যিৰূচালেমৰ বিনাশ; যীচুৰ পুনৰাগমন বিষয়ে জনোৱা, (মাৰ্ক ১৩ঃ ১-২, লূক ২১ ৫
২৪পাছে যীচু ধৰ্ম্মধামৰ পৰা ওলাই যাওঁতে, তেওঁৰ শিষ্যবিলাকে তেওঁক ধৰ্ম্মধামৰ গাঁথনিবোৰ দেখুৱাবলৈ ওচৰলৈ আহিল ৷ ২কিন্তু তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, তোমালোকে এই সকোলোকে নেদেখিছা নে ? মই তোমালোকক স্বৰূপকৈ কওঁ, যি শিল পেলোৱা নহব, ইয়াত এনে এটা শিলো আন এটা শিল পেলেৱা নহব, ইয়াত এনে এটা শিলো আন এটা শিলৰ ওপৰত এৰা নহ’ব ৷৩পাছে তেওঁ জৈতুন পৰ্ব্বতৰ ওপৰত বহাত, শিষ্যবিলাকে গুপুতে তেওঁৰ ওচৰলৈ আহি সুধিলে, এইবোৰ কেতিয়া হ’ব ? অৰু আপোনাৰ আগমন আৰু এই জগতৰ শেষ হোৱা চিন কি ? তাক আমাক কওক ৷ ৪তেতিয়া যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, কোনেও যেন তোমালোকক নুভুলায়, তালৈ সাৱধান হোৱা ৷ ৫কিয়নো অনেকে মোৰ নামেৰে আহি, মই খ্ৰীষ্ট বুলি অনেকক ভুলাব ৷ ৬আৰু তোমালোকে ৰণৰ কথা আৰু যুদ্ধৰ সম্ভাৱনাৰ বাতৰি শুনিবা ; সাৱধান হোৱা ; ব্যাকুল নহ’বা ; কিয়নো এই দৰে ঘটিব লাগে ; কিন্তু তেতিয়াও শেষ নৌ হয় ৷ ৭জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব, অৰু ঠায়ে ঠায়ে আকাল আৰু ভূমিকম্প হ’ব ; ৮এই সকলো যাতনাৰ আৰম্ভণহে মাথোন ৷
৯সেই কালত, ক্লেশভোগ কৰিবলৈ, মানুহবিলাকে তোমালোকক শত্ৰুৰ হাতত শোধাই দিব, বধো কৰিব ; আৰু মোৰ নামৰ কাৰণে তোমালোক সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হ’বা ৷ ১০তেতিয়া অনেকে বিঘিনি পাব, আৰু সিজনে ইজনে শত্ৰুৰ হাতত শোধাই দিব, আৰু ইজনে সিজনক ঘিণ কৰিব ৷ ১১আৰু অনেক ভাঁৰি-কোৱা ভাববাদী ওলাই, অনেকক ভুলাব, ১২আৰু অধৰ্ম্ম অধিক হোৱাত, অনেকৰ প্ৰেম চেঁচা হৈ যাব ৷ ১৩কিন্তু যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব ৷ ১৪আৰু সকলো জাতিলৈ সাক্ষা হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হ’ব ; তেতিয়াহে শেষ হ’ব ৷
১৫এই হেতুকে যি ধ্বংসকাৰী ঘিণলগীয়া বস্তুৰ কথা দানিয়েল ভাববাদীৰ দ্বাৰাই কোৱা হৈছিল, তাক যেতিয়া পবিত্ৰ ঠাইত থকা দেখিবা-যি জনে পঢ়ে, তেওঁ বুজক, -১৬তেতিয়া যিহূদিয়াত থকা মানুহবিলাক পৰ্ব্বতলৈ পলাই যাওক ; ১৭ঘৰৰ ওপৰত থকা জনে তেওঁৰ ঘৰৰ পৰা বস্তুবোৰ উলিয়াই নিবলৈ নানামক ; ১৮আৰু পথাৰত থকা জনে তেওঁৰ কাপোৰখন লবলৈ উলটি নাযাওক ৷ ১৯কিন্তু সেই কালত গৰ্ভৱতী আৰু পিয়াহ দিয়া তিৰোতাবিলাকৰ সন্তাপ হ’ব ৷ ২০আৰু তোমালোকৰ পলোৱা যেন জাৰকালি বা বিশ্ৰাম -বাৰে নহয়, তাৰ নিমিত্তে প্ৰাৰ্থনা কৰা ৷ ২১কিয়নো সেই কালত যেনে মহাক্লেশ হ’ব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই ,আৰু নহবও ! ২২আৰু সেই দিনৰ সংখ্যা কম নকৰা হ’লে কোনো প্ৰাণীৰে ৰক্ষা নহলহেঁতেন ; কিন্তু মনোনীত লোকৰ নিমিত্তে সেই দিনৰ সংখ্যা কম কৰা হ’ব ৷ ২৩তেতিয়া যদিও কোনোৱে তোমালোকক কয় ; চোৱা, খ্ৰীষ্ট ইয়াত আছে, বা তাত আছে, তথাপি বিশ্বাস নকৰিবা ২৪কিয়নো ভাঁৰি -কোৱা খ্ৰীষ্ট আৰু ভাঁৰ-কোৱা ভাবৱাদীবোৰ ওলাই, এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে, সাধ্য হ’লে, মনোনীত লোকবিলাককো ভুলাব ৷ ২৫চোৱা , মই আগেয়ে তোমালোকক কলোঁ ৷ ২৬এই হেতুকে মানুহে যদি তোমালোকক কয়, চোৱা, তেওঁ অৰণ্যত আছে ; তেন্তে ওলাই নাযাবা ; নাইবা, চোৱা, তেওঁ ভিতৰ-কোঁঠালিত আছে বুলিলেও, বিশ্বাস নকৰিবা ৷ ২৭কিয়নো বিজুলীয়ে যেনেকৈ পূৰ ফালৰ পৰা ওলাই, পশ্চিম ফাললৈকে প্ৰকাশ কৰে , সেইদৰে মানুহৰ পুত্ৰৰো আগমন হ’ব ৷ ২৮য’তে মৰাশ থাকে, ত’তেহে শগুন গোট খোৱা হ’ব ৷ ২৯কিন্তু সেই কালৰ ক্লেশৰ পাছতেই সূৰ্য্য অন্ধকাৰময় হ’ব, চন্দ্ৰয়ো পোহৰ নিদিব, আকাশৰ পৰা তৰাবোৰ খহি পৰিব, আৰু আকাশৰ পৰাক্ৰমবোৰো লৰোৱা হ’ব ৷ ৩০তেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হ’ব, আৰু তেতিয়া প্ৰকাশিত হ’ব, আৰু তেতিয়া পৃথিবীৰ সকলো ফৈদে হিয়া ভুকুৱাব, আৰু আকাশৰ মেঘৰ ওপৰত মানুহৰ পুত্ৰক ; পৰাক্ৰম আৰু মহাপ্ৰতাপেৰে অহা দেখিব ৷ ৩১তেতিয়া তৰীৰ মহাশবদেৰে তেওঁ নিজৰ দূতবিলাকক পঠাব, তাতে তেওঁলোকে আকাশৰ এক সীমাৰ পৰা আন সীমালৈকে, চাৰিওফালৰ পৰা তেওঁৰ মনোনীত লোকবিলাকক আনি গোটাব ৷
৩২ডিমৰু গছৰ পৰা এটা দৃষ্টান্ত শিকা ৷ যেতিয়া তাৰ ঠাল কোমল হৈ, কুঁহি পাত মেলে, তেতিয়া জহ কাল ওচৰ হৈছে বুলি তোমালোকে জানা ৷ ৩৩সেইদৰে, যেতিয়া এই সকলোকে দেখিবা, তেতিয়া তেওঁ ওচৰ চাপি, দুৱাৰমুখ পালেহি বুলি তোমালোকে জানিবা ৷ ৩৪মই তোমালোকক স্বৰূপকৈ কওঁ, এই সকলো নঘটেমানে, এই কালৰ মানুবিলাক লুপ্ত নহ’ব ৷ ৩৫আকাশ আৰু পৃথিবী লুপ্ত হ’ব, কিন্তু মোৰ বাক্য লুপ্ত নহ’ব ৷
৩৬কিন্তু অকল পিতৃৰ বাহিৰে, স্বৰ্গৰ দূতবিলাক, বা পুত্ৰ , বা কোনেও সেই দিন আৰু সময় নাজানে ৷ ৩৭কিন্তু নোহৰ দিন যেনে, মানুহৰ পু্ত্ৰৰ আগমনো তেনে হ’ব ৷ ৩৮কিয়নো জলপ্লাবনৰ আগেয়ে নোহ, জাহাজত সোমোৱা দিনলৈকে, যেনেকৈ মানুবিলাকে ভোজন - পান কৰি, বিয়া কৰি, বিয়া দি আছিল, ৩৯আৰু জল-প্লাবন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে, সেইদৰে মানুহৰ পুত্ৰৰ আগমন হ’ব ৷ ৪০তেতিয়া দুজন মানুহ পথাৰত থাকোঁতে, এজনক গ্ৰহন কৰা হ’ব, এজনক ত্যাগ কৰা হ’ব ৷ ৪১দুজনীক তিৰোতাই জাঁতেৰে ডলি থাকোঁতে, এজনীক গ্ৰহণ কৰা হ’ব, এজনীক ত্যাগ কৰা হ’ব ৷ ৪২এই হেতুকে পৰ দি থাকা ; কিয়নো তোমালোকৰ প্ৰভু কোন মুহূৰ্ত্তত আহিব, তাক তোমালোকে নাজানা ৷ ৪৩কোন পৰত চোৰ আহিব, তাক গৃহস্থে জনা হলে, পৰ দি থাকি, নিজৰ ঘৰত সিদ্ধি দিব নিদিকলেহেঁতেন, ইয়াক তোমালোকে জানা ৷ ৪৪এতেকে তোমালোকো যুগুত হৈ থাকা ; কিয়নো যি সময়ত তোমালোকে নাভাবা , সেই সময়তে মানুহৰ পুত্ৰ আহিব ৷ ৪৫আৰু দাসবিলাক উইচিত সময়ত আহাৰ দিবলৈ, যি জন দাসক প্ৰভুৱে সিহঁতৰ ওপৰত গৰাকী পাতিলে, এনে বিশ্বাসী বুুদ্ধিমান দাস কোন ? ৪৬প্ৰভুৰ অহা কালত, যি দাসক এইদৰে কৰা দেখে, সেই দাস ধন্য ৪৭ মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ নিজৰ সৰ্ব্বস্বৰ ওপৰত তাক ঘৰগিৰী পাতিব ৷ ৪৮কিন্তু, মোৰ প্ৰভুৱে পলম কৰিছে, ইয়াকে সেই দুষ্ট দাসে মনতে কৈ, ৪৯যদি তাৰ সহদাসবিলাকক কোবাবলৈ ধৰে, আৰু মতলীয়াবোৰৰ লগত ভোজনপান কৰে, ৫০তেন্তে যি দিনা সেই দাসে অপেক্ষা নকৰে, আৰু যি সময়ত সি নাজানে, সেই সময়তে তাৰ প্ৰভুৱে আহি, ৫১তাক দুডোখৰ কৰি, কপটীয়াবোৰৰ লগত তাৰ পাব লগীয়া ভাগ নিৰূপন কৰিব ; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব ৷
0 Comments