দ্ৰাক্ষাবাৰীৰ বনুৱাৰ দৃষ্টান্ত দিয়া, যীচুৱে তেওঁৰ মৃত্যৰ আৰু পুনৰুত্থানৰ বিষয়ে তৃতীয় বাৰ জনোৱা, যীচুৱে দুজন অন্ধ মানুহক সুস্থ কৰা,মথিয়ে লিখা শুভবাৰ্ত্তা ২০অধ্যায় ১পৰা ৩৪পদলৈ, পবিত্ৰ বাইবেল ৷


 দ্ৰাক্ষাবাৰীৰ বনুৱাৰ  দৃষ্টান্ত  

২০'স্বৰ্গৰাজ্য এনে এজন গৃহস্থৰ নিচিনা, যিজনে তেওঁৰ দ্ৰাক্ষাবাৰীত কাম কৰিবলৈ নিচেই পুৱাতে বনুৱা বিচাৰি গ’ল ৷ ২তেওঁ সিহঁতক নিয়মিত এদিনৰ হাজিৰা দিবলৈ বন্দস্ত কৰি, দ্ৰাক্ষাবাৰীত কাম  কৰিবলৈ দিলে ৷ ৩আকৌ তেওঁ নমান বজাত বাহিৰলৈ গৈ,  কিছুমান মানুহক একো কাম  নকৰাকৈ বজাৰত থিয় হৈ থকা দেখি ক’লে, ৪তহঁতো মোৰ দ্ৰাক্ষাবাদৰীত কাম কৰিবলৈ যা ; মই  তহঁতো মোৰ দ্ৰাক্ষাবাৰীত কাম কৰিবলৈ যা ; মই তহঁতকল উচিত হাজিৰা দিম ’ ৫তেতিয়া হিহঁত কাম কৰিবলৈ গ’ল ৷ তাৰ পাচত বাৰ আৰু তিনি বজাত তেওঁ একেদৰে বনুৱা  কিছুমানক কাম কৰিবলৈ পঠালে ৷ ৬পুনৰ  তেওঁ পাঁচমান বজাত  গৈ, আৰু কিছুমান মানুহক তেতিয়াও  এনেই থিয় হৈ থকা দেখি সুধিলে, 'একো  কাম নকৰাকৈ  কিয় তহঁতে  গোটেই দিনটো অবাবত  কটাইছ ?  ৭সিহঁতে উত্তৰ  দিলে, আমাক  কোনেও হাজিৰাত লগোৱা নাই ৷'  তেতিয়া তেওঁ সিহঁতক ক’লে, বাৰু তেন্তে, তহঁতো যা, আৰু মোৰ দ্ৰাক্ষাবাৰীত কাম কৰগৈ ৷’  ৮পাছে সন্ধ্যা হ’লত, দ্ৰাক্ষাবাৰীৰ  মালিকে মহৰীক ক’লে, বনুৱাবিলাকক  মাতি আনি, শেষত  কামত লগোৱাবিলাকৰ পৰা  আৰম্ভ  কৰি  প্ৰথমে লগোৱাবিলাক লৈকে প্ৰত্যেককে হাজিৰা    দিয়া ৷  ৯যিবিলাক মানুহে পাঁচ বজাত কাম আৰম্ভ কৰিছিল,  সিহঁতক প্ৰত্যেককে সম্পূৰ্ণ এদিনৰ  হাজিৰা দিয়া হ’ল ৷ ১০সেই কাৰণে যেতিয়া  প্ৰথমে  কামত লগোৱা মানুহবিলাক আহিলে, সিহঁতে ভাবিছিল যে ,  সিহঁতক বেছিকৈ দিয়া হ’ব ; কিন্তু সিহঁতৰ প্ৰতিজনেও এদিনৰ হাজিৰাহে পালে ৷ ১১ তাকে পালত, সিহঁতে গৰাকীৰ অহিতে ভোৰ -ভোৰালে ,১২আৰু ক’লে, এই শেষত অহাবিলাকে মাত্ৰ এঘন্টাহে কাম কৰিলে; আৰু  আমি হ’লে গোটেই দিনটোৰ বোজা বহন কৰি, ৰ’দৰ তাপত কাম কৰিলোঁ , তথাপি আপুনি সিহঁতক আমাৰ সমান কৰিলে ৷' ১৩তেতিয়া তেওঁ তেওঁলোকৰ  এটাক উত্তৰ  দিলে ,'হে  বন্ধু ৷ মই তোমালোকৰ প্ৰতি অন্যায়  কৰা নাই ; তোমালোকে এদিন হাজিৰাত কাম কৰিবলৈ মোৰে সৈতে বন্দবস্ত কৰা নাছিলা নে ?  ১৪তোমাৰ পাবলগীয়া খিনি লৈ যোৱা ৷ এই শেষৰটোকো তোমাৰ সমানেই  দিবলৈ মোৰ ইচ্ছা ৷ ১৫মোৰ নিজৰ ধন নিজৰ  ইচ্ছামতে ব্যৱহাৰ কৰিবলৈ মোৰ অধিকাৰ নাই নে ? নাই বা হিতকাৰী হোৱা দেখি তোমাৰ চকু পুৰিছে নে কি ? ১৬এইদৰে পাছ হোৱাবিলাক আগ হ’ব, আৰু আগ হোৱাবিলাক পাছ হ’ব ৷ 

যীচুৱে  তেওঁৰ মৃত্যৰ বিষয়ে তৃতীয় বাৰ  জনোৱা    

(মাৰ্ক ১০ঃ ৩২ -৩৪ , লূক ১৮ঃ ৩১ -৩৪ )

১৭ যীচুৱে জেৰু্চালেমলৈ  যাত্ৰা কৰোঁতে, তেওঁৰ বাৰ জন পাঁচনিক  এফলীয়াকৈ মাতি নি , বাটতে তেওঁলোকক  ক’লে, ১৮''শুনা  আমি যিৰূচালেমলৈ যাত্ৰা  কৰিছোঁ , তাত মানুহৰ পুত্ৰক  পুৰোহিত আৰু বিধান -পণ্ডিতসকলৰ হাতত শোধাই দিয়া হ’ব ৷ তেওঁলোকে তেওঁক প্ৰাণদণ্ডৰ  আজ্ঞা দিব;  ১৯আৰু ঠাট্টা-বিদ্ৰূপ কৰি চাবুকেৰে কোবাই  তেওঁক ক্ৰুচত দিবলৈ পৰজাতিবিলাকৰ হাতত সমৰ্পণ কৰিব;  আৰু তৃতীয়া দিনা তেওঁক মৃত্যুৰ পৰা তোলা হ’ল ৷ '' 

এগৰাকী মাতৃৰ  অনুুৰোধ মাৰ্ক ১০ঃ ৩৫-৪৫ 

২0তেতিয়া চিবদিয়ৰ ভাৰ্য্যাই তেওঁৰ পুতেক  দুজনক লগৰত লৈ যীচুৰ ওচৰলৈ আহি, তেওঁক প্ৰণিপাত কৰি এটি অনুৰোধ জনালে ৷ ২১যীচুৱে তেওঁক সুধিলে, 'তোমাক কি লাগে ? তেওঁ উত্তৰ দিলে, 'আপোনাৰ ৰাজ্যত মোৰ এই  দুজন  পুত্ৰৰ এজনে  যেন আপোনাৰ সোঁহাতে আৰু আনজনে  বাওঁহাতে বহিবলৈ পায়, এনে  আজ্ঞা দিয়ক ৷'২২যীচুৱে ক’লে, তোমালোকে  কি খুজিছা, তাক নাজানা ৷ মই  যি  দুখ -ভোগৰ পান-পাত্ৰ গ্ৰহণ কৰিবলৈ ওলাইছোঁ, তাক তোমালোকে পান কৰিব পাৰিবানে ? তেওঁলোকে  উত্তৰ  দিলে, আমি    পাৰিম ৷’ ২৩যীচুৱে  ক’লে, 'তোমালোকে মোৰ পান-পাত্ৰত  পান কৰিব পাৰা; কিন্তু মোৰ সোঁহাতে আৰু বাওঁহাতে কোন কোন বহিব, তাক  মোনোনীত কৰিবলৈ  মোৰ  ক্ষমতা নাই !  কিন্তু  যিবিলাকৰ বাবে মোৰ পিতৃয়ে, সেই  আসনবোৰ যুগুত কৰি থৈছে , সেইবোৰ  তেওঁলোকেৰহে হ’ব ৷ 

     ২৪ আন দহজন শিষ্যই  এই  কথা  শুনি,  সেই  দুজন ককাই ভাইৰ ওপৰত তেওঁলোকৰ  খং উঠিল ৷ ২৫তেতিয়া  যীচুৱে সকলোকে একেলগে ওচৰলৈ মাতি ক’লে, তোমালোকে জানা যে, পৰজাতি বিলাকৰ শাসনকৰ্ত্তা বিলাকে তেওঁলোকৰ ওপৰত প্ৰভুত্ব চলায়, আৰু নেতাবিলাকে ক্ষমতা প্ৰয়োগ কৰে ৷ ২৬কিন্তু  তোমালোকৰ মাজত তেনে  হোৱা অনুচিত ৷ তোমালোকৰ ভিতৰত কোনোৱাই  মহান হ’ব খুজিলে, তেওঁ আনবিলাকৰ  পৰিচাৰক হ’ব  লাগিব, ২৭আৰু কোনোবাই  প্ৰথম হ’ব খুজিলে, তেওঁ  আনবিলাকৰ দাস হ’ব লাগিব ৷ ২৮সেইদৰে মানৱপুত্ৰই সেৱা-শুশ্ৰূষা  কৰিবলৈ, আৰু অনেকৰ  মুক্তিৰ মূল্যৰ  অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল ৷'

দুজন অন্ধ মানুহক সুস্থ কৰা  মাৰ্ক ১০ঃ ৪৬-৫২, লূক ১৮ঃ ৩৫-৪৩

২৯যীচু  আৰু তেওঁৰ শিষ্যসকলে যিৰিহো নগৰ এৰি যাওঁতে, মানুহৰ এটা  বিৰাট দল তেওঁৰ পাচে পাচে গৈ আছিল ৷ ৩০তেতিয়া বাটৰ কাষত বহি থকা  দুজন অন্ধ মানুহে, যীচু সেই  ফালেদি পাৰহৈ গৈছে বুলি শুনি চিঞৰি ক’বলৈ ধৰিলে, 'হে  দায়ূদৰ সন্তান আমাক দয়া কৰক, ৩১ তেতিয়া মানুহবিলাকে সিহঁতক ডাবি দি  মনেনে থাকিবলৈ ক’লে ৷ কিন্তু  তেওঁলোকে আৰু   বৰকৈ চিঞৰিবলৈ  ক’লে , হে প্ৰভু দায়ুদৰ সন্তান  আমাক দয়া কৰক ৷' ৩২তেতিয়া যীচুৱে থমকি ৰ’ল, আৰু তেওঁলোকক মাতি সুধিলে , মই তোমালোকলৈ  কি কৰাটো তোমালোকৰ ইচ্ছা ?  ৩৩তেওঁলোকে উত্তৰ দি ক’লে, 'হে  প্ৰভু, আমাৰ চকু যেন মুকলি হয় ৷ ’ ৩৪তেতিয়া তেওঁলোকৰ প্ৰতি যীচুৰ  মৰম জন্মাত , তেওঁলোকক স্পৰ্শ কৰিলে , আৰু তেওঁলোকে তেতিয়াই  দৃষ্টি -শক্তি পালে , আৰু তেওঁলোক  যীচুৰ পাচে পাচে গ’ল ৷ 

Post a Comment

0 Comments

Ad Code