পিতৰে যীচুক অস্বীকাৰ কৰা - Pitare Jisuhk Awsikar Kora

মথি-২৬ঃ৬৯-৭৫

 ৬৯সেই সময়ত পিতৰে বাহিৰৰ চোতালত বহি আছিল ৷ তেতিয়া চাকৰণী ছোৱালী এজনীয়ে আহি তেওঁক ক'লে, 'তুমিওটো গালীলীয়া যীচুৰ লগত আছিলা ?' 

৭০কিন্তু তেওঁ সকলোৰে আগতে অস্বীকাৰ কৰি ক'লে , ' তুমি কি কৈছা, মই বুজা নাই ৷'

৭১পাচে তেওঁ বাটচৰালৈ যাওঁতে, আন এজনী চাকৰণী ছোৱালীয়ে তেওঁক দেখি, তাত থকাবিলাকক ক'লে, এই মানুহজন নাচৰতীয়া যীচুৰ লগত আছিল ৷'

৭২তেওঁ আকৌ অস্বীকাৰ কৰি শপত খাই ক'লে, 'মই সেই মানুহজনক চিনিয়েই নাপাওঁ ৷'

৭৩অলপ সময়ৰ পাচত যিবিলাক তাত থিয় হৈ আছিল, তেওঁলোকে পিতৰৰ ওচৰলৈ আহি ক'লে, 'নিশ্চয় তুমিও তেওঁলোকৰ মাজৰ এজন ; কাৰণ তোমাৰ মাত কথাই তাৰ চিনাকী দিছে ৷' 

৭৪তেতিয়া তেওঁ শাও দি শপত খাই ক'লে৷ 'মই সেই মানুহজনক নিচিনোৱেই ৷' তেতিয়াই কুকুৰাই ডাক দিলে ৷ 

৭৫আৰু কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনিবাৰ অস্বীকাৰ কৰিবা' বুলি যীচুৱে কোৱা কথাষাৰ পিতৰৰ মনত পৰিল ৷ তেতিয়া তেওঁ বাহিৰলৈ ওলাই গৈ, অতি শোকেৰে কান্দিবলৈ ধৰিলে ৷



মাৰ্ক-১৪ঃ৬৬-৭২

৬৬পিতৰ তলৰ চোঁতালত থাকোঁতে, মহা-পুৰোহিতৰ দাসী ছোৱালী এজনী সেই ঠাইলৈ আহিল ৷

৬৭পিতৰে পুৱাই থকা দেখি, তেওঁলৈ পোনে পোনে চাই ক'লে, 'তুমিওতো নাচৰতীয়া যীচুৰ লগত আছিলা?'

৬৮কিন্তু তেওঁ অস্বীকাৰ কৰি ক'লে, 'মই নাজানো, তুমি কিহৰ বিষয়ে কৈচা, মই বুজাই নাই ৷' তেতিয়া তেওঁ বাট-চ'ৰালৈ ওলাই গ'ল আৰু সেই সময়তে কুকুৰাই ডাক দিলে ৷

৬৯দাসী ছোৱালীজনীয়ে তেওঁক তাত দেখি, ওচৰত থিয় হৈ থকাবিলাকক আকৌ একে কথাকে কলে, এৱোঁ তেওঁলোকৰ মাজৰ এজন ' ৷ 

৭০কিন্তু পিতৰে আকৌ অস্বীকাৰ কৰিলে ৷ অলপ সময়ৰ পাছত, থিয় হৈ থকাবিলাকে পিতৰক অভিযোগ কৰি ক'লে, 'তুমি তেওঁলোকৰ মাজৰ এজন নহয় বুলি অস্বীকাৰ কৰিব নোৱাৰা, কাৰণ তুমিও গালীলৰ ৷'

৭১তেতিয়া পিতৰে শপত খাই ক'লে, 'মই যদি সঁছা কথা কোৱা নাই তেন্তে ঈশ্বৰে মোক শাস্তি দিয়ক!তোমালোকে যিজন মানুহৰ কথা কৈছা, তেওঁক মই চিনিকে নেপাওঁ ৷'

৭২সেই সময়তে কুকুৰাই  দ্বিতীয়বাৰ ডাক দিলে, আৰু যীচুৱে তেওঁক যিদৰে কৈছিল, যে কুকুৰাই দুবাৰ ডাক দিয়াৰ আগতে তুমি মোক তিনিবাৰ অস্বীকাৰ কৰিবা, সেই কথা তেওঁৰ মনত পৰাত, তেওঁ শোক কৰি কান্দিবলৈ ধৰিলে ৷

লূক-২২ঃ৫৪-৬২

 ৫৪তেওঁলোকে যীচুক বন্দী কৰি, মহা-পুৰোহিতৰ ঘৰলৈ নিলে; আৰু পতৰে অলপ দূৰে দূৰে তেওঁৰ পাচে পাচে গ'ল ৷

৫৫তেওঁলোকে যেতিয়া চোতালৰ মাজত জুই ধৰি, সকলোৱে একেলগে বহি জুই পুৱাইছিল, পিতৰো তেওঁলোকৰ লগত বহিল ৷

৫৬তেতিয়া বেটী ছোৱালী এজনীয়ে, তেওঁক জুইৰ ওচৰত বহি থকা দেখি, তেওঁলৈ একেথৰে চাই ক'লে, 'এই মানুহজনো তেওঁৰ লগত আছিল ৷'

৫৭কিন্তু পিতৰে অস্বীকাৰ কৰি ক'লে, ' হে নাৰী, মই তেওঁক চিনি নাপাওঁ ৷' 

৫৮তাৰ অলপ পৰৰ পাচত, এজন মানুহে তেওঁক দেকা পাই ক'লে, 'তুমিও তেওঁলোকৰ মাজৰ এজন ৷' কিন্তু পিতৰে ক'লে,' নাই, মই নহওঁ ৷' 

৫৯প্ৰায় এঘন্টা মানৰ পাচত আন এজন মানুহে দৃঢ়ভাৱে ক'লে, 'নিঃসন্দেহে কব পাৰি, এই মানুহজনো তেওঁৰ লগত আছিল , কাৰণ এৱোঁ গালীলীয়া ৷'

৬০কিন্তু পিতৰে ক'লে, 'হেৰা, তুমি কি কৈছা, মই একো বুজা নাই ৷' তেওঁ কথা কৈ থাকোঁতেই কুকুৰাই ডাক দিলে ৷

৬১তাতে প্ৰভুৱে মোক ঘূৰাই পিতৰলৈ চোৱাত, তুমি মোক তিনিবাৰ অস্বীকাৰ নকৰালৈকে, আজি ৰাতি কুকুৰাই ডাক নিদিব বুলি যে তেওঁ কৈছিল, সেই কথালৈ পিতৰৰ মনত পৰিল ৷ 

৬২তেতিয়া তেওঁ বাহিৰলৈ ওলাই গৈ, বৰ শোক কৰি কান্দিবলৈ ধৰিলে ৷ 

যোহন-১৮ঃ১৫-১৮, ২৫-২৭

 ১৫তেতিয়া চিমোন পিতৰ আৰু অন এজন শিষ্য যীচুৰ পাচে পাচে গ'ল ৷ আনজন মহাপুৰোহিতে ভালকৈ চিনি পাইছিল বাবে, তেওঁ যীচুৰ লগত মহা-পুৰোহিতৰ ভিতৰ-চোতাললৈকে গ'ল; 

১৬কিন্তু পিতৰ বাহিৰত দুৱাৰৰ কাষতে থাকিল ৷ তেতিয়া আন জন শিষ্যই বাহিৰলৈ ওলাই গৈ, দুৱাৰ-ৰখীয়া ছোৱালীজনীক কৈ, পিতৰক ভিতৰলৈ নিলে ৷ 

১৭তাতে সেই দুৱৰী ছোৱালীজনীয়ে পিতৰক সুধিলে, 'তুমিও সেই মানুহজনৰ এজন শিষ্য নোহোৱা নে ? পিতৰে ক'লে , মই নহওঁ ৷' 

১৮তেতিয়া জাৰকাল হোৱাত, দাস আৰু ৰখীয়াবিলাকে এঙ্গাৰৰ জুই জ্বলাই, তাৰ চাৰিওফালে থিয় হৈ, জুই পুৱাই আছিল ৷ তেতিয়া পিতৰেও গৈ, তেওঁলোকৰ লগত থিয় হৈ, জুই পুৱাব ধৰিলে ৷ 


পিতৰে পুনৰায় যীচুক অস্বীকাৰ কৰাঃ ১৮ঃ ২৫-২৭ (যোহন)

২৫তেতিয়াও চিমোন পিতৰে থিয় হৈ, জুই পুৱাই আছিল ৷ তাতে তেও6লোকে তেওঁক ক'লে, তুমিও তেওঁৰ শিষ্যবিলাকৰ মাজৰ এজন নোহোৱা নে ? ' তেওঁ অস্বীকাৰ কৰি ক'লে, 'মই নহওঁ ৷'

২৬মহা-পুৰোহিতৰ দাস এজনে, অৰ্থাৎ পিতৰে যাৰ কাণ কাটিছিল, তেওঁৰ সম্পৰ্কীয় এজনে ক'লে, 'মই তোমাক বাৰীত তেওঁৰ লগত দেখা নাছিলোঁ নে ? 

২৭পিতৰে আকৌ অস্বীকাৰ কৰিলে, আৰু তেতিয়াই কুকুৰাই ডাক দিলে ৷ 

Post a Comment

0 Comments

Ad Code