জয়যাত্ৰা কৰি জেৰুচালেমত প্ৰবেশ কৰা
( মাৰ্ক ১১ঃ১-১১, লূক১৯ঃ ২৮ -৪০, যোহন ১২ঃ১২-১৯
২১ পাছে যেতিয়া তেওঁলোক যিৰূচালেমৰ ওচৰ চাপি, জৈতুন পৰ্ব্বত আৰু বৈৎফগী গাৱঁলৈ আহিল, তেতিয়া যীচুৱে দুজন শিষ্যক এই আদেশ দি পঠালে, ২তোমালোকে সম্মুখৰ গাওঁখনলৈ যোৱা ; তাতে বান্ধি থোৱা গাধ এজনী পোৱালিয়ে সৈতে তেতিয়াই পাবা ; মেলি মোলৈ আনাগৈ ৷ ৩আৰু কোনবাই যদি তোমালোকক কিবা কয়, তেন্তে তোমালোকে কবা, প্ৰভুৰ এই দুটাত প্ৰয়োজন আছে ; তাতে তেওঁ তেতিয়া সেই দুটাক পঠাই দিব ৷ ৪ভাববাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল, বোলে ,৫তোমালোকে চিয়োন-জীয়াৰীক কোৱা ,চোৱা,তোমাৰ ৰজা নম্ৰ হৈ , গাধৰ ওপৰত অৰ্থাৎ গাধ পোৱালিৰ ওপৰত উঠি,তোমাৰ ওচৰলৈ আহিছে;
৬সেই বচন সিদ্ধ হবলৈ এয়ে ঘটিল , তেতিয়া শিষ্যবিলাকে গৈ, যীচুৱে আদেশ দিয়াৰ দৰেই কৰি, ৭গাধজনী আৰু পোৱালিটো আনি, সিহঁতৰ ওপৰত তেওঁলোকৰ কাপোৰ পাৰি দিলত, তেওঁ তাৰ ওপৰত বহিল ৮আৰু লোকসমূহৰ অধিক ভাগে নিজৰ নিজৰ কাপোৰ বাটত পাৰি দিলে ; আনবিলাকে গছৰ ডালকে’ কাটি কাটি, বাটত পাৰি দিলে; ৯আৰু তেওঁৰ আগে -পাছে যোৱা লোকসমূহে ৰিঙিয়াই ক’লে জয় ! জয় ! দায়ূদৰ সন্তান;যি জন প্ৰভূৰ নামেৰে আহিছে ,তেওঁ ধন্য; ঊৰ্দ্ধলোকত জয়ধ্বনি হওক!১০পাচে তেওঁ যিৰূচালেমত সোমালাত, এওঁ কোন, এই বুলি গোটেই খন নগৰত হুলস্থূল লাগিল ৷ ১১তাতে লোকসমূহে ক’লে, এওঁ গালীল দেশৰ নাচৰতৰ সেই ভাববাদী যীচু ৷
যীচুৱে মন্দিৰ পৰিষ্কাৰ কৰা (মাৰ্ক ১১ঃ ১৫ -১৯, লূক ১৯ঃ ৪৫-৪৮,যোহন ২ঃ১৩-২২)
১২পাছে যীচু ধৰ্ম্মধামত বেচা-কিনা কৰাবিলাকক বাহিৰ কৰিলে, আৰু ধন সলোৱাবিলাকৰ মেজ, আৰু কপৌ বেচাবোৰৰ আসন লুটিয়াই পেলালে ৷ ১৩আৰু তেওঁলোকক ক’লে, লিখা আছে, মোৰ ঘৰকে প্ৰাৰ্থনাৰ ঘৰ বোলা হ’ব ; কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিছাহঁক ৷ ১৪তেতিয়া অন্ধ আৰু খোৰাবিলাক ধৰ্ম্মধামলৈ তেওঁৰ ওচৰলৈ আহিলত, তেওঁ তেওঁলোকক সুস্থ কৰিলে ৷ ১৫কিন্তু প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে তেওঁ কৰা আচৰিত কৰ্ম্মবোৰ, আৰু জয় ! জয় ! দায়ূদৰ সন্তান, এই বুলি ধৰ্ম্মধামত ৰিঙিওৱা ল’ৰাবিলাকক দেখি কুপিত হৈ, তেওঁক সুধিলে, ইহঁতে কি কৈছে শুনিছা নে ? ১৬যীচুৱে তেওঁলোকক ক’লে, হয়, তুমি শিশু আৰু কেঁচুৱাবিলাকৰ মূখৰ পৰাও স্ত্তি সম্পূৰ্ণ কৰিলা, এই বচন তোমালোকে কেতিয়াও পঢ়া নাই নে ? ১৭পাছে তেওঁ তেওঁলোকক এৰি, নগৰৰ পৰা ওলাই বৈথনিয়া গাৱঁলৈ গৈ, তাতে ৰাতি থাকিল ৷
ফলহীন ডিমৰু গছক শাও দিয়া (মাৰ্ক ১১ঃ ১২-১৪, ২০-২৪)
১৮ পাছে ৰাতিপুৱা নগৰলৈ ঘূৰি আহোঁত,যীচুৰ বৰ ভোক লাগিল ; ১৯এনেতে, বাটৰ কাষতে এজোপা ডিমৰু গছ দেখা পাই ওচৰলৈ গৈ, তাত পাতৰ বাহিৰে একো বিচাৰি নাপালে ৷ তেতিয়া তেওঁ গছ জোপাক ক’লে, 'তোত আৰু কোনো কালে ফল নধৰক ৷' তেতিয়াই ডিমৰু গছ জোপা শুকাই গ’ল ৷২০ শিষ্যা সকলে এই ঘটনা দেখি আচৰিত হ’ল ৷ তেওঁলোকে সুধিলে, ইমান সোনকালে ডিমৰু গছ জোপা কেনেকৈ শুকাই গ’ল ?' ২১যীচুৱে উত্তৰ দি ক’লে, মই তোমালোকক নিশ্চয়কৈ কওঁ যে, সন্দেহ নকৰি যদি বিশ্বাস কৰা, তেন্তে মই ডিমৰু গছ জোপাক যিৰূপে কৰিলোঁ, তোমালোকেও সেইৰূপে কৰিব পাৰিবা ৷ অকল সেয়ে নহয় , আনকি তোমালোকে এই পৰ্ব্বতটোকো ক’ব পাৰিবা, ইয়াৰ পৰা উঠি সাগৰত পৰগৈ ; সিও হ’ব ৷ ২২আৰু তোমালোকে বিশ্বাস কৰি প্ৰাৰ্থাৰে যিহকে খুজিবা সেই সকলোকে তোমালোকক দিয়া হ’ব ৷’
যীচুৰ ক্ষমতাৰ বিষয়ে প্ৰশ্ন (মাৰ্ক ১১ঃ ২৭ -৩৩ , লূক ২০: ১-৮ )
২৩পাচে তেওঁঁ দৰ্ম্মধামত সোমাই উপদেশ দি থাকোঁতে, প্ৰধান-পুৰোহিতসকল আৰু সমাজৰ বৃদ্ধসকলে তেওঁৰ ওচৰলৈ আহি সুধিলে, ' তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা ? কোনে তোমাক এই বোৰ ক্ষমতা দিলে ? ২৪তাতে যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, ময়ো তোমালোকক এটা প্ৰশ্ন সুধিম ৷ তোমালোকে যদি তাৰ উত্তৰ দিয়া, তেন্তে কি ক্ষমতাৰে এই বোৰ কৰিছোঁ, ময়ো তোমালোকক ক’ম ৷ ২৫যোহনে দিয়া বাপ্তিস্ম ক’ৰ পৰা হৈছিল ? স্বৰ্গৰ পৰা নে, মানুহৰ পৰা ? তেওঁলোকে নিজৰ ভিতৰতে আলোচনা কৰিলে, ২৬'যদি স্বৰ্গৰ পৰা বুলি কওঁ, তেতিয়া তেওঁ ক’ব, তেন্তে তোমালোকে কিয় তেওঁক বিশ্বাস নকৰিলা ? কিন্তু আমি যদি মানুহৰ পৰা বুলি কওঁ তেতিয়া তেওঁ ক’ব, তেন্তে তোমালোকে কিয় তেওঁক বিশ্বাস নকৰিলা ? কিন্তু আমি যদি মানুহৰ পৰা বুলি কওঁ , মানুহ বিলাকলৈ আমাৰ ভয় লাগে , কাৰণ সকলোৱে যোহনক ভাববাদী বুলি বিশ্বাস কৰে ৷' ২৭তেওঁলোকে যীচুক উত্তৰ দিলে, ' আমি নাজানোঁ ৷ 'তেওঁ তেওঁলোকক ক’লে, ময়ো কি ক্ষমতাৰে এইবোৰ কৰিছোঁ, তোমালোকক নকওঁ
দুজন পুত্ৰৰ দৃষ্টান্ত
২৮তোমালোকে কি ভাবা ? এজন মানুহৰ দুজন পুতেক আছিল ৷ তেওঁ প্ৰথমজনৰ ওচৰলৈ গৈ ক’লে, বোপা, তুমি আজি দ্ৰাক্ষাবাৰীত কাম কৰিবলৈ যোৱা ৷ ২৯তেওঁ উত্তৰ দিলে, মই নাযাওঁ ৷ পাচত তেওঁ মন সলনি কৰি কামলৈ গ’ল ৷ ৩০বাপেকে দ্বিতীয়জনৰ ওচৰলৈ গৈ, একে কথা ক’লে ৷ তেওঁ উত্তৰ দিলে, বাৰু পিতা,মই গৈছোঁ ; কিন্তু তেওঁ নগ’ল ৷ ৩১ এই দুজনৰ ভিতৰত কোনজনে পিতৃৰ ইচ্ছা পালন কৰিলে ? তেওঁলোকে ক’লে, ' প্ৰথম জনে ৷ 'যীচুৱে তেওঁলোকক ক’লে, মই তোমালোকক স্বৰূপকৈ কওঁ যে, কৰতোলোঁতা আৰু বেশ্যাবোৰে তোমালোকৰ আগেয়েই ঈশ্বৰৰ ৰাজ্যত প্ৰবেশ ৷ ৩২কাৰণ যোহন আহি তোমালোকক ধৰ্ম্ম পথত চলিবলৈ দেখুৱালে ; অথচ তোমালোকে তেওঁক বিশ্বাস নকৰিলা; কিন্তু কৰতোলোঁতা আৰু বেশ্যাবোৰে তেওঁক বিশ্বাস কৰিলে ৷ তোমালোকে এই সকলো দেখিও মন পালটন নকৰিলা আৰু বিশ্বসো নকৰিলা ৷'
কেইজনমান বিশ্বাসঘাতক খেতিয়কৰ দৃষ্টান্ত (মাৰ্ক ১২ ঃ ১-১২ , লূক ২০ ঃ ৯ -১৯
৩৩যীচুৱে ক’লে, 'তোমালোকে আন এটা দৃষ্টান্ত শুনা ৷ এসময়ত এজন গৃহস্থ আছিল ৷ তেওঁ এখন দ্ৰাক্ষাবাৰী পাতি, তাৰ চাৰিওফালে বেৰা দিলে ৷ বাৰীৰ মাজত এখন পেৰা- শাল পাতি, দ্ৰাক্ষাবাৰী ৰখিবলৈ এটা টঙিঘৰ সাজিলে ৷ তেওঁ সেই বাৰীখন খেতিয়কবিলাকৰ হাতত গতাই দি, আন এখন দেশলৈ গ’ল ৷ ৩৪পাচে গুটি চপোৱাৰ বতৰ হ’লত, তেওঁৰ অংশ ল’বলৈ খেতিয়ক বিলাকৰ ওচৰলৈ তেওঁৰ দাসবোৰক পঠাই দিলে ৷ ৩৫খেতিয়কবিলাকৰ ওচৰলৈ তেওঁৰ দাসবিলাকক ধৰি, এটাক কোৱালে, এটাক বধ কৰিলে, আৰু আন এটাক শিল দলিয়াই মাৰিলে ৷ ৩৬তেওঁ পুনৰ আগতকৈয়ো অধিক দাস পঠালে, আৰু খেতিয়কবিলাকে সিহঁতকো আগৰবোৰৰ দৰেই ব্যৱহাৰ কৰিলে ৷ ৩৭সিহঁতে মোৰ পুত্ৰক সন্মান কৰিব বুলি ভাবি, অৱশেষত তেওঁৰ নিজৰ পুত্ৰক সিহঁতৰ ওচৰলৈ পঠালে দিলে ৷ ৩৮ কিন্তু খেতিয়কবিলাকে যেতিয়া পুতেকক দেখিলে , সিহঁতে নিজৰ ভিতৰতে কোৱা -মেলা কৰি ক’লে, ইয়েই উত্তৰাধিকাৰী ৷ আহাঁ, ইয়াক বধ কৰি, তাৰ উত্তৰৰাধিকাৰী আমি কাঢ়ি লওঁহঁক ৷ ৩৯ তেতিয়া খেতিযকবিলাকে তেওঁক ধৰি, দ্ৰাক্ষাবাৰীৰ বাহিৰলৈ নি বধ কৰিলে ৷ ৪০এনে স্থলত, যেতিয়া দ্ৰাক্ষাবাৰীৰ গৰাকী আহিব তেওঁ সেই খেতিয়কবিলাকক কি কৰিব ? ৪১তেতিয়া তেওঁলোকে তেওঁক ক’লে, 'তেওঁ নিশ্চয় দুষ্টবোৰক সংহাৰ কৰিব, আৰু যিবিলাকে বতৰত খেতিৰ পৰা পাব লগা অংশ তেওঁক দিব, এনে খেতিয়ক বিলাকৰ হাতত বাৰীখন গতাই দিব ৷’
৪২যীচুৱে তেওঁলোকক ক’লে, 'শাস্ত্ৰত কি কৈছে তোমালোকে কেতিয়াও পঢ়া নাই নে ?
ঘৰ-সজাবিলাকে যি শিল অগ্ৰাহ্য কৰিছিল, সেয়ে চুকৰ প্ৰধান শিল হ’ল ৷ এয়ে প্ৰভুৰ কাৰ্য্য, আৰু ই আমাৰ দৃষ্টিত আচৰিত ৷’’ ৪৩এই হেতুকে মই তোমালোকক কওঁ যে ঈশ্বৰৰ ৰাজ্য তোমালোকৰ পৰা লৈ যোৱা হ’ব, আৰু যিবিলাকে উচিত ফল উৎপন্ন কৰিব, তেনেকুৱা আন জাতিক দিয়া হব ৷ ৪৪এই শিলৰ ওপৰত যিজন পৰিব, তেওঁ ভাগি ডোখৰ ডোখৰ হ’ব; কিন্তু যাৰ ওপৰত এই শিল পৰিব, তেওঁ ভাগি গুড়ি হৈ যাব ৷ ৪৫যেতিয়া পুৰোহিত আৰু ফৰীচিবিলাকে এই দৃষ্টান্তবোৰ শুনিলে, তেওঁলোকে উপলব্ধি কৰিলে যে, যীচুেৱ এইবোৰ তেওঁলোকৰ বিষয়েই কৈছে ৷ ৪৬তাতে তেওঁলোকে তেওঁক ধৰিবলৈ ছল বিচাৰিছিল যদিও, মানুবিলাকলৈ ভয় কৰিলে ; কাৰণ মানুহবিলাকে তেওঁক এজন ভাববাদী বুলি মানিছিল ৷
0 Comments