এজন কোঁঙা হাতৰ মানুহক সুস্থ কৰা (মথি ১২:৯-১৪, লূক ৬: ৬-১১)
৩পাচে যীচু আকৌ নাম ঘৰলৈ গ’ল, তাতে এজন কোঙা হাতৰ মানুহ আছিল ৷ ২বিশ্ৰাম-বাৰে তেওঁ মানুজনক সুস্থ কৰেনে নকৰে, সেই সেই বিষয়ে দোষ ধৰিবলৈ কিছুমান মানুহে তেওঁলৈ চাই আছিল ৷ ৩তেওঁ কোঙা হাতৰ মানুহজনক ক’লে,'তুমি আগলৈ আহি থিয় হোৱা ৷’ ৪তেতিয়া তেওঁ মানুবিলাকক সুধিলে, বিশ্ৰামবাৰে ভাল কৰ্ম্ম কৰিব পায় নে, বেয়া কৰ্ম্ম কৰিব পায় ? আমাক বিধানে কি কয় ? সহায় কৰা উচিত নে, অনিষ্ট কৰা উচিত? এজন মানুহৰ জীবন ৰক্ষা কৰিব পায় নে? নষ্ট কৰিব পায় ?’কিন্তু তেওঁলোকে তেওঁক কোনো উত্তৰ দিব নোৱাৰিলে ৷ ৫যীচুৱে খঙেৰে তেওঁলোকলৈ চালে ৷ তেওঁলোকৰ হৃদয়ৰ কঠিনতাৰ বাবে তেওঁ অসন্তোষ কৰি, কোঁঙা হাতৰ মানুজনক ক’লে,'তোমাৰ হাত পোন কৰা ৷' তেওঁ পোন কৰা ৷' তেওঁ পোন কৰিলত ; হাতখন সম্পূৰ্ণৰূপে সুস্থ হ’ল ৷ ৬ফৰীচীবিলাকে নাম-ঘৰৰ বাহিৰলৈ গৈ,তেতিয়াই হেৰোদীয়াবিলাকে নাম-ঘৰৰ বাহিৰলৈ গৈ, তেতিয়াই হেৰোদীয়াবিলাকৰ লগত আলচ কৰি, যীচুক কেনেকৈ বধ কৰিব পাৰে, তাৰ উপায় বচাৰিলে ৷
সৰোবৰৰ পাৰত বহুত মানুহৰ সমাবেশ
৭পাচে যীচু আৰু তেওঁৰ শিষ্যসকল গালীল সাৰোবৰ পিনে গ’ল,তাতে বৰ এজুম মানুহ তেওঁলোকৰ পাচে পাচে গ’ল৷৮তেওঁলোক গালীল, যিহুদিয়া, জেৰুচালেম, ইদোম, যৰ্দ্দনৰ সিপাৰৰ, তূৰ, চিদোন আদি ওচৰ-চুবুৰীয়া নগৰবোৰৰ পৰা আনহিছিল;কাৰণ যীচুৱে কৰা কাৰ্য্যৰ বৰ্ণনা শুনি, এই সকলো মানুহ তেওঁৰ ওচৰলৈ আহিল ৷ ৯মানুহৰ দলটো ইমান বৃহৎ আছিল যে, তেওঁলোকে যাতে তেওঁক হেঁচা-হেঁচি কৰিব নোৱাৰে,সেই বাবে তেওঁ নিজৰ শিষ্যসকলক এখন নাও যুগুত কৰি ৰাখিবলৈ ক’লে; ১০কাৰণ তেওঁ অনেকক সুস্থ কৰিছিল আৰু ৰোগাগ্ৰস্ত অনেক মানুহে তেওঁক হাতেৰে চুবলৈ ঠেলা-হেঁচা কৰিছিল ৷ ১১আৰু যেতিয়াই কু-আত্মাই ধৰাবিলাকে তেওঁক দেখা পায়, সিহঁতে তেওঁৰ আগত পৰি চিঞৰি কয়, আপুনি ঈশ্বৰৰ পুত্ৰ ্! ১২তেওঁ কোন হয়,সেই কথা প্ৰকাশ নকৰিবলৈ যীচুৱে কু-আত্মাবিলাকক কঠোৰ আজ্ঞা দিলে ৷
যীচুৱে বাৰজন পাঁচনিক মনোনীত কৰা (মথি ১০: ১-৪, লূক ৬:১২-১৬)
১৩পাচে তেওঁ পৰ্ব্বতৰ ওপৰলৈ গ’ল আৰু যিবিলাকক তেওঁ মাতিবলৈ ইচ্ছা কৰিলে, তেওঁলোক ওচৰলৈ মাতিলে আৰু তেওঁলোক তেওঁৰ ওচৰলৈ আহিল ৷ ১৪যীচুৱে বাৰজনক মনোনীত কৰি, তেওঁলোকক পাঁচনি বাব দিলে ৷ তেওঁ তেওঁলোকক ক’লে,'মোৰ লগত থাকিবলৈ, বাক্য ঘোষণা কৰিবলৈ, ১৫ আৰু ভূত খেদোৱাৰ ক্ষমতা লাভ কৰিবলৈ, মই তোমালোকক মনোনীত কৰিলোঁ ৷' ১৬তেওঁ এই বাৰজনক মনোনীত কৰিলে: ছিমোন (যিজনক যীচুৱে পিতৰ নাম দিলে); ১৭চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহন (তেওঁলোকক বনেৰ গচ,অৰ্থাৎ মেঘ-গৰ্জ্জনৰ পুতেক, এই উপনাম দিলে); ১৮ আন্দ্ৰিয়, ফিলিপ, বাৰথলময়, কনানী চিমোন, আৰু ১৯তেওঁক শত্ৰুৰ হাতত শোধাই দিওঁতা ঈষ্কৰিয়োতীয়া যিহূদা ৷
যীচু আৰু বেলজেবুল
২০তাৰ পাচত যীচু এটা ঘৰকৈ গল ৷ তাতে আকৌ ইমান মানুহ গোট খালে যে, যীচু আৰু তেওঁৰ শিষ্যসকলে ভোজন কৰিবলৈ সময় নাপালে ৷ ২১যেতিয়া তেওঁৰ আত্মীয় স্বজনে এই কথা শুনিলে, তেওঁলোকে তেওঁক লৈ যাবলৈ আহিল; কাৰণ মানুহবিলাকে তেওঁ বলিয়া হৈছে বুলি কৈছিল ৷
২২জেৰুচালেমৰ পৰা অহা বিধান পণ্ডিতবিলাকে ক'বলৈ ধৰিলে, 'তেওঁৰ গাত ভূত খেদাবলৈ ক্ষমতা দিছে ৷' ২৩যীচুৱে সেই বাবে মানুহবিলাকক ওচৰলৈ মাতি আনি তওঁলোকক কেইটামান দৃষ্টান্ত দি ক'লে, 'চয়তানে চয়তানক কেনেকৈ খেদিব পাৰে ? ২৪এখন ৰাজ্য ভিতৰত যদি নিজৰ মাজত দল দল হয়, আৰু ইদলে সিদলৰ লগত বিবাদ কৰে, তেন্তে সেই ৰাজ্য থাকিব নোৱাৰে ৷ ২৫এটা পৰিয়াল যদি নিজৰ মাজতে ভাগ ভাগ হয় আৰু কাজিয়া কৰে,তেন্তে সেই পৰিয়াল ভাগি ঠান-বান হ'ব ৷ ২৬সেই একেদৰে, যদি চয়তানৰ ৰাজ ভাগ ভাগ হয়,তেন্তে সেই ৰাজ্যও নিটিকিব আৰু ঠান-বান হৈ শেষ হৈ যাব ৷ ২৭ঘৰৰ বলৱানজনক প্ৰথমে নাবান্ধিলে,কোনেও তেওঁৰ ঘৰত সোমাই, বস্তু লুট-পাট কৰিব নোৱাৰে,বান্ধিলেহে পাৰিব ৷ ২৮মই তোমালোকক নিশ্চয়কৈ কওঁ যে, মানুহৰ সকলো প্ৰকাৰৰ ঈশ্বৰ-নিন্দা আৰু সকলো প্ৰকাৰৰ পাপ ক্ষমা কৰিব পাৰি; ২৯কিন্তু যিবিলাকে পবিত্ৰ-আত্মাৰ বিৰুদ্ধে মন্দ কথা কয়, তেওঁলোকৰ পাপ কেতিয়াও ক্ষমা কৰা নাযাব; কাৰণ তেওঁলোক অনন্ত পাপৰ অপৰাধী ৷ ৩০কোনো কোনোৱে তেওঁৰ গাত ভূত আছে বুলি কোৱাত, তেওঁ এই সকলো কথা ক'লে ৷
যীচুৰ মাতৃ আৰু ভাতৃসকল
৩১এতেকে যীচুৰ মাক আৰু ভায়েক সকল আহি পালে ৷ তেওঁলোকে ঘৰৰ বাহিৰত থিয় হৈ থাকি, তেওঁলৈ খবৰ দি মাতি পঠালে ৷ ৩২তেতিয়া যীচুৰ চাৰিওফালে বহুত মানুহ বহি আছিল, াৰু তেওঁলোকে ক'লে, চাওক, আপোনাৰ মাক আৰু ভায়েকসকল বাহিৰত থিয় হৈ আছে, আৰু তেওঁলোকে আপোনাক মাতিছে ৷' ৩৩উত্তৰত যীচুৱে ক'লে, মোৰ মাতৃ নো কোন ? মোৰ ভাই-ককাই বা কোন ? ৩৪তেওঁ ওচৰত বহি থকা মানুহবোৰলৈ চাই ক'লে, চোৱা, এই সকলোৱেই মোৰ মাতৃ আৰু মোৰ ভাই-ককাই ৷ ৩৫যিবিলাকে ইশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁলোকেই মোৰ ভাই, ভনী আৰু মাতৃ ৷'
0 Comments