যীচুৱে ফৰীচী আৰু অধ্যাপকসকলৰ দোষ দেখুৱা,যীচুৱে তেওলোকৰ শাস্তিৰ বিষয়ে ভবিষ্যতৎ-বাণী কোৱা,জেৰুচালেমৰ নিমিত্তে বিলাপ ৷ পবিত্ৰ বাইবেল মথি ২৩অধ্যায় ১ৰ পৰা ৩৯ পদলৈ ৷


 যীচুৱে ফৰীচী আৰু অধ্যাপকসকলৰ দোষ দেখুৱা 

২৩ তেতিয়া যীচুৱে লোকসমূহ আৰু  তেওঁৰ শিষ্যবিলাকক ক’লে,  ২অধ্যাপক আৰু ফৰীচীবিলাক মোচিৰ আসনত বহি আছে; ৩এই নিমিত্তে তেওঁলোকে তোমালোকক যি আজ্ঞা দিয়ে, সেই সকলোকে পালন আৰু মান্য কৰিবা ;  কিন্ত তেওঁলোকৰ কৰ্ম্মৰ দৰে নকৰিব ; কিয়নো তেওঁলোকে কয় , কিন্তু নকৰে ৷ ৪তেওঁলোকে গধূৰ আৰু অসহনীয়  ভাৰ বান্ধি, মানুহবিলাকৰ কান্ধত  দিয়ে ,কিন্তু নিজে , এটা আঙুলিৰেও  তাক লৰাবলৈ ইচ্ছা নকৰে ৷ ৫কিন্তু তেওঁলোকে মানুহক দেখুৱাবলৈ নিজৰ সকলো কৰ্ম্ম কৰে ; কিয়নো তেওঁলোকে নিজৰ নিজৰ তাবিজ ড়াঙৰ কৈ লয় , আৰু কাপোৰৰ দহি দীঘলকৈ ৰাখে; ৬ভোজত প্ৰধান ঠাই, আৰু  নাম -ঘৰত প্ৰধান  আসন,  ৭হাট-বজাৰত নমস্কাৰ ,আৰু ৰব্বি  নাম, এই  সকলোকে ভাল পায় ৷  ৮কিন্তু তোমালোকে হ’লে ৰব্বি বুলি মতা নহ’বা ;  কিয়নো এজনা তোমালোকৰ গুৰু আছে , আৰু তোমালোক সকলো ভাই ভাই ৷ ৯পৃথিবীত  কাকো পিতৃ বুলি নামাতিবা , কিয়নো এজনা, অৰ্থাৎ স্বৰ্গত থকা জনাই  তোমালোকৰ পিতৃ ৷ ১০আৰু তোমালোক আচাৰ্য্য বুলি মতা নহ’ব ; কিয়নো এজনা, অৰ্থাৎ খ্ৰীষ্টই তোমালোকৰ আচাৰ্য্য ৷ ১১ কিন্তু তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ তোমালোকৰ পৰিচাৰক হ’ব ৷ ১২যি কোনোৱে নিজকে নিজে বৰ বুলি মানিব,  তেওঁক সৰু কৰা হ’ব ; আৰু  যি কোনোৱে নিজকে  নিজে  সৰু বুলি মানিব, তেওঁক বৰ কৰা হ’ব ৷ 
   ১৩কিন্তু হায় হায় কপটীয়া অধ্যাপক আৰু  ফৰীচীবিলাক ! তোমালোক সন্তাপৰ  পাত্ৰ ; কিয়নো মানুহবিলাকৰ আগত তোমালোকে স্বৰ্গৰাজ্যৰ  দুৱাৰ বন্ধ কৰিছা ; কাৰণ তোমালোকে নিজেও নোসোমোৱা, আৰু সোমাবলৈ ধৰাবিলাককো সোমাবলৈ নিদিয়া ৷* ১৫হায় হায় কপটীয়া অধ্যাপক আৰু ফৰীচীবিলাক ! তোমালোক সন্তাপৰ  পাত্ৰ ; কিয়নো তোমালোকে  এজনক যিহূদী -ধৰ্ম্ম লোৱাবলৈ, সাগৰ আৰু পৃথীবী ঘুৰি ফৰা ; আৰু যেয়ে লয়, তাক নিজতকৈয়ো দুগুণ নৰকী কৰা ৷ 
 ১৬হায়  হায় অন্ধ পথদৰ্শকবিলাক ! তোমালোক সন্তাপৰ পাত্ৰ ; কিয়নো তোমনমালোকে কোৱা যে ,মন্দিৰত ধৰি শপত খালে একো নহয় ; কিন্তু যি জনে মন্দিৰৰ সোণত  ধৰি শপত খায় ,তেওঁ ধৰুৱা ৷ ১৭হে নিৰ্ব্বোধ আৰু অন্ধবিলাক, সোণ আৰু সোণক পবিত্ৰ কৰা যি মন্দিৰ, এই  দুয়োৰো মাজত কোন শ্ৰেষ্ঠ ? ১৮ আৰু তোমালোকে কোৱা যে, বেদিত ধৰি শপত খালে একো নহয় ; কিন্তু যি জনে তাৰ ওপৰৰ  নৈবেদ্যত ধৰি শপত খায়, তেওঁ  ধৰুৱা ৷ ১৯ হে  অন্ধবিলাক, নৈবেদ্য , আৰু নৈবেদ্যক পবিত্ৰ কৰা যি বেদি, এই  দুয়োৰো  মাজত কোনটো  শ্ৰেষ্ঠ  ?২০এতেকে, যি কোনোৱে বেদিত ধৰি শপত খায়, তেওঁ বেদিত, আৰু  তাৰ ওপৰৰ সকলোতে ধৰি  শপত খোৱা  হয় ৷ ২১আৰু যি কোনোৱে মন্দিৰত ধৰি  শপত খায়, তেওঁ মন্দিৰ, আৰু  তাত বাস  কৰা জনাতো ধৰি শপত  খোৱা হয় ৷ ২২আৰু  যি কোনোৱে  স্বৰ্গৰ নামে শপত  খায়, তেওঁ  ঈশ্বৰৰ সিংহাসন, আৰু তাৰ ওপৰত বহা জনাৰ  নামেও শপত খায় ৷ 
২৩হায়  হায় কপটীয়া অধ্যাপক আৰু ফৰীচীবিলাক ! তোমালোক  সন্তাপৰ  পাত্ৰ ; কিয়নো  তোমালোকে পদিনা , গুৱামৰি , আৰু জীৰাৰ দশম  ভাগ দান কৰা, কিন্তু বিধানৰ মাজৰ গুৰুতৰ ভাগ যি ন্যায় -বিচাৰ, দয়া আৰু বিশ্বাস, এইবোৰ  এৰিলাহঁক ৷ কিন্তু এইবোৰ পালন কৰা , আৰু সেইবোৰকো  নেৰা তোমালোকৰ উচিত আছিল ৷  ২৪ হে অন্ধপথ -দৰ্শকবিলাক, তোমালোকে পোক  এটাকে ছাকি পেলাই, উটকে গিলাহঁক ৷ 
     ২৫ হায় হায় কপটীয়া অধ্যাপক  আৰু ফৰীচীবিলাক ! তোমালোক সন্তাপৰ পাত্ৰ ; কিয়নো তোমালোকে বাটি-কাঁহীৰ বাহিৰ ফাল নিকা কৰা, কিন্তু  ভিতৰ  ফাল অপহৰণ আৰু অপৰিমিততাৰে পৰিপূৰ্ণ ৷ ২৬হে অন্ধ ফৰীচী, আগেয়ে বাটি -কাঁহীৰ ভিতৰ  ফাল  নিকা কৰা, তেহে তাৰ বাহিৰ ফালো নিকা হ’ব ৷ 
   ২৭হায় হায়  কপটীয়া  অধ্যাপক  আৰু  ফৰীচীবিলাক ! তোমালোক সন্তা্পৰ পাত্ৰ ; কিয়নো তোমালোক বগাকৈ লিপা মৈদামৰ নিচিনা ; সেইবোৰৰ বাহিৰফালে দেখিবলৈ  সুন্দৰ, কিন্তু  ভিতৰফালে মৰা মানুহৰ হাড় আৰু সকলো প্ৰকাৰ  মলিৰে পৰিপূৰ্ণ ; ২৮সেইদৰে তোমালোকো বাহিৰে, মানুহে  দেখাত ধাৰ্ম্মিক; কিন্তু ভিতৰে, কপট আৰু অধৰ্ম্মেৰে পূৰ হৈ  আছা ৷ 

যীচুৱে তেওলোকৰ শাস্তিৰ বিষয়ে ভবিষ্যতৎ-বাণী কোৱা (লূক ১১ঃ৪৭-৫১)

২৯ হায় হায় কপটীয়া  অধ্যাপক  আৰু ফৰীচীবিলাক  ! তোমালোক সন্তাপৰ পাত্ৰ ;  কিয়নো  তোমালোকে ভাববাদীসকলৰ মৈদাম  বান্ধিছা, আৰু  ধাৰ্ম্মিকবিলাকৰ মৈদাম শোভিত কৰিছা; ৩০ আৰু কোৱা  যে  আমাৰ পূৰ্ব্বপুৰুষসকলৰ দিনত আমি থকা  হ’লে, ভাববাদীসকলৰ ৰক্তপাতত তেওঁলোকৰ  সহভাগী নহলোহঁতেন ৷ ৩১ এইদৰে, তোমালোক যে  ভাববাদী-সকলক বধ কৰাবিলাকৰ সন্তান , এই বিষয়ে তোমালোকে নিজেই নিজৰ পক্ষে  সাক্ষ্য দিছা ৷ ৩২এই হেতুকে তোমালোকেও নিজৰ পূৰ্ব্ব-পুৰুষসকলৰ  জোখৰ পাত্ৰ পূৰ কৰা ৷  ৩৩হে সৰ্পগণ, কালসৰ্পৰ বংশ,  তোমালোকে নো কেনেকৈ  নৰকৰ দণ্ডৰ পৰা সাৰিবা ? ৩৪এই নিমিত্তে চোৱা, মই তোমালোকৰ ওচৰলৈ ভাববাদী, জ্ঞানী আৰু অধ্যাপকসকলক পঠাওঁ;  তেওঁলোকৰ মাজৰ জনদিয়েকক তোমালোকে  বধ কৰিবা, ক্ৰুচতো দিবা ; জনদিয়েকক তোমালোকে নাম -ঘৰত কোবাবা, আৰু নগৰে নগৰে তাড়না কৰিবা ৷ ৩৫তাতে ধাৰ্ম্মিক হেবলৰ ৰক্তপাতৰ  পৰা,  বৰখিয়াৰ পুতেক  যি জখৰিয়াক তোমালোকে মন্দিৰ  আৰু বেদিৰ  মাজত বধ কৰিলা, তেওঁৰ  ৰক্তপাতলৈ  পৃথিবীৰ ওপৰত সকলো ধাৰ্ম্মিকৰ  ৰক্তপাৰ দোষ তোমালোকৰ  ওপৰত পৰিব ৷ ৩৬মই তোমালোকক স্বৰূপকৈ কওঁ, এই সকলো এই কালৰ লোককবিলাকৰ  ওপৰত পৰিব ৷ 

জেৰুচালেমৰ নিমিত্তে বিলাপ  (১৩ঃ৩৪ -৩৫)
৩৭ 'হে  ভাববাদীসকলক বধ কৰোঁতা  আৰু তোমালৈ পঠোৱাবিলাকক শিল দলিয়াই মাৰোঁতা যিৰূচালেম ,যিৰূচালেম, কুকুৰাই  যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়,  তেনেকৈ ময়ো তোমাৰ সন্তান বিলাকক কিমানবাৰ চপাবলৈ ইচ্চা কৰিলোঁ, কিন্তু সম্মত নহলা ৷ ৩৮চোৱা , তোমাৰ ঘৰ নিৰ্জ্জন হবলৈ তোমালৈ ত্যক্ত হৈ গৈছে ৷ ৩৯কিয়নো মই তোমাক কওঁ, প্ৰভুৰ  নামেৰে যি জনা আহিছে, তেওঁ ধন্য, এই কথা  তুমি নোকোৱামানে, এতিয়াৰ  পৰা মোক দেখিবলৈ নাপাবা ৷

  
                                                                                                          


  

  

Post a Comment

0 Comments

Ad Code