মহা-সভাৰ আগত যীচুৰ সোধ-বিচাৰ - Maha-Hobhar Aagot Jisuk Hud-Bisar

 মথি-২৬ঃ ৫৭-৬৮

৫৭যিবিলাকে যীচুক ধৰিছিল, তেওঁলোকে তেওঁক যি ঠাইত বিধান-পণ্ডিত আৰু বৃদ্ধলোকসকল গোট খাই আছিল, সেই ঠাইলৈ কায়ফা মহা-পুৰোহিতৰ ওচৰলৈ লৈ গ'ল ৷

৫৮কিন্তু পিতৰে আঁতৰে আঁতৰে তেওঁৰ পাচে পাচে মহা-পুৰোহিতৰ চোতাললৈকে গ'ল; আৰু তেওঁ ভিতৰ সোমাই যীচুৰ নো কি হয় তাক চাবলৈ চন্তৰীবিলাকৰ লগত বহিল ৷ 

৫৯তেতিয়া প্ৰধান পুৰোহিতসকল আৰু গোটেই মহা-সভাই তেওঁক বধ কৰাৰ উদ্দেশ্যে, তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰিলে ৷ 

৬০মিছা সাক্ষী বহুত আগবাঢ়ি আহিল যদিও, তেওঁলোকে একো নাপালে ৷ অৱশেষত দুজনে আগবাঢ়ি আহি ক'লে , ৬১এওঁ কৈছিল মই ঈশ্বৰৰ মন্দিৰ নষ্ট কৰি, তাক তিনি দিনৰ ভিতৰতে সাজিব পাৰোঁ ৷

৬২তেতিয়া মহা-পুৰোহিতে উঠি যীচুক  সুধিলে, 'এই মানুহবিলাকে তোমাৰ বিৰুদ্ধে যিবোৰ সাক্ষ্য দিছে, তাৰ বিষয়ে তোমাৰ কব লগা একো নাইনে ?'

৬৩কিন্তু যীচুৱে নিজম দি থাকিল ৷ মহা-পুৰোহিতে যীচুক ক'লে, 'মই তোমাক জীৱন্ত ঈশ্বৰৰ শপত দি কৈছোঁ, তুমি ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট হোৱানে নোহোৱা, আমাক কোৱা ৷' 

৬৪যীচুৱে তেওঁক ক'লে, ' তুমি নিজেই সেই কথা কৈছা ; কিন্তু মই তোমালোকক কওঁ তোমালোকে এতিয়াৰ পৰা মানৱ-পুত্ৰক সৰ্ব্বশক্তিমান ঈশ্বৰৰ সোঁহাতে বহি থকা আৰু আকাশৰ মেঘৰ ওপৰত অহা দেখিবা ৷' 

৬৫তেতিয়া মহা-পুৰোহিতে নিজৰ কাপোৰ ফালি ক'লে, 'এওঁ ঈশ্বৰ-নিন্দা কৰিছে ; সাক্ষীত আৰু আমাৰ কি প্ৰয়োজন ? এতিয়া তোমালোকে নিজেই তেওঁৰ মুখত ঈশ্বৰ নিন্দা শুনিলা ৷

৬৬তোমালোকে কি ভাবা ? তেওঁলোকে ক'লে, সি অপৰাধী, সি প্ৰাণদণ্ড পাবৰ যোগ্য ৷' 

৬৭তেতিয়া তেওঁলোকে তেওঁৰ মুখত  থুই পেলাই, তেওঁক ভুকুৱালে' আৰু কিছুমানে তেওঁক চৰিয়াই সুধিলে, ৬৮হেৰা খ্ৰীষ্ট, ভাবোক্তিৰ দ্বাৰাই আমাক কোৱাচোন, তোমাক কোনে মাৰিলে ?'


মথি-২৬ঃ ৫৭-৬৮  মাৰ্ক-১৪ঃ ৪৩-৫২ লূক-২২ঃ৬৬-৭১



 মাৰ্ক-১৪ঃ ৪৩-৫২

৫২পাচে তেওঁলোকে যীচুক মহা-পুৰোহিতৰ ঘৰলৈ নিলে ৷ সেই ঠাইতে প্ৰধান-পুৰোহিত, বৃদ্ধলোকসকল আৰু বিধান পণ্ডিতসকল গোট খাই আছিল ৷

৫৪পিতৰে আঁতৰে আঁতৰে তেওঁৰ পাচে পাচে গৈ, মহা-পুৰোহিতৰ ঘৰৰ চোঁতালত সোমাল ৷ তাত তেওঁ প্ৰহৰীবিলাকৰ লগত বহি জুই পুৱাইছিল ৷ 

৫৫তেতিয়া প্ৰধান-পুৰোহিতসকল আৰু গোটেই মহা-সভাই, যীচুক বধ কৰিবলৈ, তেওঁৰ বিষয়ে সাক্ষ্য বিচাৰিলে; কিন্তু তেওঁলোকে একো নাপালে ৷

৫৬অনেক সাক্ষীয়ে যীচুৰ অহিতে মিছা সাক্ষ্য দিলে; কিন্তু তেওঁলোকৰ সাক্ষ্য নিমিলিলে ৷

৫৭তেতিয়া কেইজনমান মানুহে থিয় হৈ, যীচুৰ বিৰুদ্ধে এই বুলি মিছা কথা কলে, ৫৮ তেওঁ কোৱা আমি শুনিছিলো, হাতেৰে সজা এই মন্দিৰ মই নষ্ট কৰি, তিনি দিনৰ পাছত, হাতেৰে নসজা আন এটা মন্দিৰ সাজিম ৷'

৫৯কিন্তু ইয়াতো তেওঁলোকত সাক্ষ্য নিমিলিলে ৷

৬০মহা-পুৰোহিতে তেওঁলোক সকলোৰে সন্মুখত থিয় হৈ যীচুক প্ৰশ্ন কৰিলে, ' তেওঁলোক তোমাৰ বিৰুদ্ধে যিবোৰ অভিযোগ আনিছে, তুমি তাৰ উত্তৰ নিদিয়া নে ?' 

৬১কিন্তু যীচুৱে কোনো কথা নকৈ, মনে মনে থাকিল ৷ মহা-পুৰোহিতে আকৌ তেওঁক প্ৰশ্ন কৰিলে, 'তুমি পৰম ধন্য ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট হোৱা নে ?' 

৬২উত্তৰত যীচুৱে ক'লে, 'হয়, মই হওঁ আৰু তোমালোকে মানৱ-পুত্ৰক সৰ্ব্বশক্তিমান জনাৰ সৌঁহাতে বহা, আৰু আকাশৰ মেঘত অহা দেখিবলৈ পাবা ৷

৬৩তেতিয়া মহা পুৰোহিতে নিজৰ কাপোৰ ফালি ক'লে, ' আমাৰ আৰু সাক্ষীৰ কি প্ৰয়োজন আছে ? 

৬৪তোমালোকে তেওঁৰ মুখত ঈশ্বৰ-নিন্দা শুনিলা ৷ তোমালোকৰ সিদ্ধান্ত কি ?' তেওঁলোক আটায়ে তেওঁক দোষী সাব্যস্ত কৰি, প্ৰাণ দণ্ডৰ যোগ্য বুলি মত প্ৰকাশ কৰিলে ৷

৬৫তেওঁলোকৰ কিছুমানে যীচুৰ গাত থুৱাব ধৰিলে ৷ কিছুমানে তেওঁৰ চকু বান্ধি ভুকুৱাই ক'লে, ভাবোক্তিৰ দ্বাৰাই কোৱাচোন, কোনে তোমাক মাৰিলে ? আৰু প্ৰহৰীবিলাকে তেওঁক চৰিয়াই চৰিয়াই তাৰ পৰা লৈ গ'ল ৷

 লূক-২২ঃ৬৬-৭১

৬৬পাচে ৰাতি পুৱালত, প্ৰধান-পুৰোহিত, বিধান পণ্ডিত আৰু সমাজৰ বৃদ্ধসকলে গোট খাই, তেওঁক মহা-সভাৰ আগলৈ নি সুধিলে, ৬৭তুমি খ্ৰীষ্ট হোৱা নে নোহোৱা , আমাক কোৱা ৷' তেওঁ তেওঁলোকক ক'লে, 'মই যদি তোমালোকক কওঁ, তোমালোকে বিশ্বাস নকৰিবা, ৬৮আৰু যদি মই তোমালোকক প্ৰশ্ন সোধোঁ, তেন্তে তোমালোকে উত্তৰ নিদিবা ৷

৬৯কিন্তু এতিয়াৰ পৰা ঈশ্বৰৰ পুত্ৰ সৰ্ব্বশক্তিমান ঈশ্বৰৰ সোঁফালে বহিব ৷' 

৭০তেতিয়া তেওঁলোক সকলোৱে ক'লে, 'তেন্তে তুমি ঈশ্বৰৰ পুত্ৰ নে ?' তেওঁ তেওঁলোকক ক'লে, মই হওঁ বুলি তোমালোকে নিজেই কৈছা ৷' 

৭১তেতিয়া তেওঁলোকে ক'লে, আমাৰ আৰু সাক্ষীৰ কি প্ৰয়োজন আছে ? আমি নিজেই তেওঁৰ মুখৰ পৰা শুনিলোঁ ৷

বাইবেল কুইজঃ



Post a Comment

0 Comments

Ad Code