১৯যীচুৱে এইবোৰ কথা কৈ শেষ কৰি, গালীলৰ পৰা যৰ্দ্দন নদীৰ সিপাৰৰ যিহূদীয়াৰ অঞ্চললৈ গ’ল ৷ ২তাতে বহুতো মানুহ তেওঁৰ পাছে পাছে গ’ল, আৰু সেই ঠাইতে তেওঁ তেওঁলোকক সুস্থ কৰিলে ৷ ৩তেতিয়া কেইজনমান ফৰাচীয়ে তেওঁৰ ওচৰৰলৈ আহি, তেওঁক পৰিক্ষা কৰি সুধিলে, 'যি কোনো কাৰণতে নিজৰ ভাৰ্য্যাক ত্যাগ কৰিব পায় নে ? ’ ৪উত্তৰত যীচুৱে ক’লে, তোমালোকে শাস্ত্ৰত এই দৰে পঢ়া নাই নে, আদিতে সৃষ্টকৰ্ত্তাই মানুহক পুৰুষ আৰু স্ত্ৰী কৰি সৃ্ষ্টি কৰিলে ৷ ৫আৰু ঈশ্বৰে ক’লে এই হেতুকে মানুহে নিজৰ পিতৃ-মাতৃক এৰি, নিজৰ ভাৰ্য্যাত আসক্ত হ’ব, আৰু তেওঁলোক দুয়ো এক দেহ হ’ব ৷ ৬গতিকে তোমালোক আৰু দুজন নহয়, কিন্ত এক দেহ ৷ এতেকে ঈশ্বৰে যাক সংযোগ কৰিলে, মানুহে তাক বিয়োগ নকৰক ৷’ ৭ফৰীচীবিলাকে তেওঁক সুধিলে, 'তেন্তে ত্যাগ -পত্ৰ লিখি দি, তিৰোতাক ত্যাগ কৰিবলৈ মোচিয়ে কিয় আদেশ দিলে ? ৮যীচুৱে ক’লে, 'তোমালোকৰ হ্দয়ৰ কঠিনতাৰ বাবে ত্যাগ-পত্ৰ লিখি দি , তিৰোতাক ত্যাগ কৰিবলৈ মোচিয়ে অনুমতি দিলে ৷ কিন্তু আদিৰে পৰা তেনে নাছিল ৷ ৯মই তোমালোকক কওঁ য়ে, যিজনে ব্যভিচাৰত বাজে আন কাৰণত নিজৰ তিৰোতাক ত্যাগ কৰি, অন্যক বিয়া কৰায়, তেওঁ ব্যভিচাৰ কৰে ৷’ ১০শিষ্যসকলে তেওঁক ক’লে, স্বামী-ভাৰ্য্যাৰ মাজত যদি এনেকুৱাই হয়, তেন্তে বিয়া নকৰোৱাই ভাল ৷’ ১১তেওঁ তেওঁলোকক ক’লে , 'যিবিলাকক বৰ দিয়া হৈছে , তেওঁলোকৰ বাহিৰে আনে এই শিক্ষা গ্ৰহন কৰিব নোৱাৰে ৷ ১২ কাৰণ কিছুমানে নপুংসক হৈ জন্ম পায়, কিছুমান মানুহে কৰা নপুংসকো আছে , আৰু কিছুমানে স্বৰ্গ -ৰাজ্যৰ কাৰণে নিজকে নপুংসক কৰে ৷ যিবিলাকে এই শিক্ষা গ্ৰহণ কৰিব পাৰে, তেওঁলোকে গ্ৰহণ কৰক ৷’
শিশুবিলাকক আশীৰ্ব্বাদ কৰা (মাৰ্ক ১০ ঃ১৩ -১৬ , লূক ১৮ ঃ ১৫ -১৭ )
১৩তেতিয়া শিশুবিলাকক যীচুৰ ওচৰলৈ অনা হ’ল যাতে যীচুৱে সিহঁতৰ গাত হাত দি, প্ৰাৰ্থনা কৰে ৷ কিন্তু শিষ্যসকলে তেওঁলোকক ডবিয়ালে ৷ ১৪ যীচুৱে ক’লে, ' শিশুবিলাকক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা; কাৰণ স্বৰ্গৰাজ্য এনেকূৱা-বিলাকৰহে ৷’ ১৫যীচুৱে তেতিয়া সিহঁতৰ মূৰত হাত দি, সেই ঠাইৰ পৰা গুচি গ’ল ৷
ধন-সম্পত্তি আৰু অনন্ত জীৱনৰ বিষয়ে শিক্ষা(মাৰ্ক ১০ ঃ১৭-৩১ , লূক ১৮ ঃ১৮-৩০ )
১৬এবাৰ এজন মানুহে যীচুৰ ওচৰলৈ আহি সুধিলে, 'হে গুৰু , অনন্ত জীৱন পাবলৈ মই কি সৎ কৰ্ম্ম কৰিব লাগে ?' ১৭যীচুৱে তেওঁক ক’লে, 'সতৰ বিষয়ে মোক কিয় সুধিছা ? সৎ এজনাইহে আছে ; তুমি যদি জীৱনত সোমাবলৈ ইচ্ছা কৰা ; তেন্তে আজ্ঞাসমূহ পালন কৰা ’ ১৮তেওঁ সুধিলে, কি কি আজ্ঞা ?’ যীচুৱে ক’লে, নৰবধ নকৰিবা, মিছা সাক্ষ্য নিদিবা ; ১৯তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা আৰু তোমাৰ চবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা ৷’ ২০ডেকাজনে ক’লে, মই এই সললোকে পালন কৰি আহিছোঁ ৷ মোৰ আৰু কি কৰিবলৈ বাকী আছে ? ২১যীচুৱে তেতিয়া তেওঁক ক’লে, তুমি যদি সিদ্ধ হ’বলৈ ইচ্ছা কৰা, তেন্তে যোৱা, তোমাৰ সকলো সম্পত্তি বিক্ৰী কৰি, সেই ধন দৰিদ্ৰবিলাকক দান কৰা; তেহে স্বৰ্গত তোমাৰ ধন হ’ব ৷ ' ২২এই কথা শুনি, ডেকা মানুহজন দুঃখিত হৈ গুচি গ’ল ; কাৰণ তেওঁ বৰ ধনী মানুহ আছিল ৷
২৩তেতিয়া যীচুৱে শিষ্যসকলক ক’লে, মই তোমালোকক নিশ্চয়কৈ কওঁ যে ধনী মানুহে স্বৰ্গৰাজ্যত প্ৰবেশ কৰা দু:সাধ্য ৷ ২৪পুনৰাই মই তোমালোকক কওঁ, ধনী মানুহ ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বেজীৰ বিন্ধাইদি উট সৰকি যোৱাটো সহজ ৷’ ২৫এই কথা শুনি, শিষ্যসকলে অতিশয় বিস্ময় মানি সুধিলে, 'তেন্তে কোন পৰিত্ৰাণ পাব পাৰে ? ২৬যীচুৱে তেলোকলৈ চাই, উত্তৰ দি ক’লে, মানুহৰ অসাধ্য হলেও, ঈশ্বৰৰ সকলো সাধ্য ৷’ ২৭পিতৰে তেতিয়া মাত লগাই ক’লে, 'চাওক আমি কি পাম ? ২৮যীচুৱে তেওঁলোকক কলে, 'মই তোমালোকক স্বৰূপকৈ কওঁ, নতুন সৃষ্টিত যেতিয়া মানৱপুত্ৰই মহিমাময় সিংহাসনত বহিব তেতিয়া তোমালোকেও মোৰ লগত বাৰখন সিংহসনত বহি, ইজ্ৰায়েলৰ বাৰ ফৈদৰ সোধ-বিচাৰ কৰিবা ৷ ২৯আৰু যিবিলাকে মোৰ নামৰ বাবে নিজৰ ঘৰ -বাৰী, ককাই -ভাই, বাই -ভনী, পিতৃ-মাতৃ, ল’ৰা ছোৱালী বা মাটিকে ত্যাগ কৰে, তেওঁলোকে এশ গুণকৈ লাভ কৰিব, আৰু অনন্ত জীৱনৰ অধিকাৰী হ’ব ৷ ৩০কিন্তু প্ৰথম হোৱাবিলাকৰ অনেকে শেষত পৰিব, আৰু শেষত পৰা বিলাকৰ অনেকে প্ৰথম হ’ব ৷'
0 Comments