যীচুৱে এজন জঠৰ ৰোগীক সুস্থ কৰা
২কিছু দিনৰ পাছত, তেওঁ আকৌ কফৰনাহূমত সোমালত, তেওঁ ঘৰত আছে বুলি শুনি, ইমান মানুহ গোট খালে ২যে, দুৱাৰ-মুখতো আৰু ঠাই নাইকিয়া হ’ল ৷ তাতে তেওঁ তেওঁলোকৰ আগত বাক্য প্ৰচাৰ কৰিলে ৷ ৩তেতিয়া চাৰি জনে বৈ অনা এজন জঠৰ ৰোগীক মানুহবিলাকে তেওঁৰ ওচৰলৈ আনিলে৷ ৪কিন্তু লোকসমূহৰ কাৰণে তেওঁৰ ওচৰত চপাব নোৱাৰি, যি ঠাইত তেওঁ আছিল,তাৰ ওপৰৰ চাল গুচাই বাট কৰি, সেই পোনেদি জঠৰ ৰোগী শোৱা শয্যাখন নামালে ৷ ৫তাতে যীচুৱে তেওঁলোকৰ বিশ্বাস দেখি, সেই জঠৰ ৰোগীক ক’লে, বোপা তোমাৰ সকলো পাপ ক্ষমা হ’ল ৷ ৬তেতিয়া তাত বহি থকা অধ্যাপকসকলৰ কোনো কোনোৱে মনতে মনতে আলোচনা কৰি কলে, এওঁ এনে কথা কিয় কৈছে ? ৭এওঁ ঈশ্বৰনিন্দা কৰিছে ৷ এজনা অৰ্থাৎ ঈশ্বৰত বাজে কোনে পাপ ক্ষমা কৰিব পাাৰে ? ৮তেওঁলোকে মনতে এনে আলোচনা কাৰিছে, ইয়াক যীচু নিজৰ আত্মাত তেতিয়াই জানি, তেওঁলোকক ক’লে, তোমালোকৰ অন্তৰত কিয় এনে আলোচনা কৰিছা? ৯তোমাৰ পাপ ক্ষমা হ’ল; নাইবা উঠা, তোমাৰ শয্যা তুলি লৈ যোৱা; এই দুটা কথাৰ মাজত জঠৰ ৰোগীক কোনটো কবলৈ উজু? ১০কিন্তু পৃথিবীত পাপা ক্ষমা কৰিবলৈ মানুহৰ পুত্ৰৰ ক্ষমতা আছে, ইয়াক তোমালোকে জানিবলৈ-তেওঁ জঠৰ ৰোগীক ক’লে মই তোমাক কওঁ, ১১উঠা তোমাৰ শয্যা তুলি লৈ, নিজৰ ঘৰলৈ যোৱা৷ ১২তাতে তেওঁ উঠি, সকলোৰে আগতে তেতিয়াই তেওঁৰ শয্যা তুলি লৈ ওলাই গ’ল; তাতে সকলোৱে বিস্ময় মানি, আমি এনেকুৱা কেতিয়াও দেখা নাই, ইয়াকে কৈ ঈশ্বৰৰ স্তুতি কৰিলে ৷
লেবী, অৰ্থাৎ মথিক আহ্বান কৰা; আৰু লঘোনৰ বিষয়ে শিক্ষা
১৩পাছে তেওঁ আকৌ সাগৰৰ তীৰলৈ ওলাই গ’ল; আৰু গোটেই লোকসমূহ তেওঁৰ ওচৰলৈ আহিলত, তেওঁ তেওঁলোকক উপদেশ দিলে ৷১৪পাছে তেওঁ যাওঁতে, আলফয়ৰ পুতেক লেবীক, কৰ লোৱা চ’ৰাত বহি থকা দেখা পাই, তেওঁক ক’লে, মোৰ পাছে পাছে আহাঁ ৷ তেতিয়া তেওঁ উঠি,তেওঁৰ পাছে পাছে গ’ল৷ ১৫তাৰ পাছত যেতিয়া যীচু তেওঁৰ ঘৰত ভোজন কৰিবলৈ বহিল;তেতিয়া অনেক কৰতোলা আৰু পাপী তেওঁ আৰু তেওঁৰ শিষ্যবিলাকে সৈতে বহল; কিয়নো সিহঁত সৰহ আছিল,আৰু তেওঁৰ পাছে পাছে গৈছিল ৷ ১৬তেওঁ পাপী আৰু কৰতোলাবিলাকে সৈতে ভোজন কৰা দেখি, ফৰীচিবিলাকৰ অধ্যাপসকলে তেওঁৰ শিষ্যবিলাকক ক’লে, কৰতোলা আৰু পাপীবোৰৰ লগত এওঁ কিয় ভোজন-পান কৰে ? ১৭যীচুৱে তাকে শুনি তেওঁবিলাকক ক’লে, নিৰোগী মানুহৰ বেজৰ সকাম নাই, কিন্তু ৰোগীৰহে সকাম আছে ৷ মই ধাৰ্ম্মিকক নহয় কিন্তু পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ ৷
১৮তেতিয়া যোহন শিষ্যাবিলাক আৰু ফৰীচীবিলাকে লঘোন দিছিল; তাতে তেওঁলোকে আহি তেওঁক সুধিলে, যোহন আৰু ফৰাচীবিলাকৰ শিষ্যাবিলাকে লঘোন দিয়ে, কিন্তু আপোনাৰ শিষ্যবিলাকে লঘোন নিদিয়ে; ইয়াৰ কাৰণ কি ? ১৯তাতে যীচুৱে তেওঁবিলাকক ক’লে, সখি বিলাকৰ লগত দৰা থকা সময়ত, তেওঁলোকে লঘোন দিব পাৰে নে? তেওঁলোকৰ লগত দৰা থাকেমানে তেওঁলোকে লঘোন দিব নোৱাৰে ৷ ২০কিন্তু যি দিনা তেওঁলোকৰ লগৰ পৰা দৰাক নিয়া হ’ব, এনে দিন আহিব; তেতিয়া সেই দিনা তেওঁলোকৰ লগৰ পৰা দৰাক নিয়া হ’ব, এনে দিন আহিব; তেতিয়া সেই দিনা তেওঁলোকে লঘোন দিব ৷ ২১কোনেও পুৰণি বস্ত্ৰত মৰুৱা কাপোৰৰ টাপলি নামাৰে ;তেনে কৰিলে,যি ডোখৰেৰে টাপলি মাৰে, সেয়ে তাক ফালি নিয়ে,অৰ্থাৎ নতুন ডোখৰে পুৰণিক ফালি নিয়ে; তাতে ফটা সৰহহে হয় ৷ ২২আৰু পুৰণি ছালৰ মোটত নতুন দ্ৰক্ষাৰস কোনেও নথয়; যদি থয়, তেন্তে বসে সেই মোট ফালে, তাতে ৰস আৰু মোটো নষ্ট হয়; কিন্তু নতুন দ্ৰক্ষাৰস নতুন মোটতহে থয় ৷
বিশ্ৰাম বাৰৰ বিষয়ে যীচুৰ শিক্ষা
২৩পাছে তেওঁ বিশ্ৰাম-বাৰে শয্য-ক্ষেত্ৰৰ মাজেদি যাওঁতে, তেওঁৰ শিষ্যবিলাকে থোক ছিঙিবলৈ ধৰিলে ৷২৪তাতে ফৰীচীবিলাকে যীচুক ক’লে, চোৱা, বিশ্ৰাম-বাৰে যি কৰিব নাপায় তাক ইহঁতে কিয় কৰিছে ? ২৫তেতিয়া তেওঁ তেওঁলোকক কলে, দায়ূদ আৰু তেওঁৰ লগৰবিলাকৰ প্ৰয়োজন হ’লত, আৰু ভোক লগাত, ২৬তেওঁ অবিয়াথৰ মহাপুৰোহিতৰ কালত ঈশ্বৰৰ গৃহত সোমাই, পুৰোহিতত বাজে, অন্যে খাব নোপোৱা যি দৰ্শন পীঠা, তাকে খালৈ আৰু লগৰবিলাকো দিলে; এই যি কৰ্ম্ম কৰিলে, তাক তোমালোকে কেতিয়াও পঢ় নাই নে ? ২৭তেওঁ তেওঁলোকক আৰু ক’লে, বিশ্ৰাম-বাৰ মানুহৰ নিমিত্তেই হ’ল; কিন্তু মানুহ বিশ্ৰাম-বাৰৰ নিমিত্তে নহল; ২৮এই হেতুকে মানুহৰ পুত্ৰ বিশ্ৰাম-বাৰৰো অধিপতি ৷
0 Comments