মথি -২৬ঃ ৩৬-৪৬
৩৬তেতিয়া যীচুৱে শিষ্যসকলৰ সৈতে গেৎচিমানী নামৰ ঠাই এখনলৈ গৈ তেওঁলোকক ক'লে, 'মই সৌখিনিলৈ গৈ প্ৰাৰ্থনা কৰোঁমানে, তোমালোক ইয়াতে বহি থাকা'
৩৭পাচে তেওঁ পিতৰক আৰু চিবদিয়ৰ পুতেক দুজনক লগত নিলে, আৰু তেওঁ বৰ শোকাকুল আৰু ব্যাকুল হ'বলৈ ধৰিলে ৷
৩৮তেওঁ তেওঁলোকক ক'লে, ' মোৰ প্ৰাণ মৰণৰ তুল্য শোকাকুল হৈছে ৷ তোমালোকে ইয়াতে থাকি মোৰ সৈতে পৰ দিয়া ৷'
৩৯পাচে তেওঁ অলপ আগুৱাই গৈ উবুৰি হৈ পৰি, প্ৰাৰ্থনা কৰি ক'লে , ' হে মোৰ পিতৃ, যদি সম্ভৱ হয়, তেন্তে এই পান পাত্ৰ মোৰ পৰা দূৰ কৰা ; তথাপি তোমাৰ ইচ্ছাৰ দৰেই হওক ৷'
৪০তেওঁ শিষ্য কেইজনৰ ওচৰলৈ আহি, তেওঁলোকক টোপনি যোৱা দেখিলে ; তেতিয়া তেওঁ পিতৰক ক'লে ,' তোমালোকে এঘন্টাও নো মোৰে সৈতে পৰদি থাকিব নোৱাৰিলা নে ?
৪১পৰীক্ষাত যেন নপৰা, সেই বাবে পৰ দি প্ৰাৰ্থনা কৰি থাকা ৷ আত্মা ইচ্ছুক, কিন্তু শৰীৰ দুৰ্ব্বল ৷'
৪২পুনৰায় তেওঁ দ্বিতীয়বাৰ আঁতৰি গৈ প্ৰাৰ্থনা কৰি ক'লে, হে মোৰ পিতৃ, মই পান নকৰাকৈ, যদি এই পান-পাত্ৰ দূৰ হ'ব নোৱাৰে তেন্তে তোমাৰ ইচ্ছাই পূৰ্ণ হওক ৷
৪৩' আকৌ তেওঁ ঘূৰি আহি তেওঁলোকক টোপনিয়াই থকা পালেহি;কাৰণ তেওঁলোকৰ চকু টোপনিয়ে টানি নিছিল ৷
৪৪তেওঁ আকৌ তেওঁলোকক এৰি, তৃতীয়বাৰো গৈ সেই একে কথাকে কৈ প্ৰাৰ্থনা কৰিলে ৷
৪৫তাৰ পিছত তেওঁ শিষ্যকেইজনৰ ওচৰলৈ আহি তেওঁলোকক ক'লে, ' এতিয়াও তোমালোকে টোপনিয়াই থাকি বিশ্ৰাম কৰিছানে ? চোৱা, সময় আহি পালে, আৰু মানৱ-পুত্ৰক পাপীলোকৰ হাতত সমৰ্পণ কৰা হৈছে ৷
৪৬উঠা, আমি যাওঁহক; চোৱা মোৰ বিশ্বাসঘাতকটো ওচৰ পালেহি ৷ '
মাৰ্ক-১৪ঃ ৩২-৪২
৩২পাচে তেওঁলোকে গেৎচিমানী নামৰ এখন ঠাইলৈ আহিল ৷ যীচুৱে তেওঁৰ শিষ্যসকলক ক'লে, 'মই প্ৰাৰ্থনা কৰোঁমানে, তোমালোক ইয়াতে বহি থাকা ৷'
৩৩তেতিয়া তেওঁ পিতৰ, যাকোব আৰু যোহনক তেওঁৰ লগত নিলে, আৰু তেওঁ অতিশয় শোকাকুল আৰু ব্যাকুল হ'বলৈ ধৰিলে ৷
৩৪তেওঁ তেওঁলোকক ক'লে, ' মোৰ প্ৰাণ মৰণৰ তুল্য শোকাকুল হৈছে ৷ তোমালোকে ইয়াতে ৰৈ পৰ দি থাকা ৷'
৩৫তেতিয়া তেওঁ অলপ দূৰ আগুৱাই গৈ, মাটিত দীঘল দি পৰি, যদি হ'ব পাৰে, তেন্তে এই দূঃসময় তেওঁৰ পৰা দূৰ কৰিবলৈ প্ৰাৰ্থানা কৰি ক'লে, ৩৬ ' আব্বা, অৰ্থাৎ হে মোৰ পিতৃ, তোমাৰ সকলো সাধ্য ৷ এই পান-পাত্ৰ মোৰ পৰা দূৰ কৰা; কিন্তু মোৰ ইচ্ছাৰ দৰে নহয়, তোমাৰ ইচ্ছাৰ দৰেই হওক ৷'
৩৭তেতিয়া তেওঁ ঘূৰি আহি তিনিজন শিষ্যক শুই থকা পালেহি ৷ তেতিয়া তেওঁ পিতৰক ক'লে, 'হে চিমোন, তুমি টোপনিতে আছা নে ? তোমালোকে এঘন্টাও নো সাৰে থাকিব নোৱাৰিলা নে?
৩৮পৰীক্ষাত যেন নপৰা, এই নিমিত্তে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক, কিন্তু শৰীৰ দুৰ্বল ৷'
৩৯তেতিয়া তেওঁ আকৌ আঁতৰি গৈ, একে কথাকে কৈ প্ৰাৰ্থনা কৰিলে ৷
৪০'পাচে তেওঁ উলটি আহি, শিষ্যসকলক তেতিয়াও টোপনিয়াই থকা পালেহি; তেওঁলোকে চকু মেলিব পৰা নাছিল, আৰু তেওঁলোকে কি কব লাগে তাক নাজানিছিল ৷
৪১তৃতীয়বাৰ তেওঁ ঘূৰি আহি, তেওঁলোকক ক'লে ' তোমালোকে এতিয়াও নো বিশ্ৰাম আৰু টোপনিতে আছা নে ? এইয়ে যথেষ্ট হৈছে, সময় আহিল; চোৱা ! মানৱ-পুত্ৰক এতিয়া পাপীলোকৰ হাতত সমৰ্পণ কৰা হৈছে ৷
৪২উঠা, বলা আমি যাওঁহঁক ৷ চোৱা, মোক শত্ৰুৰ হাতত শোধাই দিয়াজন ওচৰ পালেহি ৷'
লূক-২২ঃ ৩৯-৪৬
৩৯পাচে তেওঁ সচৰাচৰ যোৱাৰ দৰে, সেই ঠাইৰ পৰা ওলাই, জৈতুন পৰ্ব্বতলৈ গ'ল, আৰু তেওঁৰ শিষ্যসকলো তেওঁৰ লগত গ'ল ৷
৪০তেওঁ সেই ঠাই পালত, শিষ্যসকলক ক'লে , পৰীক্ষাত যেন নপৰা তাৰ নিমিত্তে প্ৰাৰ্থানা কৰা ৷'
৪১তেওঁ নিজে শিলৰ এটা দলি মানৰ আঁতৰ হৈ গৈ, আঁঠু কাঢ়ি প্ৰাৰ্থনা কৰি ক'লে, ৪২ হে পিতৃ, যদি তোমাৰ ইচ্ছা হয়, তেন্তে এই যাতনাৰ পান-পাত্ৰ মোৰ পৰা দূৰ কৰা; তথাপি মোৰ ইচ্ছা নহয়, কিন্তু তোমাৰেই ইচ্ছা সিদ্ধ হওক ৷'
৪৩তেতিয়া এজন স্বৰ্গ-দূতে দেখা দি, তেওঁক শক্তিদান কৰিলে ৷
৪৪পাচে তেওঁ অতি যাতনা পাই, আৰু কাতৰভাৱে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে, আৰু তেওঁৰ গাৰ ঘাম, তেজৰ টোপালৰ দৰে বৈ গৈ মাটিত পৰিল ৷
৪৫তেওঁ প্ৰাৰ্থনা কৰি উঠি, শিষ্যসকলৰ ওচৰলৈ আহি, তেওঁলোকক শোকতে টোপনি যোৱা দেখিলে ৷
৪৬তেওঁ তেওঁলোকক ক'লে, তোমালোকে কিয় টোপনি গৈছা ? উঠা, পৰীক্ষাত যেন নপৰা , তাৰ নিমিত্তে প্ৰাৰ্থনা কৰা ৷'
বাইবেল কুইজঃ
- প্ৰভু যীচুয়ে প্ৰাৰ্থনা কৰা বাৰীৰ নাম কি ?
- প্ৰভু যীচুয়ে কোনখন পৰ্বতত প্ৰাৰ্থনা কৰিছিল ?
- চিবদিয়ৰ পুতেক দুজন কোন কোন আছিল ?
- গেৎচিমানী বাৰী কোনটো পৰ্বতত আছে ?
0 Comments