যীচুক বন্দী কৰা - Jesus Arrested -Jisuk Bandi Kora Hol

মথি-২৬ঃ ৪৭-৫৬

৪৭তেওঁ কথা কৈ থাকোঁতেই যিহূদা আহিল ৷ তেওঁ বাৰ জন শিষ্যৰ মাজৰ এজন, আৰু তেওঁৰ লগত প্ৰধান-পুৰোহিত আৰু সমাজৰ বৃদ্ধলোকসকলে পঠোৱা, মানুহৰ এটা ডাঙৰ দল তৰোৱাল আৰু টাঙোন লৈ আহিল ৷ 

৪৮বিশ্ৱাসঘাতকজনে, তেওঁলোকক এটা সংকেত দি থৈছিল যে, মই যিজনক চুমা খাম, তেৱেই সেইজন, তেওঁকেই ধৰিবা ৷

৪৯তেতিয়া তেওঁ পোনে পোনে যীচুৰ ওচৰলৈ গৈ, ৰব্বি প্ৰণাম' ! এই বুলি তেওঁক চুমা খালে ৷

৫০যীচুৱে তেওঁক ক'লে, ' হে বন্ধু যি কৰিবলৈ আহিছা, তাক বেগাই কৰা ৷' তাতে তেওঁলোকে আগবাঢ়ি আহি যীচুৰ গাত হাত দি তেওঁক ধৰিলে ৷

৫১তেতিয়া যীচুৰ লগত থকাসকলৰ এজনে হাত মেলি তেওঁৰ তৰোৱালখন উলিয়াই কোব মাৰি মহা-পুৰোহিতৰ দাসৰ কাণ এখন কাটি পেলালে ৷ 

৫২যীচুৱে তেওঁক ক'লে, তুমি তোমাৰ তৰোৱাল আগৰ ঠাইত থৈ দিয়া, কাৰণ যিবিলাকে তৰোৱাল ধৰে, তেওঁলোক সকলো তৰোৱালৰ দ্বাৰাই বিনষ্ট হ'ব ৷

৫৩তোমালোকে নাজানা নে, যে মই পিতৃৰ আগত নিবেদন কৰিলে, এই মূহুৰ্ততে তেওঁ মোৰ ওচৰলৈ বাৰ বাহিনীতকৈয়ো অধিক স্বৰ্গদূত পঠাই দিব?

৫৪কিন্তু সেয়ে হ'লে, এই বিষয়ে শাস্ত্ৰত যি  যি লিখা আছে, সেই সকলো কেনেকৈ সিদ্ধ হ'ব ?

৫৫তেতিয়া যীচুৱে তেওঁক ধৰিবলৈ অহা মানুহৰ দলটোক ক'লে, 'ডকাইত ধৰিবলৈ অহাৰ দৰে তোমালোকে তৰোৱাল, টাঙোন লৈ মোক ধৰিবলৈ আহিছা নে ? মই প্ৰতিদিন মন্দিৰত বহি শিক্ষা দিছিলোঁ, কিন্তু তোমালোকে তেতিয়া মোক নধৰিলা ৷' 

৫৬ভাববাদীসকলে লিখা শাস্ত্ৰীয় বচন সিদ্ধ হ'বলৈ এই সকলো ঘটিল ৷ তেতিয়া সকলো শিষ্যই তেওঁক এৰি থৈ পলাই গ'ল ৷  

মথি-২৬ঃ ৪৭-৫৬  মাৰ্ক-১৪ঃ ৪৩-৫২  লূক-২২- ৪৭-৫৩  যোহন-১৮ঃ ১-১৪



মাৰ্ক-১৪ঃ ৪৩-৫২

৪৭যীচুৱে কথা কৈ থাকোঁতেই বাৰজনৰ মাজৰ যিহূদা আহি পালেহি ৷ প্ৰধান-পুৰোহিত, বিধান পণ্ডিত আৰু বৃদ্ধসকলে পঠোৱা যাঠি, তৰোৱাল আৰু টাঙোন ধৰা লোক এদলো তেওঁৰ লগত আহিল ৷

৪৪সেই বিশ্বাস-ঘাটকে মানহুবিলাকক এটা চিন দিছিল যে যিজন মানুহক মই চুমা খাম, তোমালোকে সেইজনলকে ধৰিবা; আৰু তেওঁক বন্দী কৰি, সাৱধানে পহৰা দি লৈ যাবা ৷

৪৫যিহূদা আহিয়েই যীচুৰ কাষলৈ চাপি গ'ল, আৰু 'হে গুৰু' এই বুলি কৈ তেওঁক চুমা খালে ৷

৪৬তেতিয়া মানুহবিলাকে তেওঁৰ গাত হাত দি, তেওঁক ধৰিলে ৷

৪৭কিন্তু ওচৰতে থিয় হৈ থকাবিলাকৰ এজনে, তেওঁৰ তৰোৱালখন উলিয়াই ঘাপ মাৰি, মহা-পুৰোহিতৰ দাসৰ কাণ এখন কাটি পেলালে ৷

৪৮তেতিয়া যীচুৱে মানুহবিলাকক ক'লে, ' যাঠি, তৰোৱাল আৰু টাঙোন লৈ, তোমালোকে মোক ডাকইতৰ নিচিনাকৈ ধৰিবলে আহিছা নে ?

৪৯মই নিতৌ ধৰ্ম-ধামত উপদেশ দি, তোমালোকৰ লগত আছিলো, তেতিয়া তোমালোকে মোক নধৰিলা ৷ কিন্তু শাস্ত্ৰৰ বাক্য সিদ্ধ হ'ব লাগে ৷' 

৫০তেতিয়া সকলো শিষ্যই তেওঁক এৰি পলাই গ'ল ৷

৫১এজন ডেকা ল'ৰাই উদং গাত এখন শন-সূতাৰ মিহি কাপোৰ লৈ, যীচুৰ পাচে পাচে গৈ আছিল ৷ তেওঁলোকে তেওঁকো ধৰিছিলেই;

৫২কিন্তু তেওঁ শন-সূতাৰ কপোৰখন এৰি, উদং গাৰে তাৰ পৰা পলাই সাৰিল ৷  

লূক-২২- ৪৭-৫৩

৪৭তেওঁ এই কথা কৈ থাকোঁতেই, এদল মানুহ আহি পালে; আৰু বাৰজনৰ মাজৰ যি যিহূদা, তেওঁ তেওঁলোকৰ আগে আগে আহিছিল ৷ তেওঁ যীচুক চুমা খাবলৈ তেওঁৰ ওচৰ চাপিল ৷

৪৮যীচুৱে তেওঁক ক'লে, ' হে যিহুদা, মানৱপুত্ৰ তুমি চুমাৰে শোধাই দিছা নে? 

৪৯পাচে ঘটনাৰ উপক্ৰম দেখি, তেওঁৰ শিষ্যসকলে ক'লে, প্ৰভু, আমি তৰোৱালেৰে আঘাত কৰিম নে ?

৫০তেওঁলোকৰ এজনে মহা-পৰোহিতৰ দাসক ঘাপ মাৰি, তেওঁৰ সোঁ কাণখন কাটি পেলালে ৷

৫১তাতে যীচুৱে ক'লে হ'ব, এয়ে যথেষ্ট !' আৰু তেওঁ মানুহজনৰ কাণখন স্পৰ্শ কৰি সুস্থ কৰিলে ৷ 

৫২যীচুৱে তেওঁৰ বিৰুদ্ধে অহা প্ৰধান-পুৰোহিত, ধৰ্ম-ধামৰ সেনাপতি আৰু বৃদ্ধসকলক ক'লে, ডকাইতক ধৰিবলৈ অহাৰ দৰে, তোমালোকে তৰোৱাল, টাঙোন লৈ মোৰ ওচৰলৈ আহিবলগা হ'ল নে ?

৫৩তোমালোকৰ লগত মই নিতৌ ধৰ্ম-ধামত থাকোঁতে, তোমালোকে মোৰ অহিতে হাত নুতুলিলা  ৷ কিন্তু এতিয়া তোমালোকৰ সময়; এতিয়া অন্ধকাৰৰ ৰাজত্ব ৷ '


মথি-২৬ঃ ৪৭-৫৬  মাৰ্ক-১৪ঃ ৪৩-৫২  লূক-২২- ৪৭-৫৩  যোহন-১৮ঃ ১-১৪


  

যোহন-১৮ঃ ১-১৪

১যীচুৱে এই প্ৰাৰ্থনা কৰাৰ পাচত, শিষ্য সকলেৰে সৈতে কিদ্ৰোণ জুৰিৰ সিপাৰলৈ গ'ল ৷ সেই ঠাইত এখন বাৰী থকাত, যীচু আৰু তেওঁৰ শিষ্যসকলে তালৈকে গ'ল ৷ 

২বিশ্ৱাসঘাটক যিহূদাই সেই ঠাইখন চিনি পাইছিল, কাৰণ যীচুৱে তেওঁৰ শিষ্যসকলক লৈ অনেকবাৰ তালৈ গৈছিল ৷

৩তেতিয়া যিহূদাই, জোঁৰ, আঁৰিয়া আৰু অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত এদল ৰোমীয়া সৈন্য আৰু প্ৰধান-পুৰোহিত আৰু ফৰীচীবিলাকে মন্দিৰৰ পৰা পঠোৱা কিছুমান ৰখীয়া-চিপাহী লগত লৈ, সেই বাৰীত উপস্থিত হ'ল ৷ 

৪তাতে যীচুৱে তেওঁলৈ কি ঘটিব, সেই সকলো আগতে জানি আগবাঢ়ি গৈ তেওঁলোকক সুধিলে, ' তোমালোকে কাক বিচাৰিছা ?'

৫তেওঁলোকে উত্তৰ দিলে, 'নাচৰতীয়া যীচুক ৷' যীচুৱে ক'লে, ময়েই  সেইজন ৷ ' বিশ্বাসঘাটক যিহূদাও তেওঁলোকৰ লগত থিয় হৈ আছিল ৷

৬যীচুৱে ময়েই সেইজন বুলি কোৱাত, তেওঁলোক পিচ-হুঁহকি গৈ মাটিত পৰিল ৷ 

৭যীচুৱে আকৌ তেওঁলোকক সুধিলে, তোমালোকে কাক বিচাৰিছা ?' তেওঁলোকে ক'লে, 'নাচৰতীয়া যীচুক ৷ ' 

৮যীচুৱে ক'লে, ' ময়েই সেইজন বুলি তোমালোকক আগতেই কলোঁ ৷ যদি তোমালোকে মোক বিচাৰিছা,তেন্তে এওঁলোকক যাবলৈ দিয়া ৷ ' 

(৯ তেওঁ যে কৈছিল, হে পিতৃ, তুমি যিবিলাকক মোক দিলা, তেওঁলোকৰ এজনকো মই হেৰুওৱা নাই , সেই কথা সিদ্ধ হ'বলৈ তেওঁ এইদৰে কলে)

১০তেতিয়া চিমোন পিতৰৰ হাতত তৰোৱাল এখন থকাত, তেওঁ তৰোৱালখন উলিয়াই ঘাপ মাৰি মহা-পুৰোহিতৰ দাসৰ সোঁ কাণখন কাটি পেলালে ৷ সেই দাসৰ নাম আছিল মল্ক ৷  

১১যীচুৱে পিতৰক ক'লে, তোমাৰ তৰোৱাল তাৰ ফাকত সুমুৱাই থোৱা ৷ মোৰ পিতৃয়ে মোক যি দুখ-ভোগৰ পান-পাত্ৰ গ্ৰহণ কৰিবলৈ দিলে, মই তাক গ্ৰহণ নকৰিম নে ? 

হাননৰ আগত যীচু

১২তেতিয়া ৰোমীয় সেনাবিলাকে, তেওঁলোকৰ সেনাপতি আৰু  যিহূদী ৰখীয়া-চিপাহীবিলাকে সৈতে আহি, যীচুক ধৰি বান্ধিলে, 

১৩আৰু তেওঁক প্ৰথমে হাননৰ ওচৰলৈ নিলে ৷ হানন, সেই বছৰত মহা পুৰোহিত হোৱা কায়াফাৰ শহুৰেক আছিল ৷

১৪এই কায়াফাই  যিহূদী নেতাসকলক পৰামৰ্শ দিছিল যে, সকলো মানুহৰ বাবে এজন মানুহ মৰাই ভাল ৷ 

বাইবেল কুইজঃ

  1. প্ৰভু যীচুৰ লগত বিশ্বাসঘাত কৰাজনৰ নাম কি আছিল ? 
  2. প্ৰভু যীচুক কোনে চুমা খাইছিল ?
  3. মহা-পুৰোহিতৰ দাসৰ  সোঁ কাণখন কোনে কাটি পেলালে ?
  4. মহা-পৰোহিতৰ দাসৰ কাণখন কটা তৰোৱালখন কাৰ আছিল ?
  5. কাণ কটা দাসজনৰ নাম কি আছিল ?
  6. হানন কোন আছিল ?
  7. কায়াফা কোন আছিল ?

Post a Comment

0 Comments

Ad Code