এজন খেতিয়কৰ দৃষ্টান্ত,শস্য গাজি বঢ়াৰ দৃষ্টান্ত,সৰিয়হ গুটিৰ দৃষ্টান্ত,যীচুৱে ধুমুহা বতাহ শান্ত কৰা ৷ মাৰ্কে লিখা শুভবাৰ্তা ৪ অধ্যায় ১ৰ পৰা ৪১পদলৈ ৷

 এজন খেতিয়কৰ দৃষ্টান্ত

পাছে তেওঁ সাৰোবৰ তীৰত আকৌ উপদেশ দিবলৈ ধৰিলে ৷ তাতে ইমান ডাঙৰ লোকসমূহ তেওঁৰ ওচৰত গোট খালে যে, তেওঁ সাগৰত এখন নাৱত উঠি বহিল; আৰু সেই গোটেই লোকসমূহ সাগৰৰ ওচৰত বামত থাকিল ৷ ২তেতিয়া তেওঁ দৃষ্টান্তেৰে  তেওঁলোকক অনেক উপদেশ দিলে, আৰু উপদেশত তেওঁলোকক ক’লে,শুনাহঁক ,চোৱা, এজন খেতিয়কে কঠীয়া সিচিবলৈ গ’ল ৷ ৩তেওঁ সিচোঁতে,সিচোঁতে,কেতবোৰ কঠীয়া বাটত পৰিল; ৪তাতে চৰাইবোৰে আহি তাক খুঁটি খালে ৷৫কেতবোৰ অলপ মাটি থকা শিলনিত পৰি,ডাঠ নোহোৱাত, সোনকালে গজিল; ৬আৰু যেতিয়া সৰ্য্য উদয় হ’ল, তেতিয়া তাপ লাগি,তাৰ শিপা নোহোৱাত,শুকাই গ’ল ৷ ৭আৰু কেতবোৰ কাঁইটনিত পৰিল; তাতে কাঁইটীয়া বন বাঢ়ি তাক হেঁচি ধৰিলত,তাৰ একো ফল নধৰিলে ৷ ৮আনবোৰ ভাল মাটিত পৰি, গজি বাঢ়ি ফল ধৰিলে;আৰু ডেৰ কুৰি, তিনি কুৰি, আৰু এশ গুণলৈকে ফল উৎপন্ন কৰিলে , আৰু তেওঁ ক’লে, যাৰ শুনিবলৈ কাণ আছে , তেওঁ শুনক ৷

১০পাছে তেওঁ নিৰ্জনে থকা সময়ত, তেওঁৰ সঙ্গীবিলাকে সেই বাৰ জনে সৈতে তেওঁক দৃষ্টান্ত কেইটাৰ বিষয়ে সুধিলে ৷ ১১তেতিয়া তেওঁ বিলাকক ক’লে, ঈশ্বৰৰ ৰাজ্যৰ নিগূঢ়-তত্ত্ব তোমালোকক দিয়া হৈছে; ১২কিন্তু যিবিলাক বাহিৰত আছে,তেওঁলোকে যেন দেখোঁতে দেখে, কিন্তু নাজানে, আৰু শুনোঁতে শুনে,কিন্তু নুবুজে, আৰু জনোচা তেওঁলোক ঘূৰি আহে, আৰু ক্ষমা পায়, এই নিমিত্তে তেওঁলোকৰ আগত সকলো কথা দৃষ্টান্তেৰে কোৱা হৈছে ৷ ১৩পাছে তেওঁ তেওঁলোকক ক’লে, তোমালোকে এই দৃষ্টান্ত বুজা নাই নে ? তেন্তে সকলো দৃষ্টান্ত কেনেকৈ বুজিবা ? ১৪সেই খেতিয়কে বাক্য সিচে ৷ ১৫য’ত বাক্য সিচা হয়, সেই বাটৰ  কাষত  থকা এওঁলোক, যিবিলাকে শুনিলতেই, চয়তানে আহি তেওঁলোকত সিচা বাক্য কাঢ়ি নিয়ে ৷ ১৬সেই দৰে শিলনিত সিচা এওঁলোক, যিবিলাকে বাক্য শুনিলতেই, তাক আনন্দেৰে গ্ৰহণ কৰে, ১৭কিন্তু তেওঁলোকৰ শিপা নথকাত, অলপ দিন মাথোন থাকে; পাছে বাক্যৰ কাৰণে ক্লেশ বা তাড়না হোৱা মাত্ৰে, তেওঁলোকে বিঘিনি পায় ৷ ১৮আৰু কাঁইটনিত সিচা এওঁলোক,এওঁলোক, যিবিলাকে বাক্য শুনিলত, ১৯সংসাৰৰ চিন্তা, ধনৰ মায়া, আৰু আন আন বিষয়ৰ লোভ সোমাই, বাক্য হেঁচি ধৰে; তাতে সি বিফল হয় ৷ ২০আৰু ভাল মাটিত সিচা এওঁলোক, যিবিলাকে বাক্য শুনি গ্ৰহণ কৰে, আৰু ডেৰ কুৰি, তিনি কুৰি আৰু এশ গুণকৈ ফল উৎপন্ন কৰা ৷

২১তেওঁ তেওঁলোকক আৰু ক’লে, গছাৰ ওপৰত নথৈ, দোণৰ বা খাটৰ তলত থবলৈ চাকি আনে নে? ২২কিয়নো প্ৰকাশিত হ’বৰ বিনে, আন কোনো কাৰণত, কোনো বস্তু লুকুউৱা নাই, আৰু প্ৰকাশিত হৈ যাবৰ বিনে, আন কোনো কাৰণত,কোনো বস্তু গুপুতে হোৱা নাই ৷ ২৩কাৰোবাৰ যদি শুনিবলৈ কাণ আছে,তেওঁ শুনক ৷ ২৪তেওঁ তেওঁলোকক আৰু ক’লে, তোমালোকে কি শুনা, তালৈ মন কৰা; যি জোখেৰে তোমালোকে জোখা,সেই জোখেৰে তোমালোকলৈকো জোখা হ’ব; আৰু তোমালোকক অধিক দিয়া হ’ব ৷ ২৫কিয়নো যাৰ আছে, তেওঁকেই দিয়া হ’ব; কিন্তু যাৰ নাই, তেওঁৰ যি আছে, তাকো তেওঁৰ পৰা নিয়া হ’ব ৷

শস্য গাজি বঢ়াৰ দৃষ্টান্ত

২৬তেওঁ আৰু ক’লে, এজন মানুহে মাটিত কঠীয়া সিচিলত, ২৭তেওঁ ৰাতিয়ে-দিনে শোওঁতে উঠোঁতে, ২৭সেই কঠীয়া কেনেকৈ গজে আৰু বাঢ়ে,তাক নাজানে ৷ ২৮পৃথিবীয়ে আপোনা-আপুনি, প্ৰথমে পাত, পাছে থোৰ, তাৰ পাছে থোকত পুৰ হোৱা গুটি উৎপন্ন কৰে ৷ ২৯তাতে গুটি পকিলে, শস্য দাবৰ কাল উপস্থিত বুলি, তেওঁ তেতিয়াই কাচি লগায়; এনে ঈশ্বৰৰ ৰাজ্য ৷

সৰিয়হ গুটিৰ দৃষ্টান্ত

৩০তেওঁ আৰু ক’লে, আমি কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ তুলনা দিম, বা কি দৃষ্টান্তেৰে তাক প্ৰকাশ কৰিম ?৩১ সি এটি সৰিয়হ গুটিৰ নিচিনা; তাক মাটিত সিচোঁতে, পৃথিবীৰ আটাই কঠীয়াতকৈ সৰু ৩২কিন্তু তাক সিচা হ’লত, সি গজি বাঢ়ি, আটাই শাকতকৈ  ডাঙৰ হৈ যায়; আৰু ইমান ডাঙৰ ডাঙৰ ডাল ধৰে যে, আকাশৰ চৰাইবোৰ তাৰ ছাঁত বাস কৰিব পাৰে ৷ ৩৩এইদেৰে অনেক দৃষ্টান্তেৰে,তেওঁ তেওঁলোকৰ শুনা শক্তি অনুসাৰে তেওঁলোকক বাক্য ক’লে, ৩৪আৰু বিনা দৃষ্টান্তেৰে তেওঁলোকক একো নকলে;কিন্তু নিজৰ শিষ্যবিলাকক নিৰ্জ্জনে সকলো বুজাই দিলে ৷

ধুমুহা বতাহ শান্ত কৰা 

৩৫সেই দিনা গধূলি হ’লত, তেওঁ তেওঁলোকক ক’লে, আমি সিপাৰলৈ যাওঁহঁক ৷ ৩৬তেতিয়া তেওঁলোকে লোকসমূক এৰি থৈ, তেওঁ নাৱত যেনেকৈ  আছিল, তেনেকৈয়ে তেওঁক লগত লৈ গ’ল ৷ আৰু আন আন নাৱো তেওঁৰ লগত আছিল ৷ ৩৭পাছে বৰ ধুমুহা হলত, বতাহ ঢৌৰ কোবত নাওখন পানীৰে পূৰ হবলৈ ধৰিলে ৷ ৩৮তেতিয়া তেওঁ নাৱৰ গুৰিফালে গাঁৰুত মূৰ দি, টোপনিতে আছিল ৷ তাতে তেওঁলোকে তেওঁক জগাই ক’লে, হে গুৰু, আমি যে মৰো, ইয়ালৈ আপুনি চিন্তা নকৰে নে ? ৩৯তেতিয়া তেওঁ উঠি, বতাহক ডবিয়ালে, আৰু সাগৰকো ক’লে, শান্ত হৈ, থিৰে থাক ৷ তাতে বতাহ গুচিল, আৰু অতি শান্ত হ’ল ৷ ৪০তেতিয়া তেওঁলোকক ক’লে, তোমালোক কিয় ভয়াতুৰ  হৈছা ? এতিয়ালৈকে বিশ্বাস হোৱা নাই নে? ৪১তাতে তেওঁলোকে অতিশয় ভয় পাই,ইজনে সিজনক কলে, এওঁ নো কোন, বতাহ আৰু সাগৰেও যে এওঁৰ কথা মানে !

Post a Comment

0 Comments

Ad Code