গৰাকী সুবুদ্ধি আছিল ; ৩ কাৰণ নিৰ্ব্বুদ্ধি কেইগৰাকীয়ে চাকি লওঁতে লগত বেলেগে তেল নল’লে, ৪আনহাতে সুবুদ্ধি কেইগৰাকীয়ে চাকি লওঁতে পাত্ৰত বেলেগ তেল ল’লে ৷ ৫দৰা অহা পলম হোৱাত, যুৱতী কেইগৰাকী কলমটিয়াই কলমটিয়াই টোপনি গ’ল ৷ ৬মাজনিশা, সৌৱা দৰা পালেহিয়েই ! তেওঁক আদৰিবলৈ ওলোৱাহঁক, এই বুলি ৰিঙিওৱা হ’ল ৷ ৭তেতিয়া আটাই কেইগৰাকী যুৱতীয়েই সাৰ পাই, তেওঁলোকৰ চাকিবোৰ ঠিক কৰি ল’লে ৷ ৮তাতে নিৰ্ব্বুদ্ধি কেইগৰাকীয়ে, সুবুদ্ধি কেইগৰাকীক ক’লে তোমালোকৰ তেলৰ পৰা আমাক অলপ দিয়া, কাৰণ আমাৰ চাকি নুমাওঁ নুমাওঁ হৈছে ৷ ৯কিন্তু সুবুদ্ধি কেইনগৰাকীয়ে ক’লে, তোমালোকলৈ আৰু আমালৈকো নুজুৰিব পাৰে ৷ তাতকৈ দোকানীৰ পৰা তোমালোকৰ নিমিত্তে কিনাগৈ ৷ ১০তেতিয়া নিৰ্ব্বুদ্ধি কেইগৰাকীয়ে তেল কিনিবলৈ যাওঁতেই, দৰা আহি পালে ৷ তেতিয়া সাজু হৈ থকা পাঁচ গৰাকী যুৱতী দৰাৰে সৈতে বিয়া ভোজৰ ঠাইত সোমাল আৰু দুৱাৰ বন্ধ কৰা হ’ল ৷ ১১অলপ পাচতে আন কেইগৰাকী যুৱতী ঘূৰি আহিল, আৰু তেওঁলোকে চিঞৰি চিঞৰি কবলৈ ধৰিলে, হে প্ৰভু, হে প্ৰভু, আমালৈ দুৱাৰ মেলিদিয়ক ৷ ১২তেতিয়া দৰাই উত্তৰ দিলে,মই সচাঁকে কৈছোঁ, তোমালোকক মই চিনি নাপাওঁ ৷ ১৩শেষত যীচুুৱে তেওঁলোকক ক’লে, পৰ দি থাকা, কাৰণ তোমালোকে সেই দিন বা সময় তোমালোকে সেই দিন বা সময় নাজানা ৷’
তিনিজন দাসৰ দৃষ্টান্ত (লূক ১৯: ১১ -২৭)
১৪'সেই সময়ত, স্বৰ্গৰাজ্যৰ, দূৰ দেশলৈ যাত্ৰা কৰিবলৈ ওলোৱা এজন মানুহৰ লগত তুলনা দিয়া হ’ব ৷ তেওঁ দাসবিলাকক মাতি আনি, তেওঁৰ সম্পত্তিৰ দায়িত্ব দিলে ৷ ১৫তেওঁ সিহঁতৰ এজনক পাঁচ হাজাৰ, এজনক দুহাজাৰ আৰু আন এজনক এহেজাৰ ৰূপৰ মুদ্ৰা সিহঁতৰ সামৰ্থ্য অনুচসৰি ভগাই দি ৰাওণা হ’ল ৷ ১৬তাতে যিজন দাসে পাঁচ হাজাৰ মুদ্ৰা পাইছিল, সি লগে লগেই সেইখিনি ধনেৰে ব্যৱসায় কৰি, আৰু পাঁচ হাজাৰ উপাৰ্জ্জন কৰিলে ৷ ১৭সেইদৰে দুহাজাৰ পোৱা জনেও, আৰু দুুহাজাৰ উপাৰ্জ্জন কৰিলে ৷ ১৮কিন্তু যিজন দাসে এহেজাৰ মুদ্ৰা পাইছিল, সি গৈ মাটিত গাঁত খান্দি, তাৰ প্ৰভুৰ ধন লুকুেৱাই থ’লে ৷১৯বহুত দিনৰ পাচত সেই দাসবিলাকৰ প্ৰভুৱে ঘূৰি আহি, সিহঁতৰ পৰা হিচাব ল’লে ৷ ২০তেতিয়া যিজন দাসে পাঁচ হাজাৰ মুদ্ৰা পাইছিল, তেওঁ আৰিু পাচঁ হাজাৰ মু্দ্ৰা আনি ক’লে, প্ৰভু, আপুনি মোক পাঁচ হাজাৰ মুদ্ৰা দিছিল৷ চাওক এইয়া, মই আৰু পাঁচ হাজাৰ উৰ্পাজন কৰিলো ঁ৷ ২১তেতিয়া তাৰ প্ৰভুৱে তাক ক’লে, চাবাইচ উত্তম বিশ্বাসী দাস ! তুমি অলপ বিষয়ত বিশ্বাসী আছিলা ; মই তোমাক অনেক বিষয়ৰ গৰাকী পাতিম ৷ আহাঁ মোৰ আনন্দৰ ভাগী হোৱা ৷, ২২তেতিয়া যিজন দাসক দুহাজাৰ মুদ্ৰা দিয়া হৈছিল, তেৱোঁ আহি ক’লে প্ৰভু, আপুনি মোক দুহেজাৰ মুদ্ৰা দিছিল চাওক এইয়া, মই আৰু দুহাজাৰ উপাৰ্জ্জন কৰিলোঁ ৷ ২৩তেওঁৰ প্ৰভুৱে ক’লে, চাবাইচ্ উত্তম দাস বিশ্বাসী দাস ! তুমি অলপ বিষয়ত বিশ্বাসী আছিলা, মই তোমাক অনেক বিষয়ৰ গৰাকী পাতিম ৷ আহা, মোৰ আনন্দৰ ভাগী হোৱা, ৷ ২৪তেতিয়া যি জন দাসে এহেজাৰ মুদ্ৰা পাইছিল, তেওঁ আহি কলে প্ৰভু, মই জানো আপুনি কঠিন মানুহ ! আপুনি যত ৰোৱা নাই, ত’তে দায়, আৰু য’ত বিধান সিঁচা নাই, ত’তে শস্য় চপায় ৷ ২৫সেই কাৰণে মই ভয় কৰি ওলাই গৈ, আপোনাৰ ধন মাটিত লুকুৱাই থ’লো ৷ চাওক এইয়া, আপোনাৰ ধন ৷ ২৬কিন্তু তাৰ প্ৰভুৱে তাক কলে, হেৰৌ দুষ্ট আৰু এলেহুৱা দাস ! মই য’তে ৰোৱা নাই, ত’তে দাওঁ আৰু যতে সিচা নাই ততে চপাওঁ ! ২৭তই যদি সেইটো জানিছিলিয়েই, তেন্তে মোৰ ধন বেঙ্কট থ’ব লাগিছিল; তেতিয়া মই ঘুৰি আহি সুতে মূলে মোৰ ধন পালোঁহেতেন ৷ ২৮এতিয়া ইয়াৰ পৰা এই ধন লৈ, যাৰ দহ হাজাৰ মুদ্ৰা আছে, তাক দিয়া ৷ ২৯কাৰণ যাৰ আছে, তাকেই আৰু দিয়া হ’ব ; কিন্তু যাৰ নাই, তাৰ যি অলপ আছে, তাকো তাৰ পৰা লৈ যোৱা হ’ব ৷ ৩০আৰু এই অযোগ্য দাসক নি, অন্ধকাৰত পেলাই দিয়া ; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব ৷
শেষ কালৰ মহাবিচাৰ দিনৰ বৰ্ণনা
৩১যেতিয়া মানৱ -পুত্ৰ, নিজৰ প্ৰতাপেৰে সকলো দূতক লগত লৈ আহিব, তেতিয়া তেওঁ গৌৰৱৰ সিংহাসনত বহিব ; ৩২আৰু সকলো জাতিৰ মানুহক তেওঁৰ আগত গোটোৱা হ’ব ৷ তাতে ৰখীয়াই যেনেকৈ মেৰ ছাগবোৰক ছাগলীৰ পৰা পৃথক কৰে, তেনেকৈ তেওঁ তেওঁলোকৰ এজনক আনজনৰ পৰা পৃথক কৰিব ৷ ৩৩তেওঁ ধাৰ্ম্মিকবিলাকক তেওঁৰ সোঁফালে আৰু আনবিলাক তেওঁৰ বাওঁফালে থ’ব ৷ ৩৪তেতিয়া ৰজাই সোঁফালে থকাবিলাকক ক’ব, আহাঁ মোৰ পিতৃৰ আশীৰ্ব্বদৰ পাত্ৰবিলাক, জগতৰ সৃষ্টিৰে পৰা যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা ৷ ৩৫কাৰণ মোৰ ভোক লাগিছিল ,তাতে তোমালোকে মোক আহাৰ দিছিলা ; মোৰ পিয়া লাগিছিল, মোক পানী খাবলৈ দিছিলা ; অতিথি হৈছিলোঁ , তোমালোকে মোক আশ্ৰয় দিছিলা ; ৩৬উদঙে আছিলোঁ, তোমালোকে মোক কাপোৰ পিন্ধাইছিলা ; নৰিয়া পৰিছিলোঁ, তোমালোকে মোক চাবলৈ গৈছিলা ; বন্দীশালত আছিলোঁ তাতো তোমালোকে মোৰ ওচৰলৈ গৈছিলা !৩৭তেতিয়া ধাৰ্ম্মিকবিলাকে তেওঁক উত্তৰ দি ক’ব, হে প্ৰভু আমি নো কেতিয়া আপোনাৰ ভোক লগা দেখি আহাৰ দিছিলোঁ, বা পিয়াহ লগা দেখি পানী খাবলৈ দিছিলো ? ৩৮আমি নো কেতিয়া আপোনাক অতিথি হোৱা দেখি আশ্ৰয় দিছিলোঁ, বা উদঙে থকা দেখি কাপোৰ পিন্ধাইছিলোঁ ? ৩৯কেতিয়া নো আমি আপোনাক নৰিয়া পৰা বা বন্দীশালত থকা দেখি, চাবলৈ গৈছিলো ঁ৷ ৪০তেতিয়া ৰজাই তেওঁলোকক উত্তৰ দি ক’ব, মই তোমালোকক সত্যকৈ কওঁ ,৷ মোৰ এই ভাইবিলাকৰ, মাজৰত সৰু এজনলৈকো যি কৰিছিলা, তাক মোলৈকেহে কৰিছিলা ৷ ৪১তেতিয়া তেওঁ বাওঁফালে থকাবিলাকক ক’ব, হেৰ ’ শাৱে পোৱাহঁত, চয়তান আৰু তাৰ দূতবিলাকৰ বাবে থুগুসত কৰি থোৱা অনন্ত অগ্নিলৈ তহঁত মোৰ ওচৰৰ পৰা গুচি যাহঁক ! ৪২কাৰণ মোৰ ভোক লাগিছিল , মোক আহাৰ নিদিলি , ৪৩মই অতিথি হৈছিলোঁ, মোক আশ্ৰয় নিদিলি ,মই উদঙে আছিলোঁ, তহঁতে মোক কাপোৰ নিপিন্ধালি ; নৰিয়া পৰিছিলোপঁ, আৰু বন্দীশালত আছিলোঁ, মোক চাবলৈ নগলি ৷ ৪৪তেতিয়া সিহঁতে তাৰ উত্তৰত ক’ব, হে প্ৰভু, আমি নো কেতিয়া আপোনাক, ভোক লগা বা পিয়াহ লগা, অতিথি হোৱা বা উদঙে থকা , নৰিয়া পৰা বা বন্দীশালত থকা দেখি, আপোনাৰ সেৱা -শুশ্ৰূষা নকৰিলোঁ ? ৪৫ তেতিয়া তেওঁ সিহঁতক ক’ব, মই তহঁতক সঁচাকৈ কওঁ, এই সৰুবিলাকৰ মাজৰ এজনলৈকো যি নকৰিলি, তাক মোলৈকেহে নকৰিলি ৷ ৪৬তাতে সিহঁত অনন্ত দণ্ডলৈ, কিন্তু ধাৰ্ম্মিকবিলাক অনন্ত জীৱনলৈ যাব ৷ ’
0 Comments