বিয়াৰ ভোজৰ দৃষ্টান্ত, কৈচৰক কৰ দিয়াৰ বিষয়ে প্ৰশ্ন,মৃত বিলাকৰ পুৰুনত্থানৰ বিষয়ে প্ৰশ্ন,প্ৰধান আজ্ঞাৰ বিষয়ে প্ৰশ্ন , খ্ৰীষ্টৰ বিষয়ে প্ৰশ্ন ৷ পবিত্ৰ বাইবেল মথিয়ে লিখা শুভবাৰ্ত্তা ২২অধ্যায় ১পৰা ৪৬পদলৈ ৷

বিয়াৰ  ভোজৰ  দৃষ্টান্ত(লূক ১৪ঃ১৫-২৪)
 ২২ পাছে যীচুৱে উত্তৰ দি, আকৌ দৃষ্টান্তৰে তেওঁলোকক ক’লে যে, ২স্বৰ্গৰাজ্য তুলনা এনে এজন ৰজাৰ লগত দিয়া যায়, উৎসৱ পাতি নিমন্ত্ৰিতবিলাকক সেই  উৎসৱলৈ মাতিবলৈ ৩ তেওঁৰ  দাসবোৰক পঠাই দিলে , কিন্তু  তেওঁলোকে আহিবলৈ মন নকৰিলে ৷ ৪পুনৰায় তেওঁ আন  দাসবোৰক এই  আদেশ দি পঠালে, নিমন্ত্ৰিতবিলাকক কগৈ, চোৱা,  মোৰ ভোজ যুগুত কৰিলোঁ ;মোৰ বলট আদি হৃষ্টপুষ্ট পশু মৰা হৈছে, আৰু সকলো যুগুত  হ’ল; তোমালোক বিয়াৰ উৎসৱলৈ আহাঁ ৷ ৫কিন্তু তেওঁলোকে  অৱহেলা কৰি কোনৱে নিজৰ খেতিলৈ আৰু কোনোৱে  নিজৰ বেহাবেপাৰলৈ গুচি গ’ল ৷ ৬আৰু অৱশিষ্টবোৰে তেওঁৰ সেই দাসবোৰক ধৰি, অপমান কৰি বধ কৰিলে ৷ ৭তাতে ৰজাৰ খং  উঠি,  তেওঁৰ সৈন্যবিলাকক  পঠাই, সেই নৰবধীবোৰক সংহাৰ কৰি, সিহঁতৰ নগৰখন পুৰি পেলালে ৷ ৮তেতিয়া তেওঁৰ  দাসবোৰক ক’লে, বিয়াৰ ভোজ  যুগুত  হৈ আছে , কিন্তু নিমন্ত্ৰিতবিলাক যোগ্য নাছিল;  ৯এই  হেতুকে তহঁতে চাৰিমুনি বাটলৈ গৈ, যিমান মানুহ পাৱ ,সেই  আটাইবিলাককে বিয়াৰ উৎসৱলৈ নিমন্ত্ৰণ কৰগৈ ৷ ১০তেতিয়া  সেই দাসবোৰে  বাহলৈ গৈ, ভাল বেয়া যিমান মানুহ পালে, সেই সকলোকে গোটাই আনিলে ; তাতে আলহীবিলাকেৰেই বিয়া ঘৰ ভৰিল ৷ 
১১কিন্তু ৰজাই আলহীবিলাকক চাবলৈ ভিতৰলৈ  আহিলত, বিয়াৰ কাপোৰ নিপিন্ধা এজন  মানুহক দেখি সুধিলে, ১২হে মিত্ৰ, বিয়াৰ কাপোৰ  নোহোৱাকৈ তুমি নো  ইয়াত  কেনেকৈ সোমালা ?  তাতে তেওঁ অবাক হ’ল ৷ ১৩তেতিয়া ৰজাই  তেওঁৰ পৰিচাৰকবোৰক ক’লে, ইয়াক হাত -ভৰি  বান্ধি, বাহিৰৰ আন্ধাৰত পেলাগৈ ৷ তাতে ক্ৰন্দন আৰু দাঁত  কৰচনি হ’ব ৷ ১৪কিয়নো নিমন্ত্ৰিত লোক অনেক, কিন্তু মনোনীত লোক তাকৰ ৷

 কৈচৰক কৰ দিয়াৰ বিষয়ে প্ৰশ্ন মাৰ্ক  ১২ঃ১৩-১৭, লূক ২০ঃ ২০-২৬ )

১৫ তেতিয়া ফৰীচীবিলাকে গৈ ,যীচুক কেনেলৈ তেওঁক বাক্যৰূপ ফান্দত পেলাব পাৰিব , ১৬এনে মন্ত্ৰণা কৰি, হেৰোদীয়া মানুুহে সৈতে তেওঁলোকৰ শিষ্যবিলাকক তেওঁৰ  ওচৰলৈ পঠাই কোৱালে, হে গুৰু , আপুনি সত্য, আৰু সত্যৰূপে ঈশ্বৰৰ পথ দেখুৱাইছে, আৰু কালৈকো  ভয় নাৰাখে, ইয়াক আমি জানো ;  কিয়নো আপুনি মানুহৰ মুখলৈ নাচায় ? ১৭ এতেকে কৈচৰক খাজনা দিব পায় নে নাপায়  ?  আপোনাৰ মনে কি ধৰে, আমাক কওক  ৷ ১৮তাতে যীচুৱে তেওঁলোকৰ দুৰ্ম্মতি  জানি ক’লে, হে কপটীয়াবিলাক , কিয় মোক পৰীক্ষা  কৰিছা  ? সেই  খাজনাৰ ধন মোক  দেখুউৱা ৷ ১৯তেতিয়া  তেওঁলোকে  তেওঁৰ  আগলৈ আধালি এটা  আনিলে ৷ ২০তাতে তেওঁ তেওঁলোকক  সুধিলে, এই প্ৰতিমূৰ্ত্তি আৰু কাৰ ?  তেওঁলোকে  তেওঁক ক’লে, কৈচৰৰ ৷  ২১তেতিয়া তেওঁ তেওঁলোকক কলে, তেন্তে যি কৈচৰৰ , তাক কৈচৰক দিয়া , আৰু ঈশ্বৰক দিয়া ৷ ইয়াকে শুনি তেওঁলোকে বিস্ময় মানি ; তেওঁক এৰি গুচি গ’ল ৷  

মৃত বিলাকৰ পুৰুনত্থানৰ বিষয়ে  প্ৰশ্ন (মাৰ্ক  ১২: ১৩-১৭, লূক ২০ : ২০-২৬) 

২৩ সেই দিনাই , পুনৰুত্থান নাই বুলি কোৱা চদ্দূকীবিলাকে তেওঁৰ ওচৰলৈ আহি , তেওঁক সুধিলে , ২৪হে   গুৰু , কোনো মানুহ  যদি সন্তান নোহোৱাকৈ মৰে , তেন্তে ভায়েকে তেওঁৰ তিৰোতাক বিয়া কৰি , ককায়েকলৈ বংশ উৎপন্ন  কৰিব, মোচিয়ে এনে  আজ্ঞা দিলে ৷ ২৫বাৰু , আমাৰ লগত সাত জন ভাই- ককাই আছিল ; প্ৰথম জন বিয়া কৰি মৰিল আৰু সন্তান নোহোৱাকৈ তেওঁৰ তিৰোতাক ভায়েকলৈ এৰি গ’ল ৷ ২৬পাছে  দ্বিতীয়  তৃতীয় আদি কৰি  সপ্তমজনলৈকে সেইদৰে কৰিলে ৷  ২৭ সকলোৰে পাছত  সেই তিৰোতা জনী মৰিল ৷ ২৮তেন্তে ;পুনৰুত্থানত তেওঁ সেই সাত জনৰ কাৰ তিৰোতা হ’ব ? কিয়নো সকলোৱে তেওঁক বিয়া কৰিছিল ৷ 
২৯তাতে যীচুৱে উত্তৰ দি তেওঁলোকক  ক’লে,  তোমালোকে ধৰ্ম্মশাস্ত্ৰ  আৰু  ঈশ্বৰৰ পৰাক্ৰম নাজানি ভ্ৰান্ত হৈছাহঁক ৷ ৩০কিয়নো পুনৰুত্থানত বিয়া  নকৰে, বিয়া দিয়াও নহয় ; কিন্তু স্বৰ্গত  থকা  দূতৰ  নিচিনা হয় ৷ ৩১ মৃতবিলাকৰ পুনৰুত্থানৰ বিষয়ে যি বচন ঈশ্বৰৰ  দ্ধাৰাই তোমালোকক কোৱা হৈছিল , বোলে, ৩২মই অব্ৰাহামৰ ঈশ্বৰ, ইচ্হাকৰ ঈশ্বৰ যাকোবৰ ঈশ্বৰ, তাক তোমালোকে পঢ়া  নাই নে ? তেওঁ মৃতবিলাকৰ ঈশ্বৰ নহয়, কিন্তু জীয়াবিলাকৰহে ঈশ্বৰ ৷ ৩৩ইয়াকে শুনি, লোকসমূহে তেওঁৰ উপদেশত বিস্ময় মানিলে ৷ 

প্ৰধান  আজ্ঞাৰ  বিষয়ে  প্ৰশ্ন 

৩৪পাছে তেওঁ চদ্দুকীবিলাকক নিৰুত্তৰ কৰা  শুনি, ফৰীচীবিলাক গোট  খালে,  ৩৫আৰু তেওঁলোকৰ মাজৰ এজন বিধানপণ্ডিতে তেওঁক পৰীক্ষা কৰি সুধিলে, ৩৬হে গুৰু বিধানৰ কোনটো আজ্ঞা প্ৰধান ? ৩৭তাতে যীচুৱে তেওঁক ক’লে, তুমি সকলো হৃদয়, সকলো  প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ  প্ৰভু পৰমেশ্বৰক প্ৰেম  কৰা ; ৩৮এয়ে প্ৰধান আৰু প্ৰথম আজ্ঞা  ৷ ৩৯আৰু তাৰে নিচিনা দ্বিতীয়টো  এই , তোমাৰ  চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা ৷ ৪০এই দুটা আজ্ঞাতে গোটেই বিধান আৰু ভাববাদীসকলৰ বাক্য ওলমি  আছে ৷ 

 খ্ৰীষ্টৰ বিষয়ে প্ৰশ্ন   ১২: ১৮ -২৭, লূক ২০ :২৭ 

৪১ফৰীচীবিলাক গোট খাই থকা সময় , যীচুৱে তেওঁলোকক সুধিলে ,৪২ খ্ৰীষ্টৰ বিষয়ে তোমালোকে কি ভাবা ? তেওঁ কাৰ সন্তান ? তেওঁলোকে তেওঁক ক’লে দায়ূদৰ সন্তান ৷ ৪৩তাতে তেওঁ তেওঁলোকক ক’লে ,তেনেহলে ,৪৪প্ৰভুৱে মোক প্ৰভুক কলে ,
মই তোমাৰ শত্ৰুবোৰক তোমাৰ চৰণৰ অধীন নকৰোঁমানে, মোৰ সোঁহাতে বহি থাকা ;
এই বুলি ,দায়ূদে কেনেকৈ  আত্মাৰ দ্বাৰাই তেওঁক প্ৰভু বোলে ? ৪৫এতেকে দায়ূদে যদি তেওঁক প্ৰভু বোলে;  তেন্তে তেওঁ কেনেকৈ তেওঁৰ  সন্তান হ’ব  পাৰে ?  ৪৬তাতে কোনেও তেওঁক  একো উত্তৰ দিব নোৱাৰিলে;  আৰু সেই দিনাৰে পৰা তেওঁক আৰু কোনো কথা  সুধিবলৈকো কাৰো সাহ নহ’ল ৷

Post a Comment

0 Comments

Ad Code